ফটাঢোল

বিভিন্নজনৰ একলম – সঞ্জীৱ মজুমদাৰ

যোৱা বছৰৰ চেপ্তেম্বৰৰ ২৪ তাৰিখে ফটা ঢোলৰ সদস্য শিৱই মোক গোটটোলৈ লৈ আনিলে। প্ৰথম কেইদিনমান অতি ৰসাল, প্ৰাণ প্ৰাচুৰ্যৰে ভৰা গোটটোৰ ৰেহৰূপ চাই থাকোঁতেই গ’ল। তাৰ পিছতে নাৰী সন্থাৰ দপদপনি দেখি ভাৱ হ’ল গোটত ঠাই ল’বলৈ হ’লে নাৰী সন্থাৰ যোগেদিয়ে ল’ব লাগিব( নাৰী শক্তিলৈ ক্ষমা প্ৰাৰ্থনাৰে)। দুটামান নাৰী বিদ্বেষী পষ্ট দি কোঁদোৰ বাহত হাত ভৰাই চাবলৈ মন গ’ল। চালোও। আৰু পাটী পাৰি বহিলোঁ। এনেকুৱা ধেমালিবোৰ কৰি থাকোতেই গীতিকা শইকীয়াৰ সম্পাদনাত মোৰ প্ৰথম লিখনি এটা ‘ফটা ঢোল’ ই- আলোচনীত প্ৰকাশ হোৱা কথাটোৱে মোক বৰকৈ উৎসাহিত কৰিলে। সেয়া আৰম্ভণিহে আছিল। দৈনন্দিন জীৱনৰ ব্যস্ততাপূৰ্ণ কঠোৰ দায়িত্ববোৰৰ মাজৰ পৰা চান কাঢ়ি কিছু সময় ফটা ঢোলত কটাবলৈ ধৰিলোঁ। অনুভৱ কৰিবলৈ ল’লোঁ, ই একেবাৰে চিন্তামুক্ত ঔষধৰ দৰে কাম কৰে। চাওঁতে চাওঁতে ‘ফটা ঢোল’ আলোচনীখনে এবছৰত ভৰি দিলে। এই সফল পৰিক্ৰমাত ম‌য়ো এজন সহযাত্ৰী হ’ব পৰাটো পৰম সৌভাগ্যৰ কথা। দিনবোৰ বাগৰি থাকে, ৰৈ যায় মাথোঁ কথাবোৰ। ‘ফটা ঢোল’ আলোচনীখনৰ বুকুত সযত্নে সংৰক্ষিত হৈ ৰ’ব সাহিত্যৰ অমূল্য সম্পদ, বিশেষকৈ অসমীয়া ব্যংগসাহিত্যৰ আৰু উপযুক্তজনৰ সঠিক পৰিচালনাই এদিন ই- আলোচনীখনে ইতিহাস ৰচিব বুলি আমাৰ দৃঢ় বিশ্বাস।

☆★☆★☆

 

5 Comments

  • আপোনাৰ অনুভৱবোৰ জানি ভাল লাগিল দাদা ৷ হাঁহি ধেমালিৰ মাজেৰেই আমি সকলোবোৰ ইমান আপোন হৈ পৰিলো ৷ মই এই চেগতে দেৱজিত শইকীয়া দাক ধন্যবাদ জনাম ৷ তেখেতৰ জহতে আজি মই ফটাঢোলৰ সদস্যা !!
    মজুমদাৰ দা অলৱেইজ ৰকচ্

    Reply
  • Rintumoni Dutta

    সুন্দৰ মতামতটোৰ বাবে অশেষ ধন্যবাদ

    Reply
  • হেমন্ত কাকতি

    মতামতৰ বাবে ধন্যবাদ সঞ্জীৱ৷ তুমিও এই যাত্ৰাৰ সংগী হোৱাত সুখী হৈছোঁ৷

    Reply
  • গীতিকা শইকীয়া

    ইয়ে! মই জনাই নাছিলো যে মোৰ সম্পাদনাৰ সংখ্যাটোতেই আপোনাৰ লিখনি প্ৰকাশ পাইছিল। আচলতে আপোনাৰ লিখনিবোৰ সদায়েই যথেষ্ট তথ্য সমৃদ্ধ হয়। ভাষাটোৰ ওপৰত আপোনাৰ দখলো মানিবলগীয়া।

    Reply
  • Sankar Jyoti Bora

    মাজে মাজে মানুহজন ক’ত হেৰাই যায়৷

    Reply

Leave a Reply to Sankar Jyoti Bora Cancel reply

Your email address will not be published. Required fields are marked *