ফটাঢোল

ফটা-প্ৰশ্ন

১/ খাণ্ডিল্য নয়ন শইকীয়া: প্ৰশ্নত থকা ‘প’ সদায় লেবেল মাৰি ৰথ‌ত উঠি কিয় আহে ?
উত্তৰ: ৰথত উঠি ‘প’ ভায়াই প্ৰশ্ন পকাই যায়,
ফটহুৱে উত্তৰ বিছাৰি হাবাথুৰি খায়,
উত্তৰ বিছাৰি ঘূৰি ফুৰোঁতে চেণ্ডেল ক্ষয় গ’ল,
তথাপি কিন্তু ‘প’ ৰ লেবেল জিলিকিয়ে ৰ’ল!
সেই লেবেল আজিও মেইণ্টেইন কৰিছে বোলে।

২/ চুইট লেনা দাস: কোৱা হয় যে পুৰুষ জাতি ভোমোৰা জাতি, গোবৰৰ দমতো কটাই ৰাতি। এই কথাষাৰ কিমান দূৰ সঁচা?
উত্তৰ: একেবাৰে গোকাট মিছা, মিছাৰো মিছা আও মিছা, সঁচাৰ সৈতে এই কথাষাৰৰ দূৰ দূৰণিলৈকে কোনো ‘ৰিস্তা’ নাই। এইবোৰ বিপক্ষ ন্যস্তস্বাৰ্থজনিত, ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত অপপ্ৰচাৰ।

৩/ নীলাক্ষি কাকতি: দুদিনমান পত্নী মাকৰ ঘৰলৈ গ’লে পতিৰ যি বেচ্চেলৰ টাইপ ভাৱটো মনলৈ আহে পত্নী উভতি অহাৰ পিছত কেনে ভাৱ হয় বাৰু?
উত্তৰ: ধৰক, শৰতৰ কুঁৱলিভৰা জাৰ জাৰ লগা দিন এটা! পূৱালৈ ঠাণ্ডা অলপ বেছি পৰিছে, আপুনি কম্বলখন টানি লৈছে, কম্বলৰ উমৰ পৰাও বাহিৰৰ চেঁচা চেঁচা ভাৱটো অনুভৱ কৰিব পাৰিছে। তাতে সেইদিনা দেওবাৰো, লৰালৰিকৈ উঠিবলগা নাই। মৃদু টোপনিটোৱে আকৌ হেঁচি ধৰিছে। সৰুতে দেখিলে নিজলৈকে লাজ লগা সপোন এটায়ো লাহেকৈ ভূমুকি মাৰিবৰ যোগাৰ কৰিছে। তেনেতে কোনবাই আপোনাৰ গাত বিছনাতে এবাল্টি বৰফ চেঁচা পানী ঢালি দিলে, আফোনাৰ কেনেকুৱা লাগিব? বাকী নকও আৰু।

৪/ ৰিমঝিম বৰঠাকুৰ: সকলোৱে যে সুধি থাকে ফটাপ্ৰশ্ন, প্ৰশ্ন কেনেকৈ ফাটে? পকি নে, শুকাই নে মাটিত পৰি?
উত্তৰ: মাহৰ মাৰ দেখি তিলে বেত মেলাৰ দৰে, ফটাঢোলৰ গুমগুমনি শুনি প্ৰশ্নবোৰ নিজে নিজে ফাটে।

৫/ সৌৰভ শৰ্মা: ধৰক অকস্মাত এটা ঘটনা ঘটিল (ভাল/বেয়া) মহিলা সকলৰ চিৰচৰিত ডায়লগ
”এনে কিবা এটা হ’ব বুলি মোৰ মনটোৱে কৈয়ে আছিল।” মনটোৱে কোৱাখিনি ঘটনাটো হোৱাৰ আগত কিয় প্রকাশ নকৰে? ফটহুকাই কি কয়?
উত্তৰ: সৌৰভ শৰ্মাই এনেকুৱা এটা পাক লগা প্ৰশ্ন সুধিব বুলি মোৰ মনে বহুদিনৰ পৰা কৈয়ে আছিল। এটা কথা কওঁ, মহিলা সকলে “এনে(যিকোনো কথা) কিয় কৰে?” বুলি সোধা প্ৰশ্নটোৰ উত্তৰ আজিলৈকে কোনেও দিব পৰা নাই। অমুকায়ো চাৰেণ্ডাৰ কৰি থৈছে আগতেই।

৬/ অনুৰূপ মহন্ত: জেলেপীৰ যদি ইংৰাজীত নামাকৰণ কৰা হয়, তেনেহলে নামটো কি হ’ব বাৰু?
উত্তৰ: এইটো প্ৰশ্নৰ আগতে উত্তৰ দিয়া হ’ল।

৭/ ৰাজীৱ শৰ্মা: আজিকালিৰ দুৰ্গা পূজাত গোঁসানীতকৈও বেছি গুৰুত্ব পায় পেণ্ডেলে, ইয়াৰ কাৰণ কি হ’ব পাৰে? দুৰ্গাদেৱীয়েও আজিকালি ৰাজনীতিবিদৰ দৰে উদ্দেশ্যবিহীন জাকজমকতাকহে প্ৰাধান্য দিয়ে নে আন কিবা?
উত্তৰ: দুখৰ কথা। আজিকালি সকলোতে ভক্তিতকৈ সকলোতে জাক-জমকতা আৰু কিছুমান অহেতুক ৰীতি নীতিকহে প্ৰধান্য দিয়া হয়। দেৱ দেৱীয়ে আন্তৰিক ভক্তি বিছাৰে, বাহ্যিকতা নহয়। কিছুক্ষেত্ৰত কিছুমান কথা পৰম্পৰা বুলি মানি ল’লেও, এই বিষয়বোৰ চিন্তা কৰা প্ৰয়োজন।

৮/ চাও খুন শিৱ ডেকা: ফটহু কাই, “প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূমণ্ডল” হয় জানো, সকলোকে দেখোন পার্ক, মল, ৰেষ্টুৰেণ্টহে ঘূৰিফুৰা কিয় দেখো?
উত্তৰ: আজিকালি অসুবিধা বোৰ বাঢ়িল যে, শতদল ‌ফুলালে কোনোবাই বিজেপিৰ ভক্ত বুলি ব্ৰেণ্ডিং কৰি দিব পাৰে, আকৌ ভূমণ্ডল ঘূৰিবলৈও ভিজা পাছপৰ্ট নানান বেমেজালি। গতিকে প্ৰেমে নিজৰ পৰিসৰ কমাই আনি পাৰ্ক মলতে সীমাৱদ্ধ কৰিব লগা হৈছেগৈ।

৯/ জয়ন্ত শৰ্মা: ফটহু কাই আপুনি কি, কিয় বিখ্যাত নিজৰ ঢোলকে অকণমান বজাওক চোন।
উত্তৰ: সম্পাদনা সমিতি! হেৰি নহয়, কিবা শ্ৰেষ্ঠ প্ৰশ্ন, প্ৰশ্নকৰোঁতা, এনে কিবা পুৰষ্কাৰৰ ব্যৱস্থা নাই নেকি? এইটো প্ৰশ্নক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰশ্নৰ মৰ্যাদা দিয়া যাওক। বাকী মইনো নিজৰ বিষয়ে কি কম আৰু লাজেই লাগে দিয়কচোন। কেৱল সৰুকে এষাৰ কৈ থওঁ
“কভী কভী তো লগতা হেঁ, চালা আপুন হি ভগৱান হেঁ!”

১০/ ৰিণ্টুমণি দত্ত: ফটহু কাই, ফৰাচী চিনেমা এখন চাই আছিলোঁ। তলৰ চাব-টাইটেল পঢ়ি থাকিলে স্ক্ৰীণত কি হৈছে, সেইটো পাহৰি যাওঁ‌। চাব-টাইটেল নপঢ়িলে একো বুজিয়ে নাপাওঁ‌। এইটো কি প্ৰকাৰৰ বেমাৰ বাৰু? এলজেইমাৰ, মাল্টিপোল পাৰ্চনেলিটি দিচ-অৰ্ডাৰ নে অন্য কিবা বাৰ্দ্ধক্যজনিত ৰোগ?
ফটহু: গৰু বা আন কোনো খুৰা থকা জন্তুৰ ক্ষেত্ৰত এইবোৰক চবকাত পৰা বেমাৰৰ পূৰ্বলক্ষণ বুলিব পাৰি। মানুহৰ ক্ষেত্ৰত কি হয় নেজানো দেই।

১১/ গিতাৰ্থী গোস্বামী: মোৰ মনত পূজা বুলি বৰ ডাঙৰ প্ৰশ্ন এটাৰ উদ্ভৱ হৈছে – ‘পূজাত চেনি নিদিয়া জিলাপী ক’ত পায়?’
উত্তৰ: বৰ ডাঙৰ হ’ল নহয় প্ৰশ্নটো, ফটহুৱে ডাঙিবই পৰা নাই। অলপ সৰু এটা সোধক হে।

১২/ ভাস্কৰজ্যোতি শৰ্মা: গণেশক জীয়াই ৰাখিবলৈ ডিঙি কাটি আনি হাতী পোৱালীক মাৰিলে, সেই হাতী পোৱালীটোৰ কি দোষ আছিল?
উত্তৰ: হাতী পোৱালীটো মৃত আছিল বুলি কোনোৱে কয়। এনেয়ো মানুহৰ জীৱন ৰক্ষা কৰিবলৈ জীৱ জন্তু হত্যা কৰা দোষনীয় নহয় বুলি মানুহবিলাকেই নিয়ম এটা উলিয়াই লৈছে। তাতে গণপতি বাবা মানুহো নহয়, দেৱতা।
১৩/ হিতেশ বি বৰুৱা: ফটাহু কাই- ছোৱালীৰ যদি ল’ৰাৰ নিচিনাকৈ দাড়ি-গোঁফ থাকিলে হয়, তেনেহলে বাৰু কিবা অসুবিধা হ’ব পাৰে বুলি ভাবে নেকি?
উত্তৰ: হৌৰি, চুলিকেইডাল আৰু নখকেইটা থাকোঁতেই বিউটি পাৰ্লাৰৰ বিল বব নোৱাৰা হৈছোঁ, দাড়ি-গোঁফৰ কথা কৈ ভয় নুখুৱাব হে। কাৰ্লিং, ষ্ট্ৰেইটেনিং, হাইলাইটিং, পাফ কাট, ….. চিৰি বিস্তু! ভয়ৰ কথা!

১৪/ প্ৰদীপ বৰা: ফেচবুকৰ জনপ্ৰিয়তাই মানুহৰ কিতাপ পঢ়াৰ অভ্যাস কমাইছে নেকি?
উত্তৰ: আচলতে ইলেক্ট্ৰনিক মেডিয়া আৰু দৃশ্য শ্ৰাব্য মাধ্যম বিলাকৰ প্ৰসাৰেহে কিতাপ পঢ়াৰ অভ্যাস কমাইছে। ফেচবুকে বহু ক্ষেত্ৰত কিতাপৰ সৈতে পৰিচয় কৰাই দি মানুহক আকৰ্ষিতহে কৰিছে বুলিব পাৰি। আচলতে এইবোৰক দোষ দি লাভ নাই, যি পঢ়ি ভাল পাই, তাক কোনেও কিতাপৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে।

১৫/ দিপাংকৰ চৌধুৰী: ফটহু কাই, ফটাঢোলৰ মিটৰ আগে আগে মানুহবোৰ গোটত খুব এক্টিভ হৈ পৰে, কিন্তু মিট শেষ হোৱাৰ পিছতেই পাম্প যোৱা বেলুনটোৰ দৰে হৈ পৰে, চিন চাব নাইকিয়া হৈ যায় কিয়?
উত্তৰ: মীটত বেছিকৈ Meat খাই পেট বেয়া হোৱাৰ বাবে।

১৬/ বিউটি হালৈ: ফটহু কাই ঘৰত ভাত খালে কাঁহীত এবাৰত অনা ভাতখিনিৰেই পেট ভৰে কিন্তু হোটেলত ভাত খালে চেকেণ্ড চাৰ্ভিচৰ কিয় প্ৰয়োজন হয় বাৰু?
উত্তৰ: কিনা হাঁহৰ ঠোঁটলৈকে মঙহ বুলি কথা এষাৰ আছে, পেটত ঠাই থাকক নেথাকক, খৰছ খিনি উচল হওক বুলিয়ে অলপ টানি দিয়া হয়।

১৭/ ৰাজু কুমাৰ নাথঃ ফটহুকাই, প্ৰতি বছৰে দুৰ্গাদেৱী ধৰালৈ নাও, ঘোঁৰা, হাতী নাইবা দোলাত আহে। আজিৰ যুগত ভক্তসকলৰ ফালৰপৰা তেওঁক এৰোপ্লেন এখনৰ যোগাৰ কিয় কৰি দিয়া নাই?
উত্তৰ: জানো পাই আপুনি ক’ত দেখিলে। অমুকাই সৰুৰে পৰা দেৱীক ট্ৰাকত উঠিয়েই অহা দেখিছোঁ, ট্ৰাকত উঠিয়েই যোৱা দেখিছোঁ।

১৮/ দিপ্তী বিনা হাজৰিকাঃ পূজাৰ জেলেপী খাই থাকোঁতে এটা ফটা প্ৰশ্ন মনলৈ আহিল …. . পূজাৰ জেলেপীৰ নিচিনা ফটাঢোলৰ পোষ্টবোৰ কিয় পাক লগা ?
উত্তৰ: প্ৰশ্নৰ পাক খুলিবলৈ এইফালে ফটহু দাঁত ধৰাই, বিতচকু লগাই বহি আছে যে, সেইকাৰণে।

১৯/ শ্ৰীমান আলোক জ্যোতি বৰা: এখন জেলেপিত কেইটা পাক থাকে?
উত্তৰ: জেলেপিখনৰ দামটো (টকাত) যিমান হয়, তাৰ দুগুণ পাকেই থাকিব লাগে নিয়ম মতে। পিচে আজিকালি সকলো দুই নম্বৰী হ’ল।

২০/ অনিমা দাস: ফটহুকাই দুর্গাপূজাত আমি জনা বুজা হোৱাৰে পৰা বৰ্তমানলৈকে জেলেপি নামৰ খাদ্যবিধ অতি জনপ্ৰিয়। এই খাদ্য বিধৰ ভৱিষ্যতেও জনপ্ৰিয়তা কমাৰ আশা নাই। মই জানিবলৈ বিচাৰিছোঁ যে প্ৰথম জেলেপী প্ৰস্তুত কৰা ব্যক্তি গৰাকীক কিয় বিশেষ বঁটাৰে সন্মানিত কৰা হোৱা নাই?
উত্তৰ: আনলৈ কিয় ৰৈ আছে, আপুনিয়ে আৰম্ভ কৰকহে। আজিকালি বঁটা বাহনৰ বিজিনেছত লাভ আছে। বেপাৰটো সম্পৰ্কে কিবা পৰামৰ্শ লাগিলে ব্যক্তিগত ভাৱে যোগাযোগ কৰক।

২১/ ফটিক বৰা: জেলেপি বনাওঁতে যদি পাক নিদিয়ে তেন্তে জেলেপিহৈ থাকিবনে?
উত্তৰঃ- এই গভীৰ দাৰ্শনিক তত্ত্বমূলক প্ৰশ্নটোৰ উত্তৰ দিবলৈ ফটহুৱে সমগ্ৰ দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব, হিমালয় পৰ্বতত গৈ কঠোৰ তপস্যা কৰিব লাগিব; গতিকে অলপ সময় লাগিব দেই, বেয়া নেপাব।

২২/ দেৱজিত শৰ্মা: আমি যে দৈনন্দিন জীৱনত শুনা পাওঁ, লাখপতি, কোটি পতি! কথাটো হ’ল পোনেই হওক বা বেঁকাবাটেৰেই হওক, কোটি বা লাখ টকা উপাৰ্জন কৰা পতিৰ ক্ৰেডিটটি পত্নীয়েহে কিয় পাই? কোটি পত্নী বা লাখ পত্নী কিয় নহয়?
উত্তৰ: ইয়াৰ পাছত দুটা ডাঙৰ কাৰণ আছে! প্ৰথম কথা হ’ল – পতিৰ হাতত লাখ, কোটি, অৰৱ যিমানেই নেথাকক কিয়, তাৰ প্ৰকৃত মালকিন পত্নীগৰাকীহে হয়। তাৰ পৰা ১২০ টকীয়া ঘুটুং পানী অকণ কিনিবলৈকে কিমান কাকুতি মিনতি কৰিব লগা হয় জনাই জানে! দ্বিতীয় কাৰণটো হ’ল- এনে প্ৰশ্ন কেতিয়াবা উঠিব পাৰে বুলি অনুমান কৰিয়েই, তাত মষিমূৰ কৰিবলৈ এষাৰ কথা কৈ থোৱা আছে- Behind every successful man, there is a woman.
মানে পতিয়ে যিখিনি ভাল কাম কৰে তাৰ ক্ৰেডিট পত্নীয়ে পাব, আৰু যিখিনি বেয়া কৰে, তাৰ ডেবিট পতিয়ে নিজেই কৰিব লাগিব। এয়া চিৰন্তন নিয়ম!

☆★☆★☆

4 Comments

  • অনুৰূপ মহন্ত

    উৱা, মোৰ প্ৰশ্নটোৰ উত্তৰ টো নাই যে? আগতে দিয়া হ’ল মানে ফটহুৱে কাক আৰু কেতিয়া দিলে? নেচনছ ৱানত টু কনৌ।

    Reply
  • কমল নেওগ, তেজপুৰ।

    আটাইবোৰ ফটা প্ৰশ্নৰে যথাযথ উত্তৰ । ভাল লাগিল।

    Reply
  • ধনজিত কলিতা ( ফেচবুকৰ নাম নিয়ৰ কলিতা

    ১৪ নম্বৰ প্ৰশ্নটো ভাল লাগিল | বৰ্তমান সময়ত কিতাপৰ জনপ্ৰিয়তা বহুত কমি গৈছে | ফটাঢোল গোটত কিতাপৰ সৈতে জড়িত এটি বিষয় সংযোগ কৰা কথা প্ৰশাসক সকলে ভাবিলে ভাল লাগিব

    Reply
  • জয়ন্ত দাস

    বাঃ৷ ফটাপ্ৰশ্ন আৰু উত্তৰ দুয়োটাই বৰ ধুনীয়া লাগিছে৷ ফটহো কাই আপোনাৰ সচা পৰিচয়টো দিব নেকি?

    Reply

Leave a Reply to ধনজিত কলিতা ( ফেচবুকৰ নাম নিয়ৰ কলিতা Cancel reply

Your email address will not be published. Required fields are marked *