ফটাঢোল

কলগেট এক্টিভ চল্ট – ৰিমঝিম বৰঠাকুৰ

নিমখৰ যে টেমাটো খালী হৈ আছে ভাজিকণত দিবৰ সময়তহে ৰহিলা খুড়ীৰ মনত পৰিল। ৰাতিখননো ক’ত দোকান খোলা থাকিব তথাপিও খুড়াক কথাটো কৈ থৈ আহিল,
: হেৰি নহয় নিমখ অকমানো নাই, ভাজিখন বনাবলৈ লৈহে মনত পৰিল। ওলাই যাব নেকি কোনোবা দোকান খোলা থাকিবও পাৰে।
খুড়ীৰ কথা শুনি টিভি চাই থকা খুড়াই টিভিত চকু ৰাখিয়েই গহীনকৈ উত্তৰ দিলে,
: ঘৰত নিমখ নাথাকিলে কিনো হ’ল, কলগেটত আছে নহয়। আজি ভাজিখনত কলগেট এক্টিভ চল্ট অকমানকে দি চাবা নেকি?
☆★☆★☆

2 Comments

Leave a Reply to জয়ন্ত দাস Cancel reply

Your email address will not be published. Required fields are marked *