ফটাঢোল

প্ৰস্তাৱনা সংখ্যাৰ আঁৰৰ কথা

অতি কম সময়ৰ ভিতৰতে বিশেষ জনপ্ৰিয়তা লাভ কৰা ফেচবুকৰ অন্যতম হাস্য ব্যংগ গোট ‘ফটাঢোল’ ৰ প্ৰথম প্ৰয়াস, ই-আলোচনীখনৰ প্ৰস্তাৱনা সংখ্যাটোৰ সম্পাদনাৰ গুৰুদায়িত্ব লবলৈ পাই মই অতিকে আনন্দিত আৰু গৌৰৱান্বিত। এই দায়িত্বভাৰ অৰ্পণ কৰাৰ বাবে ফটাঢোলৰ প্ৰশাসকমণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিছো।

প্ৰস্তাৱনা সংখ্যাটোৰ সম্পাদনাৰ ক্ষেত্ৰত সম্পাদনা সমিতিৰ সহায় সহযোগিতাৰ অবিহনে হয়তো আমাৰ এই প্ৰয়াস সম্ভৱপৰ নহ’লহেঁতেন। সংখ্যাটোৰ আৰম্ভণিৰেপৰা কাৰিকৰী দিশসমূহৰ উপৰি অন্যান্য খুঁটি নাটিবোৰ সামৰি লৈ বিশেষভাৱে সহায় আগবঢ়োৱা জ্যোতিৰূপম দত্ত আৰু মৃদুল কুমাৰ শৰ্মাৰ ওচৰত আমি চিৰ কৃতজ্ঞ। বেটুপাত, শুভংকৰ ইত্যাদিৰ লগতে বিভিন্ন অংগসজ্জাৰে আলোচনীখন সুন্দৰকৈ সজাই তোলাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে ৰিতুপৰ্ণ বৰাৰ নাম বিশেষভাৱে উল্লেখ কৰিবলৈ বিচাৰিম। তদুপৰি সংখ্যাটোৰ প্ৰস্তাৱকালৰে পৰা প্ৰতিটো ক্ষেত্ৰতে অনবৰতে লাগি ভাগি সহায় সহযোগ আগবঢ়োৱাৰ বাবে অভিজিত কলিতা, ভাস্কৰজ্যোতি বৰুৱা, ৰিণ্টুমনি দত্ত, অমিতাভ মহন্ত, বিজয় মহন্ত, যাজ্ঞ বল্ক্য, ধ্ৰুৱ কাশ্যপ, সোণটো ৰঞ্জন বৰুৱা, মেঘালী দিহিঙীয়া আৰু প্ৰণীতা গোস্বামী বৰঠাকুৰৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লোঁ। আপোনালোকৰ সহায় সহযোগিতা আৰু পৰামৰ্শই মোক কৃতাৰ্থ কৰিলে।

সম্পাদনা কক্ষৰ বাহিৰত থাকিও বিভিন্ন দিশত বিশেষভাৱে সহায় আগবঢ়োৱা ৰিকি আলী, মৌচুমী দাস আৰু মুংচাজ’ বৰ্ণালী আম্ফি মান্তালৈ আন্তৰিক ধন্যবাদ।

শেষত, সম্পাদনাৰ সময়ছোৱাত অনলাইন আৰু অফলাইন যোগে মোক পৰামৰ্শ তথা সহযোগিতাৰে কৃতাৰ্থ কৰা সকলো অগ্ৰজ অনুজ আৰু বন্ধু বান্ধৱলৈ আন্তৰিক কৃতজ্ঞতা স্বীকাৰ কৰিলোঁ।

ৰাইজৰ আশীষ কামনাৰে…

জয়তু ফটাঢোল

সম্পাদক
হেমন্ত কাকতি
ফটাঢোল, প্ৰস্তাৱনা সংখ্যা, জুলাই ২০১৭

4 Comments

  • প্ৰস্তাৱনা সংখ্যাৰ আঁৰৰ কথা জানি ভাল লাগিল৷

    Reply
  • অশেষ ধন্যবাদ কাকতি দা আৰু ‘টিম ফটাঢোল’ ৷

    Reply
  • gmoni gogoi

    সকলোৰে কষ্ট সাৰ্থক হল

    Reply
  • প্ৰদীপ বৰা

    আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ

    Reply

Leave a Reply to প্ৰদীপ বৰা Cancel reply

Your email address will not be published. Required fields are marked *