ফটাঢোল

বিভিন্নজনৰ একলম – ৰিমঝিম বৰঠাকুৰ

প্ৰথমতেই ক’ম যে, ফটা ঢোল এক হাঁহিৰ নিজৰা য’ত হাঁহিবোৰ খিলখিলাই থাকে আৰু ওচৰলৈ গ’লে আমাৰ গালে-মুখে ছটিয়াই দিয়ে। আপোনাৰ মন বেয়া লাগিছে ফটা ঢোলৰ মজিয়াত ভৰি দিয়ক আৰু আপোনাৰ ওঁঠত সানি লওক একাজলি হাঁহি। সঁচা অৰ্থত ফটা ঢোল এক হাঁহিৰ ৰহঘৰা যিয়েই আমাৰ জীৱনটোক হাঁহিৰে সজাবলৈ শিকাইছে। যদিও ফটা ঢোলৰ লগত মোৰ সম্পৰ্ক হোৱা চাৰিমাহমানহে হৈছে, এই কেইমাহতে বুজি উঠিছোঁ মোৰ জীৱনত ফটা ঢোলৰ প্ৰভাৱ। মই হাঁহি বেয়া নাপাওঁ। হাঁহি ধেমালিৰে জীৱনটো সজাবলৈ কোনেনো ভাল নাপায়? কিন্তু আজিৰ এই প্ৰতিযোগিতাৰ দৌৰত, যান্ত্ৰিকতাৰ যুগত কাৰোবাৰ লগত হাঁহি ধেমালি কৰিবলৈও অলপ সময়ৰ কাৰণে হ’লেও ভাবিব লগা হয়। তেনেক্ষেত্ৰত ফটা ঢোলে আমাক এনে এক সুযোগ দিছে য’ত কাৰোঅন্তৰত আঘাত নকৰাকৈ সকলোৰে লগত ধেমালি কৰি প্ৰাণ খুলি আমি সকলোৱে হাঁহিব পাৰোঁ।

ফটা ঢোলত আপুনি কি পাব?
• হাঁহি। হয়, ফটা ঢোলত আপুনি অকল হাঁহিবলৈ পাব। আমি সকলোৱেই জানো হাঁহি জীৱনৰ কাৰণে এক মহৌষধ স্বৰূপ। তেন্তে কিহৰ অপেক্ষা? ফটা ঢোললৈ আহক, হাঁহিবোৰ বুটলক, নিজৰ লগতে আশে-পাশে থকাসকলোকে পিন্ধাই দিয়ক এমোকোৰা হাঁহি।
• ইয়াৰ উপৰিও ফটা ঢোলত আপুনি পাব অন্য এক মজিয়া য’ত আপোনাৰ সুপ্ত হাস্য-ব্যংগ ৰচনাৰ সৃষ্টিশীল প্ৰতিভাক জগাই তুলিব পাৰিব।
• মৰম আৰু সহায়-সহযোগিতা। হয় মই আগতেই উল্লেখ কৰিছিলোঁ যে মই এই গোটত বৰ বিশেষ পুৰণি নহয়। কিন্তু নতুন পুৰণি সকলো সদস্যৰ অকৃত্ৰিম মৰম, সহায়-সহযোগিতাই যেন নতুনকৈ কিবা এটা লিখিবলৈ সদায় আবদাৰ কৰে। মানুহক নিজেই কিমান হঁহুৱাব পাৰিছোঁ নাজানো কিন্তু ফটা ঢোলে যে জীৱনত অন্য এক ৰস দিছে সেইটো নিশ্চিতকৈ ক’ব পাৰোঁ।
• ফটা ঢোল কেৱল এখন ই-আলোচনীয়ে নহয়। ই সমাজ হিতৈষী এটি গোট যিয়েই অসমবাসীৰ হকে কিবা এটা কৰাৰ প্ৰচেষ্টাত সদায় ব্যতিব্যস্ত। বানপীড়িত ৰাইজলৈ সাহাৰ্যৰ প্ৰদানৰ লগতে, ফটা ঢোল ব্লাডবেংক, অসমখনক সেউজীয়া কৰি ৰখাৰ লগতে বহুতকেইটা পদক্ষেপ ফটা ঢোল গোটটিয়ে হাতত তুলি লৈছে। ফটা ঢোলৰ এই পদক্ষেপক সঁচাকৈয়ে সন্মান জনাব লাগিব।
শেষত কওঁ যে বিশেষ কেইজনমান ব্যক্তিৰ কষ্টৰ ফল এই ফটাঢোল ই-আলোচনীখন। সেইসকলৰ লগত ‘ফটা ঢোল’ ই-আলোচনীখনৰ সম্পৰ্ক মাতৃ-পিতৃৰ লগত সন্তানৰ সম্পৰ্কতকৈ কম নহয়। গোটেই মাহটোৰ কষ্টৰ অন্তত নতুন মাহটোৰ পহিলা দিনটোতে পাঠকৰ মাজলৈ ন-কইনাৰ দৰে সজাই-পৰাই ‘ফটা ঢোল’ অনলাইন আলোচনীখনক পাঠক সমাজৰ মাজলৈ লৈ অনা সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদৰ লগতে অভিনন্দন জনালোঁ। তেওঁলোকৰ ফটা ঢোলৰ প্ৰতি থকা নিস্বাৰ্থ মৰম সঁচাকৈয়ে আদৰণীয়। যিদৰে সকলোৰে আদৰ যত্নত ‘ফটা ঢোল’ আজি এবছৰীয়া হ’ল তেনেদৰেই আগলৈও প্ৰতিমাহতে ‘ফটা ঢোল’ক ন ন ৰূপত পাবলৈ সুদীৰ্ঘ আয়ুসৰ কামনা কৰিলোঁ। সদৌ শেষত পঢ়ুৱৈ সমাজকো এটি অনুৰোধৰে মই সামৰণি মাৰিছোঁ। ‘ফটা ঢোল’ক মৰম ভালপোৱাৰে উপচাই পেলাওক। আপোনালোক আছে মানেই ফটা ঢোল আছে।
জয়তু ফটা ঢোল।

☆★☆★☆

5 Comments

  • অনুৰূপ মহন্ত

    বৰ সুন্দৰ হৈছে, ভাল লাগিল।

    Reply
  • ৰিণ্টু

    ইমান সুন্দৰ মতামতটোৰ বাবে আন্তৰিক ধন্যবাদ। আপোনালোকৰ এইধৰণৰ সদিচ্ছাই আমাৰ চালিকা শক্তি

    Reply
  • SOMESWAR BORAH

    বাজন পৰ্বত হোৱা মন্তব্য বোৰ যদি যি কোনো মানুহে কৰিলে হেতেন ঘূঁচিয়াই নাকৰ বাৰাণ্ডা খহাই দিয়া গ’ল হেতেন।কিন্তু ইয়াত আত্মীয়তা বাঢ়েহে।এয়াই ফটাঢোল।।

    Reply
  • হেমন্ত কাকতি

    মন্তব্যটো পঢ়ি সুখী হলো ৰিমঝিম৷

    Reply
  • ধন্যবাদ

    Reply

Leave a Reply to SOMESWAR BORAH Cancel reply

Your email address will not be published. Required fields are marked *