ফটাঢোল

মিছন গিবন – ৰিমঝিম বৰঠাকুৰ

ৰাজশ্ৰী প্ৰডাকচন

চিত্ৰনাট্য, কাহিনী, পৰিচালনা- ৰিমঝিম বৰঠাকুৰ

অভিনয়ত- চি আই ডিঃ ৰাজকুমাৰ ঠাকুৰীয়া, হেমন্ত কাকতি আৰু ইনফৰ্মাৰঃ মাধুৰ্য গোস্বামী (গাঠলু)

পেটুৱাঃ বিজয় মহন্ত,
কণটিঃ ৰিণ্টুমণি দত্ত,
কণটিৰ ঘৈণীঃ চবিনা য়াছমিন
ৰাজেনঃ দেৱজিত শইকীয়া
আইটেম গাৰ্ল/হিৰোইন – নিৰ্মালি বৰমুদৈ।

ইংৰাজী R আখৰটো এক বিশেষ ষ্টাইলত ওলাই কৰণ জোহৰৰ চিনেমাত বজাৰ দৰে গীটাৰৰ শব্দৰে চিনেমাৰ নেম কাষ্টিং দেখুওৱা হ’ব।

দূৰৰপৰা ভাহি আহিছে জিলিৰ ‘চেৰেক চেৰেককৈ’ শব্দ। লাহে লাহে কোৰ আৰু চিপাৰেঙেৰে মাটি খান্দি থকাৰ দৰে শব্দ এটাও পৰিস্ফূত হৈছে।। ক্ৰমাৎ শব্দটো ওচৰ পোৱাহি যেন লাগিছে। (কেমেৰা আগবাঢ়ি লাহে লাহে চাৰিওফালে ঘূৰিছে)। স্ক্ৰীণত আপোনালোকে দেখিবলৈ পাব ৰাতিৰ দৰে ক’লা একো দেখিবলৈ পোৱা নাই। কেৱল জিলিৰ মাত আৰু মাটি খান্দি থকা শব্দই পৰিৱেশটো জয়াল কৰি তুলিছে। মাজে মাজে ফেচাৰ ‘নিউ নিউ’ শব্দ আৰু বাদুলীয়ে পাখি মাৰি ধপধপাই উৰি যোৱা শব্দও শুনা গৈছে। এপাকত খান্দি থকা শব্দটো ৰ’ল। তাৰপিছত কাৰোবাৰ ফুচফুচনি, ফুচফুচনি গৈ লাহে লাহে গেঙনিলৈ আৰম্ভ হওঁতেই হঠাৎ পোহৰ এটা। দেখিবলৈ পোৱা যাব লাইটাৰ এটা খিচিকৈ শব্দ কৰি জ্বলি উঠি ধিমিক ধামাক পোহৰে ঠাইখিনি উজ্জলাই তুলিছে। কাহিনী আৰম্ভ হৈছে

দৃশ্য ১

পোহৰটোত দেখিবলৈ পোৱা গৈছে এজন একেবাৰে খীণাকায় চেহেৰাৰ মানুহে পেটুৱা মানুহ এজনৰ মুখত পিছফালৰপৰা টেপা মাৰি ধৰি আছে। পেটুৱা মানুহজনে যিমান পাৰে মুখৰপৰা হাতখন এৰুৱাবলৈ চেষ্টা কৰিছে আৰু চিঞৰিবলৈ। চিঞৰিব নোৱাৰি ডিঙিৰপৰা গেঙনিৰ দৰে এটা শব্দ বাহিৰ কৰিছে। লাহে লাহে ঠাইখন পোহৰ হৈ আহিছে আৰু কেমেৰাই চাৰিওফালৰ দৃশ্য দেখুৱাবলৈ আৰম্ভ কৰিছে।

এখন ঘন অৰণ্যৰ মাজত দুজন মানুহ পিন্ধনত বগা ধূতি আঁঠুৰ ওপৰলৈকে কোচাই মিনি স্কাৰ্টৰ দৰে কৰি লৈছে লগত দুটা কাটা গেঞ্জী। পেটুৱাজনৰ গেঞ্জীটো আধা পেটলৈকে কোচোৱা আৰু ক্ষীণাকায়জনৰ গেঞ্জীৰ এটা ফাল ওলমি আহি বাহু পাইছেহি। মূৰৰ পৰা বৈ অহা ঘাম গাল দুখনত লাইটাৰৰ পোহৰত মুকুতা জিলিকা দি জিলিকি আছে। কাষতে দুখন কোৰ আৰু চিপৰাং পৰি আছে। বহুত সময় চেষ্টা কৰাৰ পিছত পেটুৱা মানুহজনে ইজন মানুহৰ হাতখন এৰুৱাব পাৰিলে।

পেটুৱাঃ কি কণটি দা বাৰে বাৰে মোৰ মুখখন টেপা মাৰি ধৰে। মইহে বুলি এনেকুৱা অটব্য অৰণ্যত মহ-ডাহক তেজসোপা খুৱাই এনেকৈ আন্ধাৰে-মুন্ধাৰে আহি গিবনত মাটি খান্দি আছোঁ। (মুখৰপৰা হাতখন এৰুৱাৰ পিছতে পেটুৱাই একেবাৰে চেকচেকাই উঠিল পাৰিলে একেবাৰে মাতটোৰে জিলিৰ মাতকো চেৰ পেলাব।)

কণটি দাঃ মই জানিছিলোৱেই তই যে এনেকে জেকজেকাই উঠিবি সেইকাৰণে মুখখন টেপা মাৰি ধৰিছিলো। কোনোবাই শুনিলে কি হ’ব বুলি ভাবিছ হা? পুলিছৰ হাতত গতাই দিব। বাৰু ধনাই, চাধা এপালি মাৰ, ৰাতি পুৱাবই হৈছে আজিলৈ ঘৰলৈ উভতো ব’ল। আৰু সোণ থকাৰ সপোনো তোৰহে আছিল, সেইয়া সপোন দেখিলি।(খহি অহা গেঞ্জীৰ হাতটো ওপৰলৈ দি কণটিয়ে কোৰ, চিপৰাং চব বস্তু সামৰি সুতৰি ঘৰলৈ অহাৰ যো-জা কৰিলে।)

দৃশ্য ২

হাইৱে নহয়, এটা পিচ দিয়া গাৱঁৰ মাজৰ ৰাস্তা। আঁতৰৰ পৰা দেখা গৈছে ভাটৌ ৰঙৰ মাৰুটি অল্ট’ এখন আহি আছে। গাড়ীখন ওচৰ নাপাইহি হে নাপাইহি। এইবাৰ গাড়ীখনক পিছফালৰপৰা দেখুওৱা হৈছে। গাড়ীখন চাগে ২০মানত গৈছে দেখিলেই গম পোৱা যায়। কাষেৰে স্কুটী, চাইকেল চব পাৰ হৈ গৈছে। গাড়ীৰ ভিতৰত দুজন ব্যক্তি। আৰু গাড়ীৰ ভিতৰৰ পৰা ভাহি আহিছে এক সুমধুৰ কণ্ঠত ‘নাম তুম্হাৰা কিয়া নাজানো মে, জান্না চাহতা হু।’ গাড়ীখন গৈ লাহে লাহে হাইৱেত উঠিছে এটা সময়ত ৰাস্তাৰ কাষতে থকা ব্ৰয়লাৰ চপখনৰ ওচৰত গাড়ীখন ৰখিছে। গাড়ীখনৰ পৰা এজন আগ চুলিবিহীন সুদৰ্শন যুৱক নামি গৈছে। পিন্ধনত অলিভ গ্ৰীণ এটা চিন’জৰ লগত এটা হাত দীঘল বগা চাৰ্ট। মজলীয়া উচ্চতাৰে যুৱকজনৰ অনিল কাপুৰক ভালপোৱা সকলো ছোৱালীকে আকৰ্ষণ কৰিব পৰাকে একোচা মোচ। ভৰিত অৰ্ডিনেৰী উডলেণ্ডৰ জোতা, চকুত নীলা ৰঙৰ চানগ্লাছ। চিকেন চপখনলৈ সোমাই গৈ মানুহজনৰ লগত দুটামান সন্দেহজনক কথা পাতি চিকেন লেগপিছৰ টোপোলা এটা লৈ পুনৰ গাড়ীত বহিলহি। (তেঁওলোকৰ কথা বতৰাবোৰে দৰ্শকক কিবা এটা সন্দেহৰ মাজলৈ ঠেলি দিয়া যেন লাগিল। গাড়ীখনত গৈ থকা মানুহকেইজনে কাৰোবাৰ সন্ধানত অহা যেন লাগিছে।) চালকৰ চিটৰ কাষৰ খিড়িকীৰে চালকজনৰ দীঘল চুলিকেইডাল মান ওলাই আহি বতাহত নাচি নাচি গৈছে। লুকিং গ্লাছত দেখা যাব তেওঁৰ মুখখন। এযোৰ ৰঙীন চানগ্লাছৰ সৈতে দাড়িবিহীন চিকচিকিয়া মুখখন দেখা যাব। আৰু তেওঁৰ গাড়ীত বাজি থকা গানটোৰ লগে লগে তেওঁৱো গুণগুণাই থাকিব। লাহে কেমেৰা আঁতৰলৈ গৈ গৈ গাড়ীখন নোহোৱা হৈ থাকিব।

দৃশ্য ৩

আকৌ সেই একেই জিলিৰ শব্দ। আন্ধাৰ মুন্ধাৰ পৰিৱেশ। দূৰৰপৰা ভাহি আহিছে কোনোবাই চেৰ চেৰকৈ চুচু কৰাৰ শব্দ। লাহে লাহে মানুহৰ কথা-বতৰাবোৰৰ শব্দ বতাহত ভাহি আহিছে। অলপ সময়ৰ পিছতে ১ নম্বৰ দৃশ্যৰ মানুহকেইজনক দেখা যাব।

‘মই তোক কোৱা নাছিলোঁ নে তোৰ এইবোৰ পিন্ধিলে অসুবিধা হ’ব। তইহে বৰ একেবাৰে স্পাইডাৰ মেন হৈ ওলাই আহিছিলি। এতিয়া দেখিছ নহয় চুচু কৰিবৰ সময়তে দিগদাৰ হৈছে, এহ্ লাগিলে কি কৰিবি’

‘নহয় অ কণটি দা যোৱা কেইদিন ৰাতি ধূতিখন পিন্ধি আহোঁতে বৰ অসুবিধা হৈছিল। গছে-বনে লাগি খুলি যায়। সেইকাৰণেহে এনেকৈ পিন্ধি আহিছোঁ। দেখা নাই স্পাইডাৰ মেনে কেনেকৈ লংপেন্টৰ ওপৰত মাইনা পেন্টটো পিন্ধি চবতে বগাই ফুৰে। মইও তেনেকৈয়ে ওলাই আহিছিলোঁ, কৰবাত কিবা হ’লে সাউৎকৈ গছত বগাব পাৰিম। ভবাই নাছিলোঁ চুচু কৰিবলৈ যে অসুবিধা হ’ব। হ’লেও পিন্ধি কিন্তু মজ্জা লাগিছে। আজিৰপৰা মই এইটোৱেই পিন্ধিম।’

‘হ’ব থ থ তোৰ ফটা লেকচাৰ। কামত লাগ। ক’ত ধন-সোণ পুতি থোৱাৰ সপোন দেখিছিলি চব মিছা। ধন-সোণৰ নামতটো গজাল এটাও নাপালোঁ। আজিৰপৰা গছ কাটিম।

‘গছ আকৌ কিয় কাটিম?’

‘গছ কাটি ধনী হ’ম। এতিয়া চেপচেপাই নাথাকি কামত লাগ।’

কণটিৰ কথাবোৰ ধনাইয়ে ভালকৈ ধৰিব নোৱাৰি কণটিৰ কথামতে দুয়ো পিঠিত বান্ধি অনা কুঠাৰ,কোৰ, চিপৰাং নমাই থ’লে। আৰু কুঠাৰ দুখন উলিয়াই গছ কটাত লাগিল। গছ কটাৰ শব্দবোৰ লাহে লাহে সৰু হৈ গৈ থাকিল।

দৃশ্য ৪

আছাম টাইপৰ ঘৰ এটাৰ প্ৰকাণ্ড এখন চোতাল। মাজতে একোৰা জুই জ্বলাই থোৱা আছে। দূৰৰ পৰা দেখা গৈছে তিনিজন মানুহে একেলগে কিবা কথাত ব্যস্ত (দেখাত চিৰিয়াছ মেটাৰ যেনেই লাগিছে।) দুটা প্ৰকাণ্ড কুকুৰ বান্ধি থোৱা আছে । সিহঁতৰ চকুকেইটা জুইৰ পোহৰত মাৰ্বল গুটি জিলিকা দি জিলিকিছে। লাহে লাহে কেমেৰা আগবাঢ়িছে ঘৰৰ ভিতৰলৈ।

হেকাদাই প্লেট এখনত চিকেন লেগপিছ দুটামান আনি ৰাকুদাৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনাত বহে

ঘৰটোৰ ভিতৰত পাৰ্টি চলি আছে আৰু গান বাজি আছে ‘মুন্নী বদনাম হুই ডাৰ্লিং তেৰে লিয়ে’ গানৰ সুৰে সুৰে এজনী সুন্দৰীৰ (নিৰ্মালি) নৃত্য। ঘৰটোৰ ভিতৰত তেতিয়ালৈকে চাৰিজনমান হে ব্যক্তি আছিল যদিও বাহিৰত থকা তিনিজনো ইতিমধ্যে ভিতৰত সোমাইছে। লাইটৰ পোহৰত ভালকৈয়ে দেখা গৈছে মানুহকেইজনক। দুজন আগৰ দৃশ্যত দেখুওৱা চিকেন কিনিবলৈ সোমোৱা কেইজন। আৰু ইজন শকতকৈ গাঠলু চেহেৰাৰে কিন্তু বেছ মৰম লগা (মাধুৰ্য)। তেওঁলোক ভিতৰ সোমোৱাৰ লগে লগে নাচি থকা সুন্দৰীয়ে ৰাকু দাৰ ওচৰলৈ আহি গাত ধৰি ককাল হিলাই নাচিবলৈ ধৰিলে। কিন্তু ৰাকুদাই সেইবোৰলৈ ভ্ৰূক্ষেপ নকৰি ‘বদমাইচ লৰকী’ বুলি কৈ ঠেলা মাৰি চাইডলৈ যায়। গাভৰুক তেনেকৈ আওকাণ কৰা দেখি গাঠলু চেহেৰাৰজন আগবাঢ়ি গাভৰুৰ লগত নাচিবলৈ ধৰে। গাভৰুৱে গাঠলুৰ লগত নাচি থাকিলেও চকু ৰাকুদালৈ। গাঠলুৱে নাচনীৰ লগত নচা দেখি হেকাদাৰ চকুত দেখা যাব ঈৰ্ষাৰ চাৱনি। কিন্তু পাছমূহুৰ্ততে তেওঁৰ মোচকোচাৰ তলৰে বিয়পি পৰিব এটা বেকা কুটিল হাঁহি।

‘কথাটো লাহে লাহে গম পাইছো। কিন্তু আচল কালপ্ৰীতটো ধৰিব পৰা নাই।’ ৰাকুদাই কথাকেইটা কৈ চুপ হৈ যায়

অলপ সময়লৈকে কাৰো মাতবোল নাই। কেৱল লেগপিছ চোবোৱাৰ শব্দহে ‘কটৰ কটৰকৈ’ ভাহি আহিছে।

অলপ সময়ৰ পিছত আকো ৰাকু দাই মাত লগালে ‘কথাটো মই গম পাইছোঁ। সেই একেকেইটা মানুহেই। এইবাৰ সিহঁতে গীবনত গছ কটাত লাগিছে বুলি শুনিছোঁ। লেকিন লেকিন লেকিন মেৰে পাছ জাদা প্ৰমাণ নেহী হেই। উন লৌগৌ কে চাথ ঔৰ কই দুচৰা আদমী ভী হেই।’

কথাকেইটা কৈ ৰাকুদাই চোবাই থকা হাড়ডাল কাঁহীখনৰ কাষতে থৈ ইটো লেগপিছ মুখত ভৰায়। ইতিমধ্যে নাচনীয়ে নাচি নাচি গাঠলুৰ গাত হালি পৰিছে। আৰু গাঠলুৱে আলফুলকৈ নিৰ্মালিৰ চুলিখিনিত হাত ফুৰাই দিব।

দৃশ্য৫

ৰাতিপুৱাৰ সময়। দেখা যাব আছাম টাইপৰ ঘৰটোৰ চোতাল। আৰামী চকী এখনত বহি ৰাকুদাই মোবাইলত কাৰোবাৰ ফটো চাই থাকোঁতে ৰোমান্টিক হাঁহি মাৰি থকাৰ দৃশ্য। (তুৰু ৰু ৰুৰু, তোৰে মোৰে প্ৰেম চুৰু, গানটো বাজি আছে।) হেকাদাই কাষতে প্লাষ্টিকৰ চকী এখনত বহি মোচডাল পকাই পকাই কিবা গভীৰ চিন্তাত থকা যেন লাগিছে। তেনেতে গাঠলু চেহেৰাৰ ল’ৰাজন দৌৰি দৌৰি ফোপাই-জোপাই সিহঁতৰ ওচৰ পাইছেহি। তাক দেখিয়েই ৰাকু দাই মাত লগালে ‘কুচ্ছ পতা চলা।’

গাঠলুঃ চব বতায়েংগে, লেকিন অসমীয়া মে বাত কৰনা হৌগা। কিয়া আপ বাৰ বাৰ হিন্দী মে বাত কৰতে হেই। হামকৌ অচ্ছা নেহী লাগতা হেই। অসমীয়া ভাষাটো আমাৰ আৱেগ হয়।

হেকা দাঃ ভাষাৰ কথা বাদ দি কৈ যোৱাচোন আচল কথাটো। হ’ব অসমীয়াতে কৈ যোৱা।

গাঠলুঃ আজি ৰাতি ওলাব গীবনলৈ। চবৰে দূধ কা দূধ, পানী কা পানী হৈ যাব। ঠিক আঠবজাত ওলাব। লগত কুকুৰ দুটাও ল’ব। এইবোৰ মই চব মোৰ ‘এল’ৰ পৰা গম পালোঁ।

‘এল’টো শুনি হেকা দা আৰু ৰাকু দা দুয়োৱে একেলগে সুধি দিলে ‘এল’ মানে। গাঠলুৱে লাজ লাজকৈ মোবাইলটো উলিয়াই ফটো এখন দুয়োকে দেখুৱাই ক’লে ‘এল’ মানে ‘লভাৰ’।

ফটোখন দেখি অলপ সময়ৰ কাৰণে হেকা দা আৰু ৰাকু দাৰ মূৰত সৰগখন ভাঙি পৰাৰ দৰে অৱস্থা হ’ল। ৰাকু দাই নিজকে চম্ভালিব নোৱাৰি গৰজি উঠিল ‘তু ইচ লৰকী কা লভাৰ, ৱৌ হৌ হি নেহী চকতা, ঔৰ য়ে লৰকী তুঝে প্যাৰ কৰেগী য়ে মেই হ’নে নেহী দুংগা।’

ৰাকুদাৰ দপদপনি দেখি হেকা দাই মাত লগাইছিলহে ‘আপুনি দেখোন বদমাইছ লৰকী বুলি ইগনৰ কৰিছিল কালি। তদুপৰি তাই কালি মোৰ মোচকোছাৰ তাৰিফ কৰি ফ্লাইং কিছ দিছিল। তেতিয়াৰে পৰা….।’ হেকা দাৰ কথা শেষ হ’বলৈ নাপালেই ৰাকু দাই ‘খামৌছ’ বুলি চিঞৰাৰ লগে লগে চব মনে মনে থাকে। আনকি চোতালত ককককাই ঘূৰি ফুৰা মুৰ্গীটোও।

অলপ সময় চব চুপ চাপ হৈ যোৱাৰ পিছত গাঠলুৱে তাৰ ‘এল’ মানে নিৰ্মালিক লগ কৰিবলৈ গৈ কি হ’ল চব বৰ্ণনা দি যাবলৈ ধৰিলে। (কেমেৰাত ফ্লেশ্ববেক দেখুওৱা হ’ব)

গাঠলুৱে ৰিক্সা এখন লৈ নিৰ্মালিয়ে দিয়া এড্ৰেছ হাইৱেৰপৰা নামি কেচা ৰাস্তা এটাৰে গৈ তিনিঘৰমান পাৰ হৈয়ে একেবাৰে জৰাজীৰ্ণ ঘৰ এটা। ঘৰটোৰ একেবাৰে অৱস্থা শোচনীয়। জপনা/নঙলা একো নোহোৱাত গৰু, ছাগলীৰ অবাধ বিচৰণ। গাঠলু ৰিক্সাৰ ভাড়াটো দি ঘৰটোৰ ফালে খোজ লয়। ঘৰটোৰ চোতালত পৰি থকা শুকান পাতবোৰত খোজ পৰাত নিজান জেগাখিনিত খৰমৰণি এটা হয়। সেই খৰমৰণিৰ শব্দ শুনি নিৰ্মালিয়ে ঘৰটোৰ পিছফালৰ পৰা জুমি চাই আৰু গাঠলুকো সেইফালে আহিবলৈ ইংগিত দিয়ে।

গাঠলু নিৰ্মালিৰ ওচৰ পাই লাজ লাজকৈ কয় ‘ফাৰ্ষ্ট ডেট কোনোবাই এনেকুৱা জেগাত মাৰে নেকি?’

গাঠলুৰ কথা শুনি নিৰ্মালিয়ে টেকেচকৈ মাতে ‘শুন মই তোক ইয়ালৈ ডেট মাৰিবলৈ মতা নাই। খবৰ দিবলৈহে মাতিছোঁ। সেইদিনা গাত কি মূৰটো থ’লো, তোৰ প্ৰেম আৰম্ভ হৈয়ে গ’ল। কামৰ সময়ত কাম, কিহৰ ফটুৱামি। তহঁতে যিটো কামত লাগি আছ তাৰ সন্ধানত মইও আছোঁ। এইবোৰ কাম কৰি আছে আমাৰ গাঁৱৰে কণটি আৰু পেটুৱাই। কণটিয়ে চাল্লা ছয় বছৰৰ আগতে মোক যি ঠগণ দিলে, সেইয়া মইতু নাপাহৰোৱেই কেতিয়াও। তাক জেলৰ ভাত খোৱাইহে এৰিম। সিহঁতৰ কথাৰ পৰা গম পোৱা যাব এসময়ত কণটি আৰু নিৰ্মালিৰ এফেয়াৰ আছিল, কিন্তু কণটিয়ে নিৰ্মালিয়ে গম নোপোৱাকৈ মোমায়েকৰ ঘৰলৈ যোৱাৰ চলেৰে বেলেগ এগৰাকীক বিয়া কৰাই আনে। নিৰ্মালিয়ে কৈ যাব ক’ত কেনেকৈ সিহঁতক ধৰিব পৰা যাব।

নিৰ্মালিঃ মোৰ বুকুত যিটো কামোৰ মাৰিলে কণটীয়ে, সেই ঘাঁ এতিয়া কোনো মলমেই শুকুৱাব নোৱাৰে। আৰু শুন, মই কোৱা এইবোৰ কথা যাতে কাৰো কাণত নপৰে।

ফ্লেশ্ববেক দেখুওৱাৰ পিছত কেমেৰা ঘূৰি আহে আকৌ সিহঁত তিনিটাৰ ওচৰলৈ। ৰাকু দাই চব কথা শুনি ফোনটো চাই চাই কয় ‘এতিয়া তই যা, ৰাতি আহিবি। আমাৰ লগত যাব লাগিব তাই কোৱা জেগালৈ।’

দৃশ্য ৬

ৰাতিপুৱাৰ সময়। এই দৃশ্যত দেখা যাব এল পি স্কুল এখনৰ ফিল্ডত এদল মানুহ। লাহে লাহে কেমেৰা আগবাঢ়িছে মানুহজাকৰ ওচৰলৈ আগবাঢ়িছে। মানুহজাকৰ চিঞৰ-বাখৰত কোনোৱে কাৰো মাত নুশুনা হৈছে। লাহে লাহে কেমেৰা আগবাঢ়িছে আৰু দেখা গৈছে মানুহজাকৰ মাজত হেকা দা আৰু ৰাকু দা এখন চকীত বহি আছে। কাষতে পেটুৱা আৰু কণটি মাটিত বহি আছে। অলপ দূৰৈত গাঠলুৱে মিহি মিহিকৈ ফোণত কাৰোবাৰ লগত কথা পাতি আছে। গাঠলুৱে ফুচফুচুৱা শুনা যাব ‘এই কেইচটো ফিনিচাব পাৰিলে তোক ‘এল’ৰ পৰা ‘ডব্লিউ’ মানে ৱাইফী কৰিম দেহা। অলপ ধৈৰ্য ধৰ।’

কেমেৰা গাঠলুৰ ওচৰৰপৰা আহি ৰাকুদাহঁতক ফকাছ কৰিব। ৰাকুদা, হেকা দা দুয়োৱে কণটি, পেটুৱাক জেৰা কৰি আছে। সিহঁতক গছ কাটি থকাৰ পৰাই উঠাই অনা হ’ল যে ধনাইয়ে স্পাইডাৰ মেনৰ দৰে কাপোৰ পিন্ধিয়েই গুচি আহিবলগা হ’ল।

ৰাকু দাঃ বৌল দৌ চব কে চামনে। কিয়া কিয়া থা তুম দৌনৌ মিলকে? ৰাকুদাৰ হিন্দী শুনি হেকা দাই কাণে কাণে আহি কিবা এটা কৈ যোৱাত আকৌ একেখিনি কথাই অসমীয়াত সুধিলে।

ৰাকুদাৰ মাত শুনি কণটিয়ে টপককৈ মাতিলে মোৰ গাত দোষ নাই। চব এই পেটুৱাৰ কাৰণে হৈছে।

পেটুৱাই কণটিৰ কথা শুনি জকি উঠিল ‘ইহ, মই কি কৰিলোঁ। আপুনিহে কৈ আছিল গীবনত মাটি খান্দিলে বহুত ধন-সোণ ওলাব।’

কণটিঃ সপোন কোনে দেখিছিল তই নে মই। সপোন দেখাৰ নামত গোটেই গীবন খন্দুৱালি আৰু গছবোৰো কটুৱালি।

সিহঁতৰ কাজিয়া দেখি হেকা দা বহাৰপৰা উঠি কাষতে পৰি থকা বেটডাল উঠাই ক’লে ‘তহঁতে এতিয়া সঁচা কথা ক’বিনে জেলৰ ভাত খাবি।’

হেকাদাৰ চিঞৰত দুয়োটা ফেকুৰি উঠিল আৰু কণটিয়ে ফেকুৰি ফেকুৰিয়ে হাত যোৰ কৰি ‘ক’ম ক’ম, চব কৈ যাম’ বুলি মাত দিলে ‘ধনী হ’বলৈ বহুত মন আছিল, নোৱাৰিলোঁ। কিমান লোকৰ ঘৰে ঘৰে কাম কৰিম। মানুহজনীক ভাল পিন্ধিবলৈ লাগে, খাবলৈ লাগে। ল’ৰা-ছোৱালীকেইটাও মাকৰ ফুটতে উঠিছে। (ফ্লাছবেকত দেখুৱাই থাকিব কণটিৰ ঘৰৰ অৱস্থা। মুখেচৰী ঘৈণীয়েকৰ (চবিনা বা) কাণ্ড কাৰখানাবোৰ লগে লগে দেখুৱাই যাব। লোকৰ ঘৰৰ কথাবোৰ কৈ কৈ ঘৈণীয়েকে কেতিয়াবা কণটিক ঘটং দিবলৈও ধৰে। কিন্তু পতি পৰমেশ্বৰ বুলি কথাটো মনত পৰি আকৌ ৰৈ যায়।)

সেইকাৰণে গীবনত ধন-সোণ আছে বুলি পেটুৱাই সপোনত দেখিছিল। তাক লগত লৈ ধন-সোণ বিচাৰি মাটি খান্দিলো যদিও একো নাপালো। তেনেতে এদিন ঘৰৰ কাষৰে ৰাজেনৰ (দেৱজিত শইকীয়া) লগত কথা পাতোঁঁতে কথাই কথাই ওলাল সি বোলে কাঠৰ চোৰাং ব্যৱসায় কৰে। ৰাজেনে বোলে এইবোৰ কাম কৰিয়েই হোণ্ডা চিটী লৈছে, আৰ চি চি বিল্ডিং উঠাইছে আৰু ঘৈণীয়েকক বছৰত এবাৰ ফুৰাবলৈও নিয়ে। কিন্তু সি আজিলৈকে ক’তো ধৰা পৰাই নাই। তেতিয়াৰ পৰা মইও তাৰ লগত লগ হৈ গছবোৰ কাটি চোৰাং কৰি বেচো। লাহে লাহে দুপইচা আৰ্জিবলৈ লৈছিলোঁ। কিন্তু এই ধনাইয়ে এইবোৰ ভালকৈ একো নাজানে, সি মাত্ৰ গছ কাটে আৰু তাক মই পইছা দিওঁ। (ফ্লাছবেকত আকৌ ৰাজেন আৰু কণটিৰ কাৰবাৰবোৰ দেখুওৱা হ’ব)

হেকা দাঃ ক’ত বেচিবলৈ নিয় এইবোৰ। কেতিয়াৰ পৰা চলি আছে এইবোৰ কাম?

কণটিঃ এইবোৰ চব ট্ৰাকত অসমৰ বাহিৰলৈ পঠিয়াওঁঁ চাৰ। প্ৰায় একবছৰ মানৰপৰা কৰি আহিছোঁ এইটো বিজনেছ। লাভ কিন্তু যথেষ্ট হয়। (কথাকেইটা কৈ কণটিয়ে চকুৱে মুখে একাকাৰ হৈ বৈ অহা পানীখিনি হাতেৰে মোহাৰি লৈ হাতটো আকৌ গেঞ্জীত মোহাৰে।)

হেকাদাঃ (দাঁত মুখ কৰচি) চোৰাংকৈ কাঠ বেচিছ আৰু লাভৰ কথা ক’বলৈ আহ। ননচেঞ্চ। আৰু পেটুৱা তোৰ সপোন একা। আৰু এইবোৰ কি এইবোৰ? লংপেন্টৰ ওপৰত সৰু পেনটো যে কি ড্ৰেছ কৰিছ এইবোৰ?

(হেকা দাৰ প্ৰশ্নত কান্দি থকা পেটুৱাই বাহিৰলৈ ওলাই আহিবলৈ ধৰা নাকৰ পানীখিনি উজাই লৈ কৈ যায়)

পেটুৱাঃ চাওক মই সঁচাকৈয়ে কৈছোঁ মই সপোন দেখাতো সঁচা। আগতে গাঁৱৰে টিৰ খেলবোৰত মোৰ সপোন লগাইয়ে কণটি দাই বহুত বাৰ পইচা পাইছে। তাৰোপৰি এদিন সপোনত কণটি দাৰ ঘৰৰ তামোলৰ গাতটোও দেখিলোঁ যিটো কণটিদাই পাহৰি গৈছিল। পিছদিনা গৈ এনেই সুধিলোঁ যে আপোনাৰ তামোলৰ গাতটো এইখিনিতে আছে ন। খান্দি চাই দেখে সঁচাকৈয়ে তামোলবোৰ তাতে আছে। তেতিয়াৰ পৰাই কণটিদাই মোৰ লগ নেৰে। সদায় সোধে সপোনৰ কথা। কেতিয়াবা অশান্তি লাগি মিছাকৈয়ে কৈ দিওঁ। তাৰপিছত মাটি খন্দাৰ পৰা গৈ গছ কাটিবলৈ লগাই। মইও এনেই কৈ দিওঁ সপোনত দেখাৰ কথা।

কথাবোৰ কৈ পেটুৱাই ভে ভেকৈ কান্দিয়ে দিলে। তাক কাষতে বহি থকা কণটিয়ে গায়ে মূৰে হাত ফুৰাই বুজোৱাত লাগিল।

সিহঁতৰ কথাত খং উঠি ৰাকুদাই বহাৰপৰা উঠি পেন্টৰ বেল্টডালত ওলোমাই থোৱা পিষ্টলটো উলিয়াই সিহঁতলৈ টোৱাই ‘পুলিচ কৌ ঝুঠ বলতা হেই। বৌল অভি গুলী খায়েগা ঔৰ জেইল কা ভাত।’

ৰাকুদাৰ খং দেখি হেকা দা উঠি আহি কোনোমতে বুজাই বঢ়াই ক্ষান্ত কৰাই।

দৃশ্য ৭

এই দৃশ্যত দেখা যাব কণটি, পেটুৱা আৰু ৰাজেনৰ কৰ্টত কেছ চলি থকা। (মাজে মাজে কেনেকৈ হেকা দা, ৰাকু দাই মিছনটো চাকচেছ কৰিলে তাৰ ফ্লেছবেক দেখুওৱা হ’ব।) কেছত হৰাৰ পিছত সিহঁতক হাতত হেণ্ডকাৰ্ফ লগাই জেললৈ লৈ যাব। ৰাজেন আৰু কণটিৰ পাঁচবছৰৰ কাৰণে জেইল আৰু পেটুৱাৰ দোষ কম কাৰণে ডেৰ বছৰৰ। সিহঁতক হেণ্ডকাৰ্ফ পিন্ধি লৈ গৈ থাকোঁতে কণটিয়ে ভাবি যাব এইবোৰৰ খবৰ দিয়া ইনফৰ্মাৰ কোন? ইফালে গিৰিয়েকৰ পাঁচবছৰৰ জেলৰ খবৰ পাই কণটিৰ ঘৈণীয়েকে ল’ৰা-ছোৱালীকেইটাক বুকুতে লৈ হিয়ালি জিয়ালিকৈ কান্দিব। তাইৰ কান্দোন শুনি নিৰ্মালিয়ে কৃত্ৰিম সমবেদনা জনাবলৈ আহি এসোতা কান্দি থৈ যায়।

সিফালে কৰ্ট কাছাৰী সামৰি হেকা দা, ৰাকু দা আৰু গাঠলুক দেখা যাব নিৰ্মালিৰ লগত। তিনিওটাই তাইক টনা আজুৰা কৰি থাকোঁতে চেগ বুজি ৰাকু দাই নিৰ্মালিক টানি লৈ ভাটৌ ৰঙৰ অল্ট’ত উঠাই উধাও হয়। ইফালে হেকা দা গাঠলুৱে বিফল প্ৰেমৰ পৰিণতিত হিয়া ধাকুৰি কন্দাত লাগে। (হঠাতেই হেৰাল কেনি মোৰ চোতালৰে জোনাক, গানটো কৰুণ সুৰেৰে বাজি উঠিব।)

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *