ফটাঢোল

দুৰৱস্থাৰ হেতু – হেমন্ত কাকতি

দুদিনমানৰ পৰা মানুহজন খুব চিন্তিত৷ চল্লিশোৰ্দ্ধৰ ব্যক্তি অভিনৱ সদায় হাঁহি মাতি থকা ফূৰ্তিবাজ মানুহ। তেওঁৰ হঠাৎ এই পৰিৱৰ্তন প্ৰথমে ধৰা পৰিল অফিচৰ পিয়ন নৰেনৰ চকুত৷ ৰাতিপুৱা অফিচলৈ আহিয়েই অফিচৰ সন্মুখত কমচে কম দহ পোন্ধৰ মিনিটমান আড্ডা নমৰাকৈ তেওঁ টেবুলত নবহেই, তাৰপিছতেই চাহৰ তাগিদা দিয়ে নৰেনক৷ অলপ পিছত অফিচৰ কম্পিউটাৰটো নৰেনেই অন কৰি দিয়ে৷ আজি কিন্তু তেওঁ আড্ডাও মৰা নাই, চাহৰ তাগিদাও দিয়া নাই৷ অফিচলৈ সোমাওঁতেই মোবাইলটোত কাৰোবাৰ সৈতে দীঘলীয়া কথা বাৰ্তা পাতি পাতি সোমাইছে৷ অলপ পিছতে ফোনটো হাতত লৈ অফিচতে দুবাৰমান পায়চাৰি কৰি আকৌ বাহিৰলৈ ওলাই গৈছে৷ কোনো কামকাজতেই যেন মনোযোগ দিব পৰা নাই৷

এতিয়া অলপ ফ্লেচবেক…..

আজিকালিৰ যুগৰ প্ৰায়ভাগ লোকৰ দৰে তেওঁৰো ফেচবুক একাউণ্ট এটা আছে৷ ঘৈণীয়েককো ফেচবুক একাউণ্ট এটা খুলি দিছে যদিও তেওঁৰ এইবোৰত খুব এটা ৰাপ নাই, দুই এখন ফটো আপলোড কৰিয়েই সন্তুষ্ট থাকে৷ বৰ্মনৰ ‘বন্ধু’ৰ সংখ্যা পাঁচ হেজাৰৰ নিৰ্দিষ্ট সীমা কাহানিবাই অতিক্ৰম কৰিলে৷ গতিকে আজিকালি অধিক সংখ্যক লোকেই ‘ফলৌৱাৰ’ হিচাপেহে ৰৈছেগৈ৷ অফিচত কামকাজ কিবা হওঁক-নহওঁক কিন্তু তেওঁৰ ‘কামকাজ’ তীব্ৰ গতিত চলে ৷ নৰেন পিয়নে প্ৰথমে এইবোৰৰ আওভাও বুজা নাছিল যদিও বৰ্মনে নিজেই তাকো এটা একাউণ্ট খুলি দিছে তেওঁৰ আপডেট লাইক মাৰিবলৈ ৷ অফিচটোৰ প্ৰায় সকলোকে মেৰিয়াই লৈছে এই ফেচবুক জালত ৷ বিভাগটোত থকা প্ৰায় ৩২ জন কৰ্মচাৰীৰ ৩১ জনেই তেওঁৰ ‘ফ্ৰেণ্ড’ ৷ একমাত্ৰ চুপাৰইনটেণ্ডেণ্ট মাধৱ তালুকদাৰ ছাৰক ব্লক কৰি থৈছে। অফিচটোৰ প্ৰায়ভাগৰে ব্লকলিষ্টত আছে মাধৱ তালুকদাৰ ৷

অভিনৱ বৰ্মনৰ জনপ্ৰিয়তাৰ অন্যতম কাৰণ হৈছে তেওঁৰ এই ফেচবুক একাউণ্টটো ৷ আজি প্ৰায় তিনিবছৰ ধৰি অতি কষ্টেৰে তেওঁ সাজি উলিয়াইছে এই মায়াজাল ৷ নিজৰ অফিচৰ কামৰ বাহিৰে মহৎ লোকৰ বাণীৰ পৰা সাহিত্য, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি সকলোতে তেওঁৰ অগাধ ব্যুৎপত্তি ৷ ৰাতিপুৱাই “গুড মৰ্ণিং” ৰ লগতে দিয়া মহৎ লোকৰ বাণী সংযুক্ত আপডেটেৰে আৰম্ভ হয় তেওঁৰ দিনটো ৷ ঠিক এঘাৰ মান বজাত এটা কবিতা বা ‘জোক’ আহে ৷ এইখিনি সময়ত অহা সকলো বিতৰ্কৰ ওপৰত তেওঁ কাঢ়া নজৰ ৰাখে ৷ সকলো সমসাময়িক ইছ্যুৰ ওপৰতে তেওঁৰ অবাধ দখল ও পাণ্ডিত্য জাহিৰ কৰাত চেষ্টাৰ ত্ৰুটি কৰা দেখা নাযায় ৷ এই লৈ অফিচৰ প্ৰায়ভাগ কৰ্মচাৰীয়ে তেওঁক সমীহ কৰি চলে ৷ অৱশ্যে তেওঁৰ বেছিভাগ কবিতা, কৌতুক বা মৌলিক ৰচনা বুলি ওফাইদাং মাৰি দিয়া আপডেটবোৰ চুৰি কৰা বুলি
তেওঁৰেই অতি ঘনিষ্ঠ বুলি জনাজাত ঋষিকেশ ভাগৱতীয়ে গম পায় ৷ কিন্তু মানুহজনে মনত দুখ পোৱাৰ আশংকা কৰি ঋষিকেশে কোনোদিন এইবোৰ কথা বৰ্মনক জানিবলৈ দিয়া নাই ৷ মানুহজনে এইখন জগততে অলপ সুখৰ মুখ দেখিছে, দেখক ৷ এনেহেন ভাবধাৰা এটা লৈ সি সকলো আওকাণ কৰি থাকে ৷

ঋষিকেশেই তেওঁৰ মূৰত এটা পোক সুমুৱালে ৷ বৰ্মনে এদিন ফেচবুকতে এঠাইত ঋষিকেশৰ কমেণ্ট এটা পালে-

“বৰ্মন দা, আপুনি তামাম পপুলাৰ মানুহ ভাই, মই বিহু সংখ্যাত আলোচনী এখন উলিয়াব খুজিছোঁ। কিবা গল্প, কবিতা বা প্ৰবন্ধ এটা দিয়ক আকৌ৷ কমিটিৰ মানুহৰ লগত কথা পাতি আছোঁ, মুকলি বিহুত মুখ্য অতিথি হিচাপে আহিব নেকি মাতিলে?”

এইটো ধেমালিতে দিয়া কমেণ্ট আছিল যদিও বৰ্মনৰ মুৰত ই বাৰুকৈয়ে প্ৰতিক্ৰিয়া কৰা আৰম্ভ কৰি দিছিল ৷ তেওঁ কল্পনাৰ সাগৰত উটি ভাঁহি যাবলৈ আৰম্ভ কৰি দিছিল ৷ সাহিত্যিক হোৱাৰ সপোন এটা শেহতীয়াকৈ গোপনে মনত পুহি ৰাখিছিল যদিও এই দিনটো যে ইমান সোনকালেই আহি তেওঁৰ দুৱাৰ ডলিত উপস্থিত হ’ব সেইটো কল্পনাৰো অগোচৰ আছিল ৷ এই পোকটোৱে তেওঁক কামোৰা আৰম্ভ কৰি দিলে ৷ ফেচবুকত ৰাজনীতি বিষয়ক কোনো আপডেট বৰ্মনৰ শেনচকুৰপৰা সাৰি যাব পৰা নাই ৷ কেজৰিৱাল, মোডী, ৰাহুল গান্ধীয়ে হওঁক বা অসমৰ ঘৰুৱা ৰাজনীতিৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডোনাল্ড ট্ৰাম্প চাহাবৰ ইলেকচনত জিকা বিষয়ে হওঁক, বৰ্মনৰ এক্সপাৰ্ট কমেণ্ট এটা থাকিবই ৷ মাজে মাজে তেওঁ নিজকে ডাঙৰ বুদ্ধিজীৱিতকৈ কোনো গুণে কম বুলি নেভাবে ৷ পিছে আজিলৈ এটাও গল্প-কবিতা তেওঁ নিজে লিখি পোৱা নাই ৷ গুগুল বাবা তেওঁৰ পৰম বন্ধু ৷ ফেচবুক পেজখনৰ লগতে গুগুল উইণ্ডখন অনবৰতে খোলা থাকেই ৷

বৰ্মনে কথা বেছি দেৰি পেটত ৰাখি থ’ব নোৱাৰে ৷ গতিকে পোনচাটেই ফেচবুকত বন্ধুবৰ্গলৈ আপডেট এটা এৰি দিলে!

“মৰমৰ বন্ধু-বান্ধৱীসকল, অহা বহাগ বিহু সংখ্যাত বহুকেইখন মেগাজিনৰ সম্পাদকে ইতিমধ্যে ফোন কৰিলেই আৰ্টিক’ল বিচাৰি, অলপ ব্যস্ত থাকিম, গতিকে ফেচবুকত সময় দিবলৈ টান হ’ব ৷ কিবা কিবি লিখাত ব্যস্ত থাকিম, আশীৰ্বাদ কৰিব ৷”

এই আপডেটটোৱে প্ৰায় এক হাজাৰ লাইক হিট কৰিলে আৰু পাঁচশ-ছয়শ উদগনিমূলক কমেণ্টে বৰ্মনক টানি লৈ গ’ল কল্পনাৰ ৰাজ্যলৈ ৷ তেওঁ উটি-ভাহি গ’ল সেইখন সভালৈ য’ত প্ৰায় শতাধিক লোকৰ উপস্থিতিত তেওঁক মাল্যৰ্পণ কৰি মুখ্য অতিথিৰূপে সভাকক্ষলৈ আগবঢ়াই নিছে ঢুলীয়া খুলীয়াই ৷ মুগাৰ মেখেলা চাদৰ পৰিহিত গাভৰু জাকে এমোকোৰা লাজ লাজ হাঁহিৰে তেওঁলৈ চাই ৰৈ আছে মঞ্চত সমবেত সংগীত পৰিবেশন কৰিবলৈ ৷ তেওঁ আসন গ্ৰহণ কৰিলেই কোৰাচ আৰম্ভ হব ৷

সন্মুখত অগণন জনতা ৷ মেলে-মিটিঙে কথা কোৱাৰ তেনে অভ্যাস নাই যদিও ভাষণটো তেওঁ লিখি লৈ যাব ৷ অসমীয়াৰ জাতীয় উৎসৱ বিহুটো যে পশ্চিমীয়া অপসংস্কৃতিৰ কৰাল গ্ৰাসত পৰি ধ্বংস হওঁ হওঁ, যুৱ মানসিকতাৰ স্খলন আদি বহু কথাৰ পুৰণি আৰ্টিক’ল তেওঁ নেটৰ পৰা দুই এটাকে গোটোৱা আৰম্ভ কৰিব ৷

হঠাৎ তেওঁৰ মনত পৰিল, আৰে আলোচনীৰ বাবে লেখাটোৱে ৰেডী নাইচোন ! প্ৰৱন্ধ, গল্প, কবিতা যিয়েই হওঁক, কিবা এটা দিবই লাগিব ৷ এপাকত ভাবিলে নিজেই কিবা এটা লিখো নেকি? কিন্তু কি লিখিব? কোনো গল্পৰ প্লটেই মনলৈ নাহিল ৷ স্কুলত থাকোতে ইনলেণ্ড লেটাৰত প্ৰেমিকালৈ লিখা দুই এখন চিঠিৰ বাহিৰে একো কথাই নিজৰ মনৰ ভাৱ ব্যক্ত কৰি আজিলৈকে লিখিয়েই নাপালেচোন ৷

“বিহু অসমীয়াৰ জাতীয় উৎসৱ… ……” লাইনটো লিখি প্ৰায় এঘণ্টা সময় নষ্ট কৰি শেষত উপায়ন্তৰ হৈ সিদ্ধান্তটো লৈ পেলালে ৷ আচলতে লোকৰ লিখা চুৰ কৰি কৰি তেখেতৰ সাৰুৱা হৈ থকা জেগাখিনিও ব্লক হৈ গৈছিল ৷ গতিকে সিদ্ধান্ত লৈ লোৱা হ’ল যে এই আৰ্টিক’লটোও চুৰেই কৰিব ৷ প্ৰথম আৰু শেষৰ লাইন কেইটামান বাক্য অলপ ইফাল-সিফাল কৰিলেই হৈ যাব ৷ ৰাজনীতিৰ ওপৰত সম্যক জ্ঞানেৰে ফেচবুকত আপডেট দিয়া আৰু গল্প, কবিতা অথবা প্ৰবন্ধ লিখাৰ মাজত যে আকাশ-পাতাল তফাৎ সেয়া উপলব্ধি কৰিবলৈ বেছি সময়ৰ প্ৰয়োজন নহ’ল৷

অৱশেষত বিদেশী কাহিনী (ইয়াত ৰিস্ক কম) এটাকে দিম বুলি ভাবি কম্পিউটাৰত বিচৰা পৰ্বটো আৰম্ভ হ’ল ৷ কিন্তু সমস্যাটো আছিল গল্পটো যিহেতু অসমীয়াত দিব লাগিব গতিকে বিদেশী গল্পৰ অসমীয়া ৰূপান্তৰ ক’ত পাব? নতুন গল্প এটাক অসমীয়ালৈ অনুবাদ কৰিব পৰাটোও দুঃসাধ্য কাম ৷ গতিকে গুগুলত “Assamese story” বুলি টাইপ কৰি চালে ৷ প্ৰায় পাঁচ চেকেণ্ডৰ অন্তত প্ৰায় বাৰ তেৰটা মান গল্প স্ক্ৰীণত ভাহি উঠিল৷ এঘণ্টামানৰ ভিতৰত এটা গল্প তেওঁৰ পছন্দ হ’ল আৰু নিজৰ ৱৰ্ড পেজত কপি পেষ্ট হৈ গ’ল ৷ লিখকৰ নাম নোহোৱা গল্পটো পাই মনটো বৰ ভাল লাগিল ৷ হয়টো কাৰোবাৰ গল্প কোনোবাই ব্লগ ছাইটত উঠাই দিছে পঢ়িবলৈ ৷ কাহিনীটো যথেষ্ট ৰোমাঞ্চকৰ যেন লাগিল ৷ লাইনবোৰ অলপ ইফাল-সিফাল কৰি বিহু সংখ্যাৰ বাবে গল্প ৰেডী হ’লত ঋষিকেশলৈ ফোন লগালে

“ভাই তোমাৰ মেগাজিনৰ বস্তু ৰেডী ৷ পিচে বিহুৰ লগত অলপ সম্বন্ধ নোহোৱা বস্তু এটাহে লিখি উলিয়ালো ৷ কেনেকুৱা বা হয়? কেতিয়া আৰু কেনেকে পঠিয়াম কোৱা?”

: বাহ্! লিখিলেই নেকি? মোৰ মেইলতে পঠাই দিয়ক আকৌ!

ঋষিকেশে সিফালৰ পৰা উত্তৰ দিলে ৷

বৰ্মনে আকৌ অলপ এডিট কৰি শেষ এবাৰ চকু ফুৰাই ই-মেইলত ঋষিকেশ ভাগৱতীলৈ লেখাটো পঠিয়াই এটা সন্তুষ্টিৰ হাঁহি মাৰিলে ৷

দুদিন আগৰ কথা। অভিনৱ বৰ্মনে ফেচবুক খুলি চাই দেখিলে যে তেওঁৰ ফ্ৰেণ্ডলিষ্টখনত থকা বন্ধুৰ সংখ্যা অভাৱনীয়ভাবে হ্ৰাস পাইছে ৷ নামী-দামী প্ৰায়ভাগেই তেওঁক আনফ্ৰেণ্ড কিম্বা ব্লক কৰি থৈছে ৷ আনকি তেওঁৰ ষ্টেটাচ আপডেটত সকলোতকৈ বেছি লাইক কমেণ্ট দিয়া ঋষিকেশেও “আনফ্রেণ্ড” কৰিলে ৷ কিবা এক অজান আশংকা লৈ ঋষিকেশৰ প্ৰফাইলটো বিচাৰি তাৰ ৱালত গৈ উপস্থিত হ’ল ৷ তাৰ লেটেষ্ট আপডেটটো পঢ়ি বৰ্মনৰ মূৰত সৰগ ভাঙি পৰিল ৷

“আমাৰ দেশত ইনটেলেকচুৱেল প্ৰ’পাৰ্টী ৰাইটচ্ বিষয়টো মানুহে বা চৰকাৰে বৰ বেছি পাত্তা নিদিয়ে বাবে লোকৰ গল্প, কবিতা আনকি সুৰ-সংগীতো চুৰি কৰাটো তেনেই সাধাৰণ কথা হৈ পৰিছে ৷ আমি এইবোৰ দেখি-শুনিও মনে মনে থাকো যদিও আজি মনে মনে থাকিব নোৱাৰিলো ৷ কাৰণ আমাৰ ফেচবুকৰ মহান বন্ধু অভিনৱ বৰ্মন ডাঙৰীয়াই মোৰেই “মিউনিক অলিম্পিক আৰু ইজৰাইলৰ প্ৰতিশোধ” নামৰ লিখনিটো মোৰ মেগাজিনলৈ নিজৰ নামত প্ৰেৰণ কৰিছে ………”

বৰ্মনে আৰু আগলৈ পঢ়াৰ শক্তি হেৰুৱাই পেলাইছিল ৷ আজি দুদিন ধৰি ভালকৈ শুব পৰা নাই ৷ হয়তো তেওঁৰ ফেচবুক কেৰিয়াৰৰ ডি এণ্ড হোৱাৰ সময় সমাগত বুলি ভাবিয়েই !

▄ ▄

18 Comments

  • Krishna Borah Phukon

    ইয়াকে কয় Intellectual wash মানে ধোৱন…বৰ দিলে দেই….!!!

    ভাল লাগিল পঢ়ি…

    Reply
  • Purabi Kotoky

    বাহঃ ভাল লগিল….
    হাস্য ব্যংগ ৰচনা যদিও খুউব সুন্দৰকৈ বাস্তবখিনিও উপস্হাপন কৰা হৈছে।

    Reply
  • সঞ্জীৱ

    এইটোক ৰামধোৱন বুলিবও পাৰি!ধুনীয়াকৈ জেগাত পৰিছে একদম।
    বৰ ভাল লাগিল পঢ়ি কাকতি দা।

    Reply
  • সাংঘাটিক। এনে সাহিত্যিকেৰে দেশখন ভৰি পৰিছে।

    Reply
  • অসমী গগৈ

    বৰ্তমানৰ এটা সমস্যাৰ বৰ সুন্দৰ উপস্হাপন। ভাল লাগিল।

    Reply
  • ৰিণ্টু

    হাই-ক্লাচ satire । খুব ভাল লাগিল দাদা

    Reply
  • গীতালি

    খুব ভাল পালো দাদা পঢ়ি। বৰ ষ্টাইলত ধুইছে। পাৰ্টি খোৱাব লাগিব দেই

    Reply
  • দাদা সচাবোৰ

    Reply
  • Lipika

    সততে বেছি মন নকৰা বিষয় এটাৰ ওপৰত সুন্দৰ ব্যংগৰ আমেজ দিলে দাদা। ধন্যবাদ।

    Reply
  • ঋষিকেশ ভাগৱতী ও কম নহয় দেই !
    বৰ ভাল লাগিল গল্পটো দাদা।

    Reply
  • হিৰণ্যজ্যোতি দাস

    ধুনীয়া লিখিছে ৷ বাস্তব ঘটনা নেকি ?

    Reply
  • মৃদুল শৰ্মা

    ভাগৱতীয়ে কিন্তু মিউনিক আধৰুৱা কৰি বৰ বেয়া কাম কৰিছে । যি দেখিছো বৰ্মনকে কব লাগিব।

    Reply
  • সময়োপযোগী সুন্দৰ ব্যংগ ৰচনা।
    বাস্তৱক বৰ ৰস লগাই ধুলে দাদা— ভাল লাগিল।

    Reply
  • Shyamal barman

    সুন্দৰ ।

    Reply
  • Manash saikia

    মিউনিক আধৰুৱা হ’ল।ভাগৱতীক কওকচোন ।গল্পটো ভাল লাগিল ।

    Reply
  • Deva k

    এ মজা…

    Reply
  • Kalpajit patar

    বৰ ভাল লাগিল দেই

    Reply
  • বিকাশ শইকীয়া

    ধোৱন টাইপ। চোৰ বোৰৰ পৰা উপাই নাই।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *