ফটাঢোল

এলিয়েন সুন্দৰী – অমিতাভ মহন্ত

এলিয়েন সুন্দৰী প্ৰতিযোগিতাৰ ছেমি ফাইনেলিষ্ট ‘কিৰিন’ পৃথিৱীৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ধৰাতললৈ আহিল৷ এই প্ৰতিযোগিতা ক’ত হ’ব, কেনেকৈ ৰেজিষ্ট্ৰেচন হ’ব কিৰিনে একো নাজানে ৷ কেৱল এলিয়েন সুন্দৰী প্ৰতিযোগিতাত বিজয়ী হ’ব নোৱাৰাৰ পোতক তুলিবলৈ কিৰিনে পৃথিৱীলৈ ঢাপলি মেলিছে ৷ কিৰিনে এফনেটৰ ত্ৰুগুলত চাৰ্চ কৰি চালে নিশ্চয় গোটেই খবৰখিনি পালেহেঁতেন, কিন্তু লৰালৰিৰ কোবত তাইৰ সময়েই নহ’ল ৷

কিৰিন আহিছে টৰেণ্ট গ্ৰহৰ পৰা ৷ এই গ্ৰহৰ প্ৰাণী সাধাৰণতে অতি বুদ্ধিমান, তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত অতি আগবঢ়া ৷ কিন্তু কিৰিন অলপ ব্যতিক্ৰম, তাইৰ বুদ্ধি অলপ কম ৷ কেৱল এফনেটত এই প্ৰতিযোগিতাখনৰ খবৰ পঢ়িয়েই তাই ফ্লাইং ফলচ্ স্কিনখন পিন্ধি পৃথিৱীলৈ আহিছে, লক্ষ্য তাই নিজেও নাজানে ৷ একো চিনি নাপায় কিৰিনে ত্ৰুগুল ট্ৰেকৰ মতে আহি আহি গুৱাহাটী নামৰ চহৰ এখনত নামিল ৷

কিৰিনে এয়াৰ কেম’ফ্লেজ মোড অন কৰিয়েই লেণ্ড কৰিছিল৷ ফলত স্বাভাৱিকতেই কোনো মানুহে তাইক দেখা নাছিল ৷ তাইৰ শৰীৰত থকা ছফ্টৱেৰটোৰ দ্বাৰা পৃথিৱীৰ সকলো ভাষাকে কনভাৰ্ট কৰিব পাৰি ৷ আৰু কিছুদিন আগতেই তাই ‘অল ইন ওৱান’ভোকেল কৰ্ডডালো ইনষ্টল কৰি লৈছে ৷ গতিকে কিৰিনে পৃথিৱীত আহি বিশেষ একো চিন্তা কৰিবলগীয়া নাই ৷

কিৰিনৰ সন্মুখত এখন কিতাপৰ দোকান। এখন আলোচনীত এজনী ধুনীয়া ছোৱালীৰ ফটো দেখিলে, আলোচনীত লিখা থকা কথাখিনি তাই কনভৰ্টাৰেৰে পঢ়ি চালে, “কৰীণা, দ্যা ৰিয়েল বিউটি ৷” এই ছোৱালীজনাৰ নাম তাৰমানে কৰীণা ৷ কিৰিনৰ বৰ মন গ’ল কৰীণাৰ লগত কথা পাতিবলৈ ৷ তাই কৰীণাৰ ছবি স্কেন কৰি ছাউণ্ডৱেব অন কৰি কথা আৰম্ভ কৰিলে ৷

কৰীণাৰ কোনো উত্তৰ নাই ৷ বোধহয় পৃথিৱীত ছাউণ্ডৱেব মেছেজ কাম নকৰে ৷ টৰেণ্ট গ্ৰহত কোনোবাৰ ছবি নিজৰ দেহত থকা বিল্ড ইন কম্পিউটাৰত স্কেন কৰি ছাউণ্ডৱেবৰে মেছেজ কৰিলেই কথা ক’ব পাৰি ৷ এই মেছেঞ্জাৰৰ নাম য়ু মেছেঞ্জাৰ ।

কিৰিন হতাশ হ’ল ৷ কৰীণাই হয়তো ক’ব পাৰিলেহেঁতেন এই প্ৰতিযোগিতাখন ক’ত হ’ব ৷

ইমানপৰে কিৰিন কেম’ফ্লেজ মোড অন কৰি অদৃশ্য হৈ আছিল ৷ গতিকে দোকানৰ মালিকে তাইক দেখা নাছিল ৷ দোকানত থকা একমাত্ৰ গ্ৰাহক সাংবাদিকজনেও তাইক দেখা নাছিল ৷

কিৰিনে ভাবিলে শ্বপ বীঙ মানে দোকানীজনে এই প্ৰতিযোগিতাখন ক’ত হ’ব সেয়া হয়তো জানিব! গতিকে তাই মানুহৰ ৰুপ ধাৰণ কৰাৰ সিদ্ধান্ত ল’লে। কৰীণা কাপুৰৰ ছবিখন স্কেন কৰা আছিলেই ৷ সেই ছবিখনকেই ‘ফেইচ কনভাৰ্টৰ’ ফ’ল্ডাৰত পেষ্ট কৰি ‘কনভাৰ্ট ইনটু হিউমেন’আইকনত ক্লিক কৰি এয়াৰ কেম’ফ্লেজ মোডৰ পৰা ওলাই আহিল ৷

দোকানীজন ব্যস্ত হৈ থকা বাবে কৰীণাৰুপী কিৰিনক দেখা নাপালে ৷ কিন্তু সাংবাদিক মহোদয়ে ঠিকেই দেখা পালে। মুহূৰ্ত্ততে পদোন্নতি, ব্ৰেকিং নিউজ, আপোনাৰ অনুভৱ আদি বিভিন্ন শব্দ সাংবাদিকৰ মগজুৰে পাৰ হৈ গ’ল। লগে লগে প্ৰশ্নবাণ আৰম্ভ হৈ হ’ল

: কৰীণাজী আপ য়াহা?

কিৰিনে লেংগুৱেজ কনভাৰ্টাৰ অন কৰিলে ৷ বীঙটোৱে সুধিছে, ‘আপুনি ইয়াত কেনেকৈ’? কিৰিনে সাংবাদিকৰ মগজু স্কেন কৰি বিশুদ্ধ অসমীয়াত উত্তৰ দিলে

: মোক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা ক’ত হয় সেই বিষয়ে খবৰ লাগিছিল ৷

প্ৰশ্ন শুনি সাংবাদিক মহোদয়ৰ মুৰ ঘূৰি গ’ল ৷ কৰীণা কাপুৰে সুধি আছে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা ক’ত হ’ব, তাকো অসমীয়াত। কিবা এটাতো গণ্ডগোল হৈছে। যোৱাৰাতি অলপ নিচা হৈ ৰুমীৰ লগত ফোনত কাজিয়া হৈছিল বাৰু, কিন্তু মাতাল হোৱা নাছিল সি। মাতাল অৱস্থাত থাকিলেও সি ৰিপ’ৰ্ট ঠিকেই মেনেজ কৰে ৷ আজি কি হৈছে একো বুজিব পৰা নাই।

হয়তো ছোৱালীজনী কৰীণা নহয়, দেখাতহে সাইলাখ একে। অলপ বুৰ্বক যেন লাগিছে। মুহূৰ্ত্ততে বিভিন্ন বুদ্ধি সাংবাদিকৰ মনলৈ আহিল, এটা ব্ৰেকিং নিউজ হৈ যাব ৷ ৰুমীৰ লগতো লাহে লাহে ভাল নলগা হৈ আহিছে ৷ এইবাৰ বিনয়ৰ অৱতাৰ হৈ সাংবাদিকে উত্তৰ দিলে

: এই প্ৰতিযোগিতাখনৰ বিষয়ে ভালদৰে জানো ৷ যোৱা দুবছৰ আমাৰ চেনেলটোৱেই লাইভ টেলিকাষ্ট কৰি আছে ৷ মই আপোনাক সকলো ঠিক ঠাক কৰি দিম ৷ আপুনি একেবাৰে ঠিক মানুহকে পাইছে।

মিছা আজিকালি তাৰ মুখতে থাকে ৷ কথাখিনি কৈ তাৰ নিজকে প্ৰতিযোগিতাখনৰ বিচাৰক যেন লাগি গ’ল ৷

কিৰিনে এইবাৰ ক’লে

: তেনেহলে আপুনি মোক তালৈ লৈ যাব নেকি বাৰু?

তাইৰ কথা শুনি সাংবাদিকৰ মনত দুষ্ট ৰোমাণ্টিক বুদ্ধি খেলিবলৈ ধৰিলে ৷ আগৰেপৰা এই খেল খেলাত সি পাকৈত ৷

এইবাৰ নিউজ বীঙটোৱে তিনিচকীয়া এক অদ্ভুত যান এখন মাতি আনিলে ৷ স্কেন কৰি চাওঁতে ড্ৰাইভাৰ বীঙটো ওচৰৰে দেশ এখনৰ বুলি গম পোৱা গ’ল ৷ বিদেশী ড্ৰাইভাৰ! ! ! নিউজ বীঙটো বৰ পাৱাৰফুল হ’ব, কিৰিনে মনে মনে ভাবিলে। বীঙটোৱে উঠাৰদৰে কিৰিনেও যানখনত উঠি ল’লে ৷

ৰিস্কা চলিছে সাংবাদিকৰ প্ৰিয় ‘ক্লাব মিণ্ট পাব’লৈ ৷ এইফালে কিৰিন ভিতৰে ভিতৰে ৰোমাঞ্চিত ৷

পাবত লৈ গৈ নিউজ বীঙে কিৰিনক পানীৰ দৰে কিবা খাবলৈ দিলে ৷ তাই ‘ফুড টেষ্টিং ৰে’ ব্যৱহাৰ কৰি দেখিলে সেয়া খাব পাৰি ৷ এগিলাছমান খাই তাই সোৱাদ পালে, গতিকে হিচাপ নোহোৱাকৈ খাবলৈ ধৰিলে ৷

এইফালে সাংবাদিক নিজৰ প্লেনমতে গৈ আছে ৷ তাইক মাতাল কৰি ল’ব পাৰিলেই তাৰ কাম সহজ হৈ যাব ৷ লাহে লাহে সি তাইৰ হাত এখনত ধৰিলে।

কিৰিনে মন কৰিলে নিউজ বীঙটোৰ গাৰ পৰা ‘ৰোমাণ্টিক ৰে (ray)’ বাহিৰ হৈছে ৷ কিয় জানো তাইৰ পিংকিকৰ কথা মনলৈ আহিছে ৷ পিংকিক তাইৰ বিশেষ বন্ধু ৷ কিন্তু এতিয়ালৈ দুয়ো ফিটেড (Fitted) হোৱা নাই ৷ পিংককে কৈছে আগন্তুক ‘লাভ লাইট ডে’ত দুয়ো ৰেজিষ্ট্ৰেচন কৰি ফিটেড হ’ব ৷

সাংবাদিকে সুধিলে

: তুমি বিবাহিতা নেকি?

বিবাহিতা শব্দটোক কিৰিনে স্ক্ৰীণত দেখি ফিট বুলি বুজিলে ৷

: নাই মই এতিয়াও বিয়া হোৱা নাই ৷

ৰোমাণ্টিচিজম ৰে হয়তো নিউজ বীঙে বেছিকৈ প্ৰয়োগ কৰিলে। কিৰিনে ধৰিব নোৱাৰা হ’ল। তাইৰ মনত পৰে তাই বীঙটোৰ লগত বহুত নাচিলে। নাচৰ তালে তালে বীঙে তাইৰ টেম্প’ৰেৰী স্কিন্ দুখনমান খুলিলে ৷

: ব’লা মোৰ ৰুমলৈ যাওঁ।

বীঙটোৱে কিৰিনক ফুচফুচাই কলে৷

কিৰিন নিউজ বীঙৰ লগত ধলং-পলংকৈ তললৈ নামি আহিল ৷ নিচাগ্ৰস্ত, কানি-কাপোৰ অসংলগ্ন। পাবৰ তলতেই বহুত বীঙ ঘূৰাপকা কৰি আছিল ৷ কিৰিনক সেই ৰুপত দেখি এচামে কিৰিলি পাৰি উঠিল, এচামে আকৌ অপসংস্কৃতি ৰোধ কৰিবলৈ লগে লগে আগুৱাই আহিল। মুহূৰ্ত্ততে জনতাই কিৰিনক আগুৰি ধৰিলে, বেছিভাগৰে পৰা নিউজ বীঙৰ লগত খোৱা পনীয়বিধৰ গোন্ধ ৷ চাৰিওফালে বীঙবোৰৰ চিঞৰ-বাখৰ আৰম্ভ হ’ল ৷

কিৰিনে দেখিলে নিউজ বীঙটো ক’ৰবাত পলাল। তাইক আগুৰি ধৰা সকলোৱে বিভিন্ন ৰে তাইলৈ নিক্ষেপ কৰিছে ৷ ৰে বোৰ যে ভাল নহয় সেয়া তাইৰ ইন্দিকেটৰে এলাৰ্ম দি তাইক সাৱধান কৰি দিছে ৷

চাৰিওফালে হুলস্থুল ৷ বিভিন্ন টুকুৰা শব্দ যেনে মাৰ তাইক, চুলি খুৰাই দে, খোল খোল, ইহ একেবাৰে যেন কৰীণাহে…এইবোৰ চাৰিওফালৰ পৰা উৰি উৰি আহিল ৷ তাৰ মাজত ৰঙা টি ছাৰ্ট পিন্ধা বীঙ এটাই কিৰিনৰ ফলচ্ স্কিনবোৰ খুলিবলৈ চেষ্টা কৰি জোৰে জোৰে চিঞৰি আছিল ৷

: ফিউজ লাইভ মাত, জল্দি জল্দি ৷

টনা-আজোৰা চলি থাকোঁতেই কিৰিনে দেখিলে নিউজ বীঙটো আহি ওলাইছে, লগত এটা কেমেৰামেন বীঙ ৷ এইবাৰ কিন্তু তাৰ গাৰপৰা ৰোমাণ্টিক ৰে ওলোৱা নাই ৷ আগতে কেতিয়াও নাম নুশুনা ‘অনুভৱ ৰে’ তাইৰ গাত প্ৰয়োগ কৰি নিউজ বীঙে তাইক সুধিলে

: মাজনিশাখন এই অৱস্থাত হাতে-লোটে ধৰা পৰি আপোনাৰ অনুভৱ কেনে?

ইতিমধ্যে কিৰিনৰ ধৈৰ্য্যৰ বান্ধ খুলি গৈছিল ৷ নিউজ বীঙটোৱে দিনটো ভাল ব্যৱহাৰ কৰি হঠাৎ যে এনেদৰে স্কিন্ সলাই দিব তাই ভবাই নাছিল ৷

তাই ক্ৰুগুলত পঢ়িছিল এই হিউমান বীঙবোৰ জীৱশ্ৰেষ্ঠ কেটেগ’ৰীত পৰে। কিন্তু তাই পঢ়া শিয়াল, কুকুৰকেইটাতকৈ বেয়া কেটেগ’ৰী যেন লাগিছে দেখোন তাইৰ ৷ পিংককে ঠিকেই কৈছিল, ক্ৰুগুলত সকলো কথাতে বিশ্বাস কৰিব নোৱাৰি ৷

কিৰিনৰ বিৰক্তি লাগিছে আৰু ৷ মিছ ইউনিভাৰ্ছ হোৱাৰ নিচা কেতিয়াবাই ফাটিছে ৷ তাই লগে লগে ঘূৰি যোৱাৰ সিদ্ধান্ত ল’লে ৷ লগে লগে এয়াৰ ক্লেম’ফেজ অন কৰিলে আৰু তাই বীঙবোৰৰ পৰা নিৰাপদ দুৰত্বলৈ উৰি গ’ল ৷

চাৰিওফালে হাঁহাকাৰ, ক’লৈ গ’ল ছোৱালীজনী৷ পুলিছো আহি পাইছিল..ৰঙা টি ছাৰ্ট পিন্ধাজনে বীৰদৰ্পে পুলিছ আৰু কেমেৰামেনক কিৰিনৰ ফলচ্ স্কিন্ দেখুৱাই আছিল ৷ সাংবাদিকেও লাইভ কভাৰেজত ব্যস্ত ৷

ওপৰৰ পৰা কিৰিনে সকলো চাই আছিল ৷ পিংকিকে দিয়া ফলচ্ স্কীণখিনি নিউজ বীঙ আৰু ৰঙা বীঙৰ হাতত ৷ কিৰিনৰ মনত দুষ্ট বুদ্ধি খেলালে ৷ ওপৰৰ পৰা ৰে প্ৰয়োগ কৰি দুয়ো পিন্ধি থকা ফলচ্ স্কিনখিনি টানি লৈ তাই পুনৰ টৰেণ্ট অভিমুখে প্ৰস্থান কৰিলে ৷ পিংকিকক প্ৰেজেণ্ট দিব তাই, ৰঙা স্কিনটোৰে পিংকিকক কি যে ধুনীয়া লাগিব ৷

কেমেৰামেন বীৰেনে প্ৰমোচনৰ এই সুৱৰ্ণ সুযোগ হেৰুৱাত নাই ৷ সেই স্থানত উপস্থিত ৰাইজ আৰু টিভিৰ দৰ্শকে ঠিকেই দেখিলে, আকাশত উৰি থকা কাপোৰৰ পিছে পিছে দৌৰিছে উলংগ দুই যুৱক ৷ পিছে পিছে অনুভৱ জানিবলৈ থ্ৰী ৱাইৰ সাংবাদিক ৷

▄ ▄

10 Comments

  • ৰিণ্টু

    কি সাংঘাতিক লিখিছা হে অমিতাভ। শব্দৰ অভাব, অনুভুতি ব্যক্ত কৰিবলৈ

    Reply
  • ৰাজজ্যোতি

    এটা শব্দত, সাংঘাতিক

    Reply
  • গীতালি

    খুব ভাল লাগিল পঢ়ি অমিতাভদা

    Reply
  • আগতেই পঢ়ি থৈছিলো, আকৌ এবাৰ পঢ়িলো ৷ ভাল পালো ৷
    তোমাৰ লিখা টোৰে ই মেগাজিন খনৰ সৌষ্ঠৱ বাঢ়িল ৷ লিখি থাকিবা ৷

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

    ধুনীয়া লিখিছে অমিতাভ বীঙে!

    Reply
  • অভিজিত মেধি

    অমিতাভৰ লেখাবোৰৰ এক সুকীয়া সোৱাদ আছে। এই লেখাটো মনত থাকি যাব।

    Reply
  • অনুপম লেখনি, চাই ফি ব্যংগ

    Reply
  • সাংঘাটিক । অলপ বেলেগ লাগিল।

    Reply
  • ৰাজেশ বৰদলৈ

    ঢোল ফালি দিলে দেই ।

    Reply
  • Nibhakakati

    সাংঘাতিক লেখনি। মন ভৰি গল

    Reply

Leave a Reply to ৰাজেশ বৰদলৈ Cancel reply

Your email address will not be published. Required fields are marked *