ফটাঢোল

ফটা পোষ্টাৰ নিকলা হিৰো–ডলী তালুকদাৰ

ৰাজশ্ৰী ক্ৰিয়েচনৰ নিৱেদন

মৰিলেহে তোমাক পাহৰিম

কাহিনী, চিত্ৰনাট্য, পৰিচালনা, সংলাপ, সহকাৰী প্ৰযোজনা, কন্ঠ ডলী তালুকদাৰ।

সহকাৰী পৰিচালক মাধুৰ্য্য গোস্বামী।

সঙ্গীত পৰিচালনা, কণ্ঠ হেমন্ত কাকতি (৩০ টাৰো অধিক পুৰস্কাৰেৰে সন্মানিত)

কাষ্টিং ডিৰেক্টৰ দেৱজিত শইকীয়া

একচন দিম্পল কলিতা

চাউণ্ড অনুৰূপ মহন্ত

এডিটৰ ভাস্কৰ দাস

স্পট বয় হিতেশ বি বৰুৱা

স্পট গাৰ্ল মিতালি চহৰীয়া

কষ্টিউম ৰীতা শইকীয়া

কৰিঅ’গ্ৰাফী পল্লৱী কলিতা

সহকাৰী কৰিঅ’গ্ৰাফী উৎপলা শইকীয়া

লাইট অনুৰূপ মহন্ত

খাদ্য যোগান জিতু শৰ্মা

ষ্টাণ্ট মেন অশোক হুজুৰী

মেকআপ পূৰ্ণময়ী মেধি

সহকাৰী জিতা ফুকন

হেয়াৰ ষ্টাইলিষ্ট কাজল প্ৰিয়া

কেমেৰা ভাস্কৰ বৰডেকা

মুখ্য অভিনয়ত :- অভিজিত কলিতা, ৰামানুজ জি, সঞ্জীৱ মজুমদাৰ, ৰিণ্টুমণি দত্ত, সোমেশ্বৰ শইকীয়া, ভবেন মহন্ত, সদানন্দ ভূঞা, দিপাঙ্কৰ চৌধুৰী, টবিবাৰ ৰহমান,

অভিনেত্ৰী :- কাবেৰী মহন্ত, কংকনা মহন্ত, নীলাক্ষী কাকতি, চবিনা ইয়াছমিন, ৰিমঝিম বৰঠাকুৰ, কমলা দাস, পৰিস্মীতা বৰদলৈ, চাহিন জাফ্ৰি

গ্লেমাৰ গাৰ্ল তৃষ্ণা টি ভূঞা

অতিথি শিল্পী সৌৰভ শৰ্মা, অঞ্জন সাধনিদাৰ, বিজয় মহন্ত।

(অফস্ক্ৰীন:- পৰিচালিকা ডলী তালুকদাৰ, প্ৰযোজিকা ৰাজশ্ৰী শৰ্মা আৰু সঙ্গীত পৰিচালক হেমন্ত কাকতি, দেৱজিত শইকীয়া আৰু মেকআপ আৰ্টিষ্ট পুৰ্ণময়ী আৰু জিতা ফুকন বহি আছে প্ৰযোজকৰ ভেনত।

ৰাজশ্ৰী :- তালুকদাৰ বাইদেউ আপোনাৰ ওপৰত বিশ্বাস ৰাখি মই আপোনাৰ চিনেমা প্ৰযোজনা কৰিব ওলাইছোঁ। এনেয়ে আপুনিতো চিনেমাৰ ৰিভিউ লিখা মানুহহে। গতিকে ফিলিম চুপাৰ হিট হোৱাতো বিচাৰোঁ‌ মই।

ডলী :- শৰ্মানী আপুনি মোৰ ওপৰত ভৰষা ৰাখক। চিনেমাৰ ৰিভিউতে মই কিমান মিৰ্চ মছলা ঢালি লিখোঁ‌ গতিকে চিনেমাৰ কাহিনী সৰু কথা।

কাকতি :- শৰ্মানী আৰু তালুকদাৰনী মোক কাহিনীটো কওঁক। সেইমতে গান বনাম।

ডলী:- কাহিনী ৰহস্য, ৰোমাঞ্চ, হিংসা, একচনেৰে ভৰপুৰ।

ৰাজশ্ৰী :- মই বহুত খৰচ কৰিবলৈ ওলাইছোঁ এই চিনেমাখনত। বিহুটো গৈছেহে। অলপ টানাটানিও হৈ আছে তথাপিও পইচা লগাইছোঁ গতিকে চালি জাৰি পইচা খৰচ কৰিব লাগিব।

ডলী :- হ’ব শৰ্মানী, ময়ো খৰচ কৰিছোঁ নাপাহৰিব। ময়ো সহকাৰী প্ৰযোজক চিনেমাৰ।

শইকীয়া :- চিন্তা নকৰিব মেডাম। মই যি কেইজন এক্টৰ আনিছোঁ তেওঁলোকে অলৰেডি চাকৰি কৰা মানুহ। পাৰ্ট টাইম হিচাপেহে আহিছে চিনেমাত কাম কৰিবলৈ। so বেছি পইচাৰ ডিমাণ্ড নাই। মিলাই দিলেই হ’ল। খানাটো মজবুতকৈ দিলে হ’ল daily.

ডলী :- ঔখে মি. শইকীয়া। আপোনাৰ ওপৰত সম্পুৰ্ণ দায়িত্ব দিছোঁ আৰু ভৰষা কৰিছোঁ। যাতে ভাল অভিনেতা-অভিনেত্ৰী নিৰ্বাচন কৰে।

ৰাজশ্ৰী :- কাকতি দা মিউজিক ৰেডী হ’লনে?

কাকতি :- মই তালুকদৰানীৰ লগত আলোচনা কৰিছোঁ। গান কোনোবা গীতিকাৰৰ পৰা আনিলে পইচা লাগিল, গায়কক গোৱালে পইচা লাগিল। সেইকাৰণে পুৰণি গীতকে টেপ ৰেকৰ্ডাৰত বজাই দিম। চিন্তা নকৰিব হিট হিট গান লগাই দিম।

ৰাজশ্ৰী আৰু ডলী (একেলগে) পুৰ্ণময়ী আৰু ফুকননী আপোনালোকে বেছি দামী মেকআপ নিদিব অলপ কম দামী মেকআপ দিলেও হ’ব। ধুনীয়াই সকলো।

দুয়োগৰাকী মেকআপ মেনে :- হ’ব মেডাম বুলি ভেনৰ বাহিৰলৈ ওলাই আহে।

স্পট গাৰ্ল মিতালি সোমাই আহি :- মেডাম শ্বট ৰেডি হৈছে। আপোনাৰ এছিচটেণ্ট মাধুৰ্য্যও আহিছে ডলী মেডাম।

(আটাইকেইজনে ভেনৰ বাহিৰলৈ আহে ।)

শ্বট ১

এটা চহকী ঘৰৰ সমুখ ভাগ। দুটা পুখুৰী আৰু মাজেৰে পদুলিটো যিটোৰে ঘৰলৈ সোমাই যোৱা হয়। পদুলিৰ দুয়োপাৰে নাহৰ গছ। নাহৰৰ প্ৰতিবিম্ব পুখুৰীৰ পানীত পৰিছে। ছোৱালী এজনী বহি আছে পুখুৰীৰ পাৰত। ভৰি দুখন পানীত জুবুৰিয়াই আছে। তাই আলিবাটৰ ফালে পিছমুখ দি আছে।

এনেতে কেমেৰা ঘুৰিব আৰু চাইকেলৰ চকাত নিবদ্ধ হ’ব।(হিৰোৰ প্ৰবেশ, অভিজিত কলিতা। ফিল্মী নাম সোনেশ্বৰ) চকা ঘুৰি থাকিব। ক্লোজ আপত দেখোৱা হ’ব। দুখন ভৰি হাৱাই চেন্দেল পিন্ধা। এপাত ফিটা ৰঙা আৰু আনপাত নীলা। কেমেৰা লাহে লাহে ভৰিৰ পৰা দেহলৈ য’ত ৰঙা চোলা এটা পিন্ধা দেখা যাব আৰু তাৰপিছত মুখলৈ নিব কেমেৰা। প্ৰথমে চকুযুৰি দেখুওৱা হ’ব। দুটি ৰোমাণ্টিক চকু তাৰ পিছত প্ৰথমে মোচ একোচা আৰু তাৰ পিছত মোচৰ তলেৰে হাঁহি এটি ফুটি ওলাব। তাৰ পিছত সম্পুৰ্ণ মুখখন। আৰু পুখুৰীৰ পাৰৰ ফালে চাব আৰু গীত এটি বাজিব তেওঁ লিপ্চ মিলাব।

“ও পেদেল মাৰি মাৰি মাৰি ও ভন্তি চাইকেল চলাই যাওঁ। পদুলি এৰি এৰি ও ভন্তি তোমাৰে ঘৰ পাওঁ।”

লগে লগে ছোৱালীজনীয়ে ঘুৰি চাব। (হিৰোইন, এই ৰোলটো কৰিব কাবেৰী মহন্তই। ফিল্মী নাম জিলাপী)। প্ৰথমে দুটি আইশ্বেদো ডাঠকৈ লগোৱা চকু আৰু তাৰপিছত টিকটিকিয়া ৰঙা লিপষ্টিক লগোৱা ওঁঠ দেখোৱা হ’ব ক্লোজআপত। মিচিকিয়া হাঁহি এটি ওলাব।

জিলাপী আগবাঢ়ি আহিবলৈ খুজিব পুখুৰীৰ পাৰৰ বেৰাখনৰ ওচৰলৈ আৰু সোনেশ্বৰে চাইকেলৰ পৰা নামি আহি চোলাৰ পকেটৰ পৰা কিবা উলিয়াব খোজে তেনেতে হিৰোইনৰ ভনীয়েকৰ প্ৰবেশ। (এই ৰ’লটো কৰিব চাহিন জাফ্ৰিয়ে। ফিল্মী নাম আংগুৰ)

ডায়েলগ

আংগুৰ :- বাইদেউ তোক মায়ে মাতিছে। কি কৰি আছ পুখুৰীৰ পাৰত? গধূলি হ’বলৈ হ’ল। আহ।

তেনেতে কেমেৰা এবাৰ সোনেশ্বৰ আৰু এবাৰ জিলাপীক দেখাব। দুয়োৰে মন দুটা বিষণ্ণ দেখা যাব।

কেমেৰা আংগুৰৰ ফালে ঘুৰিব আৰু ডায়েলগ দিব।

ডায়েলগ :- কোন সেইটো পুখুৰীৰ সিটো পাৰত?

লগে লগে হিৰোই তৰা নৰা চিঙি চাইকেলত উঠি পলাব।

শ্বট ২

এটা সুউচ্চ অট্টালিকা দেখুওৱা হ’ব। তাৰ পিছত এটা অভিজাত দ্ৰয়িং ৰুম। চোফাত বহি থাকিব এগৰাকী সম্ভ্ৰান্ত মহিলা। পিন্ধনত চেলোৱাৰ কামিজ। তেওঁৰ মুখ বাতৰি কাকত এখনৰ আঁ‌ৰ হৈ থাকিব। এনে লাগিব যেন বাতৰি কাকতখন পঢ়ি আছে। কিন্তু যেতিয়া দেখা যাব ক্লোজ আপত তেওঁ কাজু এবাটি লৈ খায় আছে।(এই ৰ’লটো কৰিছে কংকনা মহন্তই। ফিল্মী নাম মিচেছ বৰুৱা) তেনেতে ওপৰৰ পৰা নামি আহিব তেওঁৰ জীয়ৰী। পিন্ধনত টাইট ফিটিং ব্লেক জিন্চ, ব্লেক চাৰ্ট, ভৰিত বুট, চকুত চানগ্লাছ। চুলিখিনি পনীটেইল বন্ধা। (এই ৰ’লটো কৰিব চবিনা ইয়াছমীনে। ফিল্মী নাম জুহি)। হাতৰ ঘড়ীৰ ফিটা ডাল লগাই লগাই তেওঁ মাকৰ ওচৰলৈ আহিব। ডায়েলগ বুলি কোৱাৰ লগে লগে জুহিৰ ফালে কেমেৰা আৰু লাইট পৰিব।

জুহি :- হাই মম। গুদ ইভনিং। কি কৰি আছা?

মিছেচ বৰুৱা :- (কাজুৰ বাটিটো লুকুৱাই) হাই বেবী, ক’ৰবালৈ যোৱা নেকি?

জুহি :- য়েচ মম, তোমাক কৈছিলোঁ দেখোন আজি মোৰ ফ্ৰেণ্ড ৰিমীৰ বাৰ্থ দে। তাত যাওঁ। ফুল নাইট পাৰ্টি হ’ব। ডিজে, ডান্স, ড্ৰিংকচ এভৰিথিং।

মিছেচ বৰুৱা :- ঔকে যোৱা। কিন্তু দেৰি নকৰিবা। ৰাতিপুৱা হোৱাৰ আগেয়ে আহি পাবা কিন্তু। নহ’লে তুমি জানাই পোহৰ হোৱালৈ থাকিলে পাপাই কিমান বেয়া পায়।

জুহি :- মম দ’ন্ত ৱৰী। মই তিনিটামান বজাত আহি পাম। ৰাতিপুৱালৈ নাথাকো। বাই বাই মম।

হাতত গাড়ীৰ চাবিটো ঘুৰাই ঘুৰাই নাচি নাচি জুহি বাহিৰলৈ ওলাই যায়। বাহিৰত গাড়ী ষ্টাৰ্ট কৰা শুনা যাব। ভিতৰত মি. বৰুৱাৰ প্ৰবেশ। পিন্ধনত চুট টাই , ভৰিত দামী জোতা। (এই ৰ’লটো কৰিব ভবেন মহন্তই)

মি. বৰুৱাই হাই চুইট হাৰ্ট বুলি কৈ মিছেচ বৰুৱাৰ কপালত চুমা এটা খাব। তাৰপিছত ইফালে-সিফালে চাই পুনৰ ডায়েলগ দিব। কেমেৰাই তেওঁক ক্লোজ আপত দেখাব আৰু তেওঁ লগে লগে ক’ব হানী হোৱেৰ ইজ মাই প্ৰিন্সেছ।

মিছেচ বৰুৱা :- পাৰ্টিলৈ গৈছে হানী।

মি.বৰুৱা :- সোনকালে আহিব কৈছানে আৰু লগত গাৰ্ড গৈছেনে নাই।

মিছেচ বৰুৱা :- ইয়া বেবী। টেনচন নল’বা। ফাগুনা আৰু ৰবাৰ্ট গৈছে।

তেনেতে কেমেৰা ঘুৰে আৰু ফাগুনা আহে।

শ্বট ৩

নদীৰ পাৰৰ দৃশ্য অফস্ক্ৰীন

বালিৰ ওপৰত বহি আছে হিৰো (অভিজিত কলিতা) আৰু হিৰোইন (কাবেৰী মহন্ত)। পিছফালে জুনিয়ৰ আৰ্টিষ্টবোৰ। চাৰিওফালে গছৰ ডাল পুতি দিয়া হৈছে অলপ হাবিৰ চিন দেখাব। ক’ৰিঅগ্ৰাফাৰ পল্লবী কলিতাই জিলাপী আৰু সোনেশ্বৰক নৃত্যটো কেনেকৈ কৰিব কৈ থাকে।

পল্লবী :- (কাবেৰী মহন্তক চাই) আপুনি মিউজিক ষ্টাৰ্ট হোৱাৰ লগে লগে ইফালৰ পৰা দৌৰি আহিব শ্লো মোচনত মেম। আৰু তাৰপিছত অভিজিতদা আপুনি সিফালৰ পৰা দৌৰি আহিব আৰু হিৰোইনক দাঙি দিব আৰু ঘুৰাই দিব। হিৰোইনে খিলখিলাই হাঁহিব। আৰু লগে লগে নৃত্য আৰম্ভ কৰিব গানৰ তালে তালে। শেষত হাতত ধৰি দুয়ো দৌৰি দৌৰি ঘৰ পাব।

হিৰো হিৰোইন (একেলগে) ওকে।

নাউ লাইট, কেমেৰা একচন

মিউজিক ষ্টাৰ্ট হিৰোইন দৌৰিছে ……হিৰোও দৌৰি আহিছে …..হিৰোইনক দাঙিছে …লগে লগে কাট কাট।

(অফস্ক্ৰীন)# পৰিচালিকা ডলীয়ে টুপিটো জোৰত খুলি অলপ খঙেৰে অভিজিত আপুনি কি কৰিলে। আপুনি হিৰোইনক দাঙিব লাগে কিন্তু কৰিঅ’গ্ৰাফাৰক কিয় দাঙিছে। (পল্লবীৰ ফালে চাই) আৰু তুমি কিয় আহিছা চিনৰ মাজত। (কাবেৰী মহন্তক চাই) আৰু আপুনি হিৰোৰ ফালে দৌৰিব দিছিলোঁ।

হিৰোইনে সেমেনা সেমেনি কৰি মইতো মিউজিকৰ তালে তালে গৈছিলোঁ দৌৰি কিন্তু হিৰোই মোৰ ফালে নাচালেই চিধা কৰিঅ’গ্ৰাফাৰৰ ওচৰলৈ দৌৰ দিছে। so মই কি কৰিম?

ক’ৰিঅ’গ্ৰাফাৰ :- য়েছ মেম, মই তলকিবই নোৱাৰিলোঁ‌ কোন পলকত আহি অভিজিত চাৰে মোক কোলাত তুলি আই মীন দাঙি দিলে।

এনেতে প্ৰডিউচাৰ ৰাজশ্ৰী শৰ্মা আহে আৰু কয় হ’ব সোনকাল কৰক। আধাবেলা গ’লেই। আজিয়েই গানটোৰ শ্বুটিং কমপ্লিট হ’ব লাগিব। মোৰ পইচাৰ কথা আছে। দুদিন খৰচ কৰিব নোৱাৰো।

ডলী :- মোৰো পইচা লাগিছে। মইহে জানো কেনেকৈ মেনেজ কৰিছোঁ। ১৫ দিনৰ ভিতৰত শ্বুটিং শেষ কৰিব লাগিব। (হিৰোৰ ফালে চাই) অলপ মন দিয়ক কামত।

হিৰোই হাঁহি মাৰি চৰী চৰী ভুলতে মিছটেক হৈ গ’ল। এইবুলি দূৰত বহি থকা কাষ্টিং ডিৰেক্টৰ শইকীয়াৰ ফালে চাই চকু টিপিয়াই দিয়ে।

একচন

বেকগ্ৰাউণ্ডত গান বাজে।

“যদি সৰো মই বকুল ফুলে হৈ, ৰাখিম ধৰি মই নিয়ৰকণা হৈ, আমি দুয়ো যাওঁ মিলন মালা হৈ”।

হিৰো হিৰোইনে বিভিন্ন প’জ দি নাচে।

শ্বট ৩ সমাপ্ত।

শ্বট ৪

এটি ডিস্ক’থেকৰ ভিতৰৰ চিন। ৰঙা, নীলা, সেউজীয়া লাইট জ্বলি থাকিব কম পোহৰৰ। পাৰ্টি চলি থাকিব।আধুনিক সাজেৰে ডেকা গাভৰু বহুতো। হাতে হাতে থাকিব ৰঙীন পানীয়ৰ গ্লাচ। লাউদ মিউজিক আৰু তাৰ তালে তালে নাচি থাকিব শৰীৰ। কেমেৰা ঘুৰিব। দেখা যাব ডিস্ক’ৰ ভিতৰৰ বাৰ। তাত বহি থাকিব কৰীনা (ৰিমঝিম), দীপিকা (নীলাক্ষী) আৰু অৰ্জুন (ৰিণ্টুমণি দত্ত)। তিনিওৰে হাতত ৰঙীন পানীয়ৰ গ্লাচ। ক্লোজ আপত অৰ্জুনৰ মুখখন দেখুওৱা হ’ব আৰু অলপ খং আৰু দুখ মিহলি দেখা যাব চকুত। ঘপকৈ তেওঁ গ্লাচৰ পানীয়খিনি কোট কোটকৈ পি খাব। আৰু ৱেইটাৰক ক’ব ওৱান ম’ৰ ড্ৰিংকচ প্লীজ। লগে লগে দীপিকাৰ ডাইলগ

“ওহ প্লীজ ষ্টপ ইট অৰ্জুন। অলৰেডী তুমি আঠটা পেগ ল’লা আৰু কিমান লোৱা।”

কৰীনাৰ ডায়েলগ আহিব।

“ইয়া, তুমি আজি ইমান বেছি ড্ৰিংকচ লৈছা। কি হৈছে? আমি তোমাৰ কাষত আছোঁ তুমি এটেনচনে দিয়া নাই। ব’লা ডান্স কৰোঁ‌। এইবুলি অৰ্জুনৰ হাতত ধৰে আৰু অৰ্জুনে হাতখন আচাৰ মাৰি দিয়ে। কৰীনাই খঙেৰে চায়। ক্লোজ আপত এবাৰ কৰীনাৰ মুখখন এবাৰ দীপিকাৰ মুখখন দেখাব আচৰিত হোৱাৰ আৰু কৰীনাই হুহ বুলি গুছি যাব আৰু অকলে অকলে নাচিব ধৰিব।

এইবাৰ দীপিকা অৰ্জুনৰ কাষলৈ আহিব আৰু তেওঁৰ হাতখন তুলি ল’ব। ডায়েলগ বুলি কোৱাৰ লগে লগে হোৱাট হেপেন্দ? টেল মি? ৰিণ্টু মনি দত্ত মানে অৰ্জুনে একো নকয় ডান্স ফ্লোৰৰ ফালে চাব। লগে লগে কেমেৰা সেইফালে ঘুৰিব আৰু ফ্লাছ পৰিব দুজনৰ গাত। ক্লোজ আপত দেখা যাব জুহি (চবিনা ইয়াছমীন) আৰু ৰৱাৰ্টে (সঞ্জীৱ মজুমদাৰ) ডান্স কৰি থাকিব।বেকগ্ৰাউণ্ডত বাজি থাকিব আখ মাৰে ও লড়কী আখ মাৰে। তেনেতে গ্লেমাৰ গাৰ্ল তৃষ্ণা টি ভূঞাৰ প্ৰবেশ (ফিল্মী নাম ৰিমী)। লাইট তেওঁৰ ওপৰত পৰিব। পিন্ধনত শ্লিভলেচ লং গাউন। ভৰিত হাই হিল, ডিঙিত ডাইমণ্ডৰ নেকলেচ (নকলী)। একচন বুলি কোৱাৰ লগে তেওঁ মডেলৰ দৰে আহিব লয়লাস খোজেৰে আৰু দীপিকা, কৰীনাই দৌৰি সাৱতি হেপ্পী বাৰ্থদে মাই দিয়েৰ ফ্ৰেণ্ড বুলি ক’ব। লগে লগে ৰিমীয়ে ক’ব হোৱেৰ ইজ মাই বেষ্ট ফ্ৰেণ্ড? তেনেতে পিছফালৰ পৰা ৰিমীৰ চকুত জুহিয়ে ধৰিব আৰু হেপ্পী বাৰ্থদে বুলি চিঞৰি দিব। কেক কাটিব আৰু জুহিয়ে কেক ৰিমীক খুৱাই দিয়াৰ সলনি ৰবাৰ্টক খুৱাই দিব। সকলোৰে মুখত কৌতুহল দেখা যাব। আৰু দূৰত অৰ্জুনে হাতেৰে গ্লাচটো জোৰকৈ মজিয়াত মাৰি দিব। কেমেৰাই অৰ্জুন আৰু এবাৰ সকলোকে দেখাব।

শ্বট ৪ সমাপ্ত

শ্বট ৫ আৰম্ভ হৈছে

পাহাৰীয়া ঠাই। তলত নদী। ওপৰত শিল আৰু গছ গছনিৰে ভৰা সুন্দৰ ঠাই। এই চিনটোত হিৰোইন জিলাপীয়ে হিৰো সোনেশ্বৰক লগ ধৰিবলৈ আহিব। শিল এটাৰ ওপৰত বহি থাকিব আৰু গীত এটি গুণগুণাব।

হিৰোৰ অহাত দেৰি হ’ব আৰু তেনেতে জিপেৰে ভিলেইনৰ প্ৰবেশ ঘটিব (এই ৰ’লটো কৰিব অলকেশ ভাগৱতীয়ে)। তেওঁ পাহাৰৰ চোৰাং কাঠৰ ব্যৱসায় কৰে আৰু জহামলবোৰ চিকাৰ কৰি বিদেশত চাপ্লাই কৰে।

সহকাৰী পৰিচালক মাধুৰ্য্যই একচন বুলি কোৱাৰ লগে লগে হিৰোইন কাবেৰীয়ে গান গাই দৌৰি আহোঁ‌তে জিপৰ আগত পৰি যায়। ভাগৱতী নামি আহে জিপৰ পৰা (ফিল্মী নাম ৰকী, এওঁ জুহিৰ ককায়েক) জিলাপীয় ভয়তে মুখখন দুই হাতেৰে ঢাকি বহি যায়।

ৰকীয়ে ধমকীৰ সুৰত কয়, “হেই ইউ গাঁৱলীয়া ছোৱালী ভালকৈ চাব নোৱাৰা।” জিলাপীয়ে তলমূৰকৈ থাকে। ৰকীয়ে আকৌ কয়, “গুচ মোৰ গাড়ীৰ আগৰ পৰা।”

এইবাৰ জিলাপীয়ে হাত আঁ‌তৰাই দিয়ে মুখৰ পৰা আৰু লাহে লাহে মুখখন ঘূৰাই ৰকীলৈ চাই আৰু থিয় হয়।

ৰকীৰ মোবাইলত কাৰোবাৰ ফোন আহে তেনেতে জীলাপীক দেখি থৰ লাগি যায় আৰু ফোনত কয়, “আই উইল কল ইউ লেটাৰ” বুলি কৈ অস্ফুট স্বৰেৰে কৈ উঠে “হোৱাট আ বিউতি” বুলি কৈ জিলাপীৰ হাতত ধৰিব খোজে আৰু জিলাপীয়ে ঠেলা মাৰি ৰকীক দৌৰি পলায়। ৰকীয়ে পিছে পিছে হাঁহি জিপখন চলাই যায়। জিলাপী দৌৰি আহি কিহবাত খুন্দা খায়। লগে লগে কেমেৰাই দেখুৱাই খুন্দা খোৱাজন সোনেশ্বৰ।জিলাপীয়ে সোনেশ্বৰক সাৱতি ধৰে।

সোনেশ্বৰ :- কি হ’ল জিলু?

এইবুলি জিলাপীৰ মুখখন দুয়ো হাতেৰে দাঙি ধৰে। জিলাপীয়ে আঙুলিয়াই ৰকীৰ জিপখন দেখুৱাই।

ইতিমধ্যে ৰকী ওচৰ আহি পায় আৰু সোনেশ্বৰে বাট আগচি ধৰে।

ৰকী :- চামনে চে হত। ইউ গৱাৰ।

সোনেশ্বৰ :- আগতে তই নামি আহ। আমাৰ গাঁৱৰ ছোৱালীৰ হাতত ধৰ? ইমান সাহস তোৰ? আকৌ যদি কৰ নহয় কথা বেয়া হ’ব কৈ দিছোঁ।

ৰকী :- (গৰজী উঠি) কি কৈছ চিনি পোৱা নাই মই কোন? মোক কথা বেয়াকৈ ক’বলৈ আহিছ? মই তহঁতৰ গাঁৱৰ একমাত্ৰ কাঠৰ মিলৰ মালিকৰ ল’ৰা। গোটেই গাওঁখনেই মোৰ মিলত কাম কৰি খাই আছে। চবকে ভিখাৰী বনাই দিম কামৰ পৰা উলিয়াই।

সোনেশ্বৰে খঙেৰে কি ক’লি বুলি ৰকীৰ নাকত এটা প্ৰচন্দ ঘোচা মাৰে আৰু ৰকীয়েও ওলোটাই এটা ঘোচা মাৰে। দুয়োৰে মাজৰ ফাইটিং দেখি জিলাপীয়ে জোৰকৈ চিঞৰি বেহুচ হৈ যায় । তেনেতে বাইকত ৰবাৰ্ট আৰু ফাগুনা আহে আৰু দুয়ো সোনেশ্বৰ আৰু ৰকীক টানি এৰুৱাই দিয়ে । আৰু ৰকীক কাণৰ ওচৰত ৰবাৰ্টে কিবা কয়। ৰকীয়ে সোনেশ্বৰক চাই ল’ম তোক বুলি জিপেৰে ধোঁ‌ৱা উৰোৱাই গুছি যায়। পিছে পিছে বাইকত ৰবাৰ্ট আৰু ফাগুনা যায়। সোনেশ্বৰে খঙত চাওঁতে ফাগুনাই জোকোৱাৰ চলেৰে সোনেশ্বৰক ফ্লায়িং কিছ এটা দি উকি মাৰি যায়। এইবাৰ কেমেৰা জিলাপীৰ ফালে ঘূৰে। সোনেশ্বৰে আলফুলে তাইক দাঙি লয়।

লাহে লাহে বেলি দুবাৰ দৃশ্য দেখুওৱা হয়।

শ্বট ৫ম সমাপ্ত

শ্বট ৬ আৰম্ভ

অফস্ক্ৰীনত মাধুৰ্য্যই কংকনা মহন্ত আৰু চবিনা ইয়াছমীনক স্ক্ৰীপ্ত বুজাই আছে। আনফালে প্ৰযোজিকা ৰাজশ্ৰীয়ে কেলকূলেটৰত কিবা কিবি হিচাপ কৰি আছে। তেওঁৰ সন্মুখত এজাপ কাগজ। ভালকৈ চালে বুজা যায় বিল কিবাহৰ। কাষতে কাকতিয়ে গীটাৰখন লৈ বজাই আছে আৰু সঞ্জীব মজুমদাৰে summer of sixty nine গানটো গাই আছে। টবিবাৰে এবাৰ মজুমদাৰক এবাৰ কাকতিক চায়। কাকতিক হঠাৎ ক’লে টবিবাৰে “গীটাৰখান আমাৰ দোঁতাৰাৰ দৰে দেখি ন দাদা। খালি অলাপ বহল হবো।” মজুমদাৰে গান বন্ধ কৰি এবাৰ টবিবাৰ আৰু এবাৰ কাকতিক চাই হা হা কৈ হাঁহিত বাগৰি পৰে।

ৰাজশ্ৰীয়ে কেঁৰাকৈ চায়। এনেতে পিছফালৰ পৰা কাষ্টিং ডিৰেক্টৰ শইকীয়াই মাত দিয়ে- “ঐ গীটাৰ আৰু দোঁতাৰা দুইটা বেলেগ বুইছ?”

এনেতে পৰিচালিকা ডলী সোমাই আহে আৰু ৰাজশ্ৰীৰ ওচৰত যায় আৰু কাণত ফুচ ফুচাই কিবা কৈ ঘড়ী দেখুৱাই। কাষতে বহি থাকা মহন্তই কংকনা মহন্তক কয়, “হেৰা কাজু দুটা দিয়াহে। কিমান বহি থাকিম আৰু? অথনিৰে মেকআপ লৈ বহি আছোঁ মেকআপ শুকাই গ’ল বুইছা। হেৰি নহয় তালুকদাৰনী মেডাম; আমাৰ ভাগৱতীৰ খবৰ নাই দেখোন? ইমান খতি কৰে শ্বুটিং। তেওঁৰ যোৱা দুদিন ধৰি শ্বুটিঙলৈ আহি ৰাতিপুৱা মেকআপ কৰি আবেলি ঘৰত গৈছোঁ। এনেকৈ ভাল নালাগে। যোৱা কালি পেক আপ হোৱাৰ পিছত আহিছে। শ্বুটিঙলৈ আহিলেও মোবাইলটো টিপি থাকিব চাৰিবাৰমানৰ মূৰত শ্বট দিব।”

ডলী :- কি ক’ম আৰু মই আজিও পেক আপে হ’ব যেন পাইছোঁ। মাধুৰ্য্য তুমি জুহি, মিচেছ বৰুৱা, মি.বৰুৱাৰ চিনটো ৰেডী কৰা।

মাধুৰ্য্য ওকে মেডাম

শ্বট ৬

লাইট, কেমেৰা, একচন

মিছেচ বৰুৱা :- বেবী তুমি আজিকালি সকলো সময়তে ৰবাৰ্টক লগত লৈ ফুৰা যে? মনত ৰাখিবা সি কেৱল তোমাৰ দেউতাৰাৰ এজন কৰ্মচাৰীহে। নিজৰ ষ্টেটাচ পাহৰি নাযাবা।

জুহি :- মা এইয়া সকলো মিছা। ৰবাৰ্ট মোৰ বডি গাৰ্ড গতিকে মোৰ লগত সি থাকিবই ন?

মিছেচ বৰুৱা :- সেইবুলি কি ৰেষ্টুৰেণ্টত একেলগে একেখন থালতে খাবা নেকি? তুমি বোলে সিদিনা তাক চামুচেৰে নুডলচ্ খুৱাই দিছিলা। তাৰ পিছত আইচক্ৰীম।

জুহি :- হোৱাট? কোনে তোমাক ক’লে এইবোৰ?

“অৰ্জুনে” পিছফালৰ পৰা এটা গহীন কিন্তু কঠোৰ মাত আহে। কেমেৰা ঘূৰে আৰু মি. বৰুৱাক দেখুওৱা হয়। চকু দুটা খঙত ৰঙা।

জুহি :- পাপা সি মিছা মাতিছে? মই মই মানে …

ঠাচ্ কৈ চৰ এটা জুহিৰ গালত পৰে।

মিছেচ বৰুৱা ভয়ত কপি যায় । আৰু এটা চৰ দিব খোজোতে তেওঁ বৰুৱাৰ হাতখন থাপ মাৰি ধৰে। “ন’ ন’ গাভৰু ছোৱালীজনীক তুমি নামাৰিবা। মানুহে শুনিলে কি হ’ব?”

বৰুৱা :- চুপ থাকা। তোমাৰ বাবে আজি এইবোৰ হ’ব পালে। ইয়াকে কৈ বৰুৱা গপ গপাই ওলাই যায়।

জুহিয়ে উচুপি থাকে আৰু বৰুৱানী ওলাই যায়।

কোঠাটো এন্ধাৰ হৈ যায়।

#শ্বট ৭ম

বৰুৱানী আৰু ৰবাৰ্টৰ মাজৰ চিন। কাষত ফাগুনা থাকিব।

মিছেচ বৰুৱা :- ৰবাৰ্ট মই এইবোৰ কি শুনিছোঁ? তুমি ইমান সাহ কেনেকে পালা? বাওনা হৈ চন্দ্ৰলৈ হাত মেলিলা।

ৰবাৰ্ট :- কোনে ক’লে মই বাওনা মেডাম। দস্তুৰমত মই ৫.৮” ওখ।

বৰুৱানী:- (চিঞৰি) ৰবাৰ্ট, ধেমালি নকৰিবা। মৰম কৰিলেও পাহৰি নাযাবা তুমি এইখন ঘৰৰ লগুৱাহে।

ৰবাৰ্ট :- ভালকৈ ভাবি চাওঁক মেডাম লগুৱা কোন আছিল আৰু মালিক কোন হ’ল। পাহৰা নাই মই একো। আৰু আপুনিও মনত ৰখাতো ভাল। আপোনাৰ ছোৱালীক ভাল পাওঁ মই। আৰু এটা কথা আজি আপোনাৰ ল’ৰা মোৰ বাবেই মুকলি আকাশৰ তলত আছে। নহ’লে আজি জেলত শিল ভাঙি থাকিব লাগিল হেতেন।

বৰুৱানী :- ৰবাৰ্ট।

ৰবাৰ্ট :- নিচিঞৰিব। চিঞৰিলে বিপদ আ-পো- না-ৰ।

ৰবাৰ্ট খৰ খোজেৰে ওলায় যায়।

বৰুৱানী চোফাত বহি পৰে মূৰত হাত দি।

বেক গ্ৰাউণ্ডত একেলগে কেবাজোৰো তবলা বাজে।

কেমেৰা টাবিবাৰৰ ফালে আহে। লাহে লাহে টাবিবাৰ বৰুৱানীৰ ওচৰলৈ আহে। একচন বুলি কোৱাৰ লগে লগে

ফাগুনা : মেডাম কথাটো ভাল নহ’ল নেকি? ৰবাৰ্ট মানুহজন কিন্তু অলপ …কথা আধৰুৱা হয়, জুহিৰ প্ৰবেশ।

শ্বট ক্লোজ।

শ্বট ৭

অফস্ক্ৰীনত সহকাৰী ক’ৰিঅ’গ্ৰাফাৰ উৎপলাই হিৰোইনক ডান্স শিকাই আছে। বাইদেউ এই প’জটো আপুনি চাইকেলৰ চকাত পাম দিয়ে যে তেনেকৈ কৰিব।

কাবেৰী হ’ব বুলি প্ৰেকটিছ কৰে। আৰু হিৰোই এখন হাত কঁ‌কালত দি আনখন হাতেৰে ইনক্লাব জিন্দাবাদ কৰাৰ দৰে কৰিব। পল্লবী কলিতাই দেখাই দিয়ে। “প্ৰেকটিছ কৰক।”

হিৰো অভিজিত কলিতাই পল্লবীক “বুজা নাই তুমি ভালকে মোৰ হাতত ধৰি দেখুৱাই দিয়া না প্লীজ।”

কাষত থকা উৎপলা আৰু কাবেৰীয়ে চকু টিপিয়াই দিয়ে।

পল্লবী:- মই নোৱাৰো দেই। আপুনি কিবা ইমান লাগি থাকে মোৰ পিছত।

অভিজিত :- ক’তনো লাগিলো (মৰমেৰে)

পল্লবী:- না বাবা। ডিৰেক্টৰ আৰু প্ৰডিউচাৰে দেখিলে মোৰ খলিজা খাব।

অভিজিত:- কি খাব?

পল্লবী:- খলিজা ও আই মীন দিল। মই ১বছৰ ঘৰত বহি থকাৰ পিছত কাম পাইছোঁ। তাৰোপৰি নেক্সট ফিলিমখনত শৰ্মা মেডামে মোক হিৰোইন ল’ম কৈছেতো। so মই এই সুযোগটো হেৰাব নোৱাৰো।

অভিজিত কলিতা :- খলিজা মানে কলিজা ৰাইট। হা হা।

(পল্লবীয়ে খঙেৰে চাই)

“চৰী চৰী ডিয়েৰ। আৰে শৰ্মানীয়ে তোমাক কি চান্স দিব? মই তোমাক মোৰ লাইফৰ হিৰোইন বনাম পাৰ্মানেণ্টলি।”

পল্লবী :- হোৱাট? মই বুজা নাই?

অভিজিত :- মই তোমাক ভাল পাই পেলাইছোঁ। আই লাভ ইউ ।

পল্লবী :- মই ভাবিব লাগিব ।

এনেতে পৰিচালিকা আৰু প্ৰযোজিকা আহে । দুয়োকে দেখি অভিজিত কলিতা ছাটিৰ তললৈ আহে আৰু পল্লবীয়ে নৃত্য বুজোৱাৰ এক্টিং কৰে।

প্ৰযোজিকাই আহিয়ে হিৰোক দম দিয়ে মাধুৰ্য্যক, “ইমান দেৰি শ্বুটিং হোৱা নাই যে আৰু তালুকদাৰনি বাইদেউ ক’ত?”

ডলীয়ে পিছফালৰ পৰা মাতে- মই ছোৱালীজনীৰ স্কুলত ফিজ দিব গৈছিলোঁ। মাধুৰ্য্যক গানটো শ্বুটিং কৰিব ক’লো কিয় কৰা নাই।

মাধুৰ্য্য :- বাইদেউ, আপ্নালোকে মোক গালি পাইল্লি কি হ’ব দক। মই মাতি মাতি ভাগ্ৰি গেছু। হিৰো আৰু নাচৰ মাস্তৰনী লাইন মাৰি থাকে।

ৰাজশ্ৰী আৰু ডলী(একেলগে) কোনজনী?

মাধুৰ্য্য :- পল্লবী

ৰাজশ্ৰী :- ডলী বা শ্বট ৰেডি কৰক। আজি ইমান নচুৱাম নহয় প্ৰেম বাহিৰ কৰিম।

শ্বট ৰেডি, টেক ১

গান বাজিব ..” ফুলে ফুলে পৰি ভোমোৰা বোৰে গুন গুনায় মোকে শুনায় ….

কিনো শুনায় কিনো ক’লে গুন গুনায় …….আই লাভ ইউ ….

গান গাই নাচি থাকোঁ‌তে হিৰোইনৰ দেউতাক আহিব। তেওঁ পিন্ধনত ধুতি, পাঞ্জাবী কুৰ্তা আৰু ডিঙিত পাটৰ গামোছা থাকিব। হাতত এডাল পহুৰ শিঙৰ নাল থকা লাখুটি। তেখেতক দেখিলেই ভয়ৰ লগতে শ্ৰদ্ধা ভাব আহে (এই ৰ’লটো কৰিব সোমেশ্বৰ শইকীয়া চাৰে)

তেখেত পাহাৰতলী গাৱঁৰ গাওঁবুঢ়া আৰু জিলাপীৰ দেউতাক। কেমেৰাত তেওঁৰ ভৰিৰ পৰা মূৰলৈ দেখুওৱাব আৰু গহীন গম্ভীৰ খোজেৰে আহিব।

সোনেশ্বৰ আৰু জিলাপীয়ে গান গাই থাকোঁ‌তে জিলাপীক সোণেশ্বৰে বুকুৰ মাজলৈ চপাই আনিবলৈ খুজিব আৰু তেতিয়াই জিলাপীৰ হাতখনত ধৰা দেখা যাব ক্লোজ আপত আৰু টানি লৈ যাব। হিৰোইনে আচৰিত হৈ চাব আৰু চিঞৰি দিব দেউতা আ আ।

গাওঁবুঢ়া :- মোৰ ছোৱালী হৈ এইদৰে এটা ভিকহুৰ লগত নিৰ্লজ্জৰ দৰে নাচি আছ পথাৰত। লাজ লগা নাই? খালি খালি মোৰ সকলো মান সন্মান ধূলি কৰি দিলি।

জিলাপী:- দেউতা সোনেশ্বৰ ভিকহু নহয়। সি পঢ়া শুনা ল’ৰা।

গাওঁবুঢ়া :- চুপ। মোৰ আগত তই লোকৰ হৈ ওকালতি কৰিব আহ। ব’ল ঘৰলৈ আজিৰ পৰা তোৰ ঘৰৰ পৰা বাহিৰলৈ ওলোৱা বন্ধ।

সোনেশ্বৰ :- দেউতা ৰ’ব। জিলাপীয়ে কি ভুল কৰিলে যে আপুনি তাইক গৃহবন্দী কৰিব?

গাওঁবুঢ়া :- মনে মনে থাক। মোৰ ঘৰত কাম কৰা হালোৱাৰ পুতেকৰ ইমান সাহস যে সি মোৰ লগত এই ধৰ্মকান্ত গাওঁবুঢ়াৰ লগত তৰ্ক কৰে?

সোনেশ্বৰ :- অ’ মই হালোৱাৰ ল’ৰা কিন্তু মোৰ দেউতাই মোক উপযুক্ত কৰিছে। মই বি.এ. পাছ ল’ৰা । অতি সোনকালে মোৰ চাকৰি হ’ব। আৰু চাকৰি নহ’লেও খুৱাব পাৰিম আপোনাৰ জীক।

গাওঁবুঢ়া :- চুপ। মোৰ ছোৱালীক খুৱাই যাৰ কাৰণে গোটেই গাঁৱৰ মানুহে লঘোনত মৰিব লাগিব। তই লিডাৰ ওলাইছ কাঠ মিলৰ। তোৰ উচটনিত গোটেই কৰ্মচাৰীয়ে প্ৰতিবাদ কৰিছে মালিকৰ বিৰুদ্ধে। আৰু মালিকে মিল বন্ধ কৰিব ওলাইছে। গতিকে আজিৰ পৰা মোৰ ছোৱালীৰ লগত হলিগলি নকৰিবি।

গাওঁবুঢ়াই জিলাপীক লৈ যায় আৰু সোনেশ্বৰে কৰুণ ভাবে চাই থাকে। তেনেতে ৰকীয়ে জিপ লৈ আহে আৰু গাওঁবুঢ়া আৰু জিলাপীক বহুৱাই লৈ যায়।

সোনেশ্বৰে সকলো বুজি পালে। জিলাপীয়ে পিছফালে চাই যায়। জিপৰ ধোঁ‌ৱাত একো নেদেখা হয়।

সোনেশ্বৰ মাটিত বহি পৰে। গান বাজে “হঠাতে হেৰাল কেনিনো মোৰ চোতালৰে জোনাক”।

পেক আপ

অফস্ক্ৰীনত

ছাতিৰ তলত শৰ্মানী, তালুকদাৰনী, কাকতি, দিম্পল কলিতা আৰু হুজুৰী একেলগে। জিতু শৰ্মাৰ লগত তৰ্ক ৰাজশ্ৰীৰ।

ৰাজশ্ৰী :- ইমান বিল কেনেকে আহিলহে?

জিতু শৰ্মা :- ইয়ো মেডাম, মই মিছা ক’ম নেকিহে ? আপোনাৰ ষ্টানমেনজনে দিনৌ দহটা কণী আৰু ৫খন পৰাঠা খাই ব্ৰেকফাষ্টত। আজি মাংসও খাইছে ৰুটিৰ লগত চাৰি বাতি। কিবা বোলে হিৰোৰ লগত ফাইটিং কৰোঁ‌তে গছৰ পৰা জপিয়াই পৰিব ভিলেইনে।

তালুকদাৰনী:- ভাল বকাসুৰটো আনি দিলে দেৱজিত দাই।

কাকতি :-হ’ব। শুনা পালে সাংঘাতিক হ’ব। হেৰি হা ৰাজশ্ৰী মইও ৫০০০০ লগাইছোঁ চিনেমাত। মোৰ লাভটো চাবা।

এনেতে ৰাজশ্ৰীয়ে ফোন লগাই- হেল্ল ‘ দেৱজিতদা সোনকালে আহক। আপুনি এইটো কি বকাসুৰ জাপি দিলে আমাক?

সিফালৰ পৰা শইকীয়া :- কিয় কি হ’লনো? তোমালোকৰ মানে কমপ্লেইনে শেষ নহয়? কম খৰচতে এক্টৰ লাগে।

ৰাজশ্ৰী :- কি কম খৰচ? ৫০০০ত ষ্টান মেন আনিছোঁ কিন্তু ১৫০০০ টকাৰ খানা খাইছে তিনি দিনত কিবা কৰক?

শইকীয়া :- অ’কে ৰ’বা। মই কিবা কৰি আছোঁ। ১৫ মিনিটত গৈ আছোঁ।

১৫ মিনিটৰ পিছত শইকীয়াৰ বাইকৰ পিছফালে সুন্দৰী যুৱতী এগৰাকী।

যুৱতীয়ে এক জাপ মাৰি নামে। শইকীয়াই ৰাজশ্ৰীক চিনাকি কৰি দিয়ে এইয়া ডায়েটিচিয়ান বিস্মিতা শৰ্মা। মোৰ হব’লগীয়া জনী।

কাকতিয়ে “হাই বেবী” বুলি কয় শইকীয়াই চোৱাৰ লগে লগে “ভন্তি আহা বহা।”

শইকীয়া :- দেখিলা?

ৰাজশ্ৰী : কি দেখিলোঁ‌? আৰু এজনী হিৰোইন আনিছে। আগৰকেইটাকে পইচা দিব পৰা নাই।

শইকীয়া :- নহয় ও এই সকলোকে খোৱা কমাই দিব চাবা।

এনেতে দিম্পল আহে:- ধৈ জুই ওলাই গৈছে। এই হুজুৰীৰ ইমান ভোক লাগে। ইফালে হিৰো আৰু ভিলেইন কাৰো দেখা দেখি নাই।

হঠাত ডলী আহি কান্দিব ধৰে। আৰু কান্দি কান্দি কাকতিক কয়। লগত পিছে পিছে মাধুৰ্য্যই কৈ আহি থাকে “বাই নাকেইন্দবি। কিবা এটা কৰিম ৰহ।”

সকলোৱে আচৰিত। হেমন্ত কাকতি আগবাঢ়ি গৈ “ডলী কি হ’ল? কিয় কান্দিছা? তুমি কান্দিলে মই বৰ দুখ পাও” বুলি কাকতিও কান্দিবলৈ ধৰিলে।

লগে লগে শইকীয়াইও মইও দুখ পাও ক’ব ওলাইছিল কিন্তু বিস্মিতা শৰ্মাই হু বুলি কোৱাৰ লগে লগে মানে বেয়া লাগে ডিৰেক্টৰে কান্দিলে বুলি লাহেকৈ কৈ থ’লে।

লগে লগে ডলী শইকীয়াৰ ওচৰত ঢোৰা সাঁপৰ দৰে ফোপাই খেদি আহিল আৰু কি বেয়া লাগে, দুনীয়াৰ পাৰ্ট টাইমত এক্টিং কৰা সোপাক লৈ আহিছে। ভালকে মন নিদিয়ে। জানেনে সেই অলকেশ ভাগৱতী আজি এসপ্তাহ আহা নাই শ্বুটিঙত আৰু আজি মোক মেছেজ দিছে বোলে গুলী মাৰি বুকু ফুটাওক কিন্তু মই নাযাওঁ শ্বুটিঙত। মোৰ এলাহ লাগিছে। মই ৰেষ্ট ল’ম। মাধুৰ্য্যই পাঁচ বাৰ গ’ল ঘৰত মাতিব বিচনাৰ পৰা নুঠিলে।

উ উ উ উ ….লগে ৰাজশ্ৰীও ভে ভে ভে ভে মোৰ পইচা কি হ’ব।

ডলীয়ে ৰ’বাহে আচল কথাটো কোৱাই নাই। আমাৰ হিৰোও নাই আৰু ক’ৰিঅ’গ্ৰাফাৰো নাই।

কাকতি আৰু শইকীয়া :- কোনজনী?

ডলী :- পল্লবী কলিতা। ভে ভে ভে।

মাধুৰ্য্য :- মই জানিছিলোৱেই। তাহুন দুয়ো যি কিবা খিছিৰি বানে আছিল।

শইকীয়া :- হিৰো নোহোৱাৰ লগত কি কানেকচন পল্লবীৰ?

ডলী:- মেছেজ চাওক। কালি ৰাতিয়েই দিছিল। মই ওচৰৰ ঘৰত সত্য নাৰায়ন পূজা খাব গৈছিলোঁ। আহি শুই থাকিলোঁ‌। পুৱাহে চালোঁ‌।

কাকতিয়ে ডলীৰ হাতৰ পৰা মোবাইলটো নি মেছেজটো ডাঙৰকৈ পঢ়ে।

“প্ৰযোজিকা আৰু পৰিচালিকা বাইদেউ আপোনালোকৰ কাৰণে দুখৰ কিন্তু মোৰ কাৰণে সুখৰ খবৰ যে মই পল্লবীক লৈ আনিলোঁ‌ চিৰদিনৰ কাৰণে। আমাৰ ঘৰৰ মানুহে যাতে বিচাৰি নাপায় লগতে আপোনালোকেও সেই কাৰণে আমি আন্দামান নিকোবৰত একেবাৰে হনিমুনলৈয়ে আহিছোঁ। বেয়া নাপাব।”

মেছেজ শুনি ৰাজশ্ৰীৰ মূৰত পানী ঢালিলে এক বটল। “মোৰ পইচা কি হ’ব। মই কিয় ডলীবাৰ চিনেমা প্ৰডিউচ কৰিলোঁ‌।” লগে লগে ডলীয়ে কান্দিবলৈ ধৰিলে আৰু “কাকতিদা মোৰ কি হ’ব? মোকো মোৰ মতাই খেদিব। মই তেওঁৰ গাড়ীখন বন্ধকত থৈ পাচ লাখ টকা আনি চিনেমাত লগাইছোঁ। ভাবিছিলোঁ ১৫ দিনত শ্বটিং শেষ কৰিম ২০ দিনত এডিটিং কৰিম আৰু ২১ দিনত ৰিলিজ দি ২৫ দিনত লাভৰ পইচাৰে গাড়ী খন মোকলাই আনিম।

কাকতি আৰু শইকীয়া :- তুমি কেনেকে বন্ধকত দিলা? গীৰিয়েৰে ঠেং ভাঙা নাই?

ৰাজশ্ৰী :- ও ভিনদেউ এমাহৰ কাৰণে বাহিৰত গৈছে। মইয়ে বুদ্ধিটো দিছিলোঁ উ উ উ ।

শইকীয়া :- আইদিয়া। আমি এটা কাম কৰো। একতা কাপুৰৰ দৰে কৰিম। যিখিনি অভিজিত আৰু অলকেশে কৰিলে সেইখিনিও থাকিব। খালি দুয়োৰে এক্সিডেণ্ট হ’ব আৰু প্লাষ্টিক চাৰ্জাৰী কৰি দিম।

২০ বছৰ পিছত দেখাম। কাকতি দাই অভিজিত দাৰ ৰ’লটো কৰিব আৰু ৰামানুজ দাই অলকেশ দাৰ ৰ’ল কৰিব।

লগে লগে কাকতিয়ে :-মই যি ৰ’ল কৰিব লাগে মই কি ২০ বছৰ ডাঙৰ নেকি অভিজিতত কৈ? নকৰো মই। ইহ খালি মোক বুঢ়া কৰাৰ তালত থাকে।

ৰাজশ্ৰী :- প্লীজ

কাকতি : নহয় হে মই এক / দেৰ বছৰ মানহে ডাঙৰ হম।

ডলী :- প্লীজ কাকতি দা, আপোনাৰ বাহিৰে মই কাকো ভৰষা নকৰো। বচাওক না মোক।

কাকতি :- ঔখে, অনলী ফৰ ইউ।

তেনেতে কাবেৰী মহন্ত:- মই বুঢ়ীৰ ৰ’ল নকৰো দেই। মোকো ৰিপ্লেছ কৰক।

ৰাজশ্ৰী :- হব। কমলা মাহীক দিম।

শইকীয়াই ইতিমধ্যে ৰামানুজ জিক ৰাজী কৰালে।

শইকীয়া :-অলপ ফিজ বেছি দিব লাগিব। বয়সীয়াল ৰ’ল যে। কিন্তু তেওঁ জিন্চ, টুপি আৰু বিটলচ শ্বু পিন্ধিব বোলে।

সকলোৱে একেলগে হব।

ৰাজশ্ৰী :- মাধুৰ্য্য লাষ্ট শ্বট ৰেডি কৰা।

শ্বট ৮

জিলাপীয়ে কান্দি থাকিব। এনেতে বেৰৰ ফুটাৰে কোনোবাই চিঠি এখন সুমুৱাই দিব। চিঠিখন পঢ়িব তাই। ক্লোজ আপত জিলাপীৰ মুখখন জিলিকি উঠিব। মুখত কান্দোতে শুকাই যোৱা চকুপানীৰ চিন। কিন্তু চিঠিখন পঢ়াৰ পিছত জিলাপীৰ মুখত হাঁহি ফুটি উঠিব। এইবাৰ কেমেৰা দুৱাৰখনৰ ফালে ঘুৰিব আৰু লাইট পৰিব। জিলাপীয়ে দুৱাৰ খোলে আৰু লগে লগে গোটেই মুখতে কাপোৰ ঢকা মানুহ এজন সোমাই আহে। জিলাপীয়ে ভয় খাই পিছুৱাই যায়।আগন্তুকে ভয় নকৰিবলৈ হাতেৰে ঈঙ্গিত দিয়ে। তেওঁ মুখৰ কাপোৰখন আঁ‌তৰাই দিয়ে। জিলাপীয়ে দেখে সোনেশ্বৰৰ সখীয়েক পলু (এই ৰ’লটো কৰিব বিজয় মহন্তই)।

জিলাপী :- পলুদা তুমি?

পলু :- জিলাপী ব’লা সোনকালে। সোনাই ৰৈ আছে। তোমাৰ দেউতাই ৰকীৰ লগত বিয়া ঠিক কৰিছে। ৰকীয়ে তোমাক বিয়া কৰাই তোমাৰ দেউতাৰ সকলো সম্পত্তি দখল কৰিব আৰু এই গাঁৱত সি চোৰাং ব্যৱসায় আৰম্ভ কৰিব।

জিলাপী :- নাই ই কেতিয়াও হ’ব নোৱাৰে। দেউতা ইমান নিষ্ঠুৰ নহয়। তেওঁ কেতিয়াও এজন চোৰাং ব্যৱসায়ীক নিজৰ ঘৰত ঠাই নিদিয়ে।

পলু :- তোমাৰ দেউতাক ৰকীয়ে মিঠা কথাৰে ভোল নিয়াইছে। গতিকে তুমি হাজাৰ মিনতি কৰিলেও নুশুনে।

জিলাপী :- কিন্তু …

পলু :- কোনো কিন্তু নাই। ব’লা এইয়ে শেষ সুযোগ।

জিলাপী আৰু পলু ওলাই যায় সাৱধানে। গাঁৱৰ বাহিৰত ৰৈ থাকে সোনেশ্বৰ। মুখখন ঢাকি থোৱা অৱস্থাত আছে (এই চৰিত্ৰটি হেমন্ত কাকতিয়ে কৰিব)।

জিলাপী ওচৰ চপাৰ লগে লগে সোনেশ্বৰে হাতত ধৰি আগতে ৰেডি কৰি থোৱা এম্বেছাদৰখনত বহে আৰু পলুৱে চলাই লৈ যায়।

শ্বট ৯

মি.বৰুৱাৰ ঘৰ। আন্ধাৰ কোঠালি এটাৰ পৰা গোপনে ছাঁ এটা ওলায়। হাতত কিবা এটা গধুৰ বস্তু। লাহে লাহে ছাঁ মুৰ্তিটো গেটৰ ফালে আগুৱাই যায়।

গেটত পুনৰ ছাঁ এটা দেখা যায়। তেনেতে গাড়ী এখন ৰখায়। গাড়ীৰ লাইটৰ পোহৰত দেখা যায় সেই ছাঁ দুটি আন কোনো নহয়। জুহি আৰু ৰবাৰ্টহে।

দুয়ো গাড়ীখনত বহে আৰু পলাই যায়। কিছুদূৰ যোৱাৰ পিছত ব্ৰহ্মপুত্ৰৰ পাৰত গাড়ী ৰয়।

জুহি- ৰবাৰ্ট তোমাৰ কাৰণে মই মা -পাপা সকলোকে এৰি আহিছোঁ। আজিৰ পৰা মই তোমাৰ। আৰু এই বেগটোত মই ৫০ লাখ টকা আৰু ২৫ তোলা সোন আনিছোঁ। ব’লা আজিৰ পৰা আমি এটি নতুন জীৱন আৰম্ভ কৰিম।

ৰবাৰ্ট :- জুহি তুমি কিমান ভুল কৰিলা নাজানা। তোমাৰ লগত মই জীৱন কটাম? তুমি কেনেকে ভাবিলা হাঃ হাঃ হাঃ।

জুহি:- তই বিশ্বাসঘাটকতা কৰিলি মোৰ লগত। মই ঘিন কৰো তোক। এইবুলি ৰবাৰ্টক মাৰিব আহে।

লগে লগে ৰবাৰ্টে জুহিক ডিঙিত চেপি মাৰি পানীত পেলাই দিয়ে। তাৰ পিছত ঘৰত আহি বৰুৱা বৰৱানীক কয় যে সোনেশ্বৰে জুহিক মাৰি পেলালে। বৰুৱানীৰ লগে লগে হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ যায়। ভিতৰৰ পৰা ৰকী ওলায় যায়।

ইয়াত ৰকীক পিছফালটো দেখুওৱা হয়। এই ৰ’লটো কৰে ৰামানুজ জিয়ে।

ৰকী যোৱাৰ লগে লগে আন্ধাৰ কৰি দিয়া হয় কোঠা।

শ্বট ১০

ফ্লেছবেক

ইতিমধ্যে জিলাপী আৰু সোনেশ্বৰ পলাই যোৱা এবছৰ হৈ গৈছে। পাহাৰতলী গাঁৱত দিনে দিনে ৰকী আৰু ৰবাৰ্টৰ অতপালি বাঢ়ি গৈছে। গোটেই গাঁৱৰ জহামালবোৰ চিকাৰ কৰি শেষ কৰি দিছে। কিয়নো জহামলৰ ছাল আৰু তেলৰ বিদেশত বহুত আদৰ। ঠিক তেনেকৈ এদিন ৰকীয়ে গম পালে যে বামুন ভেকুলীৰ মাংসও বিদেশত বহুত আদৰ। তেতিয়া গাঁৱৰে টিংখং(এই ৰ’লটো কৰিব সৌৰভ শৰ্মাই) বুলি ল’ৰা এজনক হাত কৰি বামুন ভেকুলীৰো স্মাগলিং কৰিবলৈ ল’লে। গোটেই গাঁৱতে তিনিমাহৰ ভিতৰতে খৰাং আৰম্ভ হৈ গ’ল। কিয়নো বৰষুণ মাতিবলৈ গাঁৱত একেবাৰে ভেকুলী নাইকিয়া হৈ গ’ল। গোটেই গাঁৱৰ খাল, বিল, পথাৰৰ ভেকুলী শেষ হৈ গৈছিল। গছবোৰো মানুহৰ বাৰীৰ পৰা নাইকীয়া হৈছিল। ৰবাৰ্ট আৰু ৰকীয়ে কঁ‌ঠাল গছবোৰ চুৰ কৰি নি ফাৰ্নিচাৰ বনাই চেগুন কাঠৰ বুলি চহৰত ডাঙৰ শ্বো ৰুম খুলি বেছিবলৈ লয়।

এই সকলোবোৰ কাম ৰাহুল বৰুৱা নামৰ ল’ৰা এজনে কৰিছিল যিয়ে মি. বৰুৱাৰ ভতিজা বুলি পৰিচয় দিয়ে।

ইফালে ৰকী কাৰ এক্সিদেণ্টত ঢুকোৱা বুলি সকলোৰে মাজত প্ৰচাৰ হয়। আৰু সেইকাৰণে অকলশৰীয়া বৰুৱাই ভতিজাকক তেওঁৰ সমস্ত ব্যৱসায় চাবলৈ মাতি আনে আমেৰিকাৰ পৰা। যিটো ৰবাৰ্টে কেতিয়াও ভাল পোৱা নাছিল। সেয়েহে সি জুহি আৰু ৰকীক আঁ‌তৰোৱাৰ দৰে ৰাহুলকো আতৰাবলৈ প্লেন কৰি ৰাহুলৰ জিগ্ৰী দোস্ত হৈছিল।

আৰু এই ৰাহুল আন কোনো নহয় ৰকীহে। বৰুৱাই বহুত বুদ্ধি কৰি ৰকীৰ মুখখন প্লাষ্টিক চাৰ্জাৰী কৰি ৰাহুল বুলি পৰিচয় দি ৰাখে। কিয়নো ৰকীয়ে সোনেশ্বৰক হত্যা কৰে ভনীয়েকক হত্যা কৰাৰ প্ৰতিশোধ স্বৰূপে। যাৰ বাবে পুলিচৰ পৰা হাত সাৰিবলৈ আৰু পুতেকক বচাবলৈ এনেকুৱা কৰে।

*আগৰ ৰকী যিহেতু ৰিপ্লেচ হ’ল সেয়েহে ইয়াত কাহিনীটো বহুত মাথা খটুৱাই পৰিচালিকা ডলী আৰু প্ৰযোজিকা ৰাজশ্ৰীয়ে ভাবি উলিয়াইছে। তেওঁলোকক সহায় কৰিছে মাষ্টাৰ মাইন্দ কাকতি আৰু শইকীয়াই। লগতে অলপ আইদিয়া দিছে মাধুৰ্য্য আৰু দিম্পল কলিতাই। ৰকীক এক্সিদেণ্ট কৰাওঁতে গাড়ীখন ঠেলি(ভঙা গাড়ী) তলত পেলাই দিয়াত সহায় কৰিছে ষ্টান মেন হুজুৰীয়ে। অৱশ্যে সেইদিনা জিতু শৰ্মাৰ দোকানত যিমান মন যায় সিমান মাংস পৰাঠা হুজুৰীক খাবলৈ দিয়া হৈছে।

শ্বট ১১

ফ্লেছবেক

জিলাপী আৰু সোনেশ্বৰ পলাই যোৱা দেৰ বছৰ হৈ গ’ল। লাহে লাহে গাওঁবুঢ়াই নিজৰ ভুল বুজি পালে আৰু অনুতপ্ত হ’ল। তেওঁ সদায় জিলাপীক মনত কৰি কান্দে। ইফালে ৰাহুলৰ লগত বডী গাৰ্ড হৈ গাঁৱলৈ আহোঁ‌তে গাওঁবুঢ়াৰ সৰু জীয়েক আংগুৰে প্ৰেমত পৰি ফাগুনাৰ লগত পলাই যায়। আচলতে ৰকী ওৰফে ৰাহুলৰ পৰা বচাবলৈহে ফাগুনাই আংগুৰক লৈ যায় পত্নী কৰি। ফাগুনাৰো ৰাহুলৰ কাম ভাল নলগা হৈছিল। নিজৰ ভুল বুজি পাইছিল। বৰুৱানীৰ পিছত তাক মৰম কৰা কোনো নাছিল। দিনে দিনে ৰাহুলৰ অতপালি বাঢ়িছিল। সি জুলীৰ ফ্ৰেণ্ড কৰীনাক বিয়া কৰাইছিল আৰু বহুত অত্যাচাৰ কৰিছিল। যিদিনা ফাগুনাই বাধা দিছিল কৰীনাক ৰাহুলে পিটোতে ফাগুনাই বাধা দিয়াত ৰাহুলে ফাগুনাক ঘৰৰ পৰা উলিয়াই দিয়ে।

লগে লগে ফাগুনাই ভুল শুধৰনিৰ বাবে পাহাৰতলী গাঁৱত আহি সকলো কথা গাওঁবুঢ়াক কয় আৰু আংগুৰক বিয়া কৰাই ক’ৰবালৈ যাম কয়।

ডায়েলগ

গাওঁবুঢ়াৰ ঘৰ। আংগুৰে চোতাল সাৰি আছে আৰু গাওঁবুঢ়াই বহি বাতৰি শুনি আছে ৰেডিঅ’ত।

ফাগুনাক দেখি আংগুৰে চক খায় আৰু গাওঁবুঢ়া গৰজি উঠে। (ক্লোজআপত গাওঁবুঢ়াৰ খঙত ৰঙা পৰা মুখ, আংগুৰৰ ভয়ত শেতা পৰা মুখ আৰু ফাগুনাৰ অনুতপ্ত মুখ দেখুওৱা হয়)

গাওঁবুঢ়া :-কিয় আহিছ মোৰ চোতালত? গোটেই গাওঁখন শেষ কৰি দিলি মোৰ। এটাও জহামাল, ভেকুলী নোহোৱা কৰি এইবাৰ কি চিকাৰ কৰিবলৈ আহিছ? গাঁৱৰ এন্দুৰকেইটা নে মেকুৰীকেইটা?

ফাগুনা :- দেউতা, মই একো কৰিব অহা নাই ! মই আপোনাক এটা সত্য কথা ক’ব আৰু বচাব আহিছোঁ।

গাওঁবুঢ়া :- হুহ চুপ থাক। মোক বচাব আহিছ? আৰু কি স…

ফাগুনা :-মই আপোনাৰ ছোৱালীক বিয়া কৰাব খোজো।

গাওঁবুঢ়া :- কি তোৰ ইমান সাহস মোৰ ছোৱালীক বিয়া কৰাব আহ? তোক মই (লাঠিৰে মাৰিব যায়, তেতিয়াই আংগুৰে থাপ মাৰি ধৰে)

আংগুৰ :- দেউতা ৰ’ব। মইও ভাল পাওঁ ফাগুনাক। আজি আপুনি ৰকীৰ আচল ৰূপ বুজি পাইছে বাবে খং উঠিছে কিন্তু এদিন আপোনাৰ ভুলৰ বাবেই বাইদেউ আঁ‌তৰি গ’ল আমাৰ পৰা।

গাওঁবুঢ়া :- আংগুৰ তই মোক এনেকৈ ক’লি?

আংগুৰ :- হয় দেউতা। ৰকীৰ চোৰাং ব্যৱসায়ৰ কথা সোনেশ্বৰ ককাইদেউৱে গম পাইছিল। কাঠৰ মিলত সেইবোৰ কৰি থকা দেখিছিল আৰু তেওঁ গাঁৱৰ সকলোকে বুজাইছিল। ৰকী্য়ে জানিব পাৰি আপোনাক ফুচুলায় যাতে ব্যৱসায় বঢ়াব পাৰে আৰু আমাৰ মাটিবোৰ ল’ব পাৰে সেইকাৰণে সোনেশ্বৰ ককাইক বেয়া মানুহ সজাই বাইদেউক বিয়া পাতিব ওলাইছিল।

গাওঁবুঢ়া :- তই কেনেকে জানিলি?

আংগুৰ:- মোক সকলো ফাগুনাই কৈছে। আৰু বাইদেউ জীয়াই আছে। এটি কেচুঁৱা হৈছে। দুমাহ হৈছে কিন্তু ….

গাওঁবুঢ়া :- কিন্তু কি?

“সোনেশ্বৰ আৰু নাই আমাৰ মাজত .. ” ফাগুনাৰ ডায়েলগ।

বেকগ্ৰাউণ্ডত কৰুণ বাঁহীৰ সুৰ বাজে।

গাওঁবুঢ়া মূৰত ধৰি বহি যায়।

অফস্ক্ৰীন

ডলী আৰু ৰাজশ্ৰী বহি আছে। পিছফালে কাকতিদাই হাৰমনিয়ামত সুৰ তুলি আছে। মাধুৰ্য্যই গান গাই আছে মানে চিঞৰি আছে। স্পট বয় হিতেশে কেটলিৰ পৰা চাহ বাকী আছে। স্পট গাৰ্ল মিতালি, মেকআপমেন জিতা ফুকনে জলফাই খাই বহি আছে। পুৰ্নময়ীয়ে গাওঁবুঢ়া, কাবেৰী মহন্ত, চাহিন আৰু ফাগুনাক মেকআপ দি আছে। মাজে মাজে জিতালৈ কেৰাহিকৈ চাই আছে।

ৰাজশ্ৰী :- ডলী বা কাহিনীটো বঢ়িয়া হ’ল হে।

ডলী:- ৰিভিউ লিখা মানুহ মই। কি ভাবিছা? এক মিনিটত দহটা কথা লিখি দিয়া মানুহ মই।

দূৰত টবিবাৰে :- পুৰ্নবাই বগা কৰি দিবা দ্যা মোক।

পুৰ্নময়ী:- যেনাই ৰং লৈ জন্মিছা সেনাই হে হ’বি।

সকলোৱে হাঁহে।

শ্বট ১২

গাওঁবুঢ়া, আংগুৰ, ফাগুনাক দেখা যাব এটা জুপুৰি ঘৰৰ সন্মুখত। জিলাপী বুলি মাতিব গাওঁবুঢ়াই কেইবাবাৰো। এজনী খীণ, দুৰ্বল তিৰোতা ওলাই আহিব কোলাত কেঁ‌চুৱা। পিন্ধনত মলিয়ন ৰঙা শাৰী আৰু কঁ‌পালত ফোঁ‌ট। আংগুৰ আৰু গাওঁবুঢ়াই দুয়োৰে মুখলৈ চাব। ফাগুনাই ক’ব সোনেশ্বৰ নোহোৱা কথাটো জিলাপীয়ে মানি লোৱা নাই।

গাওঁবুঢ়াক দেখি দেউতা বুলি জোৰেৰে সাৱতি ধৰে আৰু ডায়েলগ দিয়ে

জিলাপী:- মোৰ সোনেশ্বৰ আহিব। মোৰ সোনেশ্বৰ আহিব। এইবুলি বেহুচ হয়।

কেঁ‌চুৱাটো আংগুৰৰ হাতত দিয়ে ফাগুনাই। জিলাপীক ভিতৰলৈ লৈ যায়।

কেমেৰাত এবাৰ আংগুৰ, এবাৰ কেঁ‌চুৱাটোক দেখা যায়।

শ্বট ১৩

এখন হস্পিতাল দেখা যায়। কাষত ডাক্তৰৰ কোৱাৰ্টাৰ। কোৱাৰ্টাৰৰ বাৰান্দাত দেখা যায় এজন মানুহে লাখুটিত ভৰ দি খোজ কাঢ়ি আছে। কাষত বহি আছে এজন ৫৫ বছৰীয়া পুৰুষ ডাঃ অমল বৰা (অঞ্জন সাধনিদাৰ)আৰু এজনী মহিলা ডাঃ বিনা বৰা (ডাঃ বৰাৰ পত্নী, ৰ’লটো

কৰিব মেকআপ আৰ্টিষ্ট জিতা ফুকনে)

একচন

ডাঃ বৰা :- আৰু চিন্তা নাই দোস্ত। তুমি অতি সোনকালে লাখুটিৰ সহায় নোহোৱাকৈ খোজ কাঢ়িব পাৰিবা ।

ডাঃ বিনা :- মোৰ ভাইয়ে সোনকালে ভাল হৈ তেওঁ পোৱা পুৰস্কাৰ আনিব যাব লাগিব।

লগে লগে কেমেৰা সেই ব্যক্তিজনৰ ফালে ঘূৰিব, লাইট পৰিব তেওঁৰ মুখত দেখা যাব হেমন্ত কাকতিক। ফিল্মি নাম ৰমেন কাকতি।

ৰমেন:- আপোনালোক দুয়োকে কি বুলি ধন্যবাদ দিম। মোৰ পুনৰ জনম আপোনালোক দুয়োৰে বাবে হ’ল। কিন্তু মই যদি মোৰ পৰিচয় ঘূৰাই পালোহেঁ‌তেন।

ডাঃ বৰা:- নিশ্চয় পাবা বন্ধু।

ৰমেন :- কেতিয়া পাম ডাঃ। ২৬ বছৰ পাৰ হৈ গ’ল। আৰু বা কিমান দিন আছে জীৱনৰ? কোন মই, মোৰ পৰিয়াল ক’ত একো নাজানো।

বিনা :- হতাশ নহ’ব দাদা। আমিও আপোনাৰ পৰিয়ালৰে। নিজৰ ভাই বুলি মানো। সম্পূৰ্ণ এবছৰ ক’মাত থকাৰ পিছত আপুনি হুচত আহিছিল। তাৰপিছত দুমাহ মাতিব পৰা নাছিল। মই যেতিয়া দাদা বুলি ক’লো আপুনি ভণ্টী বুলি মাতিছিল।

ডাঃ বৰা :- হয়। তুমি বেহুচ অৱস্থাত কেৱল জিলাপী আৰু পৰি বুলি কেইবাবাৰো মাতিছিলা।

ৰমেন :- জিলাপী …পৰি ..। নাজানো প্ৰায়ে সপোনত এখন মুখ আৰু এটা কেঁ‌চুৱাৰ ফটো দেখা পাওঁ।

এনেতে ডাঃ বৰাৰ ফোন আহে। তেওঁ অ’ পঠিয়াই দিয়া মোৰ ঘৰলৈ। পত্নীক উদ্দেশ্যি কয় — নতুন ডাঃ এজনী আহিছে। কোৱাৰ্টাৰ নোপোৱালৈ আমাৰ ঘৰত থাকিব।

এনেতে ধুনীয়া ছোৱালী এজনী আহে বয়স ২৫ মান হ’ব। ৰমেন কাকতিয়ে ৰ’ লাগি চাই থাকে যেন ক’ৰবাত দেখিছে।

ছোৱালী জনীয়ে পৰিচয় দিয়ে নমস্কাৰ মই ডাঃ সোনা

শ্বট ১৪

ইয়াত অৰ্জুনৰ ঘৰ দেখাব। ভিতৰত অৰ্জুন বহি থাকিব (ৰিণ্টুমণি দত্ত, তেওঁৰ মুৰত পকা চুলিৰ উইগ আৰু মুখত পকা মোচ একোছা). এনেতে চাহ একাপ লৈ তেওঁৰ পত্নী দীপিকা আহিব (নীলাক্ষী কাকতি, পিন্ধনত এটা হাউচ কোট। চুলিৰ সমুখত ৰূপালি ৰং দিয়া হয়, অলপ শকত দেখা যাব আগতকৈ)

দীপিকা :- চাহ খোৱা।

অৰ্জুন :- নাই নালাগে

দীপিকা :- কি হ’ল? পুৱাৰ পৰা একো খোৱা নাই তুমি?

অৰ্জুন :- আজি তাইৰ তিথি? তুমি নাজানা নেকি?

দীপিকা :- তুমি আজিও পাহৰা নাই ন তাইক? তেনেহ’লে মোৰ লগত সংসাৰ কৰাৰ কি প্ৰয়োজন আছিল?

অৰ্জুন :- মোৰ কাৰণে তুমিহে পাগল আছিলা? মইতো সকলো কৈছিলোঁ যে মই কেতিয়াও জুলীক নাপাহৰো। যিদিনা মৰিম সিদিনাহে পাহৰিম।

দীপিকা :- মই ভাবিছিলোঁ মোৰ মৰম, ভালপোৱাই

তোমাক সকলো পাহৰাব। মোৰে ভুল।

অৰ্জুনে একো নোকোৱাকৈ ভিতৰলৈ গুছি যায়। তেনেতে ফোন বাজে। নীলাক্ষীয়ে ধৰিব। মুখখন উজ্জ্বল হৈ যায়। বেকগ্ৰাউণ্ডত গীটাৰ বাজে। নীলাক্ষীয়ে চিঞৰিব।

ডায়েলগ

দীপিকা :- হেৰা শুনিছা ! বাবা আহি আছে মাহীয়েকৰ লগত।

“আহি আছে নহয় মম ডাৰলিং আহি পালো।” পিছফালৰ পৰা ডায়েলগ। কেমেৰা, লাইট একেলগে ঘূৰিব। এজন ওখ পাখ ধুনীয়া ল’ৰা দেখা যাব (নৱাগত দিপাঙ্কৰ চৌধুৰী)। এবাৰ নীলাক্ষীৰ মুখ এবাৰ দিপাঙ্কৰৰ মুখ দেখুওৱা হ’ব।

ফিল্মী নাম হ’ব দিপাঙ্কৰৰ চানি।

সহকাৰী পৰিচালক মাধুৰ্য্যই একচন ক’ব লগে লগে

চানি :- মম মই আহিলোঁ‌। ডেড ক’ত?

অৰ্জুন ওলাই আহিব আৰু পুতেকক সাৱতি ধৰে।

অৰ্জুন:- মই আহো, মিটিং আছে।

চানি:- ডেডৰ আজিও টাইম নাই মোৰ বাবে।

এনেতে কেমেৰা ঘূৰিব। ৰিমঝিমৰ প্ৰবেশ।

চানি :-মাহী আহা।

দীপিকা :- তই ইমান দেৰি কৰিলি যে।

কৰীনা :- দেৰি নহয় ! ৰাহুল বৰুৱাক শেষ কথা কৈ আহিছোঁ যে মই পাবলগীয়া বাকী পইচাখিনি যাতে সোনকালে দিয়ে।

দীপিকা :- বহুত দুখ দিলে সি তোক। ভাল কৰিলি কেচ দিলি। আৰু কেচ খেলোতে তাৰ গোটেই সম্পত্তি শেষ।জিকিলি যে তই কেচত।

কৰীনা :- আধা ধন তাৰ ৰবাৰ্টে কৰিছে। আৰু কিয় নিজিকিম ক? উকীল কোন? এই চহৰৰ নং ১ উকীল আপোনাৰ পতিদেৱ।

চানি :- বহুত কথা হ’ল। কিবা খাব দিয়া আৰু গুদ নিউজ শুনা।

দীপিকা :- কি?

চানি :- মই চাকৰি পালোঁ‌। ডাঃ অমল বৰাৰ হস্পিতালত মোৰ চাকৰি হ’ল।

দীপিকা আৰু কৰীনাই দুয়ো চানিক মৰমেৰে সাৱতি লয়।

শ্বট ১৫

ডাঃ বৰাৰ ঘৰৰ এটা ৰুম। বেৰত এখন ফটো। ৰমেন কাকতি সোমাই আহে । কোঠাটো চাৰিওফালে চাই ফটোখন দেখি চিঞৰি দিয়ে জি-লা-পী। লগে লগে ৰমেন বেহুচ হয়। চকু মেলি চাই দেখে যে ডাঃ মেঘা বহি আছে। কাষত বৰা আৰু বৰানী।

মেঘা :- আংকল আপুনি মোৰ মাৰ নামটো কেনেকে জানে?

ৰমেন :- কি? মা

মেঘা :- হয়

ৰমেন :- মোৰ পত্নী সেইজনী। ম- মই সোনেশ্বৰ।

মেঘা :- হয় হয়। মোৰ দেউতাৰ নাম সোনেশ্বৰে হয়। কিন্তু তেওঁতো কেতিয়াবাই ….আৰু আপোনাৰ চেহেৰাৰ মিল নাই যে?

লগে লগে ডাঃ বৰাই সকলো খুলি ক’লে। কেনেকৈ নদীৰ পাৰত পালে বেহুচ অৱস্থাত, মুখখন থেতালি আছিল সেই বাবে চাৰ্জাৰি কৰিলে। আৰু ফটো একপি দিলে পাচপোৰ্ট চাইজৰ জিলাপী আৰু সোনেশ্বৰৰ জইন থকা। যি কপি বন্ধন বেংকৰ লোন লওঁ‌তে উঠিছিল। মানিবেগত পোৱা। লগতে কেঁ‌চুৱাৰ ফটো একপি। মেঘাই সেইয়া মাক আৰু নিজৰ ফটো বুলি চিনাক্ত কৰিলে।

শ্বট ১৬

চানি আৰু মেঘাৰ মাজত প্ৰেম হয়। ইজনে সিজনক ভাল পোৱা প্ৰকাশ কৰে। গান এটাও দিয়া যায় ৰোমান্তিক।

“নীলা নীলা দুচকুতে কোন আহে আহে”

গান গায় গায় শেষত ডায়েলগ

চানি :- মই ঘৰত কৈছোঁ তোমাৰ কথা। মা, মাহী আৰু ডেড আহিব সোনকালে।

মেঘা :- তুমি কেইদিনমান ৰখা। মোৰ মা, ককা, মাহী, মহা আহি আছে। তেতিয়া মাতিবা।

চানি :- ওকে বেবী

মেঘা :- যাওঁ ব’লা বাবু

অফস্ক্ৰীনত

ডলী আৰু ৰাজশ্ৰীৰ মাজত কাজিয়া।

ডলী :- তুমি যে পইচা খৰচ হোৱাৰ কথা কৈ থাকা শৰ্মানী, মই কি খৰচ কৰা নাই?

ৰাজশ্ৰী :- মই কেতিয়া মানা কৰিলো নাই দিয়া বুলি; কাহিনী দীঘল হৈছে সোনকালে শেষ কৰক কৈছোঁ। যিমান দিন শ্বুটিং হ’ব সিমান খৰচ।

ডলী:- তেতিয়া হ’লে লাষ্ট চিন কৰোঁ‌। আৰু হিট নহ’লে মোৰ গাত দোষ নাই। আৰু ৫ লাখ দিবা মোক গাড়ীখন মোকলাম।

“মাধুৰ্য্য লাষ্ট শ্বট ৰেডি কৰ।”

ডলী যায়। ৰাজশ্ৰীয়ে কয় এইবিলাকৰ লগতো কাম কৰে। কাণত ধৰিছোঁ ভুলতো মই প্ৰডিউছ নকৰো ডলী তালুকদাৰৰ চিনেমা পিছলৈ।

শ্বট ১৭

আজি চিনেমাৰ শেষ শ্বুটিং।

দুয়োটা পৰিয়াল আহিব। জিলাপীৰ ৰ’ল কৰিব কমলা দাসে। গাওঁবুঢ়াক অলপ বেছি বুঢ়া দেখা হ’ব। ফাগুনা পেটুলা হ’ব আৰু আংগুৰৰ কোলাত এটা আৰু পাঁচটা কাষে কাষে ল’ৰা ছোৱালী থাকিব। ল’ৰা ছোৱালীকেইটা ৰাজশ্ৰীৰ দুজনী ছোৱালী, পুৰ্নময়ীৰ ল’ৰা দুটা, ডলীৰ ছোৱালীজনী আৰু নীলাক্ষীৰ ল’ৰাটো হ’ব। সিহঁতে ফাগুনা আৰু আংগুৰৰ সন্তানৰ ৰ’ল কৰিব।

একচন

অৰ্জ্জুনক যেতিয়া সোনেশ্বৰৰ লগত পৰিচয় কৰি দিয়া হয় সোনেশ্বৰ খঙত কঁ‌পি উঠে। আৰু মাৰিবলৈ খেদি যায়।

ৰমেন/ সোনেশ্বৰ:- তোৰ কাৰণে মই ২৬ বছৰ বনবাস কটালোঁ‌। মোৰ ছোৱালী আৰু পত্নী নিঠৰুৱা হ’ল। হত্যাকাৰী।

অৰ্জুন:- মোক হত্যাকাৰী কোৱাৰ আগত নিজে কি? জুলীক কিয় হত্যা কৰিছিলা?

ৰমেন:- কোন জুলী? আৰু মই কাক হত্যা কৰিছিলোঁ? আপুনিহে মোক হত্যা কৰিছিল।

অৰ্জ্জুন :- মই কেতিয়া হত্যা কৰিলোঁ‌?

ৰমেন:- কিয় ৰকীৰ লগত?

অৰ্জ্জুন :- মই হত্যা কৰা নাই? মই ৰকীৰ কথামতে গৈছিলোঁ। কিন্তু তোমাক ৰকীয়ে ঠেলা মাৰি দিছিল। মই বচাবহে বিচাৰিছিলোঁ।

ৰমেন:- কি?

অৰ্জুন :- আৰু তোমাক পেলাই সি মোক এৰি থৈ গুছি আহে। পিছত গম পাও সি নিজৰ জিপখন জ্বলাই এক্সিডেণ্টত মৰা এক্টিং কৰে।

ৰমেন:- কোনে ক’লে?

কৰীনা :- মই ! মই ৰকীৰ সকলো জানো। তাৰ পত্নী আছিলোঁ এসময়ত। কিন্তু সি পাপৰ শাস্তি পালে। সকলো হেৰুৱাই আজি সি তাৰেই কৰ্মচাৰী ৰবাৰ্টৰ মিলত সাধাৰণ বনুৱা হিচাপে কাম কৰে। আপোনাৰ পৰিয়ালক মই সুৰক্ষিত কৰি ৰাখিছোঁ। মোৰ স্বামীৰ প্ৰায়শ্চিত্ত হিচাপে।

তেনেতে মেঘাই দেউতা চোৱা বুলি কয়। হেমন্ত কাকতি ঘূৰে কমলা দাস সহিত সকলোবোৰ থাকে।

ক্লোজ আপত কমলা দাস ওৰফে জিলাপী।

তেওঁক বয়সীয়াল জিলাপী কৰিলেও মেকআপেৰে সৌন্দৰ্য্য ফুটাই তোলা হৈছে।

ইফালৰ পৰা জিলাপী আৰু সিফালৰ পৰা সোনেশ্বৰ আহে আৰু ডায়েলগ আৰম্ভ

জিলাপী:- সোনেশ্বৰ

সোনেশ্বৰ :- জিলাপী !

জিলাপী:- তুমি ক’ত আছিলা। সকলোৱে কয় মোক তুমি নাই। কিন্তু মই কাৰো কথা শুনা নাছিলোঁ।

এনেতে গাওঁবুঢ়াই ক্ষমা বিচাৰে।

অৰ্জ্জুনেও ক্ষমা বিচাৰে আৰু চানিৰ কাৰণে মেঘাৰ হাত খোজে।

ডাঃ বৰা আৰু বৰানী আহে।

জিলাপীয়ে ধন্যবাদ দিয়ে। ডাঃ বৰাই কয়, “আপোনাৰ নাম সদায় মনত ৰাখিছে। সকলো পাহৰিলেও আপোনাক পাহৰা নাই।”

জিলাপীয়ে সোনেশ্বৰক মৰমেৰে চায় আৰু সেৱা এটি কৰে। সোনেশ্বৰে এফালে জিলাপী আৰু আনফালে মেঘাক সাৱতি ধৰে।

জিলাপী:- মোক পাহৰা নাছিলা!

সোনেশ্বৰ :- কৈছিলোঁনে সদায় ” মৰিলেহে তোমাক পাহৰিম।”

সকলোৱে হাঁহি দিয়ে।

চিনেমাৰ শেষত নামবোৰ দিয়া হয় আৰু ইয়াত চাক্সেচ পাৰ্টি দেখুওৱা হয়। গ্লেমাৰ গাৰ্ল তৃষ্ণা টি ভূঞাই ” টন টনা না না তন্দুৰী নাইট ” গানটোত নৃত্য কৰে। সকলো শিল্পীকে পাৰ্টিলৈ অহা দেখা যায়। আনকি অভিজিত কলিতা আৰু পল্লবী কলিতাই ৰঙা পাটৰ কাপোৰ আৰু সেন্দুৰেৰ ফোঁটেৰে সজ্জিত হৈ আহে। শেষত ডলী তালুকদাৰ আৰু ৰাজশ্ৰী শৰ্মাক টম টমৰ পৰা নামি অহা দেখা যায়।

সমাপ্ত।

☆★☆★☆

One comment

Leave a Reply to নীলাক্ষী কাকতি Cancel reply

Your email address will not be published. Required fields are marked *