ফটাঢোল

দ্বিতীয় সংখ্যাৰ আঁ‌ৰৰ কথা

ফেচবুকৰ অন্যতম হাস্যব্যংগ গোট ‘ফটা-ঢোল’ৰ ব্যংগ সাহিত্যক জনপ্ৰিয় কৰাৰ প্ৰয়াস ‘ফটাঢোল’ ই-আলোচনীখনৰ দ্বিতীয় সংখ্যাটোৰ সম্পাদনাৰ দায়িত্ব দিয়াত শংকিত হৈ পৰিছিলো। কিয়নো সাহিত্য-চর্চাৰ সকলোতকৈ জটিল বিভাগটোৱেই হৈছে ব্যংগ সাহিত্য।

প্ৰস্তাৱনা সংখ্যাটোৰ জনপ্ৰিয়তাও মোৰ শংকাৰ কাৰক হৈ পৰিছিল। পঢ়ুৱৈৰ বৰ্দ্ধিত প্ৰত্যাশাই নতুন সম্পাদকৰ ওপৰত দায়িত্বৰ ভাৰ বঢ়াই তোলাটো স্বাভাৱিক। এই গুৰুভাৰ উঠাবলৈ কিঞ্চিৎভাৱেও যদি সফল হৈছো তেন্তে তাৰ শ্ৰেয় সম্পাদনা সমিতিৰ লগত জড়িত প্ৰতিজন ব্যক্তি, ফেচবুক গোট ‘ফটা-ঢোল’ৰ প্ৰতিজন সদস্য তথা ভিন্ন সময়ত যথাগত উপদেশ দিয়া প্ৰতিজন সুহৃদ ব্যক্তি।

আলোচনীখনৰ জন্মলগ্নৰে পৰা কাৰিকৰী দিশসমূহৰ ওপৰিও অন্যান্য খুঁটি-নাটিবোৰ সামৰি লৈ বিশেষভাৱে সহায় আগবঢ়োৱা জ্যোতিৰূপম দত্ত আৰু মৃদুল কুমাৰ শৰ্মাৰ ওচৰত আমি চিৰ কৃতজ্ঞ। এই দুজন ব্যক্তিৰ অবিহনে আলোচনীখনৰ জন্ম অসম্ভৱ আছিল। বেটুপাত, শুভংকৰ ইত্যাদিৰ লগতে সুন্দৰ অংগসজ্জাৰে আলোচনীখন আকৰ্ষণীয়কৈ সজাই পৰাই তোলাৰ বাবে ৰিতুপৰ্ণ বৰাৰ নাম বিশেষভাৱে উল্লেখ কৰিবলৈ বিচাৰিম। তদুপৰি সংখ্যাটোৰ প্ৰস্তাৱকালৰে পৰা প্ৰতিটো ক্ষেত্ৰতে অনবৰতে লাগি-ভাগি সহায়-সহযোগ আগবঢ়োৱাৰ বাবে ৰিণ্টুমণি দত্ত, হেমন্ত কাকতি, অভিজিত কলিতা, বিজয় মহন্ত, সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য, ঋতুপৰ্ণা মহন্ত, মেঘালী দিহিঙীয়া, মণিষা কাকতি, অঞ্জলি গগৈ বৰগোহাঞি, ধ্ৰুৱ কাশ্যপ, সোণটো ৰঞ্জন বৰুৱা, ভাস্কৰজ্যোতি বৰুৱাৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লোঁ। আপোনালোকৰ সহায়-সহযোগিতাই আলোচনীখনৰ দ্বিতীয় সংখ্যা আগবঢ়োৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে।

সম্পাদনা কক্ষৰ বাহিৰত থাকিও বিভিন্ন দিশত বিশেষভাৱে সহায় আগবঢ়োৱা বাবে বাইদেউ চবিনা ইয়াচমিনৰ ওচৰত চিৰ ঋণী হৈ ৰ’ম। লেখা গোটোৱা, বানান শুদ্ধিকৰণৰ পৰা তথ্যপূৰ্ণ প্ৰবন্ধ লিখালৈকে আপোনাৰ নিঃস্বাৰ্থ দায়িত্ববহনৰ অবিহনে আজিৰ দিনটো সম্ভৱ নহ’লহেঁতেন। লগতে এই সময়ছোৱাত গীতাশ্রী কলিতা আৰু দাদা ৰামানুজ গোস্বামীৰ সহায়-সহযোগিতাৰ বাবেও এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিলো।

সম্পাদনাৰ সময়ছোৱাত মোক ঘৰুৱা দায়িত্বৰ পৰা সম্পূৰ্ণৰূপে মুকলি কৰি দিয়াৰ লগতে ইটো-সিটো দিহা পৰামৰ্শ দিয়াৰ পৰা সকলো সময়তে উৎসাহ জনোৱা মোৰ সহধৰ্মিণী লিপিকা কৌশিকৰ ওচৰতো মই চিৰ কৃতজ্ঞ ।

শেষত মোৰ ওপৰত আশ্বাস ৰাখি উৎসাহ-উদ্দীপনা যোগাই যোৱা ‘ফটা-ঢোল’ ফেচবুক গোটৰ সমূহ সদস্যবৃন্দৰ ওচৰত আন্তৰিক কৃতজ্ঞতা স্বীকাৰ কৰিলোঁ।

আলোচনীখনৰ দ্বিতীয় সংখ্যাটো পঢ়ুৱৈ সমাজৰ চৰণ-কমলত ৰাখি আশীষ কামনা কৰিলো।

অভিজিত মেধি
সম্পাদক, ফটাঢোল আগষ্ট সংখ্যা, ২০১৭

■■

7 Comments

  • আলোচনীখনৰ দ্বিতীয় সংখ্যাৰ আঁৰৰ কথা জানি ভাল লাগিল৷

    Reply
  • ৰামানুজ

    তোমাকো বহু অভিনন্দন..

    Reply
  • Priti sarma

    অভিনন্দন

    Reply
  • ৰিণ্টু

    এই সুন্দৰ প্ৰচেষ্টাত ভাগ ল’বলৈ পাই গৌৰৱান্বিত

    Reply
  • এই যাত্ৰা অবিৰত হওক! ৰাইজে নখ জোকাৰি থাকিলে চিন্তা নাই

    Reply
  • অভিনন্দন অভিজিত। আলোচনীখন অতি সুন্দৰ হৈছে। সম্পাদনাৰ আঁৰৰ কথাখিনি জানিও বৰ ভাল লাগিল।

    Reply
  • Bhaskor Barukial

    মুৰৰ চুলি চিঙি আৰ্শীবাদ কৰিছো ৷

    Reply

Leave a Reply to Priti sarma Cancel reply

Your email address will not be published. Required fields are marked *