ফটাঢোল

দণ্ডিনাথ কলিতাৰ ব্যংগাত্মক গদ্য ৰচনাৰ ওপৰত চমু আলোকপাত – চবিনা ইয়াচমিন

অসমীয়া ভাষা সাহিত্যৰ উন্নতি আৰু সমৃদ্ধিৰ পথত একাগ্ৰভাবে জড়িত থকা এজন প্ৰখ্যাত সাহিত্যিক হ’ল দণ্ডিনাথ কলিতা৷ তেওঁৰ জন্ম হৈছিল ১৮৯০ চনৰ ৩০ জুনত তেজপুৰ নগৰৰ কেতেকীবাৰী গাৱঁত৷ তেওঁৰ পিতৃ আছিল মঙ্গলৰাম কলিতা আৰু মাতৃ আছিল জোনাকী কলিতা৷ তেওঁলোকৰ সৰ্বমুঠ পাঁচোটা সন্তানৰ ভিতৰত দণ্ডিনাথ কলিতা আছিল দ্বিতীয়৷ কলিতাদেৱৰ দেউতাক আছিল এজন দুখীয়া খেতিয়ক৷ পাঁচোটি সন্তানক স্কুলত পঢ়োৱাতকৈ খেতিপথাৰত মনোযোগেৰে কাম কৰাটোতহে দেউতাকে অধিক গুৰুত্ব দিছিল৷ কিন্তু দণ্ডিনাথ কলিতাৰ আছিল শিক্ষাৰ প্ৰতি অসীম ধাউতি আৰু বুদ্ধিমত্তা অত্যন্ত প্ৰখৰ৷ আৰ্থিক অনাটন আৰু পাৰিবাৰিক দুৰ্যোগে তেওঁৰ সাহিত্য-সাধনাত আউল লগাব পৰা নাছিল৷

পিতৃ-মাতৃৰ বাধাক নেওচী তেওঁ প্ৰথমে গোপনে কাঁহদল বিদ্যালয়লৈ গৈ বাহিৰৰ পৰা শিক্ষকে ছাত্ৰসকলক পাঠদান কৰা কাৰ্য্য মনোযোগেৰে চাইছিল৷ দেউতাকৰ বাধাৰ স্বত্বেও সৰু ল’ৰাটিৰ আগ্ৰহ দেখি শিক্ষকে তেওঁক প্ৰথমমান শ্ৰেণীত বহিবলৈ দিলে৷ অত্যন্ত প্ৰখৰ বুদ্ধিমত্তাৰ বাবেই তেওঁ তিনিমাহ পঢ়িয়েই তৃতীয় শ্ৰেণী পালেগৈ৷ শিক্ষকৰ মুখেৰে পুতেকৰ প্ৰশংসা শুনি দেউতাক খংত জ্বলি উঠে আৰু পুতেকক চিৰ দিনলৈ স্কুল যোৱা বন্ধ কৰি দিয়ে৷ কিন্তু বিদ্যালয় কৰ্তিপক্ষই তেওঁক বিনামূলীয়াকৈ শিক্ষা দিবলৈ মান্তি হোৱাত দেউতাকে হয়ভৰ দিয়ে৷ শিক্ষকসকলৰ সহায়-সহযোগিতাত কলিতাদেৱে প্ৰাৰ্থমিক বিদ্যালয়ৰ বৃত্তি লাভ কৰিছিল৷ সেই টকাৰে ছাত্ৰ বৃত্তি স্কুলত নাম লগাই তাৰ পৰাও জলপানীসহ ছাত্ৰ বৃত্তি পাছ কৰি তেজপুৰ হাই স্কুলৰ শিক্ষা সাং কৰি ১৯১১ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা জলপানীসহ মেট্ৰিক পাছ কৰিলে৷ ইয়াৰ পিছত কটন কলেজত তেওঁ বি.এ. শ্ৰেণীৰ শেষ পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ জ্ঞান আহৰণ কৰি সমাজৰ কল্যাণ সাধন কৰাটোৱেই দণ্ডিনাথ কলিতাৰ জীৱনৰ স্বপ্ন আছিল যদিও আৰ্থিক অনাটনৰ বাবে তেওঁ ইয়াৰ পিছত আৰু পঢ়িব নোৱাৰিলে৷ তেওঁ সেই বছৰতে জ্ঞানদানৰ উদ্দেশ্যে স্থানীয় তেজপুৰ হাই স্কুলত সহকাৰী শিক্ষক হিচাপে যোগদান কৰে৷ স্নাতক ডিগ্ৰী ল’ব নোৱাৰিলেও পৰৱৰ্তী কালত শিক্ষকতা কৰি থাকোঁতে তেওঁ শিক্ষাদান বিষয়ক এবছৰীয়া প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিল৷ দণ্ডিনাথ কলিতা এগৰাকী সফল শিক্ষাবিদ হোৱাৰ মূল কাৰণ হ’ল সময়-জ্ঞান, ন্যায়-নিষ্ঠা আৰু কৰ্তব্য-নিষ্ঠা৷

১৯২৪ চনত দণ্ডিনাথ কলিতাই কমলেশ্বৰী শইকীয়াক বিয়া কৰাই আৰু ছজন পুত্ৰ আৰু পাঁচজনী কন্যাৰ পিতৃ হয়৷ তেওঁ আছিল এজন আদৰ্শ স্বামী আৰু পিতৃ৷ তেওঁ ছাত্ৰাৱস্থাৰ পৰাই সমাজ-সংগঠনৰ কামত ব্ৰতি আছিল৷ আৰু তেওঁৰ এই ধৰণৰ কামৰ মুখ্য সহযোগী আছিল কৰ্মবীৰ চন্দ্ৰনাথ শৰ্ম্মা৷ দণ্ডিনাথ কলিতাই বিধবা বিবাহ সমৰ্থন কৰিছিল আৰু তেওঁৰ সাহিত্যৰাজিতো এনেধৰণৰ চিন্তাৰ প্ৰতিফলন দেখিবলৈ পোৱা যায়৷

১৯৪৮ চনত কলিতাদেৱৰ বৰপুত্ৰ হিৰণ্যৰঞ্জনৰ আকস্মিক মৃত্যুত তেওঁ ভাগি পৰিল৷ ইয়াৰ পিছৰ পৰাই দীৰ্ঘদিন ধৰি অসুখত ভুগি ১৯৫৫ চনৰ ১৫ মে তাৰিখে তেজপুৰৰ লম্বোদৰ বৰা পথৰ নিজ বাসভৱনত কলিতাদেৱৰ মৃত্যু হয়৷ তেওঁৰ বয়স আছিল তেতিয়া মুঠেই ৬৫ বছৰ৷ তেওঁৰ মৃত্যুত অসমবাসীয়ে এগৰাকী নিষ্ঠাবান সাহিত্যিক হেৰুৱালে৷

দণ্ডিনাথ কলিতাই তেওঁৰ সাহিত্যিক জীৱন আৰম্ভ কৰিছিল কবিতাৰে৷ মাত্ৰ সপ্তম শ্ৰেণীত থাকোতেই তেওঁ খুহুটীয়া কবিতা লিখিবলৈ আৰম্ভ কৰিছিল৷ পিছলৈ বিভিন্ন বিষয়ৰ বহু কবিতা, প্ৰবন্ধ আদি ৰচনা কৰি সাহিত্য চৰ্চাত মনোনিৱেশ কৰে৷ তেওঁ অষ্টম শ্ৰেণীত থাকোতেই ‘ফুল’ নামৰ প্ৰথম ঐতিহাসিক উপন্যাসখন ৰচনা কৰে৷ অন্ধবিশ্বাস, কু-সংস্কাৰ, দুৰ্ণীতি, ভণ্ডামি আদিৰে ভৰা অসমীয়া সমাজখনৰ সংস্কাৰ সাধন কৰাই আছিল কলিতাদেৱৰ জীৱনৰ মূল উদ্দেশ্য৷ তেওঁৰ ৰচনাৰাজিৰ মাজত এই বিপ্লৱী চেতনাৰ প্ৰকাশ ঘটিছিল৷ তেওঁ আছিল একাধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, গল্পকাৰ, ব্যংগাত্মক কাহিনী প্ৰণেতা, জীৱনী লেখক, সংস্কৃত নাটকৰ সাধু প্ৰণেতা আৰু নাট-পুথি প্ৰণেতা৷

এই প্ৰবন্ধটিত দণ্ডিনাথ কলিতাৰ একমাত্ৰ ব্যংগাত্মক গদ্য ৰচনা ‘আত্মানন্দৰ আত্মকাহিনী’ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ লৈছো৷ অসমীয়া সাহিত্যত দণ্ডিনাথ কলিতাৰ হাস্য-ব্যংগ কবি হিচাপে এক বিশেষ স্থান আছে৷ অসমীয়া হাস্য-ব্যংগ কবিতাৰ বাটকটীয়াসকল হৈছে হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, বলীনাৰায়ণ বৰা, লক্ষ্মীনাথ বেজৰুৱা আদি৷ হাস্য-ব্যংগ লেখক হিচাপে কলিতাদেৱৰ স্থান বেজবৰুৱাৰ পিছতে৷ তেওঁৰ একমাত্ৰ ব্যংগাত্মাক গদ্য ৰচনা হৈছে ‘আত্মানন্দৰ আত্মকাহিনী’৷ ৰচনাকাল ১৯৩৫ চন৷ দণ্ডিনাথ কলিতা আছিল এগৰাকী শক্তিশালী গদ্য লেখক৷ তেওঁৰ দ্বাৰা ৰচিত কাব্য গ্ৰন্থসমূহে ভাষা আৰু ছন্দৰ ক্ষেত্ৰত যিদৰে এক নিজস্ব পদ্যশৈলী সৃষ্টি কৰিছিল সেইদৰে গদ্যৰ ক্ষেত্ৰতো এক নিটোল গদ্যশৈলীৰ সৃষ্টি কৰিছিল৷ তেওঁ ব্যংগাত্মক গদ্য ৰচনা ‘আত্মানন্দৰ আত্মকাহিনী’ৰ প্ৰস্তাৱনাটোও এক প্ৰকাৰে ব্যংগ কৰিয়েই লিখিছে৷ উদাহৰণ স্বৰূপে- “আত্মজীৱনী, আত্মকাহিনীৰ ডলুৱা ভুতটোৰ জন্মস্থান যদিও সাত সাগৰৰ সিপাৰত, তথাপি সি সুৰ সুৰ কৰে আহি আমাৰ মেমেৰা-চেৰেলা প্ৰাণীকেইটিৰ গাতো নলম্ভাকৈ এৰা নাই৷ তাৰ ফলত বহুতো সভ্য-ভব্য ডাঙৰীয়াই থৰ-কাছুতি এৰি, নিজৰ আৰু ঘৰৰ সকলো কথা বাজ কৰি লোক সমাজত কিবা এটা হৈ ডেও দি ফুৰিছে৷……..”

ব্যংগাত্মক ৰচনাখনিত তেওঁ সৰ্বমুঠ বাৰটা কাহিনী অন্তৰ্ভুক্ত কৰিছে৷ সেইকেইটা হ’ল ক্ৰমে- ১) ঈশ্বৰক কোনে পায় (১৮৪৮ শক), ২) ভুগোল শিক্ষা (১৮৩২শক), ৩) দুৰ্ভিক্ষ-ভঁৰাল (১৮৪৮ শক), ৪) স্বদেশী প্ৰচাৰ (১৮৫৬ শক), ৫) কলেৰা নিবাৰণ (১৮৪৮ শক), ৬) ছৰ্দা-আইন (১৮৫৬ শক), ৭) সনাতন ধৰ্ম (১৮৫৬ শক), ৮) দণ্ডবিধি-আইন (১৮৪৮ শক), ৯) চৰ্পতৰ গুণ (১৮৩২ শক), ১০) পিতৃ-পিতামহৰ ধৰ্ম (১৮৫৭ শক), ১১)বিয়াৰ প্ৰয়োজন (১৮৪৮ শক) আৰু ১২) পৰাচিত (১৮৫৭শক)৷ কলিতাদেৱে ৰচনাখনিৰ প্ৰতিটো কাহিনীতে সমসাময়িক সমাজত প্ৰচলিত অন্ধবিশ্বাস, দুৰ্নীতি, ভণ্ডামি আদি বিভিন্ন দিশসমূহ সুন্দৰ আৰু তীব্ৰ ভাবে ব্যংগ কৰিছে৷ এই কাহিনীসমূহৰ মাজেদি তৎকালীন অসমীয়া সমাজৰ নৈতিক অধঃপতনৰ এক সুন্দৰ ছবি তেওঁ তুলি ধৰিবলৈ সক্ষম হৈছে৷ এই ৰচনাখনিৰ কাহিনীবোৰৰ আন এক উল্লেখযোগ্য দিশ হ’ল– এই কাহিনীবোৰৰ জৰিয়তে কলিতাই অসমীয়া সামাজিক, ৰাজনৈতিক আদি বিভিন্ন বিষয়ত এহাতেদি ‘কৌতুক সৃষ্টি কৰিছে’ আৰু আনহাতেদি ‘সমাজৰ গ্লানিৰ ওপৰত আঙুলিৰ চোকা নখ বহুৱাই দিছে৷’ ( মহেশ্বৰ নেওগ : অসমীয়া সাহিত্যৰ ৰূপৰেখা, পৃ. ২৮৩) এই কাহিনীসমূহে কলিতাদেৱৰ বুদ্ধিদীপ্ত হাস্যৰস প্ৰকাশ কৰাৰ লগতে তেওঁৰ সূক্ষ্মপৰ্য্যবেক্ষণ শক্তি আৰু ভাষাৰ অদ্ভুত প্ৰকাশিকা শক্তিৰ পৰিচয় দিয়ে৷ দণ্ডিনাথ কলিতাই নিজে আত্মানন্দৰ ৰূপ লৈ সমাজৰ ভণ্ডামি, দুৰ্নীতি, অপশিক্ষা, কু-সংস্কাৰ, বাল্য বিবাহ, স্বাৰ্থপৰতা আদিলৈ আঙুলিয়াই দি ব্যংগাত্মক ভংগিমাৰে সেইবোৰ নিৰাময়ৰ ইংগিত দিছে ‘আত্মানন্দৰ আতমকাহিনী’ত৷ ৰচনাখনিত সন্নিবিষ্ট কাহিনীবোৰৰ কথনভংগিয়ে মানুহক হহুৱায়ো আৰু কন্দুৱায়ো৷ তাত প্ৰয়োগ কৰা তেওঁৰ বুদ্ধিদীপ্ত ভাষাই ‘আত্মানন্দৰ আত্মকাহিনী’ক এক সুকীয়া মৰ্য্যদা প্ৰদান কৰিছে৷ মুঠতে উনবিংশ শতিকাৰ অসমীয়া সমাজৰ আন্ধাৰ ফালটোৰ এক দলিল বুলি ‘আত্মানন্দৰ আত্মকাহিনী’ক অভিহিত কৰিব পাৰি৷ তাৰে এটি কাহিনীৰ কিছু কথা তলত উল্লেখ কৰা হ’ল৷

ৰচনাখনিত সন্নিবিষ্ট “ঈশ্বৰক কোনে পায়?” কাহিনীটোত এচাম লোকে ঈশ্বৰক লাভ কৰাৰ নামত কৰা ভণ্ডামিক সুন্দৰভাৱে তুলি ধৰিছে, যেনে-

” মই আকৌ সুধিলো, ‘ঈশ্বৰক কোনে পায়?’

তেওঁ ক’লে, ‘ঈশ্বৰ ক’ত থাকিব; তেওঁ সৰ্বত্ৰ বিৰাজমান৷’

মই ক’লো, ‘যদি সেয়ে হয়, ঈশ্বৰক নোপোৱাকৈ কোনো থাকিব নোৱাৰে৷ তেনেহ’লে সি ধাৰ্মিকেই হওক বা অধাৰ্মিকেই হওক বা অসাধুৱেই হওক৷ ৰজা-প্ৰজা, বামুণ-চঁৰাল, মতা-তিৰোতা, মানুহ-গৰু, বাঘ-ঘোং…..আদি কৰি সকলো যদি ঈশ্বৰৰ অন্তৰ্গত, তেন্তে তেওঁক নোপোৱাকে সাৰিব কেনেকৈ? আৰু যদি আপুনি এনে কাৰোবাৰ কথা কৈছে যি বৰ খুঁটাৰ ওচৰত বৰ গাৰুত আঁউজি, কথা পাগুলি, কাৰ পৰা কি আদায় কৰিব তাৰ চিন্তাত মগ্ন থাকে আৰু ভক্তসকলে দুৱৰী, প্ৰহৰী, ৰাজ-মেধি, পাখি-মেধি, নাইবা চাপ্ৰাছী বেহেৰাক সন্তোষ্ট কৰিহে তেওঁৰ কাষ চাপিব পাৰে, তেন্তে সেইজনক নোপোৱাটোৱেই মংগল৷ সেই দেখি এইটো নিশ্বয় যে হয় ঈশ্বৰ নাই, নহয় তেওঁক সকলোৱেই পাব?’

মোৰ কথাত সেই মূৰ্তিয়ে মুখ বিকটাই অলপমান বেলি টেলেকা-টেলেকিকৈ চাই থাকি ক’লে, ‘আপুনি যাওক৷ আপুনি হয় নাস্তিক, নহয় পাগল ৷’

‘ভাল কথা’—এই বুলি মই যোৱা বাটেই গুচি গ’লো৷”

দণ্ডিনাথ কলিতাৰ ব্যংগাত্মক ৰচনাখনিৰ কাহিনীসমূহৰ ব্যংগ অতি চোকা হোৱাৰ লগতে হাস্যৰসাত্মকো৷

■■

21 Comments

  • খুৱ ভাল লাগিল চবীনা! কলিতা দেৱৰ বিষয়ে বহু নজনা কথা জানিবলৈ থাকি গ’ল ৷ বিশ্বাস কৰা, মই তেখেতৰ বিষয়ে ইমান কনো নেজানিছিলো ৷ ভৱিষ্যতে এনে প্ৰবীন সকলক ৰাইজৰ মাজলৈ লৈ আহিবা বুলি আশা কৰিলো যাতে নতুন প্ৰজন্মই তেওলোকক জানিবলৈ পায় ৷
    লিখাটোৰ বাবে ধন্যবাদ ৷ ফটাঢোলৰ ভবিষ্যত যাত্ৰাত সংগ দিবা বুলি আশা কৰিলো ৷

    Reply
    • কলিতা দেৱৰ ব্যংগ সাহিত্যৰ বিষয়ে বহু কথা আছে৷ পৰৱৰ্তী সংখ্যাবোৰত এই বিষয়ে লিখিবলৈ যত্ন কৰিম দাদা৷ পঢ়ি চোৱাৰ বাবে ধন্যবাদ৷

      Reply
  • Manisha Kakati

    ভাল পালো পঢ়ি…

    Reply
  • Diganta K Bhattacharya

    ভাল লেখা!!

    Reply
  • উপকৃত হ’লো

    Reply
  • গীতালি

    সুন্দৰ তথ্যসমৃদ্ধ লেখা। এনেধৰণৰ লেখনীৰ খুব প্ৰয়োজন এখন আলোচনীত। ভাল লাগিল পঢ়ি

    Reply
  • ৰিণ্টু

    সুন্দৰ লেখনী, খুব ভাল পালো পঢ়ি। ভবিষ্যতেও এনেধৰণৰ তথ্যসমৃদ্ধ লেখা ফটাঢোলৰ মজিয়াত পঢ়ি থাকিবলৈ পাম বুলি আশা ৰাখিলো

    Reply
  • এই লেখাটোৰ চিকুয়েল লাগে। দণ্ডিনাথ কলিতাদেৱৰ বিষয়ে আমি বহুত কথাই নেজানো। চবিনাক ধন্যবাদ জনালো।

    Reply
  • লিপিকা

    ভাল লাগিল পঢ়ি বা , তথ্যসমৃদ্ধ লেখা।

    Reply
  • কবীন্দ্ৰ ডেকা

    তুলনামূলকভাৱে উন্নতমানৰ হৈছে ।ধন্যবাদ

    Reply
  • এখেতৰ বিষয়ে বিশেষ নাজানিছিলোঁ। বহু কথাই জানিব পাৰিলো।।
    সুন্দৰ প্ৰবন্ধ। চাবিনা, পঢ়ি উপকৃত হ’লো।

    Reply
  • সমীৰ শংকৰ দত্ত

    চবিনাবা খুউব ভাল পালো পঢ়ি৷
    আৰে!বাইদেউ কাৰ?

    Reply

Leave a Reply to লিপিকা Cancel reply

Your email address will not be published. Required fields are marked *