ফটাঢোল

সম্পাদকীয়–চাহিন জাফ্ৰি

এই সময়, অশান্ত সময়৷ সেয়ে ভাৰাক্ৰান্ত মন৷

যোৱা ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামাত যি নাৰকীয় ঘটনা ঘটি গ’ল ই সঁচাকৈ সমগ্ৰ মানৱ জাতিৰ বাবে এটা ক’লা দিন হৈ ৰ’ব৷ আমাৰ দেশৰ ৪৪ জন সাহসী চি.আৰ.পি.এফ জোৱান শ্বহীদ হ’ল আত্মঘাটি সন্ত্ৰাসবাদী বোমাৰুৰ আক্ৰমণত৷ দেশৰ ভিতৰত এনে আত্মঘাটি আক্ৰমণে আমাৰ দেশৰ কাৰণে এক ভয়াবহ পৰিবেশ-পৰিস্থিতিৰ ইংগিত বহন কৰিছে৷ ইৰাক, চিৰিয়া আদি দেশত আত্মঘাটি আক্ৰমণৰ ভয়াবহ ছবিবোৰ নিউজ চেনেলৰ পৰ্দাত বা বাতৰি কাকতৰ পৃষ্ঠাত দেখি আহিছিলোঁ ইমান দিনে! কিমান নিৰপৰাধী মানুহ এনেবোৰ নৃসংশ আক্ৰমণৰ বলি হৈছে তাৰ হিচাব নাই৷ এতিয়া এনে ঘটনা আমাৰ দেশৰ ভিতৰত হোৱাটোৱে সাম্প্ৰতিক পৰিস্থিতিৰ ভয়াবহতাৰ অন্য এক ছবি ডাঙি ধৰিছে৷ সন্ত্ৰাসবাদৰ শিপা যে আমাৰ দেশত বহুদূৰলৈ শিপাইছে ই এটা তাৰ জলন্ত উদাহৰণ৷ গতিকে সময় থাকোঁতেই এই সন্ত্ৰাসবাদৰ বীজ, পুলিয়ে-পোখাই উভালি পেলোৱাৰ সময় আহি পৰিছে৷ এনে পৰিস্থিতিত আমি গোটেই ভাৰতবাসীয়ে আমাৰ দেশৰ সুৰক্ষাত নিয়োজিত হৈ থকা সামৰিক বাহিনীৰ ওচৰত থিয় হোৱা দৰকাৰ৷

পুলৱামা কাণ্ডৰ পিছত ভাৰত চৰকাৰে কিছুমান ইতিবাচক আৰু সাহসী পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে৷ ইতিমধ্যে জম্মু-কাশ্মীৰ প্ৰদেশত ভাৰতীয় আৰ্মীক সন্ত্ৰাসবাদীৰ বিপক্ষে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সম্পূৰ্ণ “মুক্ত হস্ত” ( ফ্ৰী হেণ্ড) প্ৰদান কৰাৰ ফলত পুলৱামা ঘটনাৰ এশ ঘণ্টাৰ ভিতৰতেই “জেইচ ই মহম্মদ” নামৰ সন্ত্ৰাসবাদী গ্ৰুপটোৰ দুধৰ্ষ নেতা আৰু ১৪ ফেব্ৰুৱাৰী কাণ্ডৰ মাষ্টাৰমাইণ্ড গাজী আব্দুল ৰছিদ নিহত হোৱা বুলি বাতৰি আহিছে৷ বহুতকেইজন সন্ত্ৰাসবাদী নিহত হোৱাৰ ওপৰিও আন কেইজনমান ধৰা পৰিছে৷ মুঠৰ ওপৰত জম্মু কাশ্মীৰত এতিয়া সামৰিক অভিযান জোৰদাৰ হৈ পৰিছে৷ আমি আশা কৰিম অনাগত দিনবোৰত ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ ঘাটিবোৰ সমুলঞ্চে ধ্বংস কৰিবলৈ সক্ষম হ’ব৷

পুলৱামা কাণ্ডৰ পাছৰ পৰাই কিছুমান আপত্তিজনক আৰু অতি চিন্তনীয় কথা পোহৰলৈ আহিব ধৰিছে৷ বিশেষকৈ পাক সমৰ্থিত সন্ত্ৰাসবাদী কিছুমানে জম্মু কাশ্মীৰৰ এচাম যুৱকক সম্পূৰ্ণভাৱে “ব্ৰেইন ৱাছ” কৰিবলৈ সক্ষম হৈছে৷ বিভিন্ন ধৰ্মীয় অপবাখ্যাৰে সাধাৰণ যুৱক কিছুমানক মতিভ্ৰম কৰি সন্ত্ৰাসবাদী উৎপাদনৰ কাৰখানা কিছুমান গঢ়ি তুলিছে৷ সাধাৰণ মানুহ কিছুমানক “অাজাদ কাশ্মীৰ”ৰ স্বপ্ন দেখুৱাই ভাৰতৰ বিপক্ষে প্ৰক্ষেপ কৰা হৈছে৷ বিশেষকৈ বহুদিন আগৰ পৰা চলি থকা “ষ্ট’ন পেল্টিঙ”ৰ দৰে ঘটনাবোৰই ইয়াৰ প্ৰমাণ দাঙি ধৰিছে৷ বিভিন্ন সামৰিক সূত্ৰৰ পৰা এই বুলিও প্ৰকাশ পাইছে যে- এই শিল দলিওৱা যুৱক সকলৰ মাজত বিভিন্ন ধৰণৰ ড্ৰাগছৰ প্ৰচলন কৰা হৈছে৷ সম্পূৰ্ণ ড্ৰাগছ আসক্ত কৰি কাশ্মীৰি যুৱক সকলক বিভিন্ন কূটাঘাটমূলক কামত সন্ত্ৰাসবাদীসকলে ব্যৱহাৰ কৰিব লৈছে৷ পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ কবলত থকা কাশ্মীৰৰ একাংশ মানুহে পাকিস্তানক দেখদেখকৈ সমৰ্থন কৰাত লাগিছে আৰু ভাৰতীয় সেনাৰ বিৰুদ্ধে অস্ত্ৰ তুলি লোৱা দেখা গৈছে ৷ খুবেই উদ্বেগজনক পৰিস্থিতিলৈ পৰিবৰ্তিত হৈছে কাশ্মীৰৰ পৰিবেশ৷

“জেইচ ই মহম্মদ”ৰ দৰে দুধৰ্ষ সন্ত্ৰাসবাদী গ্ৰুপবোৰে একেবাৰে কুমলীয়া বয়সৰ ল’ৰাবোৰক টাৰ্গেট কৰি ল’বলৈ ধৰিছে৷ কুমলীয়া বয়সতে এই যুৱকসকলৰ মনত এনেভাৱে ধৰ্মীয় উন্মাদনা সুমুৱাই ব্ৰেইনৱাছ কৰা হৈছে যে এইসকল যুৱক বিনা দ্বিধাই আত্মঘাটি বোমাৰু হৈ উঠিবলৈ কুণ্ঠাবোধ নকৰা হৈছে৷ ১৪ ফেব্ৰুৱাৰীৰ ঘটনাটো সংঘটিত কৰা আদিল আহমদ নামৰ যুৱকজনে একাদশ শ্ৰেণীত থাকোঁতেই সন্ত্ৰাসবাদী দলত যোগ দিছিল বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ এয়া ভয়ংকৰ কথা! আৰু বা কিমান “আদিল আহমেদ”ৰ দৰে ফুলকুমলীয়া যুৱক সন্ত্ৰাসবাদীৰ কবলত পৰিছে তাৰ হিচাপ নাই! ভাৰত চৰকাৰে ইয়াৰ এটা সুব্যৱস্থা লোৱা সময় আহি পৰিছে৷ সৰু সৰু কম বয়সৰ কাশ্মীৰি যুৱকসকল যাতে সন্ত্ৰাসবাদীৰ হাতোৰাত সোমাব নোৱাৰে তাৰ কাৰণে চৰকাৰে অতি সোনকালে ব্যৱস্থা লোৱা উচিৎ৷ ইতিমধ্যে ভাৰতীয় সেনাৰ পৰা কাশ্মীৰি ’মাক’সকলৰ প্ৰতি অনুৰোধ জনোৱা হৈছে বিপথগামী যুৱকসকলক ঘূৰাই আনিবলৈ! নহ’লে যে সেইসকল যুৱকে অকাল মৃত্যুক সাৱটিব লাগিব তাকো সতৰ্ক কৰি দিয়া হৈছে৷ এয়া সময়োচিত এক উচিৎ পদক্ষেপ!

এইখিনিতে আৰু এটা উদ্বেগজনক কথা পোহৰলৈ আহিছে৷ দেশৰ ভিতৰতো বহুত মানুহে বিভিন্ন চ’ছিয়েল মিডিয়াত ৰাষ্ট্ৰ বিৰোধী শ্লোগান দিছে৷ বহুতে চি আৰ পি এফ জোৱান সকলৰ মৃত্যুত উল্লাসিত হৈ বিভিন্ন পোষ্ট দিছে৷ বিভিন্ন ঠাইত পাকিস্তান জিন্দাবাদ ধ্বনি দি পাকিস্তানক সমৰ্থন কৰিছে৷ এনেবোৰ ঘটনাৰ পৰা বিভিন্নজন পুলিচৰ দ্বাৰা আটক হৈছে৷ NDTVৰ নিচিনা সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকো ৰাষ্ট্ৰবিৰোধী পোষ্ট দি নিলম্বিত হৈছে৷ দেশৰ বেলেগ প্ৰান্তৰ লগতে অসমৰ পৰাও বহুতকেইজন গ্ৰেপ্তাৰ হৈছে চ’চিয়েল মিডিয়াত ৰাষ্ট্ৰ বিৰোধী কথা লিখি৷ এনেবোৰ দেশদ্ৰোহী মানসিকতা গঢ়ি উঠাটোও আমাৰ বাবে চিন্তাজনক কথা৷ সমাজ সচেতন ব্যক্তিসকল, বুদ্ধিজীৱি, মেডিয়া আৰু চৰকাৰ সকলোৱে কথাবোৰ গভীৰভাবে চিন্তা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ দেশৰ অখণ্ডতাৰ ভাবুকি স্বৰূপ কোনো শক্তিকে ৰেহাই দিয়া উচিৎ নহয় কিন্তু নীৰিহ নাগৰিকৰ ওপৰত অযথা হাৰাশাস্তিও আমাৰ কাম্য নহয়৷

পুলৱামা ঘটনাৰ পাছৰ পৰাই ভাৰত আৰু পাকিস্তানৰ মাজত এটা যুদ্ধ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে৷ পাকিস্তানে নিজৰ মুখেৰে মানি নল’লেও এইটো কথা সকলোৱে জানে যে-পাকিস্তানেই গোটেই সন্ত্ৰাসবাদৰ ঘাটি৷ ভাৰত চৰকাৰে বৰ্তমান সময়লৈ পাকিস্তানৰ বিৰুদ্ধে অৰ্থনৈতিক, কুটনৈতিক আদি কিছুমান প্ৰতিবন্ধতাৰ ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হৈছে৷ পাকিস্তানলৈ বৈ যোৱা পানীৰ ক্ষেত্ৰতো ভাৰতে কিছু কৰ্তন কৰিব বুলি শেহতীয়াকৈ বাতৰি প্ৰকাশ পাইছে৷ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়তো পাকিস্তানক প্ৰায় এঘৰীয়া কৰিছে ভাৰতে৷ UNSCয়ে “জেইছ ই মহম্মদ”ক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে আৰু পুলৱামা ঘটনাক একেমুখে গৰিহণা দিছে৷ আজি বিশ্বৰ প্ৰায় প্ৰতিখন শক্তিশালী ৰাষ্ট্ৰ ভাৰতৰ কাষত থিয় হৈছে৷ ভাৰতৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত এয়া এক বৃহৎ সফলতা৷ শেহতীয়া ভাৱে যোৱা ২৬ ফেব্ৰুৱাৰীৰ পুৱতি নিশা ভাৰতীয় বায়ুসেনাই পাকিস্থানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাই কিছু পৰিমাণে সন্ত্ৰাসবাদ নিৰ্মূল অভিযানত সফল হৈছে৷ আমি অত্যন্ত সুখী যে ভাৰতে যোগ্য প্ৰত্যুত্তৰ দিছে৷ অনাগত সময়ত ভাৰতে পাকিস্তানৰ বিপক্ষে কি ব্যৱস্থা গ্ৰহণ কৰে ভাৰতবাসীয়ে আগ্ৰহেৰে লক্ষ্য ৰাখিব৷ যুদ্ধই দেশৰ আৰ্থ-সামাজিক দিশৰ বিস্তৰ ক্ষতি কৰিব পাৰে বুলিও বিভিন্ন জ্ঞানীজনে কয়৷ যুদ্ধ নোহোৱাটোকে কামনা কৰিম যদিও শত্ৰুক যোগ্য প্ৰত্যুত্তৰ নিদিলেও শত্ৰুৱে কাপুৰুষ বুলি হাঁহিব৷ এই ক্ষেত্ৰত চৰকাৰে দেশ আৰু ভাৰতবৰ্ষৰ ১৩০ কোটী নাগৰিকৰ হিতাৰ্থে সঠিক সিদ্ধান্ত ল’ব বুলি আমি আশাবাদী৷

পুলৱামাৰ ঘটনাই বৰ্তমান প্ৰত্যেকজন ভাৰতবাসীকে আৱেগিক কৰি ৰাখিছে৷ শ্বহীদ পৰিয়ালসকলৰ কাষত চৰকাৰৰ লগতে বিভিন্ন দল সংগঠন, ব্যক্তি, ৰাজনৈতিক দল আদি সকলো থিয় হৈছে৷ ভাৰতীয় সেনাৰ ডেকা ডেকা প্ৰচুৰ সম্ভৱনাময় ল’ৰাবোৰৰ বিয়োগ দেশৰ এক বৃহৎ ক্ষতি৷ সেয়ে আমি ফটাঢোলৰ মঞ্চৰ পৰাই সকলো দল সংগঠন, বিভিন্ন ৰাজনৈতিক দল আদিক অনুৰোধ জনাওঁ যাতে ভাৰতৰ সুৰক্ষাৰ কামত নিয়োজিত ভাৰতীয় সেনাৰ জীৱনক লৈ যাতে কোনোধৰণৰ বোকা চতিওৱা ৰাজনীতি নকৰে৷ শ্বহীদৰ মৃত্যু যাতে অথলে নাযায়৷ আমাৰ মাজত দেশ মাতৃৰ প্ৰতি উথলি থকা আৱেগ যাতে চিৰদিন সজীৱ হৈ থাকে৷ দেশত যি সন্ত্ৰাসবাদে মূৰ ডাঙি উঠিছে তাক নিৰ্মূল কৰাৰ কাৰণে প্ৰত্যকেই যেন মাৰ বান্ধি থিয় হওঁ৷

দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি স্বৰূপ সকলোবোৰ অপশক্তিৰ বিৰুদ্ধে সকলো ব্যক্তি, দল সংগঠন, ৰাজনৈতিক দল সকলোৱে এক হৈ কাম কৰিব লাগিব৷ কাৰণ একতাই শক্তি, একতাই প্ৰগতি! নিজৰ নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পৰিত্যাগ কৰি দেশৰ স্বাৰ্থত একগোট হৈ কাম কৰিব পৰিলেহে দেশ শক্তিশালী হ’ব আৰু তেতিয়াই কোনো বাহিৰা শক্তি/ সন্ত্ৰাসবাদ আদিক সম্পূৰ্ণৰূপে ধ্বংস কৰিব পৰা যাব৷

আমি আৰু এটা কথাত গুৰুত্ব দিয়া উচিৎ যে চচিয়েল মেডিয়াত কোনো ভুল বা অপৰীক্ষিত, সাম্প্ৰদায়িক, উচটনিমূলক, প্ৰৰোচনামূলক, উত্তেজিত কৰিব পৰা পোষ্ট/ছবি আদি শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকোঁ৷ বিভিন্নতাৰ মাজত ঐক্যৰে বসবাস কৰি থকা সাতামপুৰুষীয়া ভাৰতীয় ঐক্য, সংহতি, শান্তি, সম্প্ৰীতি, ধৰ্ম নিৰপেক্ষতা বিনষ্ট কৰিব পৰা কোনো কাম নকৰাৰ সকলোৱে পণ লওঁ আহক৷

শেষত পুলৱামাত প্ৰাণত্যাগ কৰা প্ৰতি গৰাকী বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী জনাইছোঁ!

জয় হিন্দ

ধন্যবাদেৰে
চাহিন জাফ্ৰি

সম্পাদিকা
একবিংশতিতম সংখ্যা
ফটাঢোল ই-আলোচনী

☆★☆★☆

40 Comments

  • সম্পাদকক অভিনন্দন জনালোঁ৷ সুন্দৰ বিষয়৷ ভাল লাগিল পঢ়ি৷

    Reply
    • Anonymous

      ধন্যবাদ চাবিনা বা…

      Reply
  • সৌৰভ শৰ্মা

    যথোচিত সময়ত পঢ়িবলৈ পালোঁ । সুন্দৰ সম্পদকীয়।

    Reply
    • Anonymous

      ধন্যবাদ জনালোঁ দাদা

      Reply
  • তৃষ্ণা সো.

    সময়োপযোগী সম্পাদকীয়,ভাল লাগিল ।

    Reply
  • Bijit Nath

    সময়োপযোগী বক্তব্য । ভাল লাগিল ।

    Reply
  • অবিনাশ শৰ্মা

    সুন্দৰ৷ ভাল লাগিল

    Reply
  • Sweet lena Das

    সম্পাদকীয় ধুনীয়া হৈছে

    Reply
  • অনুৰূপ মহন্ত

    সুন্দৰ সম্পাদকীয়। ভাল লাগিল। জয় হিন্দ

    Reply
  • Bikash

    ভাল লাগিল

    Reply
  • প্ৰথমে অভিনন্দন চাহিন৷সুন্দৰ উপস্হাপন সাময়িক প্ৰেক্ষাপটৰ৷

    Reply
  • কমলা দাস

    সম্পাদকীয় পঢ়ি ভাল লাগিল । সুন্দৰ

    Reply
  • ডলী তালুকদাৰ

    সুন্দৰ।সময়োপযোগী ব্যক্তব্য।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    সুন্দৰ সম্পাদকীয়। অভিনন্দন চাহিন।

    Reply
  • পৰিস্মীতা বৰদলৈ

    বিৰাট ধুনীয়া সম্পাদকীয়..

    Reply
  • Mukut bhattacharjya

    সাম্প্ৰতিক সময়ৰ ওপৰত লিখা সুন্দৰ সম্পাদকীয়।

    Reply
  • অভিনন্দন।সময়োপযোগী সম্পাদকীয়।ভাল লাগিল।

    Reply
  • মিৰাজ

    জয় হিন্দ। পঢ়ো দেই …

    Reply
  • parishmita

    অভিনন্দন সম্পাদিকা। সাম্প্ৰতিক বিষয়ৰ সম্পাদকীয়টো পঢ়ি ভাল লাগিল।

    Reply
  • কমল তালুকদাৰ

    ভাল লাগিল , সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত সুন্দৰ সম্পাদকীয় ।
    অভিনন্দন জনালোঁ , আলোচনীখন সুন্দৰ হৈছে ।

    Reply
  • Rita Saikia

    ধুনীয়া হৈছে

    Reply
  • সময়োপযোগী সম্পাদকীয়, ভাল লাগিল চাহিন।

    Reply
  • ফটিক বৰা

    দেখাত অকনমান ছোৱালীজনীৰ কলমৰ পৰা ইমান গধুৰ লিখনি ।বা:।জবাব নাই ।

    Reply
  • MITALI Saharia

    সুন্দৰ সম্পাদকীয়। ভাল লাগিল পঢ়ি।

    Reply
  • জয়ন্ত দাস

    সাময়িক প্ৰেক্ষাপটত বৰ সুন্দৰ সম্পাদকীয়৷ বাকী শিতান সমূহ লাহে লাহে পঢ়ি আছো৷

    Reply
  • হেমন্ত কাকতি

    বৰ ভাল টপিক বিচাৰি ললা চাহিন৷ সঁচাকে ভাল লাগিল পঢ়ি৷

    Reply
  • ৰিণ্টু

    সুন্দৰ আৰু সময়োপযোগী সম্পাদকীয়

    খুব ভাল লাগিল চাহিন

    Reply

Leave a Reply to parishmita Cancel reply

Your email address will not be published. Required fields are marked *