ফটাঢোল

ফটাপ্ৰশ্ন

১) কমল নেওগ: ফটহুকাই, মুনিহ মানুহ এজনে কেঞা আঙুলি এটা থিয়কৈ দেখুৱালে সকলোৱেই বুজি পায় যে তেওঁ সৰুপানী চুব লাগিল। এই নিয়মটো কেতিয়াৰ পৰা প্ৰচলন হ’ল বাৰু? ইয়াৰ কিবা ইতিহাস আছে নেকি?

উত্তৰ: খ্ৰীষ্টপূৰ্ব ৩০১ চনৰ, ভাদ মাহৰ শুক্লা তৃতীয়া সপ্তম প্ৰহৰ দিনৰ পৰা এই প্ৰথা প্ৰচলন হয়। মই তথ্যটো শুদ্ধ বুলি প্ৰমাণ দিব নোৱাৰোঁ বাৰু, আপুনি পাৰে যদি ভুল বুলি প্ৰমাণ কৰক।

২) ৰাজশ্ৰী শৰ্মা: মানুহৰো যদি উদ্ভিদৰ দৰে পত্ৰহৰিৎ উৎপাদন কৰা প্ৰযুক্তি থাকিলহেঁতেন?

উত্তৰ: ঠিক পত্ৰহৰিৎ নহয়, কিন্তু পত্ৰহৰিতৰ দৰেই একো কষ্ট নকৰাকৈ বহি বহি খাই থাকিব পৰা প্ৰযুক্তি ইতিমধ্যে ওলাইছেই। চৰকাৰে তেনে কেইখন মান যাদুকৰী কাৰ্ড দিয়ে, তাৰ দুখনমান উলিয়াই ল’ব পাৰিলে পত্ৰহৰিৎ হৈ জীয়াই থাকিব পাৰি।

৩)দিপাংকৰ চৌধুৰী: ফটহু কাইৰ এইবাৰ নতুন বছৰটোক লৈ কি বিশেষ পৰিকল্পনা আছে? এনেই কিবা পৰিয়াল পৰিকল্পনাৰ বিষয়ে ভাবিছে নে!

উত্তৰ: নাই নাই নাই। পৰিয়ালটো পৰিকল্পনা কৰোঁতে কৰোঁতে ল’ৰা পোৱালী আঠোটা হ’লগৈ। এতিয়াৰ পৰা আৰু যি কৰিম পৰিকল্পনা নকৰাকে কৰিম।

৪)মাধুৰ্য গোস্বামী: চুলি সৰি পকি, দাঢ়ি পকি বুঢ়া হোৱা ডেকাই ধুনু মাইনা কেনেকৈ পতাব ককাই? আইডিয়া লাগে।

উত্তৰ: ক’লাই বগাই যিমান পাৰে টকা ঘটক, সোঁৱে-বাঁৱে, ওপৰে তলে নিজকে টকাৰে পুতি পেলাওক। পকা দাঢ়ি চুলিও কেঁচা হ’ব, বয়সো কমিব আৰু বাকী মনোবাঞ্ছাবিলাকো পূৰ্ণ হ’ব।

৫)হিতশ বি বৰুৱা: ফটাঢোলত বৰলা/ বৰলীৰ বাবে সয়ম্বৰ পতা ব্যৱস্থা কৰিব পৰা যায় নেকি?

উত্তৰ: পাৰি, পিচে নকৰাই ভাল হ’ব নেকি? ফটহু কেনেবাকৈ তাত খাড়া হৈ দিলে বাকী বৰলা সকলৰ ভাগলে এজনীও নেথাকিবগৈ নহয়।

৬)সমীৰ বিনোদ কাশ্যপ: ফটহু কাইৰ বাবে প্ৰশ্ন, তুমি যদি মই, মই যদি আপুনি, আপুনি যদি তই, তই যদি সি, সি যদি তেওঁ, তেনে তেওঁ কি হ’ব???

উত্তৰ: আমাৰ এওঁ!

৭)সৌৰভ শৰ্মা: ফটহুকাই অতীজৰে পৰা নাৰীয়ে চুলি দীঘল কিয় ৰাখি আহিছে (বব) কাট দিয়া সকলৰ কথা বাদ দিলোঁ বাৰু।

উত্তৰ: ওকণি সংৰক্ষণ তথা সংস্থাপনৰ বাবে৷

৮)কমলা দাস: ফটহু কাই, তুমি যদি বনলতা, মই তাৰে পাত বুলি কিয় ক’লে। ফুল বুলি নক’লে কিয় ?

উত্তৰ: সকলো বনলতাত ফুল নুফুলিবও পাৰে, কিন্তু পাত থাকিবই। পাত বুলিলে কথাটো নিশ্চিত হয় আৰু।

৯)চুইটলেনা দাস: আগ তপা ধনী মাজ তপা শনি বুলি যে মানুহে কয় আচলতে সঁচায়ে আগ তপা বোৰ ধনীয়ে হয় নে তেওঁলোকক এইটো সান্ত্বনা দিহে ৰখা হয়?

উত্তৰ: এইবোৰ সকলো পিছ তপাৰ ষড়যন্ত্ৰ!

১০)তৃষ্ণা সোণোৱাল: ফটহু কাই, শুভংকৰীৰ ফাঁকি
তেত্ৰিশৰ পৰা ৩শ গ’লে থাকিল কিমান বাকী?

উত্তৰ: একাৰ এডাল, মাত্ৰা এডাল আৰু ‘ত্ৰি’ থাকিব। [ ে+৩+-(মাত্ৰা)]+ত্ৰি+ শ নহয় জানো? তাৰ পৰা ৩ আৰু শ টো গুচাই চালেই হ’ল।

১১)তৃষ্ণা টি ভূঞা: ফটহু কাই, লাও পুলি লৰাই কিয় ৰোৱে? নলৰালে কি হ’ব?

উত্তৰ: লাও পুলিটো লৰ মাৰিব।

১২) নীতুমণি বৰঠাকুৰ: ফটহুকাই আপুনি কেনেকৈ ফুটুকী বাইৰ প্ৰেমত পৰিল? এই প্ৰেমত ঘাট-প্ৰতিঘাটৰ সৃষ্টি হৈছিল নে বা বাধাৰ প্ৰাচীৰ আছিল নে?

উত্তৰ: অমুকা ফুটুকীৰ প্ৰেমত পৰা নাছিল দেই, ফটহু এইদৰে পৰি ধৰি ফুৰা মানুহ নহয়। ফুটুকীহে হামখুৰি খাই পৰিছিল। আমাৰ প্ৰেম নদীৰ ঘাটত আৰম্ভ হৈছিল, গতিকে ঘাট আছিল বুলি ক’ব পাৰি, কিন্তু প্ৰতিঘাট নাছিল। বাধাৰ প্ৰাচীৰ বুলিবলে ফুটুকীৰ বায়েকজনী নথকা নহয়, তাইৰো বোলে ফটহুলৈ মন আছিল।

১৩) নয়নমণি হালৈ: ফটহুকাই, মাত্ৰ এটা বাক্যত শাহু বোৱাৰীৰ চিৰন্তন সংঘাতৰ এটা সমাধান দিয়ক৷

উত্তৰ: একতা কাপুৰক নিষিদ্ধ কৰিলেই কাম হৈ যাব।

১৪) তুষাৰ গৰিয়াখনিয়া: ফটহুকাই দাড়ি গজাৰ উপায় এটা দিয়ক মোক। কেনেকৈ দাড়ি গজাম?

উত্তৰ: এতিয়া আৰু সেইবোৰ উপায় বিছাৰি লাভ নাই, তোলনি বিয়া খাই ফুৰাৰ পাপ খণ্ডাবই লাগিব।

১৫)নিলাক্ষী কাকতি: ফটহুকাই আপোনাৰ বিয়াৰ পিছৰ অনুভৱ কেনে? বৰলা হৈ থাকোঁতে বেছি ভাল লাগিছিল নে বিয়া পাতি বেছি ভাল লাগিছে? মাজে মাজে ফুটুকী বাইৰ লগত কাজিয়া হয়নে?

উত্তৰ: বিয়াৰ পাছত অনুভৱ কৰিবলৈ ভয় লগা হ’ল আকৌ, কেনেকে কম? বৰলা হৈ থাকোঁতে বিয়া পতা মানুহবোৰৰ সুখ দেখি জ্বলি পুৰি মৰিছিলোঁ, আজিকালি বৰলাবোৰৰ সুখ দেখি মৰোঁ।
আমাাৰ দুটাৰ মাজত কাজিয়া নহয়, দুইটা লগ লাগি আনৰ লগত কাজিয়া কৰি থাকোঁতে নিজৰ কাজিয়াবোৰলৈ সময়ে নেথাকেগৈ।

১৬)ধূৰ্জতি কাকতি: মানুহে পিকনিক সদায় নদীৰ পাৰত গৈ খায়, কিন্তু পিকনিকক বনভোজ কিয় কয়? নদী ভোজ কিয় নকয়?

উত্তৰ: এই মানুহ বোলা বস্তুটোৱেই তেনেকুৱা, সৱ কথা ভুলকৈ ভাৱে, ভুলকৈ কৰে আৰু ভুলকৈ কয়!

১৭)গায়ত্ৰী গোস্বামী অধ্যাপক: গৰুবোৰে ঘাঁহ যিমান পাৰে সিমান পটাপট গিলি পিছত আজৰি সময়ত পাগুলি খোৱাৰ দৰে সুবিধাকণ মানুহৰ থকাহেঁতেন কি হ’ল হয়?

উত্তৰ: গিৰি ঘৈণীৰ মাজত কাজিয়া কমিলেহেঁতেন, ল’ৰা ছোৱালীয়ে গালি নেখালেহেঁতেন। বাবুক ভাত খালানে বুলি সোধাৰ পাছত আকৌ পাগুলিলানে বুলি দুবাৰকৈ মেচেজ কৰিব লগা হ’লহেঁতেন।

১৮) হৃষিকেশ ডেকা: ফটহুকাই মই ইমান চেনী বিলালোঁ কিন্তু এতিয়ালৈ এজনীও ছোৱালী পতাব পৰা নাই। এয়া মোৰ কিহৰ দুৰ্বলতা বাৰু?

উত্তৰ: গ্ৰহদোষ বা ডায়েবেটিছ। দুইটাই মাৰাত্মক দুৰ্বলতা!

১৯)ৰিমঝিম বৰঠাকুৰ: আপোনাক একো সুধিবই নোৱাৰি সকলোবোৰ প্ৰশ্নৰ উত্তৰ জিভাৰ আগতে থাকে। কেতিয়াবা কৌন বনেগা ক্ৰৌৰপতিত গৈ কোটিপতি হোৱাৰ সপোন পুহি ৰাখিছে নেকি?

উত্তৰ: অমুকাই ক্ৰৌৰপতি নহয়, “হু ৱাণ্টচ টু বি এ মিলিয়নিয়াৰ” বাবে প্ৰেক্টিছ কৰি আছোঁ। লেভেলৰ কথা আছেতো।

২০) নৱকৃষ্ণ কৃষ: সদায় খোৱা বোৱা কৰি আমুৱাইছে। কি কৰিলে নোখোৱাকৈ নমৰালৈকে জীয়াই থাকিব পাৰিম ফটহুকাই ?

উত্তৰ: নমৰালৈকে? মানে সেইটো প্লেন কেতিয়ালৈ আছে জানিলেহে উপায় দিব পাৰিম।

২১)জয়শ্ৰী শৰ্মা: মানুহৰ মনটো সম্পূৰ্ণকৈ পঢ়ি পেলাব পৰা মেচিন এটা আবিষ্কাৰ হ’লে কি কি সুবিধা আৰু অসুবিধা হ ব?

উত্তৰ: মানুহ জাতিটোৱেই ধ্বংস হ’লহেঁতেন। আন নেলাগে ফুটুকীৰ মনটো পঢ়িব পাৰিলে ময়ে হয় হিমালয়লৈ যামগৈ, নহয় নিৰ্বাণ লাভ কৰিম বুলি নিশ্চয়কৈ ক’ব পাৰোঁ।

২২) অভিজিত কলিতা: ডাক্তৰে কয় বা আমি কিতাপতো পঢ়োঁ, যে সুস্থ হৈ জীয়াই থাকিবলৈ আমাক শ্বেতসাৰ, ভিটামিন, প্ৰটিন, চৰ্বী, মিনাৰেলচ, আদি নানান বস্তু লাগে। তাৰ বাবে আমি বিবিধ খাদ্য খাব লগ হয়, ভাত ডাইল, মাছ মাংস, শাক-পাচলি, চালাড, গাখীৰ, আৰু কত কি! তাৰ ওপৰতো বৰ্ণভিটা, আৰু দৰব সোপা আছেই। কিন্তু গৰুৱে কেৱল ঘাঁহ খাই, অকল ঘাঁহৰ পৰাই ইমানবোৰ নিউট্ৰিচন কেনেকৈ পায়? আকৌ গৰুৱে দিয়া গাখীৰত প্ৰটিন, ফেট, কেলচিয়াম ভৰি ভৰি থাকে, সেইবোৰ ক’ৰ পৰা আহে?

উত্তৰ: আপুনিহে কথাটো বুজিলে আচলতে। ঘাঁহেই একমাত্ৰ সুষম খাদ্য; আপুনি চেষ্টা কৰি চাওকচোন। সুফল পালে আমাকো জনাব।

২৩) চবিনা ইয়াচমিন: এটা ঘৰ সাজিবলৈ দহজন মানুহক বিশ দিন লাগে। সেইঘৰটো সাজিবলৈ বিশজন মানুহক কেইদিন লাগিব?

উত্তৰ: এদিনো নেলাগে, আগৰ দহজনে ঘৰটো সাজিলেই দেখোন।

☆★☆★☆

7 Comments

  • ৰাজশ্ৰী শৰ্মা

    মই পালো দেই উত্তৰ।ধন্যবাদ

    Reply
  • ৱাহ!ফটহু কাই ৰক্দ্।সুন্দৰ উত্তৰ।

    Reply
  • deepjyoti handique

    আইঐ ইমান ধুনীয়াকৈ উত্তৰ দিছে ।

    Reply
  • কমল নেওগ,

    মই কৰা প্ৰশ্নৰ যি চাৎ উত্তৰ পালোঁ তাক ভুল প্ৰমাণিত কৰাৰ উপযুক্ত তথ্য মো সাত গোষ্ঠীয়েও যোগাৰ কৰিব নোৱাৰে, গতিকে বিনা প্ৰতিবাদে মানি ল’বলৈ বাধ্য হ’লোঁ৷??

    Reply
  • Manashi Kakati

    ?

    Reply
  • Mitali Saharia

    ভাল লাগিল উত্তৰবোৰ।

    Reply
  • জয়ন্ত দাস

    ফটহো কাই উত্তৰবোৰ বৰ সুন্দৰ হৈছে৷

    Reply

Leave a Reply to ৰাজশ্ৰী শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *