ফটাঢোল

বিভিন্নজনৰ একলম – দিগন্ত ভট্টাচাৰ্য

ফেচবুকৰ গোট ‘ফটাঢোল’ৰ নাম শুনি বা অন্তৰ্ভূক্ত হোৱাৰ পাছতো প্ৰথমতে তেনে একো আকৰ্ষণ অনুভৱ কৰা নাছিলোঁ। অসংখ্য গোটৰ দৰেই একেধৰণৰ এটা নতুন গোটৰ সৃষ্টি হ’ল বুলিয়েই ভবা হৈছিল প্ৰাৰম্ভণিতে। লাহে লাহে গোটত প্ৰকাশ হোৱা কিছুমান চিন্তাকৰ্ষক ব্যংগ বা উচ্চ স্তৰৰ হাস্য-মধুৰ লেখাই গোটটোক অন্য দৃষ্টিৰে চাবলৈ বাধ্য কৰালে। পাছত যেতিয়া গোটৰপৰা প্ৰকাশ পোৱা ই-আলোচনীখন দেখিলোঁ, পঢ়িলোঁ – তেতিয়া গোটটোৰ প্ৰতি আৰু ইয়াৰ সদস্যসকলৰ প্ৰতি ধাৰণাই সলনি হৈ গ’ল। তেখেতসকলৰ কষ্ট, আত্মোৎসৰ্গৰ কাৰণে আজি এবছৰে এখন বহু উচ্চস্তৰৰ ব্যংগ আলোচনী আমি পাই আহিছোঁ। ব্যংগ সাহিত্যৰ ওপৰত ৰচনা কৰা কিছুমান প্ৰৱন্ধ ইমানেই প্ৰশংসনীয় যে এনে লেখা আনকি আমি ভাল ছপা মাধ্যমৰ আলোচনীৰ পাততো পঢ়িবলৈ নাপাওঁ। গোটটিক চলমান আৰু সজীৱ কৰি ৰখাত ই-আলোচনীখনে সহায় কৰিছে। গোটৰ আটাইলৈকে অনুৰোধ, এই প্ৰচেষ্টা যেন থমকি নৰয় কাহানিও। সদৌটিলৈকে হিয়াভৰা শুভকামনা! ধন্যবাদ।

☆★☆★☆

3 Comments

  • সহযোগিতা ৰাখিবা এইদৰেই।

    Reply
  • Rintumoni Dutta

    সুন্দৰ মতামতটোৰ বাবে ধন্যবাদ দিগন্ত। দিহা-পৰামৰ্শৰে আমাৰ ভুল-ভ্ৰান্তিবোৰ আঁ‌তৰ কৰি যোৱাত আগলৈও সহায় কৰি থাকিবা বুলি আশা ৰাখিলো

    Reply
  • শঙ্কৰ জ্যোতি বৰা

    ধন্যবাদ৷

    Reply

Leave a Reply to Pranita Goswami Barthakur Cancel reply

Your email address will not be published. Required fields are marked *