ফটাঢোল

ফটাপ্ৰশ্ন

১)ৰামানুজ গোস্বামী: এগৰাকী মহিলাই জীয়েকৰ প্ৰতি,জোঁৱায়েকৰ আদৰ-যতনৰ কথা গৌৰৱেৰে কয়, অথচ একেখিনি আদৰ পুতেকে বোৱাৰীয়েকক কৰিলে তেওঁৰ আক্ষেপ হয় কিয় ?

উত্তৰঃ- কাৰণ মহিলা সকলে শাহু-বোৱাৰী চিৰিয়েলবোৰ বেছিকৈ চায় যে।

২)মিৰাজুল ৰছিদ: প্ৰেমত পৰি ছোৱালী এজনীক আই লাভ ইউ ক’বলৈ মন মেলিছোঁ। ভাৱিছোঁ ইংৰাজীত হে ক’ম তাইক। ফটহুকাই,অলপ সহায় কৰকচোন । এই মানে “আই লাভ ইউ”ক ইংৰাজীত কি বুলি কয় জনাবচোন।

উত্তৰঃ- আপুনিনো ইংৰাজ ছোৱালীহে পালেগৈ নে? ইংৰাজে তিনিশ বছৰ আমাৰ দেশ শাসন কৰাৰ নামত কিমান অত্যাচাৰ কৰিছিল মনত নাই? আকৌ সেই কষ্ট খাবলৈ মন মেলিছে যে?

৩)ভাস্কৰ জ্যোতি দাস: মানুহে পানীৰ তলত কান্দিব পাৰেনে?

উত্তৰঃ- পাৰে। পিছে লাভ নাই, অৰণ্য ৰোদনৰ দৰে সলিল ৰোদনো কোনো কামত নাহে।

৪)তবিবৰ ৰহমান : হঠাৎ মানুহবোৰৰ যদি ভোক-পিয়াহ নোহোৱা হৈ যায় তেতিয়া কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ’ব?

উত্তৰঃ- ভয়ংকৰ পৰিস্থিতি হ’ব, ধান, ঘেঁহুৰ গছে পৃথিৱীখন চানি ধৰিব। ব্ৰইলাৰ চিকেন, ৰাম ছাগলীৰ সংখ্যাবিষ্ফোৰণ ঘটিব, সিহঁতৰ খাদ্যৰ নাটনি হব আৰু শেষত মানুহকে খাবলৈ খেদিব। পিয়াহ নোহোৱা হ’লে অৱশ্যে বিশেষ একো নহয়, কেৱল ৱাইন শ্বপৰ কাষত পানীৰ বটল বিক্ৰী কৰা দোকানবোৰৰ বিক্ৰী অলপ কমিব।

৫) অঞ্জন সাধনীদাৰ: শেহতীয়াকৈ ফটাঢোলত সংসাৰ চলাই নিবলৈ স্ত্ৰীবশীকৰণ মন্ত্ৰ বা পুৰুষ সকলৰ ওপৰত চলোৱা ধেমেলীয়া বুদ্ধিবোৰে বহু সাধাৰণ ভাৱে চলি থকা সংসাৰত খুঁট- খাঁট লগোৱাত অসমীয়া চিৰিয়েল কেইখনমানৰ দৰেই সাৰ-পানী যোগোৱা নাই নে?

উত্তৰ:- প্ৰথমতে একেবাৰে খুঁট খাট নলগা সংসাৰ দুখন মান দেখুৱাই দিয়কচোন, পিছত সাৰ পানীৰ কথা পাতিম।

৬)মনজিত বৰা: নাৰী এগৰাকী যদি সাজিবলৈ কাচিবলৈকে পাৰ্লাৰলৈ যায়, তেনেহ’লে পাৰ্লাৰলৈ যাবলৈ বুলি আকৌ এঘন্টা ধৰি সাজে কাচে কিয়নো বাৰু?

উত্তৰ:- পাৰ্লাৰতো লেভেল লাগেহে। পাৰ্লাৰৰ ছোৱালী কেইজনীৰ যিহে তাও, জাপৰী হৈ গ’লে- “ইয়াকচ্, ইউ আৰু চ’ ডাৰ্টি” বুলি চুলিকে নাকাটিব।

৭) সোমেশ্বৰ বৰা : লাও যিমানেই ডাঙৰ নহওক কিয় সদায় পাতৰ তল। এই প্ৰৱচনত তাহানিৰ পৰা লাওটোক নাৰী গৰাকীৰ লগত তুলনা কৰা হৈছে। ফটহু কাই,প্ৰশ্ন হয় লাওটোক লাওজনী বুলি কিয় কোৱা নহয় ?

উত্তৰঃ- ফকৰাটোত ‘টো’ বা ‘জনী’ বুলি নায়েই। আপুনিহে পিছত লগাই দিছে। পিছে আগত ‘দেহ’ শব্দটো লগাই দিলে লাওজনী বুলি কব পাৰি। সেইজোখেৰে নাৰী এগৰাকী পালেই হ’ল।

৮)নিলাক্ষী দেৱী ডেকা: এনআৰচিত যদি নিজৰ স্বামী বা পত্নীৰ উপৰিও ভূতপূৰ্ব প্ৰেমিক/ প্ৰেমিকাবোৰৰ নামো অন্তৰ্ভুক্ত কৰিব লগা হোৱা হ’লে কি হ’ল হয়?

উত্তৰঃ- অসমৰ পৰা সকলো লোককে বহিস্কাৰ কৰিব লগা হ’ল হেতেন। অসম জনপ্ৰাণীবিহীন গেজেপ মৰা হাবিলৈ পৰিবৰ্তন হ’লহেঁতেন।

৯)কৃষ্ণ দাস: ফটহুকাই, আপেলটোৰ ঠাইত ধুনু আপী এজনী গছৰ পৰা আহি নিউটনৰ কোলাতে পৰা হ’লে আমি বাৰু মাধ্যাকৰ্ষণ শক্তিৰ সূত্ৰবোৰ পালোঁহেঁতেন বুলি ভাৱেনে? যদি ভাৱে কিয় ভাৱে?

উত্তৰঃ- নাপালোঁহেতেন। ইমান ওপৰৰ পৰা গোটে গোটে ধুনু আপীজনী গাত পৰিলে নিউটন পিটিকা হৈ গ’লহেঁতেন। পিটিকাই আৰু কি নতুন সূত্ৰ আৱিষ্কাৰ কৰিব!

১০)ধৰিত্ৰী শৰণীয়া : ৰত্নাকৰ বাল্মিকী হ’ল ভাল কথা। বাল্মিকী হৈ ৰামায়ণ ৰচনা কৰাত ব্যস্ত হ’ল। কিন্তু বাল্মিকী হোৱাৰ পিছত তেওঁৰ পৰিয়াল ক’লৈ গ’ল? ফটহু মহাশয় মোৰ প্ৰশ্নটো এয়ে যে বিদ্বান হ’লে পিতৃ-মাতৃ তথা পৰিয়ালৰ দায়িত্ব ল’ব নালাগে নেকি?

উত্তৰঃ- আজিকালিৰ কিছুমান বিদ্বান, শিক্ষিত লোকৰ কাম কাজ দেখি তেনে যেনেই লাগে।

১১)বৰ্ণালী শৰণীয়া : ছোৱালী যদি কুৰিত বুঢ়ী, ল’ৰা কিমান বছৰত বুঢ়া হয় বাৰু ফটহু কাই?

উত্তৰঃ- ল’ৰা বুঢ়া নহয়হে চিধা চিধি। প্ৰথমতে ডেকা হয়, তাৰ পাছত আদহীয়া হয়, তাৰ পাছত আকৌ চল্লিশ বছৰীয়া হয়, তাৰ পাছতহে বুঢ়া হোৱাৰ পাল আহে। গোটেই প্ৰক্ৰিয়াটোত নূন্যতম ষাঠি সত্তৰ বছৰ মান লাগিয়ে যায় নহয়।

১২) পাৰ্থ সাৰথি ভূঞা : ৱাটছএপত যদি লাষ্ট চিন সময়ৰ সলনি লাষ্ট কাৰ লগত কথা পাতিছিল সেইটো ওলালে হয়, তাৰ পৰিণতি কেনে হ’ব বুলি ভাবে?

উত্তৰঃ- হোৱাটচ এপ কোম্পানীত এমাহতে লালবাতি জ্বলিলহেঁতেন।

১৩) অসমী গগৈ:-এনেকুৱা এটা বস্তুৰ নাম কওক, যিটো মহিলাই আনক দেখুৱাই ভাল পায় আৰু পুৰুষে লুকুৱাই ৰাখে?

উত্তৰ:- পাৰ্চ (Purse)

১৪) মনমী ভট্টাচাৰ্য:- নৱনিৰ্মিত গ’ল্ড চিনেমাখনত ধূতিক ইমান কমনীয় বেশভূষা হিচাপে দেখুওৱাৰ আঁৰত কাৰ ষড়যন্ত্ৰ আছে বুলি ভাবে?

উত্তৰঃ- বাহুবলীতো দেখুৱাইছিল, চৰকাৰেও শণিবৰীয়া নিয়ম এটা উলিয়াইছিল। ধূতি আচলতে কমনীয় পোছাকেই, কেৱল গাঁঠি খোল নেখালেই হ’ল।

১৫)মৌচুমী গগৈ: আমাৰ মাজত সচৰাচৰ প্ৰচলিত এটা প্ৰবাদ আছে যে, মানুহৰ অন্তৰখন শুদ্ধ হ’ব লাগে, মনটো নিকা হ’ব লাগে । কিন্তু এই দুয়োটা কাৰ্যই ইমান কঠিন যে আমি ইচ্ছা কৰিলেও সেই দুয়োটা বস্তু ধুই পৰিস্কাৰ কৰি আকৌ সুন্দৰকৈ উপস্থাপন কৰিব নোৱাৰো । গতিকে ফটহুকায়ে এই ক্ষেত্ৰত কি উপায় অৱলম্বন কৰিব পাৰি জনালে কৃতাৰ্থ হ’ম ।

উত্তৰঃ- আপুনি কি ডিটাৰজেণ্ট ব্যৱহাৰ কৰে বাৰু? এৰিয়েলৰ নতুন এক্সট্ৰা চুপাৰ পাৱাৰ ৱিথ নিম্বু কি শক্তি ব্যৱহাৰ কৰি চাওকচোন। সুফল পাব।

১৬)হিমাংশু ভাগৱতী: এনেই জানিবৰ মন গ’ল-ধৰক বিবাহিত পুৰুষবোৰৰ ওচৰত দুটা অপচন ৰখা হ’ল, পৃথিৱীত সকলো গঁড়মাৰ্কা বন্ধ আৰু সকলো মহিলাৰ কাপোৰ-গহনা ফ্ৰি। এটা মাত্ৰ অপচন গৃহীত হ’ব। কোনটো ল’ব?

উত্তৰঃ- সেইটো আৰু সুধিব লগা কথা নে, মহিলা সকলৰ ফ্ৰীতে গহনা দিবলৈ পালে পুৰুষক আৰু কি লাগে?

১৭)ধনজিৎ বৰুৱা:-“কবিৰাজ” উপাধিটো কবিতাৰ ক্ষেত্ৰৰ পৰা নি ঔষধ দিয়া মানুহক কিয় দিলে?”

উত্তৰঃ- প্ৰেচক্ৰিপচনখন দেখিলে কবিতাৰ দৰে লাগে যে, সেইকাৰণে।

১৮)কাজলপ্ৰিয়া: বোলে “অতিপাত শলাগনি ফুচুলনিৰ চিন, আপুনি আঁতৰি যাবা কৰি তাক ঘিণ।” পিছে ফটহু কাই , আজিকালি ভুলে শুদ্ধই মানুহক শলাগি নথলেহে ওলোটাই ঘৃণাৰ পাত্ৰ হোৱাৰ থল থাকে। এনে ক্ষেত্ৰত আমি বোপা ককাৰ দিনৰ পুৰণি ফকৰা যোজনাবোৰ আজিকালিৰ ল’ৰাবোৰে “চাইলেন্সৰ পাইপ” ফুটা কৰি “ম’ডিফাই” কৰি লোৱা বাইকৰ দৰে “মডিফাই” কৰি ল’ব লাগে নেকি বাৰু?

উত্তৰঃ- লাগে লাগে। এটা ময়ে মডিফাই কৰি দিছো বাৰু,
অতিপাত শলাগণি ফুচুলনিৰ চিন,
তাকে সঁচা ভাৱি নিজে হৈ যাবা লীন।
বাকীখিনি আপুনি নিজে কৰি লব পাৰিব নহয়?

১৯। দেৱজিত শইকীয়া: আপুনি পুৱা সাৰ পাই উঠি দেখিছে যে আপোনাৰ লিংগ পৰিবৰ্তন হৈ ফটহুৰ পৰা মহিলা হ’ল৷ আপোনাৰ প্ৰথম ৰিয়েকচন কি হ’ব?

উত্তৰঃ-এটাই নহয়, এসোপা ৰিয়েকচন একেলগে হব। যেনে, অঁ মা, মোক বাৰু শকত লাগিছে নেকি, চুলিখিনি দেখোন চিল্কী লগা নাই, ইস কালি যে বৰুৱানীক লাগিছিল আৰু, শইকীয়াৰ ছোৱালীজনীৰ কিবা পিৰীতি চলি আছে নেকি, এই মানুহটো গ’ল কত? মোক শেষ কৰিহে এইটোৱে, ইত্যাদি ইত্যাদি।

২০। সুস্মিতা দাস: মোৰ প্ৰশ্ন হল জিলেবীক ইংৰাজীত কি কয়?

উত্তৰঃ- এইটো প্ৰশ্নৰ উত্তৰ দিবলে ফটহুক বহু সময় লাগিল, বহু অধ্যয়ন, ৰিচাৰ্চ কৰি লগা হ’ল। বিশেষজ্ঞৰ মতামতো লোৱা হ’ল। প্ৰায় তিনিশ মেইল লিখা হ’ল, চৰকাৰকে ধৰি বিভিন্ন সংস্থালৈ। শেষত সকলোৰে মতামত লৈ শেষ উত্তৰটো পোৱা গ’ল, জিলেবীক ইংৰাজীত JALEBI বুলি কোৱা হয়।

২১) ৰিন্টুমণি দত্ত: এবাৰত কৈছে একতাই পৰম বল। আকৌ আনবাৰত কৈছে শিয়ালৰ জাক জাক সিংহৰ এটাই ভাল। তেনেহ’লে শিয়ালৰ জাকটোৰ একতা নাছিল নেকি?

উত্তৰঃ- এই বিলাক হ’ল অসমীয়া ফকৰা, খোদ খিলঞ্জীয়া মানুহে উদ্ভাৱন কৰা, গতিকে তেওঁলোকে অসমীয়া শিয়াল বা অসমীয়া সিংহ দেখিয়েই অনুপ্ৰাণিত হৈছিল নিশ্চয়। বাকী অসমীয়াৰ একতাৰ কথা ক’ম জানো?

☆★☆★☆

12 Comments

  • Anjan Sadhanidar

    উত্তৰ পালো৷ধন্যবাদ ফটহু কাই

    Reply
  • সৌৰভ শৰ্মা

    মজা জৱাব দিছে ফটহুকাই। পঢ়িলোঁ আটাইবোৰ। জৱাব লা জৱাব

    Reply
  • ফটহুকাই উত্তৰবোৰ বৰ ভাল লাগিছে৷

    Reply
  • ফটহু কাই মোৰ পালোঁ। সকলোবোৰ উত্তৰে মনোগ্ৰাহী হৈছে। ধন্যবাদ।

    Reply
  • Jandeep Phukan

    ভাল লাগিল

    Reply
  • অনুৰূপ মহন্ত

    সুন্দৰ উত্তৰ ফটহু কাই

    Reply
  • Suntu

    কৃষ্ণহ ??? কি উত্তৰ

    Reply
  • Mousumi gogoi

    জয় ফটহু কাই ।

    Reply
  • Kangkan borah

    হে ফটহু প্ৰভূ প্ৰনাম……কি উত্তৰ দিছে

    Reply
  • Lakhimi

    সোধোতাই কি খায়?উত্তৰ দিওতাই কি খাই উত্তৰ দিলে? মজা লাগিল দেই।

    Reply
  • Meghali Goswami

    প্ৰশ্নকৰ্তা যদি ডালে ডালে ,উত্তৰ দিওঁতাও পাতে পাতে।ৰস পালো।

    Reply
  • Jayanta das

    Nice

    Reply

Leave a Reply to Meghali Goswami Cancel reply

Your email address will not be published. Required fields are marked *