ফটাঢোল

বিভিন্নজনৰ একলম – ঈশান জ্যোতি বৰা

এবাৰ জাপান আৰু ভাৰতৰ মাজত এখন নাওখেল অনুষ্ঠিত হৈছিল৷ দুয়োটা দলতেই সাতজনকৈ মানুহ৷ নাওখেলত জয়ী হৈ প্ৰত্যেকেই নিজ নিজ দেশলৈ গৌৰৱ কঢ়িয়াই নিব-এয়াই তেওঁলোকৰ উদ্দেশ্য৷ জাপানৰ দলটোৰ অধিনায়কে নাওখেলৰ প্ৰাকমুহূৰ্তত জাপানী খেলুৱৈকেইজনক ওচৰলৈ মাতি আনি ক’লে-“বন্ধুহঁত, আজি আমাৰ শক্তি-পৰীক্ষাৰ সময়৷ দেহৰ সমষ্ট শক্তি প্ৰয়োগ কৰি আজি আমি নাও চলাব লাগিব৷ একমুহূৰ্তৰ বাবেও আমি ব’ঠাৰ পৰা হাত এৰুৱাই আনিলে নহ’ব৷ নিজৰ লক্ষ্যত দৃষ্টি অটুট ৰাখি আমি মাথোঁ নাও চলাই যাব লাগিব৷ তাৰ বাহিৰে অন্য দ্বিতীয় এটা কথা ভাবিবলৈ, অইন দ্বিতীয় এটা কথা চিন্তা কৰিবলৈ আমাৰ সময় নাই৷ ব’লা বন্ধুহঁত, আজি গোটেই পৃথিৱীকে দেখুৱাই দিওঁ, জাপানী মানুহৰ শক্তি কিমান!” এইবুলি সংকল্পবদ্ধ হৈ তেওঁলোক গৈ নাওত উঠিল৷ আনহাতে ভাৰতৰ অধিনায়কজনে খেলুৱৈসকলক মাতি আনি ক’লে-“মই দলটোৰ অধিনায়ক৷ হাতত ব’ঠাপাত থাকিব যদিও মই বেছি জোৰ প্ৰয়োগ নকৰোঁ৷” তাৰপিছত তেওঁ কাষতে থকাজনলৈ চাই দেখুৱালে-“এওঁ দলটোৰ উপ-অধিয়ানক৷ গতিকে তেওঁৱো ব’ঠা বৰ বেছি জোৰেৰে নামাৰে৷ গতিকে বুজিছা নহয়, তোমালোক পাঁচজনৰ ওপৰতে গুৰু-দায়িত্ব৷ তোমালোকে আজি দেহেকেহে খাটিব লাগিব আৰু নাওখেলত জয়ী হৈ দেশলৈ গৌৰৱ কঢ়িয়াই আনিব লাগিব৷ শুভেচ্ছা থাকিল৷” এইবুলি কৈ অধিনায়ক গৈ নাৱত উঠিল৷ তেওঁৰ পিছে পিছে গৈ বাকী খেলুৱৈকেইজনো নাৱত উঠিল৷ এসময়ত নাওখেলৰ বিচাৰকে হুইছেল মাৰিলে৷ জাপানৰ নাওখনত থকা সাতোজন খেলুৱৈয়েই জোৰেৰে ব’ঠা মাৰি মুহূৰ্ততেই কোনোবাখিনি পালেগৈ৷ আমাৰ

ভাৰতৰ নাওখন! সেইখনৰ কি অৱস্থা হ’ল, নক’লেও হ’ব৷ তেওঁলোকৰ নাও বহু পিছ পৰি ৰ’ল৷ কিয় এনে হ’ল? জাপানৰ অধিনায়কজনে সময় আৰু মনোযোগ নিবদ্ধ কৰিছিল তেওঁলোকৰ লক্ষ্যত৷ তেওঁ কথা কওঁতে ‘তোমালোক’ শব্দৰ ব্যৱহাৰ কৰা

নাছিল৷ তেওঁ ব্যৱহাৰ কৰিছিল ‘আমি’ শব্দটোৰ৷ পাকে-প্ৰকাৰে তেওঁ বুজাব বিচাৰিছিল যে-তেওঁৱো দলটোৰ এজন খেলুৱৈ, অধিনায়ক এটা ওপৰঞ্চি বাবহে৷ তেওঁ জোৰ দিছিল পাৰষ্পৰিক সমন্বয় আৰু ঐক্যবদ্ধ প্ৰচেষ্টাত৷ আৰু তেওঁৰ সেই কথাবোৰেই দলটোৰ প্ৰত্যেককে জয়ী হোৱাৰ ভাৱনাৰে উজ্জীৱিত কৰিলে, তেওঁলোকক অনুপ্ৰাণিত কৰিলে৷ আৰু শেষত গৈ নাওখেলত তেওঁলোক জয়ী হ’ল৷ আনহাতে ভাৰতৰ অধিনায়কজনৰ দুৰ্বল নেতৃত্ব, ক্ষমতাকেন্দ্ৰিক মনোবৃত্তি, লক্ষ্যবিহীন নীতি আৰু সমন্বয়হীনতাৰ বাবেই দলটো নাওখেলত হাৰিল৷

ইঞ্জিনিয়াৰিং পঢ়ি থকা সময়ত ‘টিমৱৰ্ক’ আৰু ‘লিডাৰশ্বিপ’ৰ ধাৰণা দিবলৈ উক্ত সাধুটো আমাক কোৱা হৈছিল৷ ‘ফটা ঢোল’ৰ বৰ্ষপূৰ্তিত অনুভৱ ব্যক্ত কৰিবলৈ গৈ আজি পুনৰ সেই সাধুটোলৈ মনত পৰিল৷ ‘ফটা ঢোল’ৰ লগত চিনাকি হ’বৰ দিন ধৰি দেখি আহিছোঁ ‘টিমৱৰ্ক’ৰ এটা শক্তিশালী স্বৰূপ৷ হয়, মাজে-সময়ে বিলাই-বিপত্তি হৈছে৷ তাৰ চোক ভবাতকৈ কেতিয়াবা হয়তো বেছিও হৈছে৷ হওক, সেইবোৰ থাকেই ৷ কিন্তু সেইবোৰে যে তেওঁলোকৰ গতি স্তব্ধ কৰিব পৰা নাই-সেইটোহে লক্ষণীয় কথা৷ ফটা ঢোলৰ শব্দৰে ৰাইজৰ চোতাল সদায়েই গম্‌গমাই আছে৷ মাজতে এমাহ ‘ফটা ঢোল’ সম্পাদনাৰ দায়িত্বও পালন কৰিলোঁ৷ ফটাঢোলৰ আঁৰত থকা মানুহখিনিক সেই এমাহ অধিক ওচৰৰ পৰা পালোঁ৷ তেওঁলোকৰ দৃষ্টিভংগী,পৰিশ্ৰমী শক্তি আৰু আন্তৰিকতাৰ প্ৰতি আগতকৈ শ্ৰদ্ধা বাঢ়িল৷

মই ভাবোঁ; সমাজত যিটো বস্তুৰ অভাৱ দেখা গৈছে, তাকে পূৰণ কৰিবলৈ আমি সামৰ্থনুযায়ী চেষ্টা কৰিব লাগে৷ অসমীয়া সাহিত্যৰ জগতত হাস্য-ব্যংগৰ সাহিত্যৰ অভাৱ সদায়েই আছে৷ সেই অভাৱৰ লগত যুঁজ দিবৰ বাবেই যেন ফটা ঢোলৰ এই ‘অৱতাৰ’। মাহেকীয়া ই-আলোচনী ‘ফটা ঢোল’ অসমীয়া সাহিত্যৰ জগতৰ বাবেই এক উল্লেখযোগ্য আৱিষ্কাৰ৷ এমাহ-দুমাহকৈ আলোচনীখনে এইবাৰ এবছৰীয়া হ’বলৈ ওলাইছে৷ বিগত সময়ত আলোচনীখনে বহুকেইগৰাকী নবীন লেখক-লেখিকাৰ সৃষ্টি কৰিলে৷ কিছুমান মৌলিক লেখাৰ জন্ম দিলে, হাস্য-ব্যংগ সাহিত্যত নতুনত্বৰ আমদানি ঘটালে৷ বাতৰি-কাকত, আলোচনীৰ দেখিবলৈ নোপোৱা, পঢ়িবলৈ নোপোৱা একাধিক প্ৰৱন্ধ, সাক্ষাৎকাৰ তেওঁলোকে ‘ফটা ঢোল’ৰ সন্নিৱিষ্ট কৰিছে৷ এইবোৰ অগতানুগতিক শুভকৰ্মৰ আঁৰত তেওঁলোকৰ অইন কোনো উদ্দেশ্য আছে বুলি মনে নধৰে৷ এচাম ৰুচিশীল লেখক সৃষ্টি, পাঠকক অৰ্থপূৰ্ণ মনোৰঞ্জন প্ৰদান আৰু ইণ্টাৰনেটত হাস্য-ব্যংগৰ সমল বৃদ্ধিয়েই যেন তেওঁলোকৰ মূল উদ্দেশ্য৷ উদ্দেশ্যসমূহ বাস্তৱায়িত কৰাত তেওঁলোক সফল হৈছে৷ কাৰণ ‘টিম ফটা ঢোল’ৰ মাজত সুসমন্বয় আৰু পাৰষ্পৰিক সহযোগিতা বিদ্যমান৷ আৰু এইদৰে আগুৱাই গৈ থাকিবলৈ ভৱিষ্যতেও সেইকেইটা ‘বস্তু’ হাতত থকাটো জৰুৰী ৷ তাতকৈও জৰুৰী-‘অৰ্থপূৰ্ণ কিবা এটা কৰি থকা’ৰ হেঁপাহটো, পৃথিৱীখনক কিবা এটা দি যোৱাৰ হাবিয়াসটো৷

‘টিম ফটাঢোল’ৰ সেই হেঁপাহ আৰু হাবিয়াস সদায়েই জাগ্ৰত আৰু অপ্ৰতিৰোধ্য হৈ থাকক-এই প্ৰত্যাশা আৰু শুভকামনাৰে-

☆★☆★☆

13 Comments

  • অনুৰূপ মহন্ত

    বৰ ভাল লাগিল?

    Reply
  • Sweet lena Das

    বৰ ধুনীয়াকৈ লিখিলে

    Reply
  • Rintumoni Dutta

    মতামত এটাও ইমান সুন্দৰভাৱে উপস্থাপন কৰাটো কেৱল ঈশানৰ বাবেহে সম্ভৱ।

    হেটচ অফ ব্ৰাডাৰ

    Reply
  • Asomi Gogoi

    অতি সুন্দৰ মন্তব্য

    Reply
  • গৌৰীশংকৰ শৰ্মা

    বৰ সুন্দৰকৈ মতামত প্ৰকাশ কৰিছে। পঢ়ি সুখী হলোঁ।

    Reply
  • ৰাস্না বৰা

    সুন্দৰ মন্তব্য।

    Reply
  • শঙ্কৰ জ্যোতি বৰা

    এইখিনি ফটাঢোলৰ লগত জড়িত প্ৰায়বোৰৰে মনৰ কথা৷ধুনীয়াকৈ লিখিলা ঈশান৷

    Reply
  • hkkakati

    কি কম, তোমালোক লগত আছা, আমাৰ শক্তি বাঢ়ি গৈ আছে।

    Reply
    • জয়দীপ লাহন

      পঢ়িলোঁ ।।ভাল লাগিল ।। ধন্যবাদ ।।

      Reply
  • Bitupon Gourattra

    ‘ফটাধোল’ সম্পৰ্কে মোৰ এক ভ্ৰান্ত ধাৰণা আছিল। মই ভাবিছিলো ই এক ধৰণৰ কমেডি টাইপৰ গ্ৰুপৰ বাদে একো নহয়। অৱশ্যে পৰিচয় হোৱাৰ পিছত মানুহ এজনকো জানিবলৈো সময় লাগে। গতিকে লাহে লাহে মোৰ অবান্চিত ধাৰণা সলনি হল। পৰী পাৰবীন বাইদেউ আৰু উৎপলা শইকীয়া বাইদেউক এই ক্ষেত্ৰত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিশেষকৈ মোৰ উপৰুৱা ধাৰণাটো সলনি কৰাত ভুমিকা থকাৰ বাবে। ফটাধোলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

    Reply
  • মানুহক সদায়ে উৎসাহ আৰু প্ৰেৰণা যোগোৱা মানুহজন আপুনিয়ে ৷ ভালক ভাল আৰু বেয়াক বেয়া বুলি সুন্দৰ সমালোচনা কৰা প্ৰচাবিমূখ মানুহজন আপুনি ৷ ব্যংগ চৰ্চাৰ ক্ষেত্ৰখনত আপোনাৰ লিখনি বহু উচ্চ মানদণ্ডৰ ৷ আশা কৰিম আগলৈও এই যাত্ৰা অব্যাহত থাকক ঈশান দা ৷

    Reply
  • হিতেন শৰ্মা

    খুৱ ভাল লাগিল

    Reply
  • Padma Gogoi

    সুন্দৰ !

    Reply

Leave a Reply to জয়দীপ লাহন Cancel reply

Your email address will not be published. Required fields are marked *