ফটাঢোল

ফটাপ্ৰশ্ন

১/ অনুৰূপ মহন্ত: ফটহুকাই, যদি টকা পইচা গছত লাগিলেহেঁতেন, তেন্তে সেই পইচাৰ পুলিৰ মূল্য বাৰু কি আৰু কিমান পৰিমাণৰ হ’লহেঁতেন?

উত্তৰ: গছত লাগিলে পইচাৰ মূল্যই নাথাকিলহেঁতেন, পুলিবোৰ ফ্ৰীতে গহৰা গজি থাকিলেহেঁতেন ৰাষ্টাৰ কাষত। স্বচ্ছ ভাৰত অভিযানৰ সময়ত টকা চাফ কৰিব লাগিলেহেঁতেন।

২/ খনিন্দ্ৰ ভূষণ মহন্ত: ফটহুকাই, মানুহৰ আৰু এটা নাক থাকিলে কি কি সুবিধা, অসুবিধা হ’লহেঁতেন?

উত্তৰ: আগফালে থাকিলে চলি গ’লহেঁতেন, পিচে কেনেবাকৈ আনটো নাক পিছফালে লগাই দিয়াহেঁতেন বৰ অসুবিধা হ’লহেঁতেন। কিমান আৰু নিজৰ থুৰথুৰীয়া প্ৰাণঘটকৰ গোন্ধ লৈ থাকিব?

৩/ কৃষ্টি কেন: মহাত্মা গান্ধীয়ে কৈছিল সত্যৰ সদায় “জয়”..তেন্তে বীৰুৰ (“শ্বোলে”ৰ) কি হ’ব?

উত্তৰ: অসত্যৰ সদায় “ৱীৰু” বুলি জাতীয় প্ৰবচন ওলাইছে নেকি সেইফালে?

৪/ দীপাংকৰ চৌধুৰী: ফটহুকাই, মানুহৰ টোপনি আহিলে অটোমেটিকেলি চকুকেইটা জাপ খাই যায় কিয়?

উত্তৰ: হয় জানো? মোৰ হ’লে বিশ্বাস হোৱা নাই কথাটো। মই আজি টোপনি যোৱাৰ পাছত আইনাত সঁচাকে চকু কেইটা জাপ খাইছে নে নাই চাই লৈহে উত্তৰ দিম দেই। ক্ষন্তেক অপেক্ষা কৰিব লাগিব।

৫/ নৱ কৃষ্ণ: ঈশ্বৰে যদি মানুহকো উৰিব পৰা কৰিলে হয়, তেতিয়া কি কি সুবিধা আৰু অসুবিধা হ’ল হয় বাৰু ফটহুকাই?

উত্তৰ: সকলো উৰিব পাৰিলে বৰ বিশেষ লাভ নহ’ব। সেই বাবাজী দুজনমানক ভগৱানে ঐশ্বৰিক শক্তি দিয়াৰ দৰে বচা বচা দুজনমানক এইফেৰি শক্তি দিলে আৰু তাৰ মাজত মোৰ নামটোও সোমালে বৰ বঢ়িয়া হ’লহেঁতেন।

৬/ দেৱজিৎ শৰ্মা: এদিনৰ বাবে যদি বিউটি পাৰ্লাৰ আৰু মবাইলৰ বিউটি প্লাচ এপ বোৰ বন্ধ কৰা যায়, কি পৰিস্থিতি হ’ব পাৰে?

উত্তৰ: ভয় লগা কথাবোৰ নক’বচোন। যাক কটাক্ষ কৰিছে তেওঁলোকৰ কথা বাৰু বাদেই দিলোঁ, তেনে পৰিস্থিতি হ’লে আপুনিয়েনো কি স’তে ফেচবুক খুলিব? কিহৰ উৎসাহত বজাৰ কৰিবলৈ যাব?

৭/ চাহিন জাফ্ৰি: ফটা-ঢোলৰ ঢোলটো কেনেকৈ ফাটিছিল? যদি ফাটিছিলেই তেন্তে ইমান দিনে কোনেও ইয়াক চিলোৱাৰ ব্যৱস্থা কৰা নাই কিয়?

উত্তৰ: এইটো ঢোল উপজিয়ে ফুটা, আৰু ইয়াক সিলে যিটো মাত ওলাব, সেইটো মাত কাৰো পচণ্ড নহ’ব। সেয়ে ইয়াক এনেকৈয়ে ৰখা হৈছে।

৮/ ৰাজীৱ শৰ্মা: ফটহুকাই, দোকানীৰ মনত যদি গ্ৰাহক ভগৱানেই তেন্তে সেই ভগৱানকে চোৰ ধৰিবলৈ চি চি কেমেৰা কিয় লগায়?

উত্তৰ: আচলি ভগৱান নে ভগৱান বেশত আন কোনোবা তাকে ধৰা পেলাবলৈ।

৯/ ডা° পাৰ্থ সাৰথি ভূঞা: অসমীয়াত কয়, “আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল” আকৌ কয় বোলে “নাই মোমাইতকৈ কণা মোমায়ে ভাল”। পৰস্পৰবিৰোধী দুটা কথা কিয় ক’লে বাৰু?

উত্তৰ: বেলেগ বেলেগ মানুহে বেলেগ বেলেগ পৰিস্থিতিত প্ৰবচন দুটা সৃষ্টি কৰিছিল আকৌ। মানুহবোলা প্ৰাণীটোৰ কথাৰ সঁজাত নাই নহয়।

১০/ ৰাজশ্ৰী শৰ্মা: যদি ফটাঢোলৰ সকলো মানুহ এটা পৰিয়ালৰ দৰে একেটা বিল্ডিঙতে থাকিবলৈ লয়, তেতিয়া বজাৰ কৰাৰ দায়িত্ব কোনে কোনে ল’ব আৰু কোনে আটাইতকৈ বেছি গালি খাব?

উত্তৰ: বজাৰ কৰাৰ দ্বায়িত্ব জি এচ টি চাৰৰ হ’বই। গালিৰ কথা সোধাৰ দৰকাৰেই নাই৷ বিজয় মহন্ত কেতিয়া, কি কামত আহিব?

১১/ দিপাঞ্জলি দাস: শিক্ষয়ত্ৰীসকলক যে বাইদেউ বুলি মাতিব পাৰি শিক্ষকসকলক দাদা বুলি কিয় মাতিব নোৱাৰি?

উত্তৰ: দাদা মানে লোকেল দাদাও বুজাব পাৰে নহয়, বা দাদ্দাও বুজাব পাৰে। বাইদেউত সেইবোৰ পয়মাল নাই।

১২/ জয়ন্ত শৰ্মা: ছোৱালীবিলাকে তোমাক নাপালে মই মৰি যাম বুলি কৈ পেটে পেটে বোলে তোমাতকৈ ভাল পালে এৰি যাম বুলি ভাবি থাকে। এইটো সঁচা নে অপবাদ?

উত্তৰ: ফটহুৰ অভিজ্ঞতা মতে এইটো অপবাদ, কিন্তু ফটহুৱে বিচাৰে কথাটো সঁচা হওক।

১৩/ মিতালী চহৰীয়া: মাত্ৰ এটা সুযোগ ল’ব পাৰিব৷ আপুনি কোনটো ল’ব আৰু কিয় ল’ব?

(ক) দহ বছৰ বয়স কমোৱা।

(খ) এক কোটি টকা।

উত্তৰ: বয়স কমোৱাটো আকৌ। ফটহুৰ যদি কোনোবাই দহ বছৰ বয়স কমাই দিয়ে, তেন্তে ফটহুৱে এতিয়াই বিয়া পাতি এক কোটি টকাৰ যৌতুক ঘটিব পাৰে।

১৪/ কৌশিক দাস: ফটা-ঢোলৰ মাজৰ পৰা এটা সম্পূৰ্ণ নিউজ চেনেল গঠন কৰিব পৰা যায় নেকি ফটহু ডাঙৰীয়া?

উত্তৰ: পাৰি, মানে আচলতে কৰিবই লাগে। আজিৰ নিউজ চেনেলবিলাকে উৰাবাতৰিবোৰ ভালকৈ প্ৰচাৰ কৰিব জনা নাই, ফটা-ঢোলক দেখি তেওঁলোকেও শিকিব, ভাল হ’ব।

১৫/ তবিবৰ ৰহমান: ফটহুকাই, মোৰ বয়স বাঢ়ি থাকে। বয়স বঢ়াবৰ মন নাই। বয়স বাঢ়িব নোৱাৰাৰ কিটিপ দুটামান দিবচোন।

উত্তৰ: ১) ফেচবুকৰ টাইমলাইনৰপৰা ডে’ট অৱ বাৰ্থটো লুকুৱাই ৰাখক। মানে ‘অনলি মি’ কৰি ৰাখক।

২) বিহাৰ বৰ্ডৰপৰা ডুপ্লিকেট মেট্ৰিকৰ চাৰ্টিফিকেট উলিয়াওক৷

৩) একেটা জন্মদিনকে ৰিপীট কৰি কৰি দহ বছৰ মান পাতি থাকক৷

৪) বিউটি প্লাচ ব্যৱহাৰ নকৰাকে যাতে আপোনাৰ কোনো ফটো পাব্লিক ডমেইনত যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখক৷

৫) একেবাৰে নতুন চ’চিয়েল মেডিয়া এপবোৰ ডাওনলোড কৰি তাতে ২৪ ঘণ্টা মূৰ গুজি থাকক।

৬) আৰু লাগিবনে এইকেইটাই হব?

১৬/ ৰাজীৱ শৰ্মা: ফটহুকাই, সকলোৱে নাৰীক অবলা বুলি কয়। আপোনাক যদি কোৱা হয় পুৰুষৰ গাত থকা এনে এটা গুণ নাৰীক দিয়ক যাৰ দ্বাৰা নাৰী আৰু কোনোকালেই অবলা হৈ নাথাকিব৷ কোনটো দিব?

উত্তৰ: পুৰুষে কেতিয়াও নিজকে অবলা বুলি নেভাৱে বা নকয়। নাৰীসকলে সেইটো গুণ ল’লেই হ’ল। যিদিনাৰ পৰা নাৰীসকলে নিজৰ অধিকাৰ আৰু ক্ষমতাৰ বিষয়ে আত্মবিশ্বাসেৰে জানিব আৰু ক’ব পাৰিব, সেইদিনা কোনো নাৰী অবলা হৈ নেথাকে। বাই দা ৱে, বিবাহিত পুৰুষ সকলে জানে নাৰী কিমান অবলা! নে কি কয়?

১৭/ চুইটলেনা দাস: বিয়াবোৰত দৰাই লোৱা ৰুমালখন কেৱল বগা ৰঙৰ কিয় হয়? বেলেগ বেলেগ ৰঙৰোতো হ’ব পাৰে, কিয় নহ’ল ?

উত্তৰ: বগা ৰং শান্তিৰ প্ৰতীক নহয় জানো। মানে ৰভাতল সোমাওঁতেই সেইজনাই পৰাজয় স্বীকাৰ কৰি শান্তিৰ প্ৰস্তাৱ লৈ হে সোমায়। কইনাইয়ো তাকে বুজি ৰাজত্ব আৰম্ভ কৰি দিয়ে লগে লগেই।

১৮/ জৱাহৰ চাংকাকতি: দেহ বিচাৰ গীত বুলিলে কি বুজা যায়? নিশ্চয়কৈ আধ্যাত্মিকতাৰে দেহ বিচাৰ কৰা…. কিন্তু প্ৰকৃতাৰ্থত লক্ষ্য কৰিলে দেখিব যে এই গীতসমূহ গোৱাৰ সময়ত শিল্পীসকলৰ দেহৰ শিৰৰ পৰা কামি হাড়লৈকে জিলিকে যাক প্ৰায়ে গন্তিও কৰিব পৰা যায়! মোৰ বোধেৰে সেয়ে ইয়াক দেহ বিচাৰ গীত বোলে…দেহত বিচাৰ কৰিব পৰা গীতেই হ’ল দেহ বিচাৰ৷ এই বিষয়ত আপুনি কি ক’ব ফটহু কাই?

উত্তৰ: অসমৰ সাম্প্ৰতিক পৰিস্থিতিত লোক সংগীতৰ চৰ্চা কৰি থকা লোকসকলৰ অৱস্থা দেখিলে আপোনাৰ কথাই শুদ্ধ যেন লাগে।

১৯/ বিজু বুঢ়াগোহাঁই: টেবুলৰ তলেৰে পইছা লোৱা মানুহবোৰ পেটুৱা কিয় হয় বাৰু ?

উত্তৰ: পেটটোৰ তলতে বহুত খিনি বয় বস্তু লুকুৱাব পাৰি যে৷

২০/ দিম্পল কলিতা: গৰুৱে যদি কথা ক’ব পাৰিলে হয়, মানুহক সদায় কি প্ৰশ্ন কৰি আমনি দিলে হয়?

উত্তৰ: প্ৰশ্ন নহয়, সদায় ডাউন দি থাকিলেহেঁতেন। বোলে ধুৰ বুৰ্বক মানুহ, তহঁতক কিমানবোৰ বস্তু খাবলৈ লাগে? শ্বেতসাৰ, প্ৰটিন ভিটামিন, ফেটচ, ভিজিটেবলচ, ফ্ৰুটছ, লোকেল মাছ-মাংস, বিশুদ্ধ খোৱাপানী। আমাক চা, অমি অকল ঘাঁহেই খাওঁ আৰু তাৰপৰাই আমি তহঁততকৈ বেছি স্বাস্থ্যবান হোৱাৰ উপৰিও তহঁতক লগা আটাইতকৈ পুষ্টিকৰ বস্তু- ‘গাখীৰো’ প্ৰডিউচ কৰোঁ। ধিক্কাৰ ধিক্কাৰ!!

২১/ ঋতন বৰুৱা: ফটহুকাই জন্ম লগ্নৰেপৰা ফটা-ঢোলৰ লগত জড়িত হৈ আছা। ফটা-ঢোলৰ প্ৰতি তোমাৰ অনুভৱ আৰু ভৱিষ্যত সম্পৰ্কে কি ক’বা?

উত্তৰ: উত্তৰ দিম বাৰু? হেৰি নহয় কেনেবাকৈ আপুনি টি ভি সাংবাদিক নেকি বাৰু? মানে ‘অনুভৱ’ জানিবলৈ বিচৰাৰ কাৰণেহে সুধিলোঁ। ফটা-ঢোলৰ প্ৰতি মোৰ অনুভৱ- “ভাল”, আৰু ফটা-ঢোলৰ ভৱিষ্যত- “আৰু বেছি ভাল”৷

২২/ মিৰাজুল ৰচিদ: ফটহুকাই, পুৰণা দিনত আমিবোৰে ঘৰৰ ডাঙৰসকলক লগ পালে ভৰি চুই আশীৰ্বাদ লৈছিলোঁ, লাহে লাহে কঁকালটো অকণমান ভাঁজ লগাই ভৰিৰ পৰা আঁঠু চুই আশীৰ্বাদ লোৱা ৰীতিৰ আৰম্ভণি হ’ল আৰু এতিয়াৰ স্মাৰ্ট আধুনিক সময়ত হাতৰ আঙুলি কেইটা লৰাইহে “হেই আইতা”, “বাই বাই ককা” কোৱাৰ নিয়ম হৈছে। আপুনি বয়সস্থ হিচাপে কি ক’ব এই বিষয়ত?

উত্তৰ: বয়সত ধৰা প্ৰশ্নৰ উত্তৰ মই সাধাৰণতে নিদিওঁ। তথাপি কৈছোঁ বাৰু, আজিকালিৰ আধুনিক ককা আইতায়ো তেনেকে মাতিলে যদি ভাল পায়, আমিনো কিবা ক’বলৈ কোন?

২৩/ ভাস্কৰ জ্যোতি দাস: “মই সদায়েই শুদ্ধ” ইয়াৰ সমাৰ্থক শব্দ কি?

উত্তৰ: মোৰ নাম “ডোনল্ড ট্ৰাম্প”

২৪/ বৰ্ষা মাইনী: পি.কে. চিনেমাখনৰ দৰে আমাৰ গোলাটো যদি হাতত ধৰিলেই মনটো পঢ়িব পৰিলে হয়,

আপুনি হেণ্ডচেক কৰিলে হয় নে?

উত্তৰ: ভুলতো নকৰিলোঁহেঁতেন! এইবোৰ খাল খানি ঘৰিয়াল চপোৱাৰ অভ্যাস মোৰ নাই।

২৫/ ধনজিৎ বৰুৱা: দেৱতাৰ দৰ্জী কোন? যিয়ে দেৱী দূৰ্গাৰ দহখন হাতৰ ব্লাউজ খেলিমেলি নোহোৱাকৈ চিলোৱাৰ দায়িত্ব লৈছিল?

উত্তৰ: নেজানো দেউ, মণীষ মালহোত্ৰাৰে কোনোবা পূৰ্বপুৰুষ হ’ব।

২৬/ কংকন বৰা: ফটা-ঢোল যদি এটা পৰিয়াল হয়, আৰু ইয়াত হেমন্ত কাকতি যদি পিতৃ স্বৰূপ হয়, তেনেহ’লে মাতৃ কোন হ’ব?

উত্তৰ: সেইটো উত্তৰ নিদিবলৈ মোক বধ শপত দিয়া আছে। গতিকে বেয়া নেপাব।

২৭/ নিলাক্ষী দেৱী ডেকা: বিশ্বকৰ্মা বোলে বিশ্বব্ৰহ্মাণ্ডৰ সকলোতকৈ উত্তম ইঞ্জিনীয়াৰ। তেখেত ইমানেই যদি পাকৈত তেন্তে নিজৰ কাৰণে ভাল বাহন এখন নিৰ্মাণ কৰি উলিয়াব নোৱাৰিলে কিয়? অনবৰতে দেখোন হাতীৰ পিঠিতেই উঠি ঘূৰি ফুৰে?

উত্তৰ: দেখাতহে হাতী, সেইটো আচলতে সাংঘাটিক বাহন এখন। তাত নথকা ফেচিলিটি নায়েই, অট’ পাইলট, জিপিএচ, অটোমেটিক নেভিগেচন, থেফ্ট প্ৰটেকচন আদি থকাৰ উপৰিও বাবাৰ হাতীৰূপী বাহনখনতকৈ বেগী বাহন ওলোৱাই নাই। নহ’লেনো এই অসমখনতে একেদিনাই উনচল্লিশ হেজাৰ সাতশ একৈশখন পূজালৈ যাব পাৰেনে? হাতীৰ ৰূপটো এনেই দেৱতা দেৱতা ফিলিংচটোৰ বাবে ৰাখিছে আকৌ।

২৮/ ছয়নিকা বৈশ্য: ফটহুকাই মন্ত্ৰীবোৰে বাৰু এনেকুৱা কি বস্তু খায় যে তেওঁলোকে ইলেকচনৰ আগত কোৱা কথাবোৰ ইলেকচন জিকিলে পাহৰি যায়?

উত্তৰ: ৰাইজে খোৱাবোৰকে খায়, ৰাইজেওচোন পিছৰবাৰ নিৰ্বাচনত আগৰ সকলো প্ৰৱঞ্চনা পাহৰি আকৌ তেওঁলোককে ভোট দিয়ে।

☆★☆★☆

19 Comments

  • অনুৰূপ মহন্ত

    বৰ সুন্দৰ কৈ উত্তৰ দিলে ফটহু কাই, বঢ়িয়া

    Reply
  • Partha sarathi bhuyan

    হা হা, সুন্দৰ, ফটা ঢোলৰ মাতৃৰ নামটো পিছে জনাব লাগিছিল দেই, ফটহু কাই

    Reply
    • হেমন্ত কাকতি

      সেইটো চিক্ৰেট খোল খালে অনৰ্থ হব ঐ

      Reply
  • Rajib Sarma

    প্ৰশ্ন চাই উত্তৰ বঢ়িয়া হৈছে।বাকী থাকিল বিবাহিত নাৰী সবলা নে অবলা।ৰ’ব, মানুহজনীক সুধি আহি লিখিম।

    Reply
  • বঢ়িয়া ফটহু কাই

    Reply
  • ফটহু কাই মোক যি কেইটা কিটিপ দিলে সেয়াই হৈছে আৰু নালাগে দিয়ক। সকলোবোৰ প্ৰশ্নৰ উত্তৰ ৰসাল হৈছে। ধন্যবাদ ফটহু কাই।

    Reply
  • Raju Kumar Nath

    মজা উত্তৰ দিলা ফটহুকাই।

    Reply
  • Sweet lena Das

    কৃষ্ণ উত্তৰ তো পাই গলো ইয়াহু????

    Reply
  • মিতু

    উত্তৰ সমূহ ধুনীয়া হৈছে।

    Reply
  • Anonymous

    ফটহুকাইৰ উত্তৰকেইটা কিন্তু মজা হৈছে!

    Reply
  • Suntu

    Fantastic

    Reply
  • Manash Saikia

    এনেই সুধিছোঁ-
    ফটহুকাই কোনখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল?ইমান সুন্দৰকৈ নিয়াৰিকৈ উত্তৰ দিয়ে৷
    লাভ য়ু৷

    Reply
  • Mridula

    মজ্জা দিছে দেই । ঝাকাচ ।

    Reply
  • সৌৰভ শৰ্মা

    ১০নংপ্ৰশ্নৰ উত্তৰে মন গাৰ্ডেন গাৰ্ডেন কৰি দিলে। বাকী উত্তৰ সমুহো পঢ়ি ভাল লাগিল।???????????????????????

    Reply
  • সদানন্দ ভূঞা

    সুন্দৰ প্ৰশ্নৰ সুন্দৰ উত্তৰ ফটহু কাই ।

    Reply
  • Anonymous

    লং লিভ ফটহু কাই ৷

    Reply
  • খনিন্দ্ৰ

    তামাম তামাম…

    Reply
  • ভনিমা তালুকদাৰ

    ইমান ৰসাল উত্তৰবোৰ কত পাই হে..

    Reply
  • অবি

    সুন্দৰ উত্তৰ

    Reply

Leave a Reply to অনুৰূপ মহন্ত Cancel reply

Your email address will not be published. Required fields are marked *