ফটাঢোল

বিভিন্নজনৰ একলম-ধ্ৰুৱজ্যোতি অৰ্জুন

আকস্মিকভাৱেই ফটাঢোললৈ আহিছিলো। আজি ফটাঢোলৰ সদস্যসকল যেন মোৰ নিজা পৰিয়াল। ‘ফটাঢোল’ আলোচনীখন গোটটোৰ সমূহীয়া ঐকান্তিকতাৰ ফচল। বেজবৰুৱাৰ কলম থমাৰ লগে লগেই স্তিমিত হৈ পৰিছিল অসমীয়া ব্যঙ্গ সাহিত্যৰ ধাৰা। ক’ব পাৰি এই ধাৰাত অসমীয়া সাহিত্য দুখলগাকৈ নিশকতীয়া। মাজতে বহুকেইখন আলোচনীয়ে এই ধাৰাটোক পুনৰুজ্জীৱিত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল যদিও সিও এপাচি শাকত এটা জালুকৰ দৰে হ’ল। এই ক্ষেত্ৰত ফটাঢোল আলোচনীখন এক ব্যতিক্ৰম। কাৰণ ই এক সমজুৱা প্ৰচেষ্টা। বহু ন লিখকৰ প্ৰাথমিক পঢ়াশালীৰ দৰে হৈছে এই অনুষ্ঠান। ‘ফটাঢোল’ হাতত ধৰি উজ্জীৱিত হওক অসমীয়া ব্যঙ্গ সাহিত্য।

-ধ্ৰুৱজ্যোতি অৰ্জুন

 

4 Comments

  • Deepjyoti handique

    সঁচা কথা । ফটাঢোল অসমৰ মানুহৰ সকলোৰে হৃদয়ত স্থান লওক । জয়তু ফটাঢোল ।

    Reply
  • Rintumoni Dutta

    বহুমুলীয়া মতামতটোৰ বাবে ধন্যবাদ ধ্ৰুৱ। গ্ৰুপ আৰু ই-আলোচনীখনৰ প্ৰতি থকা তোমালোকৰ সদিচ্ছাই ইয়াৰ চালিকাশক্তি

    Reply
  • উত্তৰা

    সঁচাকৈ।

    Reply
  • ডলী তালুকদাৰ

    জয়তু ফটাঢোল

    Reply

Leave a Reply to Rintumoni Dutta Cancel reply

Your email address will not be published. Required fields are marked *