ফটাঢোল

তিনি যুৱকৰ সাধু – বন্দিতা গগৈ বৰা

বহুবছৰৰ আগৰ কথা ,প্ৰায় ইংৰাজৰ দিনৰে কথা বুলি চকুচৰহা সকলে কয় ,পিছে ইতিহাসবিদসকলে এই তথ্য ভুল বুলিও কয় ।কাৰণ যি যুৱক তিনিজনৰ কথা কবলৈ ওলাইছো।তেওঁলোক এখন অভিযান্ত্ৰিক কলেজৰ সমসাময়িক ছাত্ৰ আছিল । ইংৰাজৰ দিনত অসমত অভিযান্ত্ৰিক কলেজ হোৱা নাছিল সেয়ে যুৱকেইজনৰ আচল বয়সটো কবপৰা নাযাব । তেওঁলোকৰ তিনিজনৰ এজন বেছি ছিনিয়ৰ আৰু এজন মধ্যম ছিনিয়ৰ আৰু এজন জুনিয়ৰ আছিল । ধৰি লওঁক তেওঁলোকৰ নাম ,মিহিৰাম ,চেনিৰাম আৰু কুঁহিৰাম । অৱশ্যে তেওঁলোকৰ উপাধিৰেও চিনাকি দিব পাৰি যেনে কলিতা ,দত্ত,শৰ্মা । এওঁলোক সহপাঠী নাছিল যদিও এওঁলোকৰ মাজত বৰ মিল আছিল ! মিল থকাৰ বাবে এওলোকক সদায়ে একেলগে থকা দেখা গৈছিল ।

এবাৰ হোষ্টেল অলপদিনৰ বাবে কিবা কাৰণত বন্ধ কৰি দিয়াত ,তিনিওজন যুৱকে এটা ভাৰাঘৰত থাকি কলেজ কৰিবলে ললে । এই ভাৰাঘৰটোৰ কাষতে বেলেগ এটি ঘৰত কেইগৰাকীমান ছোৱালীয়েও ভাৰা লৈ আছিল । কমসময়ৰ ভিতৰতে কলিতা বোলাজনৰ লগত সেই ছোৱালীকেইগৰাকীৰ বন্ধুত্ব গঢ়ি উঠিল,তেতিয়ালৈকে দত্ত আৰু শৰ্মাই বন্ধুত্ব কৰিবলৈ বিভিন্ন পণ্ঠা লৈয়ো সফল হোৱা নাছিল। চল চাইহে আছিল। ভাৰাঘৰত থকাৰ সময়খিনি তেওঁলোকে মিলিজুলি পালপাতি ৰন্ধাবঢ়া কৰি খাইছিল । কোনোবা এজনে ৰান্ধিছিল,কোনোবা এজনে পাচলি কুটিছিল, কোনোবাএজনে বাছন ধুইছিল। শৰ্মাই এদিন বাচন ধুই আছিল। তেওঁ বাচন ধুই থাকোতে গানো গাই থাকে বোলে। আৰু বাচনো বৰ শব্দ কৰি মাজে । কৰক -কৰক কৈ বাচন মাজিছে ইফালে গানো চলিছে । এনেতে কাষৰ ভাৰাঘৰৰ পৰা মাত উফৰি আহিল ,

“হায়ৈ এই ভৰদুপৰীয়া কোনেনো বাছন ধুৱে ,
কৰি কৰক-কৰক ,
বোলো গানেই শুনিম নে ,বাছন মজাৰ শব্দই শুনিম ,
গৈছে মোৰ কাণৰ মাকটি সৰি ।”

শৰ্মা অলপ তভক মাৰি ৰ’ল ,তাৰপাছত দিলে গাই ,
“স্বাধীন দেশৰ যুৱক মই ,
স্বাধীন ভাবে চলিম মই,
নকৰো ভয় কাৰোলৈ ,
কৰক-কৰক বাছন মাজিম ,
মোৰ বাছন মই মাজিম,
স্বাধীন দেশৰ যুৱক মই ,
নকৰো ভয় মই ।।”

শৰ্মাৰ গান শুনি সিফালে তভক মাৰিলে । কৰক-কৰককৈ ৰুকি -ৰুকি বাচন ধুই শৰ্মায়ো সামৰিলে ।এনেদৰেই হাঁহি আনন্দৰে দিনবোৰ যাবলৈ ধৰিলে ।

ছোৱালীহঁতৰ ভাৰাঘৰৰ পৰা দিনৌ ৰন্ধা আঞ্জাৰ সুগন্ধি ভাঁহি আহে ,আৰু কলিতা -দত্ত-শৰ্মাহঁতৰ লোভৰ পানী টপটপকৈ পৰে । বেছিকৈ লোভ লাগে দেওবাৰবোৰ আহিলেই,মাছ-মাংস আঞ্জাৰ গোন্ধত তিনিওজন কব নোৱাৰা হৈ পৰে । হওঁতে তেওঁলোকেও মাজে-মাজে মাংস আনি যে নাখায় তেনে নহয় ,কিন্তু ইমান সুগন্ধি কোনোদিনেই নোলায় ,আধাসিজা হওঁতেই আধাআধি তিনিওৰে পেটলৈ যায় পাছত শুকান ভাতেই খাব লগা হয়গৈ । আকৌ বৰকৈ ভাল ৰান্ধি থাকিবলৈ এলাহো লাগে তিনিওজনৰ । মনেমনে তিনিও আলচ কৰে কিবাকৈ যদি দেওবাৰৰ খানাটো ওচৰৰ কেইগৰাকীৰ পৰা পাবপৰা হলে জিন্দেগী সৰগ হৈ গ’লহেতেন ।
কলিতাই কৈ উঠে ,
“কিবা এটা কৰিব লাগিব ৰ’বাহে ।”

এনেকৈ ভাবিগুণি কলিতাই এদিন দেওবাৰে বজাৰ কৰি আহি থকা এগৰাকীক ফল’ কৰি বৰকৈ তেওঁলোকৰ ৰন্ধাৰ প্ৰশংসা কৰিবলৈ ধৰিলে । সেইগৰাকীয়ে কিবা এটা ভাবি কৈ উঠিল,

“দাদা আপোনালোকে আজি অকল ভাতকেইটা ৰান্ধিব ,বাকী আমি দিম।”

মনতে ইয়াহু জাতীয় চিঞৰ এটা দি কলিতা দৌৰি আহি ৰুম পায়ে বাকীকেইজনক খবৰটো দিলেহি । সেইদিনা ভাতৰন্ধাৰ পাল দত্তৰ আছিল ,দত্তই অকল ভাতকেইটা ৰান্ধিব লগা হোৱাত পেটেপেটে বৰ ভাল পালে । ইফালে ভাতখোৱাৰ সময় পাৰহৈ গৈছে ,তিনিওজনে পেটৰ কলমলনি সহ্য কৰি ছোৱালীহঁতে দিবলগীয়া আঞ্জালৈ ৰৈ আছে। একোবত দত্তই ৰ’ব নোৱাৰি থাল তিনিখনত চুলি এডালৰো হেৰফেৰ নোহোৱাকৈ ভাত বাঢ়িলে, আঞ্জা আহিলেই ভাত দবাম এনে এটা ভাব। পেটৰ আৱাজ দূৰৈৰ পৰা শুনাৰ অৱস্থা ,দত্তই পিয়াজ এটা কাটিবলৈ হাতত লৈছে ,

কলিতা :কি কৰা ?

দত্ত: বৰ ভোক লাগিছে পিয়াজেৰেই দুটামান খাওঁ ,পাছত আঞ্জা আহিলে…..।

কলিতা: ইমান দেৰি ৰৈছা যেতিয়া ,অলপ ৰ’বা ,পিয়াজটো কিয়নো খৰচ কৰা ।

এনেতে যেনিবা ,ছোৱালী কেইজনীৰ সহায়িকা গৰাকী আহি কলিতাহঁতৰ ভাৰাঘৰ পালেহি। তাই ডাঙৰ থাল এখন বেলেগ এখন থালেৰে ঢাকোন মাৰি আনিছে । কলিতাই চিলনী উৰাদি উৰি তাইৰ হাতৰ পৰা থালদুখন থাপমাৰি ললে,পেটবোৰ কৰকৰাই উঠিল তিনিওৰে ।

“দাদা ,বাইহঁতে কিবা দি পঠাইছে ,খাব ।”

“হ’ব ,হ’ব,খাম ,ধন্যবাদ কৈ দিবি বাইহঁতক ।” বুলি তাইক বিদায় দিয়েই ,কলিতাই থালখন আনি টেবুলত থ’লে । কিবা দিছে ,মাংসই হ’ব চাগৈ বুলি তিনিও প্ৰায় একেলগেই ওপৰৰ থালখন টানমাৰি গুচালে ।

থালখন গুচালত তিনিওৰে ওপৰত বিনামেঘৰ ব্জ্ৰপাত হে যেন পৰিল । থালখনত তিনিটা দৰিকণা মাছ পৰি আছিল,কাষতে এখন কাগজত লিখা আছিল , “ধুই কাটি-বাছি ,নিমখ-হালধি লগাই মাছ তিনিটি পঠালোঁ । কেৰাহীত তেল অকণ গৰম কৰি, ভাজি গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰিব । কেনে লাগিল জনাব । ধন্যবাদ।”

ইয়াৰ পাছত নকলেওঁ হ’ব তিনিওজনৰ মুখকেইখন কেনে হৈছিল চাবলৈ ,ধৰিব পাৰিছেই চাগৈ । এতিয়াও হেনো দৰিকণা মাছ দেখিলে তিনিওজনে ভূত দেখা যেন পায় ।

উপসংহাৰ ::পৰত আশ বনত বাস ইয়াকে কোৱা হয় বুলি কলিতা ,দত্ত আৰু শৰ্মাই বুজি পালে ।

7 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *