ফটাঢোল

হাঁহি-ধেমালি – কুল শইকীয়া

এতিয়া অৱশ্যে হাঁহিকো থেৰাপী হিচাপে ল’ব লগা হৈছে। চিকিৎসাৰ অন্তর্ভুক্ত এক শৈলী হোৱাৰ লগে-লগে এনেকুৱা ভাব হৈছে যে কোনোবা স্বাস্থ্য নীতিৰ পণ্ডিতে চুপাৰিশ কৰা বাবেহে, দৰবৰ লিষ্টত লিখি দিয়া দৰবৰ দৰে, বা পথ্যবিদে পৰামর্শ দিয়া খাদ্যপ্রাণ সংপৃক্ত খাদ্য তালিকাৰ দৰে, যিটো হয়তো আমি সাধাৰণতে খাই বৰ সন্তোষ নাপাবও পাৰো– ধৰক, চৰিতা তিতা, নিমপাতৰ ভাজি– ঠিক আমাৰ সুস্বাস্থ্যৰ বাবে বা হৃত যৌৱনৰ গৌৰৱ ফিৰাই অনাৰ বাবেহে আমি হঁহাৰ কছৰৎ কৰিবলগীয়া হৈছো। ডাঙৰ-ডাঙৰ মহানগৰীত এনেকুৱা ধৰণৰ কায়দাৰ হেতু লাফিং ক্লাবৰ ব্যৱস্থা কৰা হৈছে, মানুহে প্ৰভাতী পখীৰ গান শুনাৰ ব্যৰ্থ প্ৰয়াসেৰে টাউনীয়া পাৰ্কত সমবেত হৈছে, আটায়ে লগ লাগি অট্টহাস্য কৰিছে, দিল খুলি হঁহাৰ প্ৰয়াস কৰিছে– এক সামূহিক প্ৰচেষ্টা– আন্তৰ্জাতিকভাৱে বিশ্ব হাঁহি দিৱসৰ উৎসৱ পালিত হৈছে।

ক’ৰবাত পঢ়িছিলো হাঁহিলে মানুহৰ মুখমণ্ডলৰ দুশৰো অধিক মাংসপেশী সঞ্চালিত হয়, স্বাস্থ্যৰ হিতকাৰী হৰম’ন নিঃসৃত হয় যিয়ে মানুহৰ দেহ আৰু মনক সজীৱ কৰি ৰাখে, জীৱকোষবোৰৰ নিজস্ব বিভাজন, পুনৰ্গঠন আদিৰ ক্ৰিয়া-প্ৰক্ৰিয়াৰ নিয়ম মাফিক প্ৰণালীক সক্ৰিয় কৰি ৰাখে। অৰ্থাৎ হাঁহিয়ে অকল মনৰ ভিতৰৰ সুখময় দিশ এটাকে অকল প্ৰতিফলিত নকৰে, বৰং ইয়াৰ এটা দৈহিক জগতৰ উপকাৰ সাধিবৰ ক্ষমতা থকাটো বিজ্ঞানসন্মত কথা।

পিচে মুখত এমোকোৰা হাঁহিৰ ফাকুগুৰি সানিলেই সি মানসিক সমৃদ্ধি-সম্ভোগৰ দৃশ্যমান প্রতিনিধি বুলি সম্প্রতি মানি ল’বলৈ টান হৈ পৰিছে। ফেছন মডেল, ডাঙৰ-ডাঙৰ চিত্ৰতাৰকা, বিশ্বসুন্দৰীৰ প্রতিযোগীসকলে কম্পিউটাৰৰ মনিটৰ চাই সর্বাংগসুন্দৰ, নিজৰ সৌন্দর্য, দেহৰ ৰং ভাঁজৰ লগত ৰজিতা খাই পৰা হাঁহিৰ মুখা পিন্ধিব পৰা হৈছে, দেখাত সেইবোৰ হাঁহিভৰা মুখে এনে এক ধাৰণা আনি দিব পৰা হৈছে যে ব্যক্তিবিশেষৰ সেই বিশেষ হাঁহিটোত বাদে আৰু বেছি খাপ খাই পৰা হাঁহি হয়তো তেওঁৰ মুখত আহিব নোৱাৰে।

অৱশ্যে হাঁহিৰ যোগান ধৰাৰ বাবেই সৃষ্টি হয় বহু ব্যংগ চিনেমা, টিভিৰ চিৰিয়েল, নাটক, কাহিনী বা ব্যংগচিত্র/কার্টুনৰ আলোচনী। এইখিনি কথাৰ অর্থ এইটো হ’ব নোৱাৰে যে কার্টুন বা ব্যংগচিত্র মানেই হাঁহিৰ খোৰাকেই অকল হ’ব। সময়ে-সময়ে বিশ্ববিখ্যাত কার্টুনিষ্টৰ কাৰ্টুন দেখি এনে ভাব হয় যেন চিত্ৰখনৰ আঁকবাকে আমাক হয়তো নিশ্চিতভাৱে কিছু হঁহুৱাইছে ঠিকেই, কিন্তু আমাৰ মনত যেন তাতকৈ বহু বেছি কিবা এটা গভীৰ ধৰণৰ, হাঁহিৰ খোৰাক নথকা ভাব আহি পৰিছে, আমি যেন আমাৰ চাৰিওফালৰ ঘটি থকা ঘটনা কিছুমানক বেলেগ ধৰণে চাব শিকিছোঁ, তাৰ ভিতৰত অদৃশ্য হৈ থকা দিশ কিছুমান আমি গম নোপোৱাকৈয়ে অৱলোকন কৰিবলৈ লৈছো। আমেৰিকাত এটা সময়ত মিকি মাউছ বা ড’নাল্ড ডাকৰ সৃষ্টিয়ে সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহক আমোদ দিয়াৰ লগতে অন্যান্য সামূহিক উদ্দেশ্যও সাধন কৰিব পাৰিছিল বুলি আমি পঢ়িছো। অনাদায় কৰ পৰ্যন্ত পৰিশোধ কৰিবলৈকো কার্টুন চৰিত্ৰই উল্লেখযোগ্য ধৰণে জনসাধাৰণক হেনো উদ্বুদ্ধ কৰিছিল। এই দুটা কার্টুন চৰিত্ৰই আজিও বিশ্বৰ ইমূৰৰপৰা সিমূৰলৈ হাস্য-ব্যংগৰ ৰসেৰে আমাক আহ্লাদিত কৰি আহিছে। ইমান দূৰলৈ নগৈও আমাৰ নিজস্ব দেশ-প্রদেশতো এনে ধৰণৰ প্রচেষ্টা চকুত পৰে৷ ৰসৰাজ বেজবৰুৱাৰ কৃপাবৰ নামৰ কাল্পনিক চৰিত্ৰৰ বৰ্ণনাধর্মী বিৱৰণ বা ৰেখাংকনে সেই সময়ত সমাজৰ বিভিন্ন দিশৰ প্ৰতি ৰাইজৰ দৃষ্টি আকৰ্ষণৰ বাবে কৰা প্রয়াস আমি পাহৰিব পাৰোনে? সেয়েহে ড° মহেশ্বৰ নেওগে হ’বলা কৈছে, ‘অসমীয়া সাহিত্যলৈ তেওঁৰ এটি অনুপম দান কৃপাবৰ। … কৃপাবৰ বৰবৰুৱাৰ নিচিনা এটি বস্তু অসমীয়াই কোনো দিনে দেখা পোৱা নাছিল আৰু আগলৈকো যে পাব কোনেনো ক’ব?’

অসমত সম্প্রতি কেবাজনো কার্টুনিষ্টৰ সৃষ্টি বিভিন্ন আলোচনী কাকত-পত্র আদিত দেখিবলৈ পাওঁ। তেওঁলোকৰ অঙ্কনৰ বৈশিষ্ট্য, আলোচিত বিষয়বস্তু, শিৰোনাম বা captionৰ ওপৰত কিছুকাল আগে ঠাইবিশেষত আমি কৰিছিলো। কিন্তু কথা হ’ল, তেনে ধৰণৰ আলোচনা বা কার্টুনক লৈ বিশ্লেষণাত্মক নিবন্ধ খুব কমেই অসমত সম্ভৱতঃ লিখাৰ চেষ্টা চলোৱা হৈছে। যাৰ ফলত ব্যংগ চিত্ৰকাৰ এজনে নিজৰ সৃষ্টি কি ধৰণে আনৰ চকুত পৰিছে, কেনে ধৰণৰ প্ৰভাৱ সেইবোৰে আনৰ হৃদয়লৈ কঢ়িয়াই আনিছে, বা তেওঁৰ আংগিক বা ষ্টাইলত কি ৰকমৰ ভাল বা বেয়াৰ সংমিশ্ৰণ ঘটিছে এইবোৰ সম্পৰ্কত শিল্পীগৰাকী অন্ধকাৰতে থাকি যায়। ব্যংগ চিত্ৰৰ উত্তৰণৰ বাবে এনেধৰণৰ আলোচনা-বিলোচনা বৰ আৱশ্যকীয় বুলি আমাৰ ভাব হয়।

বেছি দীঘলীয়া নকৰাকৈ শেষত আৰ কে লক্ষ্মণ নামৰ কার্টুনিষ্ট গৰাকীয়ে নিজৰ সৃষ্টিৰ বিষয়ে কৰা মন্তব্য এটাৰ খণ্ড বিশেষ উদ্ধৃত কৰি দিলোঁ: ‘…My business is to mind the areas of laughter and stimulate the sense of humour of the people. Laughter is essential for survival.’

■■

16 Comments

  • মাধুৰীমা

    প্ৰিয় লেখকজনৰ লেখা ফটাঢোলত দেখি বৰ ভাল লাগিছে।

    Reply
  • আপোনাৰ লেখনিয়ে আলোচনীখনৰ গুণগত মানদণ্ড উন্নত কৰিলে৷ কৃতজ্ঞতা জনালো৷

    Reply
  • বৰ সাৰুৱা কথা লিখিলে চাৰ! আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাত সহাৰি জনাই লিখাটো দিয়া বাবে অশেষ ধন্যবাদ থাকিল ৷ আশাকৰো ভৱিষ্যতেও এনেদৰে উৎসাহ উদ্দিপনা দি থাকিব ৷

    Reply
  • ৰিণ্টু

    ই-আলোচনীখনত আপোনাৰ লেখনী পঢ়িবলৈ পাই আপ্লুত হ’লো। আপোনাৰ লেখনীয়ে ই-আলোচনীখনৰ সৌষ্ঠৱ বহুগুণে বৃদ্ধি কৰিলে।

    অশেষ ধন্যবাদ চাৰ

    Reply
  • গীতালি

    প্ৰিয় লেখকজনৰ লেখা ফটাঢোলৰ ই-আলোচনীত পঢ়িবলৈ পাই আপ্লুত হ’লো

    Reply
  • আপোনাৰ লেখনিয়ে আলোচনীখনক সমৃদ্ধ কৰিলে। ধন্যবাদ চাৰ।

    Reply
  • অসমী গগৈ

    হয়, এটা নিৰ্ভেজাল নিষ্কলুষ হাহিঁয়ে মহৌষধৰ কাম কৰে। ভাল পালো পঢ়ি।

    Reply
  • হিৰণ্যজ্যোতি দাস

    পঢ়ি ভাল পালো ৷

    Reply
  • Sankar jyoti Bora

    প্ৰিয় লেখকজনৰ লেখা ফটাঢোলৰ ই-আলোচনীত পঢ়িবলৈ পাই আপ্লুত হ’লো।

    Reply
  • আপোনাৰ লেখাই আলোচনী খনক অনন্য মাত্ৰা প্ৰদান কৰিলে চাৰ ।

    Reply
  • অভিজিত মেধি

    ছাৰক আমাৰ মাজত পায় সচাকৈয়ে গৌৰৱ অনুভৱ হৈছে।

    Reply
  • ছাৰ আপোনাৰ লিখনীয়ে ই-আলোচনী খনৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে ৷ অশেয় ধন্যবাদ আৰু কৃতজ্ঞতা আপোনাক ৷

    Reply
  • বলেন বৰ্মন

    হাহিঁৰ ঔষধি গুণসমুহ আপোনাৰ লেখনিৰ জৰিয়তে জানি সুখী হ’ লো।

    Reply
  • ফটা ঢোলৰ আলোচনীত আপোনাৰ লেখাটিয়ে সৌষ্ঠৱ বৃদ্ধি কৰিলে। পঢ়ি ভাল পালোঁ।

    Reply
  • Kula saikia

    পঢ়ি ভাল পালে ভাল লাগে-

    Reply
  • Kula saikia

    -সবকে কৃতজ্ঞতাৰে

    Reply

Leave a Reply to অভিজিত কলিতা Cancel reply

Your email address will not be published. Required fields are marked *