ফটাঢোল

মোৰ প্ৰথম প্ৰেম – মৃদুল নাথ

প্ৰথম প্ৰেম বুলি ক’লে আন বহুতৰ দৰে ময়ো কিছু অতীতলৈ উলটি যাব লাগিব। সেয়া প্ৰথম দৃষ্টিতে হোৱা বুলি ক’লেও ভুল কোৱা নহ’ব, অৰ্থাৎ ইংৰাজীত যাক কোৱা হয় “লাভ এট ফাৰ্ষ্ট ছাইট”; আৰু আজিও মই তাইৰে প্ৰেমত নিমজ্জিত। অকোৱা পকোৱা একেবাৰে সাধাৰণ বেভূষাৰে তাই যেতিয়া মোৰ সন্মুখলৈ আহিছিলে, প্ৰথম দৃষ্টিতে ভাল লাগিছিল তাইক। লাহে লাহে আমি সঘনাই লগ পাবলৈ ধৰিছিলোঁ। যিমানে সময় বাগৰিছিল, সিমানে যেন বুজিব পাৰিছিলোঁ তাইক! সমান্তৰাল ভাৱে বাঢ়িছিল মৰমবোৰ!

তাইৰ লগত মোৰ প্ৰথম সাক্ষাৎ হয় গুৱাহাটীত। তেতিয়া মই হায়াৰ ছেকেণ্ডাৰীৰ ছাত্ৰ। মেট্ৰিক পাছ কৰাৰ পিছতে গুৱাহাটীলৈ আহোঁ, উচ্চ শিক্ষাৰ বাবে। হোষ্টেলত থাকোঁ। এফালে বয়স আৰু তাতে পানবজাৰৰ পৰিবেশ, ৰোমাণ্টিক কবিতা লিখাৰ বয়স সেয়া। হোষ্টেলৰ ৰূমমেটজনে প্ৰথমে চিনাকি কৰি দিছিলে মোক।

গাঁৱৰ ল’ৰা মই, সহজ সৰল মনৰ মানুহ আমি। সেয়ে আকৃষ্ট হৈছিলোঁ সহজে তাইৰ প্ৰতি। তাইক ভাল লগা আন এটি প্ৰধান কাৰণ আছিলে, সাজু হ’বলৈ তাই খুব বেছি দুই মিনিট সময় লৈছিলে, গৰম পানীৰে গাটো ধুই লওঁতে যি অলপ সময় লাগে, এতিয়াও তেনেকুৱা সময়ে লয় তাই।

সাধাৰণতে হালধীয়া সাজেৰে নিজকে সজায় তাই। লগত সেউজীয়া আৰু ৰঙা ৰং দুটাৰে মই তাইক সজাই ভাল পাওঁ। তেতিয়া যেন সোনত সুৱগা চৰে! সেয়ে সেউজীয়া মটৰমাহ কেইটামান লগতে ঢালি দিওঁ, নাইবা বীন সৰু সৰু কৈ কুটি দিওঁ। ফুলকবি, বন্ধাকবিৰ বতৰত তাইক আৰু ধুনীয়াকৈ সজাওঁ মই। শেষত কেতিয়াবা অলপ বিলাহী চচেৰে ৰঙীন কৰি দিওঁ তাইক। যেন তাইৰ তুলবুলীয়া ওঁঠত সেয়া বৰহমথুৰি!

আন বহুতৰ দৰে তাইৰ জীৱনটোও উত্থান পতনেৰে ভৰা। তাইৰ দেহত সীহৰ পৰিমাণ বেছি হৈ গৈছিল, বেমাৰত ভুগিছিল তাই। তাইৰ দেহৰ পৰা মোলৈ বেমাৰৰ বিজানু বিয়পে বুলি তাই চৰম আত্মত্যাগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। এতিয়াও মনত আছে মোৰ, কিদৰে বিদায় দিছিলোঁ সিদিনা মই! কম্পিত কণ্ঠেৰে তাই কৈছিল, “মই আকৌ আহিম, নিজকে বিশুদ্ধ কৰি আকৌ আহিম তোমাৰ ওচৰলৈ।”

তাই নিজৰ কথা ৰাখিছিলে, আহিছিলে তাই নতুন ৰূপত। তেতিয়াৰে পৰা তাই মোৰ কাষতে আছে। তাই অকল মোকেই নহয়, আপোন কৰি লৈছে মোৰ পৰিয়ালৰ প্ৰতিজন সদস্যক। সকলোৰে প্ৰিয় তাই।
আজিও মই তাইক নিজহাতে সজাইছোঁ,
ফুলকবি সৰু সৰু কৈ কাটি দিছোঁ, লগত সউজীয়া মটৰমাহ। গৰম পানীত গা ধুৱাই লৈ ভাজিছোঁ কিছু সময়। শেষত টমেটো চচ দি সজাইছোঁ। সেউজীয়া আৰু ৰঙা ৰংখিনি তাইৰ হালধীয়া গাত ইমান ধুনীয়াকৈ ফুটি উঠিছে!

☆★☆★☆

2 Comments

  • Pari shyamali bhuyan

    বুজি পালোগৈ অকাই পকাই গৈ গৈ। বৰ ধুনীয়াকৈ লিখিছে।

    Reply
  • Indrani talukdar

    ভাল লাগিল পঢ়ি ?

    Reply

Leave a Reply to Pari shyamali bhuyan Cancel reply

Your email address will not be published. Required fields are marked *