ফটাঢোল

ভেলেণ্টাইন ডে বিশেষ পদ্য – ৰাজীৱ শৰ্মা

(১)
প্ৰেমৰ দিন পালেহি কাষত আছে শ্ৰীমতী
দুখ লাগিল ভাবি মোৰ আজি কি হ’ল গতি

কেইবাজনীৰ লগত ছাটিং
সময় মিলাই দিছিলোঁ ডেটিং

কৈফিয়ৎ দিব লাগে আজি কৰিলেও পাৰ্টি

(২)
বিয়াখন পাতিছিলোঁ লাগিলেও ধুৰ-ধাৰ
ফূৰ্তিতে ভাবিছিলোঁ হ’ব এওঁ গলৰ হাৰ

ওলোটা বুজিলি ৰাম
ললাট আছিল বাম

পুৱা-গধুলি নুগুছে আজিকালি ধৰ-মাৰ

(৩)
ডাৰ্লিং নুবুলিলে লাগিছিল ঠেহ
বেবী বুলি ওলালে ভাবিছিলোঁ ছেহ

ক’ত হেৰাল সুদিন
ভেলেণ্টাইনৰ দিন

ঠগিলোঁ বুলি দিয়ে পিঠিত গেমেহ

☆★☆★☆

One comment

Leave a Reply to প্ৰীতম Cancel reply

Your email address will not be published. Required fields are marked *