ফটাঢোল

ফটাপ্ৰশ্ন

সৌৰভ শৰ্মাঃ পতি যদি শিপা , পত্নী যদি গা-গছ , লৰা-ছোৱালী যদি ফল-ফুল হয়, তেন্তে ডাল-পাত বোৰ কি ?
উত্তৰঃ- ঘৰত কাম কৰা ৰঙিলী বাই, ঘৰৰ হালোৱা মদন, টিউচন মাষ্টৰ ভূৱন চাৰ, গেলমালৰ দোকানী পৰশুৰাম, ইত্যাদি।

কমল তালুকদাৰঃ মানুহে ভ্ৰমণলৈ (ফুৰিবলৈ)কিয় যায় ?
উত্তৰঃ- আনৰ কথা নেজানো, আমাৰ এওঁ ‘চেলফি’ তুলিবলৈ যায়, আৰু মই তেওঁক লৈ যাব লাগে কাৰণে যাওঁ।

অনুৰূপ মহন্ত:- মানুহে ৰাতিৰ বাছত যাত্ৰা কৰিলে পাছদিনা “ৰাতি নাইট চুপাৰ ত আহিলোঁ” বুলি আৰু ৰাতিপুৱা খোজ কাঢ়িবলৈ গলে “ৰাতিপুৱা মৰ্নিং ৱাক”ত যাওঁ বুলি কিয় কয়?
উত্তৰঃ- কথাটোত জোৰ বুজাবলৈ। যেনেকৈ PILLAR শব্দটোত এটা L দিলেও হয়, কিন্তু দুটা দিলে পিলাৰটো অলপ বেছি মজবুত হয়, তেনেকুৱাই কথা আৰু।

সমীৰ বিনোদ কাশ্যপঃ- দেহৰ বাবে ক্ষতিকাৰক বুলি জানিওঁ মানুহে চিগাৰেট খাই কিয়?
উত্তৰঃ- হেৰি, অকল চিগাৰেটেই নে? মদ চেনী, মাংস, ফৰ্মেলিন দিয়া মাছ, ইঞ্জেকচন দিয়া মাংস, দৰব দিয়া শাক পাচলি, ফলমূল, প্ৰদূ্ষণে ভৰা বতাহ, আৰ্চেনিক থকা পানী, এইবোৰ সকলো যি কাৰণে খাই, সেইকাৰণতে চিগাৰেটো খাই আৰু।

কঙ্কণা মহন্ত: হিন্দীত এটা ফকৰা আছে “তুম কৌন চি খেত কি মুলী হো”, মানে তই কোন লাটচাহাবৰ পুতেক ঔ। এইযে মূলাৰ কথা ক’লে খেতিত থকা আন পাচলিৰ কথা কিয় নকলে? কৌন চি খেত কি গাজৰ, কবি, চালগোম এইবোৰো ক’ব পাৰিলেহেঁতেন। হোৱাই মূলা..নেচন ৱাণ্টচ্ টু নৌ ?
উত্তৰঃ- কাৰণ মূলাৰ গোন্ধ আনবোৰ পাচলিতকৈ বেছি! জোৰো বেছি! পোৰণিও বেছি। সেই দিশৰ পৰা চাবলৈ গ’লে মূলা হ’ল পাচলিৰ ৰজা!

হেমন্ত কাকতিঃ হেকা দাৰ বয়স ভগবানতকৈ দুবছৰ সৰু হলে ফটহু কাইৰ বয়স কিমান? এণ্ড হোৱাই ফটহু ইজ ষ্টিল এ বৰলা?
উত্তৰঃ- বয়সৰ কথা সুধিলে ফটহুৱে বেয়া পায়, সেয়ে নকয়ো। কিন্তু ফটহু বৰলা নহয়, ফুতুকীৰ সৈত ফটহুৰ সুখৰ সংসাৰ।

মৌচুমী গগৈঃ ৰং কেইবা প্ৰকাৰৰ আছে ।সেইটো আমি সকলোৱে জানো কিন্তু জীৱনৰো যে ৰং থাকে সেই ৰং কেনেকুৱা বৰণৰ? ফটহু কাই ইয়াৰ সঠিক উত্তৰ দিব বুলি আশা কৰিলো।
উত্তৰঃ- কাৰোবাৰ ‘কেহেঁৰাজ’ বৰণীয়া, কাৰোবাৰ ‘সাগৰনীলা’, কাৰোবাৰ ফুলৰ দৰে, কাৰোবাৰ ‘তেজৰঙা’, কাৰোবাৰ ‘নিচিনা নজনা অবুজ ৰং! নানান ৰং জীৱনৰ।

তবিবৰ ৰহমানঃ সকলো কামতে অভিজ্ঞতা থকা হ’লে ভাল পায় নতুন মানুহক কোনেও লব নিবিচাৰে, বিয়া বাৰুৰ ক্ষেত্ৰত কিয় অভিজ্ঞতা থকা নিবিচাৰে?
উত্তৰঃ- বিয়াটো এটা কাম নহয় যে, বিয়া একধৰণৰ নাকী! অনভিজ্ঞ গৰুক নাকী লগাবলৈ সুবিধা, বন লগা কেইটাই বৰ আজল মথালিখন কৰে।

প্ৰদীপ বৰাঃ আইতাকে লোকৰ কোঁচত উঠাৰ হেপাঁহ পুৰ নহওঁতেই যদি নাতিনীয়েকৰ আগমন ঘটে কি পৰিস্থিতি হ’ব বাৰু ?
উত্তৰঃ- টেকনিকেলি স্পিকিং, আইতাকেই নাতিনীয়েকৰ কোলাত উঠিব! মোৰ আইতা উঠিছিলোঁ মোৰ কোলাত।

সুপ্ৰিয়া সূত্ৰধাৰঃ ফটহু কাই আজিলৈ চিংগোল কিয় ?
উত্তৰঃ- এনেই ফেচবুকত কিবা কাৰণত চিংগল ষ্টেটাছ মাৰি থৈছে। কিন্তু ভিতৰুৱা খবৰ মতে ফটহুৱে কেতিয়াবাই সংসাৰ পাতিলে। ফটহু ফুতুকীৰ জীৱনলৈ পোণাকণ এটিও আহিল।

উতপলা শইকীয়াঃ ফটহু কাইৰ গাৰ্লফ্ৰেণ্ড যদি ৰাখী চাৱন্ত হোৱা হ’লে কি হ’ল হয় ?
উত্তৰঃ- তেতিয়া ফটহুৰ নামত কেতিয়াও Me too কেছ নোলালেহেঁতেন। ৰাখী চাৱন্ত মীটুৰ বিৰোধী।

ৰিমঝিম বৰঠাকুৰঃ ফটহুকাই কেতিয়াবা কথাই কথাই শুনিবলৈ পোৱা যায় যে মানুহজন বা মানুহজনীৰ চালখনহে বগা পেটটো ক’লা অথবা চালখন যিমান ক’লা পেটটোও সিমান ক’লা। এতিয়া প্ৰশ্ন হ’ল পেটৰ ভিতৰখন ক’লা নে বগা তেওঁলোকে কেনেকৈ জানিলে? পেটৰ ভিতৰত কেমেৰা লগাই চাইছিল নে তেওঁলোকৰ দিব্য চকু আছে?
উত্তৰঃ এণ্ড’স্কপি কৰি চালে আকৌ।

দ্বিজেন তামুলীঃ ফটহু কাই মই জানিব বিচৰা প্ৰশ্নটো হ’ল, নাৰীক অবলা বুলি কিয় কোৱা হ’ল? এই কথাৰে আমাক পুৰুষ সমাজক হেয় প্ৰতিপন্ন কৰা হোৱা নাই নে?
উত্তৰঃ- নাৰীক অবলা বুলি কৈ কৈ, তেওলোকক কথাটো নিজেও বিশ্বাস কৰিবলৈ বাধ্য কৰি, জীৱনভৰ তেওলোকৰ ওপৰত তবলা বজাই থকা বুধিটো কিন্তু পুৰুষৰে। আজিকালি পিছে নাৰীসকলেও (সকলোৱে নহয়) নিজকে অবলা বুলি কৈ ভাল পায়, সাহিত্যিকেও লিখি ভাল পায়, গতিকে সকলো খুছ। তাত পুৰুষৰ মন বেয়া কৰব লগা একো নাই।

নীতুমণি বৰঠাকুৰঃ কৃষ্ণই বাঁহী বজাই গোপিনীৰ মন মুহিছিল। ফটাঢোলৰ কি যাদু আছে যে বুঢ়া ডেকা গাভৰু সকলোকে মোহিত কৰিছে?
উত্তৰঃ- উত্তৰটো হ’ল ফটহুৰ যাদু, কিন্তু মই সেইটো উত্তৰ নিদিও। মই নিজৰ কথা কৈ ভাল নেপাও ।

হিতেশ বি বৰুৱাঃ ফটহু কাই আঁৰৰ মানুহজন কোন? চিনাকি দিব পাৰিনে?
উত্তৰঃ- ফটহু হ’ল মিলাৰামৰ আজোনাতি, লীলাৰামৰ নাতি আৰু ফটিকেশ্বৰৰ সুপুত্ৰ! একেবাৰে জাকত জিলিকা বংশৰ মানুহ। ফটহু কাৰো আঁৰত লুকাই থকা নাই, থাকিবই বা কিয়? ফটহুৰ কি নাই, কিহৰ ভয়ত কাৰ পৰা লুকাব? মুঠেও নুলুকায়।

অনুৰাগ দাসঃ চাউলক ৰন্ধাৰ পিছত ভাত বুলি কিয় কয়?
উত্তৰঃ- ধানৰ বাকলিটো গুচোৱাৰ পাছত তাক যি কাৰণত চাউল বুলি কয়, সেই একেটা কাৰণতে চাউলখিনি সিজাই দিয়াৰ পাছত ভাত বুলি কয়।

নীলাক্ষি কাকতীঃ ফটহুকাই, হোমৰ ওচৰত যেতিয়া পুৰুহিতৰ লগত দৰাজনে মন্ত্ৰ মাতি থাকিব লগা হয় আৰু লগৰীয়া কেইজনে আড্ডা মাৰি থাকে দৰাৰ মনত কেনে ভাৱ আহে বাৰু?
উত্তৰঃ- ফটহুৱে ফুটুকীক পলুৱাইহে আনিছিল, ৰভাতলত বহাৰ অভিজ্ঞতা ফটহুৰ নাই। তথাপিও ধ্যানবলে ফটহুৱে গম পাইছে- সেইসময়ত বেছি ভাগ দৰাই লগৰীয়াসকলৰ ফালে নেচায়েই। কাষত বহিথকা ওৰণিতলৰ মুখখনি আৰু তেওঁৰ আশে পাশে থকা সুসজ্জিতা খুলশালীসকলতহে মনোযোগ দিয়ে।

তৃষ্ণা টি ভূঞাঃ ফটহুকাই, আপোনাৰ খেজুৰগুটীয়া দাঁতকেইটা ব্ৰাছ কৰি চাফা কৰে নে চাৰ্ফত তিয়াই থৈ থুকুচি ধোৱে?
উত্তৰঃ- নাই নাই, মই এটা নতুন অভিনৱ উপায় আৱিষ্কাৰ কৰিছো, তাৰ পেটেণ্টৰ কাৰণেও আবেদন কৰিছো। দাঁত চাফ কৰিবৰ বাবে মই টুথব্ৰাছ বুলি এবিধ সামগ্ৰী সাজিছো, আৰু তাত এবিধ বিশেষ মলম(টুথপেষ্ট নামৰ) লগাই পূৱা গধূলি তাৰে দাঁতবোৰ মাজি মাজি ধোওঁ। আপুনিও কৰি চাবচোন, সুফল পাব।

সঞ্জীৱ দেউৰিঃ ফটহু কাইটি অসমীয়াত বুঢ়া আঙুলি দেখালে বেং বুলি কয় ,ইংৰাজীত কিয় লাইক বুলি কয়?
উত্তৰঃ- ইংৰাজবোৰে ‘বেং’ বস্তুটো বিৰাট ‘লাইক’ কৰে বাবে।

কমলা দাসঃ- আমি , সকলোৱে কৰা সহজ কাম টোকে কৰিব বিচাৰো কিয় ? অলপ ব্যতিক্ৰম হব নোৱাৰো নে!
উত্তৰঃ- চাওক। শাস্ত্ৰত কৈছে মানৱীজনমেই শ্ৰেষ্ঠ জনম, কত জনমৰ পূণ্যৰ ফলত মানুহে মানৱী জনম পায়, মানে মানুহৰ শৰীৰটো পায়। শৰীৰটোক সেয়ে আৰামত ৰাখিব লাগে। টান কাম কৰি, ব্যতিক্ৰমী হৈ, এই মানৱ শৰীৰটোক কষ্ট দিয়া অনুচিত। মহাপাপ।

ৰাজু কুমাৰ নাথঃ ফটহুকাই,
১| আমাৰ ডলাৰ বগৰী(নেতা) কেইটাই কিয় সময়ে সময়ে বেলেগ ডলা বিচাৰি বাগৰি ফুৰে?
২| সুখে দুখে একেলগে জীৱন নদী পাৰ হ’ম বুলি কৈ এসোপা দুখৰ বোজা দি আঁতৰি যোৱাজনীক কি বুলি ক’ব?
উত্তৰঃ- ১। বগৰী বাস্তুটোৱেই তেনেকুৱা এখন ডলাত থাকি ভাল নেপায়, বাগৰি ফুৰিবলৈ তেওলোকক অনেক ডলা লাগে।
২। মই তেওক কম- “অশেষ ধন্যবাদ, অহা জনমত পুণৰ লগ পাম”। আৰু পোনে পোনে কামাকা্যি বাৰত সোমামগৈ।

কমল নেওগঃ ফটহু কাই; মোবাইল হেণ্ড চেটত ‘বিউটি প্লাচ’ এপ্ ব্যৱহাৰ কৰাটো অবৈধ ঘোষণা কৰি যদি বন্ধ কৰি দিয়া হয় তেতিয়া ‘ ই-প্ৰেম’ত কিবা প্ৰভাৱ পৰিব বুলি আপুনি ভাৱেনে ?
উত্তৰঃ- বিউটি প্লাছ বন্ধ হৈ গ’লে আমাৰ বহু ফটানাচনীয়ে ফেচবুক একাউণ্ট বন্ধ কৰিব, তেতিয়া ঢুলিয়াসকলেও আহিবলৈ উৎসাহ নোপোৱা হব। তেনেই ঘৰ গুচি মৰিশালি হোৱাৰ দৰে হবগৈ।
‘ই-প্ৰেম’ ৰ কথাতো কবই নেলাগে, ই-প্ৰেম গুচি অ-প্ৰেম হবগৈ।

দ্বীপজ্যোতি সন্দিকৈঃ এইবাৰ পঞ্চায়তৰ ইলেক্সনৰ কেণ্ডিদেট বোৰৰ ইমান টেলেন্ট আছে বোলে গাওঁবোৰ জয় জয় ময় ময় হব । ইতিমধ্যে তেওঁলোকৰ টেলেন্ট বোৰ টিভি এংকৰক পটাপট দি গৈছেই । এই কেণ্ডিডেট সকলৰ কাৰণে স্বাগতমৰ কাৰণে এখন লেবেৰা ভাজি ৰান্ধিব নোৱাৰি নে বাও? কেনেকৈ আদৰো ভাৱি ঘাম বাজ হৈ গৈছে?
উত্তৰঃ- এৰা দেও, অসমখনৰ আহিবলগীয়া জয় জয় ময় ময় দিনবোৰৰ কথা ভাৱি মোৰেই গাতো কিবা কেচেমা কেচেম লাগি আছে। এটা কাম কৰক- লেবেৰা ভাজিৰ লগত খিছিৰি এখনো ৰান্ধক, মছলা কোনবোৰ লাগিব বুজিছেই নহয় !

প্ৰণীতা গোস্বামী বৰঠাকুৰঃ

১)ৰাৱণ বা অসুৰ সকলে অট্টহাস্য কৰে কিয়, মিচিকীয়াই হাঁহিব নাজানে নেকি?
উত্তৰঃ- জানে। কিন্তু অট্টহাস্যটো তেওলোকৰ পাৰ্চনেলিটিৰ লগত মিলি পৰে। সৰু পা-পোৱালীবোৰেও সেই হাঁহি শুনি ভয় খায়, তেওলোকৰ জীৱনৰ উদ্দেশ্যই হৈছে পোৱালীবোৰক ভয় খুওৱা।
২) ইন্দ্ৰৰ ৰাজসভাৰ আটাইতকৈ কৰ্মভীৰু কোনজন দেৱতা?
উত্তৰঃ- ইন্দ্ৰ নিজেই। আমাৰ দিছপুৰাৱতীৰ কেছটোও একেই দেখা নাই জানো?

ৰাজীৱ শৰ্মা:
ফটহু কাই এনে এটুকুৰা ঠাইৰ নাম কওঁক যি ঠাইলৈ জীৱিত অৱস্থাত ৰজাৰ পৰা খৰিভাৰীলৈ সকলো যায়।
উত্তৰঃ- ধেত, পায়খানা শব্দটো ইয়াত এনেকে মুকলিকে কবলৈ ভাল নেলাগে নহয়।

☆★☆★☆

7 Comments

  • হা হা..বঢ়িয়া ।
    ..PILLAR শব্দটোত এটা L দিলেও হয়, কিন্তু দুটা দিলে পিলাৰটো অলপ বেছি মজবুত হয়.. 😀

    Reply
  • সৌৰভ শৰ্মা

    দুই নম্বৰৰ উত্তৰটোৱে দিলখুচ কৰি দিলে, ফটহু দাদা আই লভু।

    Reply
  • কমল তালুকদাৰ

    দিল খুশ ! বোলেতো একদম ,নাচোং নাচোং লাগিছে। ফটহু কাই আৰু ফুতুকি বাইলৈ হিয়াভৰা মৰম যাচিলোঁ ।

    Reply
  • হে কা

    তেমাম উত্তৰ ফটহু কাই৷ দিল খুচ!

    Reply
  • ফটহু কাই ৰক্দ্।তামাম উত্তৰ।

    Reply
  • সুন্দৰ উত্তৰ দিলে ফটহু কাই।।

    Reply
  • কমলা দাস

    সুন্দৰ উত্তৰ দিলে

    Reply

Leave a Reply to প্ৰীতম Cancel reply

Your email address will not be published. Required fields are marked *