ফটাঢোল

প্ৰেমৰ বিলৈ – মেঘালী দিহিঙীয়া

আমাৰ এতিয়া প্ৰেম কৰাৰ দিন উকলিল ৷ বয়স হৈছে ৷ চেনি খোৱাৰ দিন চলি আছে বাৰু, সেইটো বেলেগ কথা ৷ প্ৰেমৰ এই আকালৰ দিনত আগৰ সেই ফটা কাহিনীবোৰ সুঁৱৰিবলৈকে কিবা ভাল লাগে দিয়কচোন, এই বয়সে ভাটি দিয়াৰ দিনতো গাটো কিবা ৰমৰমাই উঠে ৷ হওঁতে নফটা বুলিবলৈ এটাও নহ’ল, যিমানবাৰ প্ৰেমালো গোটেইকেইবাৰ ফটাই ওলাল ৷ তাৰে বহনিবিধ বৰ মৰমৰ, বুকুত এচপ’লিন সানি সাঁচি থৈছিলো আজি বোলো ৰাইজৰ লগতে ভগাই লওঁ ৷

তেতিয়া ক্লাছ এইটত ৷ সৰুতে মানে মই দেখিবলৈ বৰ বেয়া নাছিলোঁ, বিউটিএপ নথকাৰ দিনতো দেখোন ৰাস্তাই ঘাটে হাই ছুইটি, হাই বিউটিফুল এইবোৰ শুনিয়েই থাকো ৷ ২০০৩ নে ২০০৪ চনৰ কথা, পাহৰিছোঁ ৷ জুলাই মাহ, গৰমৰ বন্ধ ৷ ঘৰৰপৰা অলপ দূৰৈত হাইস্কুল এখনত কিবা গ্ৰীষ্মকালীন শিবিৰ পাতিলে, ইংৰাজী বিজ্ঞান আৰু গণিতৰ পাঠদান হ’ব ৷ দুপৰীয়া দুপৰীয়া বাৰীয়ে পুখুৰীপাৰে টলৌ টলৌকৈ ঘূৰি ফুৰো বন্ধৰ দিন পাই ৷ হাতত নলুৱা কটাৰী এখন থাকেই তাকে লৈ গছ বনবোৰো ঘপিয়াই ফুৰোঁ ৷ মায়ে এদিন চুলিজোকোৰা দুটামান দি ক’লে বোলে এনেই এনেই দিনবোৰ পাৰ কৰাতকৈ দুপৰীয়া কিবা অকণ পঢ়ি আহিবি যা ৷ গ’লোঁ ৷ নহ’লে গৰুপিতন খোৱাৰ ভয় ৷ দুদিনমান ক্লাছ কৰি বেয়া নালাগিল, নতুন ল’ৰা ছোৱালী অলপো লগ পালোঁ, ছাৰকেইজনে পঢ়ায়ো বৰ ধুনীয়াকৈ ৷ দুদিনমান পাছত মন কৰিলোঁ লাষ্টৰ বেঞ্চত বহা হেনচু বয় এটাই দেখোন বৰকৈ চাই থাকে এইফালে, কাষত বহাকেইটাই ফিচিঙা ফিচিঙি কৰি কিবাকিবি জোকাই থাকে ৷ বেয়া নালাগিলচোন, ক্লাছটোৰ ভিতৰতে আটাইতকৈ হেনচু সেইপিচেই আছিল ৷ সেই ক্লাছ এইটতে জিমলৈ যোৱা ডেকাহেন থুলন্তৰ চেহেৰা ৷ অহুকাণে পহুকাণে শুনিলো দাদাই হেনো তেতিয়াৰ নৰ্থইষ্ট চেনেলত ৱুগী ৱুগী নে কিবা প্ৰগ্ৰেমবোৰত ডান্সো কৰেগৈ মাজে মাজে ৷ শুনি ভাল লাগিবৰ কথাই দিয়কচোন ৷ দিন বাগৰিল, চকুৰ চাৱনি দিনকদিনে বেছি তীব্ৰ হৈ আহিল ৷ মাজে মাজে হেনচু হাঁহি এটাও মাৰে চকুত চকু পৰিলে ৷ লগে লগে লগত বহা দুটামানৰ সুহুৰি দুটামান, সৰুকৈ উকি এটাও ৷ বাপ্পা ঐ, দেহা শিৰশিৰাই যায়চোন কিবা ৷ ম’ষ্ট হেনচু বয়টোৱে লাইন দিয়া দেখি চকুচৰহা দুজনীমানে টেলেকা টেলেক কৰে, বুকুখন এহাতমান ডাঠ হৈ আহে তেতিয়া ৷ ক্লাছত প্ৰশ্ন কৰিবলৈ দিয়ে, টপ্ কৈ কৰি দেখাওঁ ৷ দুদিনমানৰ মূৰে মূৰে পৰীক্ষা পাতি থাকে, সদায় ময়েই বেছি নম্বৰ পাওঁ ৷ দাদাই তেতিয়া মুখখনত এনেকুৱা এক্সপ্ৰেছন দিয়ে যেন পৰীক্ষাত সৰহ নম্বৰ মই নহয় তেৰাইহে পাইছে, লাগিলে নিজে আলুগুটিকে পাওক ৷ বেয়াও লাগে দেহি, মাজে মাজে নিজৰ নম্বৰটোকে গৈ দি থৈ আহিম যেন লাগে, ছাৰে প্ৰশ্ন এটা সুধিলে টপৰাই কওঁ, মুখখন মেলি ভেবা লাগি এনেকৈ চায় যে বুকুত তোলপাৰ লাগি যায় এনে লাগে যেন ইচ্ সোণাইক নেক্সট আনচাৰটো শিকাই থৈ আহো পত্ কৈ উঠি ক’ব পৰাকৈ ৷

দিনকদিনে প্ৰেম আৰু বেছি উথলিবলৈ ধৰিল ৷ গাৰ কাষেৰে পাৰ হৈ যাওঁতে ফিচিককৈ হাঁহি এটা মাৰি থৈ যায়, বুকু ভৰি যায় দেহি ৷ লগৰকেইটাক টো ক’বই নালাগে, কি উকি সিহঁতৰ ৷ মুখেৰে এদিনো মাতবোল নকৰাকৈয়ে জুলাই মাহৰ গৰম বঢ়াদি পেৰেমো বাঢ়িবলৈ লাগিল দোপতদোপে ৷

আৰু তাৰ পাছত এদিন…প্ৰচণ্ড বৰষুণ ৷ মায়ে বোলে আজি যাব নালাগে দে, বতৰ বৰ বেয়া ৷ মই বোলো নাই যামেই, বৰষুণ টো অলপ এৰক দহমিনিট দেৰি হ’লেও হ’ব নহ’লে পঢ়া বহুত খতি হয় এদিনতে ৷ মায়ে আইঅ’ মোৰ সৰুআইজনী বুলি টপককৈ চুমা এটা খালেহি, ইফালে কি জানে জীয়েকৰ এই গেলা ডাৱৰীয়াও ছাতি ধৰি চাইকেল চলাই ক্লাছলৈ যোৱাৰ কি উৎপাত লগাৰ গুৰিটো ক’ত ৷ গ’লোঁ ৷ লগত আৰু এজনী, ঘৰৰ ওচৰৰে ৷ দহমিনিট মান দেৰিয়েই হ’ল, পিছে ক্লাছ আৰম্ভ হোৱা নাই গোটেইজাক বাৰাণ্ডাতে ৰৈ বৰষুণ দিয়া চাই আছে ৷ গেটৰমুখতে চাইকেলখন লৈ ছাতি ধৰি দৌৰাদৌৰিকৈ সোমাই গ’লোঁ, পিঠিত মস্ত বেগটো ৷ সেইখিনি সময়তে ঘটিলেই নহয় অঘটনটো ৷ দৌৰাদৌৰিত চাবলৈকে নহ’ল গেটৰপৰা ক্লাচৰুমলৈ সোমাই যোৱা দীঘলীয়া পদূলিটো যে ৰঙামাটিৰে ভৰা আৰু বৰষুণ পৰি তেলহেন পিছল হৈ আছে ৷ ভৰিটো পিছলি বাগৰি পৰিলোঁ ৷ লগত যোৱাজনী আকৌ মোতকৈ এখোপ চৰা ৷ নিজেতো পিছলিলেই লগতে মোকো প্ৰচণ্ড খুণ্ডা এটা মাৰি মহতিয়াই লৈয়ে গ’ল আৰু দুয়োজনী একেলগে সেই বুঢ়ী আইৰ সাধুত থকা জাতিলাও টোৰ নিচিনাকৈ ৰঙামাটিৰ পদূলিৰে বাগৰি বাগৰি গৈ বাৰাণ্ডাত উঠিলোগৈ ৷ নীলা হালধিয়া ফুটফুটীয়া ফ্ৰকটোৰ লগতে মোৰ প’ণ্ডচ পাউদাৰ সানি যোৱা গালদুখন আৰু বেণী গুঁঠি যোৱা চুলিটাৰি বোকাৰে লুতুৰি পুতুৰি হৈ কোনজনী কোন চিন ধৰিব নোৱাৰা হ’ ল ৷ বাৰাণ্ডাত ৰৈ থকা লগৰজাকে যিকেইটা গিৰ্জনি মাৰা হাঁহি এৰিলে, ভৈয়াই ঐ আজিও মনত পৰিলে বুকু গিৰগিৰাই উঠে ৷ চকুচৰহা কেইজনীয়ে সেই চান্সতে বান্দৰী বুলি চিঞৰিবলৈ নেৰিলে ৷ ল’ৰামখাৰ কথাটো ক’বই নেলাগে, কাণতাল মাৰি যোৱাকৈ উকি দুটামান মাৰি এনেকুৱা জোকালে যে ফাঁট মেলা বসুমতী পাতালে লুকাওঁ হেন গতি হ’ল আমাৰ দুয়োজনীৰে ৷ আৰু বুকু ফাটি যোৱা কথাটো হ’ল সেই টেঁটুফলামখাৰ সবাতোকৈ আগত সেই হেনচু ডেকাই আছিল ৷ জহনীমৰাটো কটা ৷

হেনচুৱে বোকাসুন্দৰী মোক চিনি পায়েই জোকালে নে নাপায়েই জোকাই পালে সেই কথা আজিলৈকে নাজানিলোঁ পিছে লাজে অপমানে একো নাই হৈ সেই বোকাময় চেহেৰাৰেই কান্দি কাটি ছাতি নোলোৱাকৈয়ে ঘৰ পালোহি আৰু সেইদিনাই মোৰ প্ৰথম প্ৰেমৰ ফটা আখ্যানৰ অন্ত পৰিল ৷ হেনচুক ওচৰত পোৱাহ’লে পিতায়ে দুপৰীয়া বাৰী লুৰুকিবলৈ বুলি বনাই দিয়া নলুৱা কটাৰিখনেৰেই মুখত যোগ বিয়োগ পূৰণ হৰণ গোটেইকেইটা চিন আঁকিলোহেঁতেন যেন লাগি থাকিল ভালেদিনলৈকে ৷

তাৰপাছত দুদিন নোযোৱাকৈ থাকি কোনোমতে শেষৰ পৰীক্ষাটো দি থৈ আহিলোগৈ ৷ সকলোতকৈ বেছি নম্বৰ পাই পুৰস্কাৰ এটাও আনিলোঁ আৰু সেই দুদিনত হেনচুক এনেকুৱা জ্বলন্ত চাৱনি দিলো যে হেনচুৱে মিচিকি হাঁহি মাৰা দূৰৰ কথা, চকুৱে চকুৱে চাবলৈকে ভয় কৰা হ’ল ৷

বচ্, এয়াই স্কুলীয়া জীৱনৰ প্ৰথম ফটা প্ৰেম ৷ তাৰপাছত হেনচুক আৰু কোনোদিনে দেখাও নাই আৰু সহপাঠী বুলি কাৰোলৈ প্ৰেমেও উক দিয়া নাই ৷ বছৰেকত এবাৰমান হেনচুলৈ কিবা কাৰণত মনত পৰিলেই সেই বোকাৰে লুতুৰি পুতুৰি নিজৰ কিম্ভূত কিমাকাৰ ৰূপটো মনলৈ আহে আৰু লগে লগে এই ফটা প্ৰেমৰ গাঁথা পুনৰবাৰ চিৰালফটা দিয়ে ৷

■■

15 Comments

  • আৰে, প্ৰেম কৰিলে ইমানকণ লটিঘটি সহ্য কৰিব পাৰিবই লাগিব আকৌ। মজা লাগিল

    Reply
  • ভাল লাগিল পঢ়ি ।

    Reply
  • Moon

    Val lgl apunar fota prem

    Reply
  • ৱালিদা বৰা

    ভাল লাগিল

    Reply
  • অঞ্জলি

    আয়ৈ দেহি !

    Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল ৷

    Reply
  • Trishna

    Bhal lagil nijor school aru tuition dinbor monot pori gol..

    Reply
  • Ghanashyam Nath

    এনেকুৱা ফটা প্ৰেম ময়ো কৰি পাইছো |
    এটা দুটা কৰি কৰি বহুত টা!

    Reply
  • চকুপানী ওলাল অ মোৰ

    Reply
  • Rajib gogoi

    চেলফীৰ আৰৰ
    সত্য কাহিনী মানে এইটোহে আছিল । মনত এতিয়াও আশা আছে মানে হেনচৌয়ে কিজানি চেলফী দেখি চিনিব পাৰেই বা ………!

    Reply
  • Kalyan konwar

    বেচেৰী বুকা সুন্দৰী

    Reply
  • ৰিণ্টু

    প্ৰেমত ফুলিছে শতদল,
    প্ৰেমত ঘুৰিছে ভুমণ্ডল

    এইকণ কি কষ্ট।

    খুব ভাল লাগিল পঢ়ি

    Reply
  • বিজু গগৈ

    মজা লাগিলে৷

    Reply
  • ওমনাথ উপাধ্যায়

    বাপ্পা ঐ…

    Reply
  • AMAL PATHAK

    আপোনাৰ লিখনিবোৰে LAXMI NATH BEZBARUADEV লৈ মনত পেলাই দিয়ে ।আগুৱাই যাওক ।শুভেচ্ছা জনালো

    Reply

Leave a Reply to বিজু গগৈ Cancel reply

Your email address will not be published. Required fields are marked *