ফটাঢোল

ফটাপ্ৰশ্ন মাৰ্চ, ২০১৯

১) নিলাক্ষী কাকতি: ফটহুকাই যদি মেকআপ কোম্পানীবোৰ নাথাকিলে হয় তেতিয়া ছোৱালী আৰু মহিলাসকলৰ কি সমস্যা হ’ল হয়?

উত্তৰ: পুৰুষসকলে ৰন্ধা বঢ়া, বাচন ধোৱা আদি ঘৰুৱা কামতে ব্যস্ত থাকিলহেঁতেন, কাৰণ মহিলাসকলৰ “দিল আৰু দিমাগ” সদায় নতুন নতুন ঘৰুৱা বস্তুৰে মেক আপৰ সামগ্ৰী উদ্ভাৱন কৰাত ব্যস্ত হৈ থাকিলহেঁতেন৷ ফলত হাই কাজিয়াও কিছু পৰিমাণে হ্ৰাস পালেহেঁতেন৷

২)কমলা দাস: ফটহু কাই, প্ৰপ’জ ডে, ৰোজ ডে এই বিলাক সংস্কৃতি আমাৰ সমাজলৈ ক’ৰ পৰা বুটলি অনা হ’ল নো?

উত্তৰ: এই বিলাকৰ উত্তৰ আমাৰ ফুটুকীয়ে জানে৷ ৰ’ব, ফটককৈ সুধি আহোঁ৷

৩)পৰিস্মিতা বৰদলৈ: ফটহু কাই, এই যে সৰস্বতী পূজাত আমি দেৱীসকলকহে মানে (ছোৱালী মখাক) ঘূৰি ঘূৰি চাওঁ, দেৱতাসকলক নাচাওঁ কিয় ?

উত্তৰ: দেৱতাসকলৰ কথাই বেলেগ আকৌ, তেওঁলোকক ওৰণিৰ আঁৰেৰে, চান গ্লাচৰ ওপৰেৰে দৃষ্টি দিয়ে বুলি দুই এজনে হেলমেট হাতত লৈ বাইকত উপবিষ্ট দেৱতাই দাবি কৰে৷

৪)বিকাশ লাহন: ফটহু কাই ফুটুকী বৌক ভেলেণ্টাইন ডেত ফুৰাবলৈ নিছিলেনে ?

উত্তৰঃ ভেলেণ্টাইন দে ত ইমানগালক সময় ক’ত দিব পাৰি? ফূটুকীৰ বাবে ৩৬৪ দিন আছেই নহয়!

৫) দেৱজিত শৰ্মা: এই নিউজ চেনেলবোৰে সৰস্বতী পূজাৰ দিনা বা দূৰ্গা পূজাত সুন্দৰী বিচাৰি চলাথ কৰে৷ কিন্তু ল’ৰাবোৰৰ কাৰণে কোনো তেনে প্ৰতিযোগিতা নাৰাখে৷ এয়া দেখ দেখ অন্যায় নহয় নে?

উত্তৰ: ঘোৰ অন্যায়! বিশ্বকৰ্মা বাবাৰ পূজাত আয়োজন এভাগি কৰিবলৈ ময়ো তীব্ৰ ভাষাৰে দাবি জনালোঁ৷

৬) হেমন্ত কাকতি: ফটহু বোপা, কথা এটা সোধোঁঁ, ফটাঢোলে যদি এটা নিউজ চেনেল খোলে, ফটহুক যদি প্ৰাইম টাইমত এংকৰিং কৰিবলৈ দিয়ে, টি আৰ পিৰ বাবে কি ব্যৱস্থা ল’বা?

উত্তৰ: টি আৰ পিৰ বাবে এটাই ইউনিভাৰচেল উপায়, চিম্পল৷ বিতৰ্ক৷ তাৰ বাবে ফটামুখৰ মানুহ এজন বা দুজনেই যথেষ্ট৷ দিনত এওঁলোকৰ হতুৱাই বিতৰ্কিত মন্তব্য দিয়াম, ৰাতিলৈ ষ্টুডিঅ’ত মাইক দলিওৱা দলি হৈ যাব পাৰে৷ টি আৰ পি “কদম চুমেগা” বুলি কয় যে, তেনে হৈ যাব৷

৭) সৌৰভ শৰ্মা: ফটহুকাই ১৯৭৯ৰ পৰা অসমৰ ছাত্ৰ সমাজে এটকাও খৰছ নকৰাকৈ পোৱা বিশেষ শিক্ষা/ প্ৰশিক্ষণটো কি?

উত্তৰ: সেইটো ক’ব লাগিছেনে? বহী এখন ছপাই লওক আপুনিও৷

৮) উজ্জ্বল মহন্ত: ফটাঢোলৰ মজিয়াৰ সৰ্বশ্ৰেষ্ঠ চেইণ্ট ভেলেণ্টাইন কোনজন?

উত্তৰ: পূৰ্ব পুৰুষে শিকাই গৈছেহে, নিজৰ বিষয়ে অহংকাৰ কৰিব নেপায় হেনো৷

৯)স্মৃতিৰেখা দাস: ফটহু কাই ফটাঢোলৰ কোনজনী নাচনীয়ে সৰস্বতী পূজাত সকলোতকৈ বেছি পাইট দেখুুুৱালে আপোনাৰ দৃষ্টিত?

উত্তৰ: আমাৰজনীয়ে আকৌ ইকাটি সিকাটি হ’বই নিদিয়ে নহয়! তথাপি আৰ চকুৰে দুগৰাকীমানক মন কৰিলোঁ, পিচে ইয়াত কৈ দিলে আপুনি মোৰ ঘৰত হ’ব লগা মহাভাৰতখনৰ ৰিস্ক ল’ব জানো?

১০) ৰাজু কুমাৰ নাথ: ফটহু কাই, ৰাখে হৰি মাৰে কোনে বুলি কওঁ হয়, পাচে এতিয়া মাৰে ৰজাই অসমীয়াক, ৰাখে কোনে?

উত্তৰ: একতাই আমাৰ বল নহয় জানো? পিচে আমি চিনিব লাগিব সঁচা মিত্ৰ কোন আৰু সুবিধাবাদী মিত্ৰ কোন৷

১১) ৰাস্না বৰুৱা: ফটহু কাই আমাৰ দিনত ৰজ দে, চকলেট দে, প্ৰপ’জ দে আদি নাছিল। সেই দিনবোৰত কি দে আছিল বাৰু? ভাত দে, চাহ দে আছিল নিকি বাৰু?

উত্তৰ: কিয় অমিতাভ বচ্চনৰ “দে দে প্যাৰ দে প্যাৰ দে” গীতটো পাহৰিলে নেকি?

১২) মাধুৰ্য গোস্বামী: ককাই, এই যে ল’ৰা-ছোৱালীৰ মাজত এটা সম্পৰ্ক থাকে, friend তকৈ ওপৰত কিন্তু girlfriend বা প্ৰেমিকা নহয়, এই সম্পৰ্কটোৰ এটা নাম লাগিছিলহে। কাৰণ এই ওলোমা সম্পৰ্কই বহুত হ’বলগা প্ৰেম আৰু চলি থকা বন্ধুত্ব ধ্বংস কৰিলে।

উত্তৰ: ডাঙৰ ডাঙৰ কবি সাহিত্যিকেও পাট্টা নেপাই বুজিছে, সেয়ে ভগবানক সোৱঁৰি গীত লিখি গৈছে- “ইচ প্যাৰ কো ক্যা নাম দ্যু…ৰাব্বা মেৰে ৰাব্বা”, আমি কোন কূটা?

১৩)তৃষ্ণা টি ভূঞা: ফটহু কাই, “মেলা বাবু থোনা ভাত থাইথে“, “বাবু দিফ্ট লাজে“ এইবোৰৰ অৰ্থ ল’ৰাবোৰে নিজে বুজি পায় নে ইয়াৰ ভাঙনি থকা অভিধান বজাৰত পোৱা যায় ?

উত্তৰ: গিফ্ট দিব মন থাকিলে প্ৰেমিকে এনেই বুজি পায়, মন নেথাকিলে কোনো অভিধানত অৰ্থ বিচাৰি পাব যে সন্দেহ৷ তথাপি কিবা দ্বিধা থাকিলে দুই এবাৰ মোক হোৱাটচ এপত সুধিব পাৰে৷

১৪) নিৰ্মালি বৰমুদৈ: ফটহু কাই, এই হাফ গাৰ্ল ফ্ৰেন্দ বা হাফ বয়ফ্ৰেন্দ বোলাটো কি বস্তু বাৰু??

উত্তৰ: চেতন ভগতে ইতিমধ্যে সকলোৰে হাফ ব্ৰেইন নষ্ট কৰি থৈছে৷ এতিয়া পূৰাটো “খাৰাব” কৰিবলৈ মন যদি ক’ব পাৰোঁ৷

১৫) হিতেশ বি বৰুৱা: ফটহু কাই, ৰত্নাকৰ দস্যুৰ পৰা বাল্মিকী হৈছিলে, কিন্তু এতিয়া বাল্মিকীৰ পৰা ৰত্নাকৰ দস্যু হ’বলৈ হ’লে কি কৰিব লাগিব?

উত্তৰ: ইলেকচনত জিকি অহা নেতাবোৰৰ জীৱন শৈলী ‘ফলৌ’ কৰিলে সদুত্তৰ পাই যাবা বোপাই৷

১৬) অনুৰূপ মহন্ত: ফটহু কাই,
১/ খোলাকটি তাল কেতিয়াবা বজাই পাইছেনে?

উত্তৰ: কি কয়হে, জীৱনটো সেইযোৰা বজাওঁতেই গ’ল৷ লাগিলে টিউচনো দিব পাৰোঁ৷

২/ ইংৰাজীত এটা অনুবাদ কৰি দিয়কচোন- “ফটহুৱে চাপৰিয়েদি চাপৰি বজাই চাপৰি চাপৰি গৈ আছে”

উত্তৰ: ইংৰাজীত গ্ৰেচ পাই কোনোমতেহে পাচ কৰিছিলোঁ প্ৰভূ৷ yes, no, please, thank you ত বাহিৰে ইংৰাজীত অত্যন্ত দুৰ্বল মই৷

৩/ “ভেকো ভাওনা” বুলি যে আমি কওঁ, এই ভেকো আচলতে কোন নো?

উত্তৰ: সেইজনক ময়ো বিচাৰি আছোঁ৷ পালে ক’বচোন৷

১৭) নীতুমণি বৰঠাকুৰ: ফটহুকাই ফটাপ্ৰশ্নবোৰ সংগ্ৰহ কৰি দিয়াৰ কাৰণে ৰিমঝিম আইদেউৰ কমিচনৰ পৰিমাণ কিমান?

উত্তৰ: তেওঁ ডিৰেক্ট কমিচন নলয়৷ ফটোবোৰত লাইক কমেণ্ট কৰিলেই খুচ হয়৷

১৮) সঞ্জীৱ মজুমদাৰ: ফটহুকাই, যদি এই পৃথিৱীৰ পৰা সব পুৰুষ নোহোৱা হৈ যায়, নাৰীসকলৰ কি অৱস্থা হ’ব?

উত্তৰ: বৰ চিন্তাত পেলাই দিলে নহয়! কোনো কাম কাজত মন নোহোৱা হ’ব৷ ডাঙৰ ডাঙৰ মাল্টিনেচনেল কচমেটিক ব্ৰেণ্ডবোৰৰ অফিচত তলা লাগিব৷ অৰ্থনৈতিক ভাবে ভাৰত বিশ্বৰ এক নম্বৰ শক্তি হ’ব কাৰণ ভাৰতীয় মহিলাসকল আধ্যাত্মিক দিশত মনোনিবেশ কৰাৰ ফলত হস্তৰেখা, জ্যোতিষ আদি চৰ্চা কৰাই উন্নতি কৰিব আৰু বিদেশী টুৰিষ্টৰ সোঁত বব৷

১৯) ৰিমঝিম বৰঠাকুৰ: ফটহুকাই প্ৰেমৰ প্ৰস্তাৱ দিওঁতে প্ৰিয়জনে সদায় প্ৰেয়সীক ৰঙা গোলাপ দিয়ে। ইমানবোৰ ফুলৰ মাজৰ পৰা কেৱল ৰঙা গোলাপটোকেই কিয় প্ৰেম প্ৰস্তাৱৰ কাৰণে বাচি ল’লে?

উত্তৰ: কাৰণ ৰঙা হৈছে বিপদৰ সংকেট৷ প্ৰেমিকে এইটো ৰঙেৰে প্ৰেয়সীক মিছা ইঙ্গিত দিয়ে যে তোমাৰ দৰে বিপদজ্জনক এগৰাকীক ছপাই ল’বলৈ মই সাহস গোটাব পাৰিছোঁ৷ পিছত পস্তাই থাকিলেও প্ৰেয়সীয়ে অন্ততঃ বিশ্বাস কৰি ল’ব বুলি ফুল কনফিডেন্সত থাকে৷

২০) অসমী গগৈ: ফটহু কাই, ফটাঢোলত আপোনাৰ আটাইতকৈ প্ৰিয় ব্যক্তি কোন কাণে কাণে ক’ব নেকি?

উত্তৰ: কাণে কাণে কি ক’ম হে, খোলাকৈ কৈছোঁ শুনক, বয়োবৃদ্ধ সন্মানীয় ব্যাক্তিসকল আকৌ৷ এক মিনিট শুনকচোন, কাণখন এইফালে দিয়ক, ধুনীয়া মহিলা কেইজনীমান আছে, ভাল লাগে, কাকো নক’ব আকৌ, আপোনাকহে কৈছোঁ, নিজৰ বুলি৷ ফুটুকীয়ে শুনিলে খাব মোৰ কলিজা৷

২১) মৌচুমী গগৈ: আগৰ দিনৰ ৰামায়ণ, মহাভাৰত আদি ছিৰিয়েলবোৰত ৰজাসকলৰ দাঢ়ি, চুলি পকি যায় কিন্তু ৰাণীসকল ইমান গাভৰু আৰু সুন্দৰী হৈ থাকে কেনেকৈ বাৰু? তেওঁলোকে পাৰ্লাৰ যাবলৈ সময় পাই যদি ৰজাসকলে নাপায় কিয়? এই বিষয়ে ফটহু কাইৰ মন্তব্য জনাব নেকি?

উত্তৰ: ৰজা মহাৰজা হ’লেওতো ‘গম কা মাৰা’ বেছেৰা পুৰুষেই আকৌ৷ ৰাণীসকলৰ ডিমাণ্ড পূৰণ কৰোঁতে কৰোঁতে সময় ক’ত হয়গৈ? ইফালে প্ৰজা আৰু বহিঃ শক্তিসমূহৰ চিন্তা আছিলেই নহয়৷

২২) কমল তালুকদাৰ: ফটহু কাই, এষাৰ পুৰণি প্ৰবাদ আছে যে “অভাৱেই আৱিষ্কাৰৰ মূল।”, এতিয়া মোৰ প্ৰশ্ন হ’ল যদিহে এটাও ফটাপ্ৰশ্ন নাহে বা নকৰে ফটাপ্ৰশ্নৰ অভাৱত আপুনি কি আৱিষ্কাৰ কৰিব?

উত্তৰ: চাওক বিভিন্ন পদ্ধতিৰে মাখি কেনেকৈ মাৰিব পাৰি সেই বিষয়ে মই কিতাপ এখন ইতিমধ্যে লিখি উলিয়াইছোঁৱেই৷ সময়ৰ অপব্যৱহাৰ মই নকৰোঁ৷ নেক্সট ইন লাইন, ঘৰত পইতাঁচোৰা নিধনৰ বিভিন্ন টেকনিকৰ ওপৰত আকৌ এখন আৰম্ভ কৰিম আকৌ৷

☆★☆★☆

10 Comments

  • Haha moja

    Reply
  • অবিনাশ শৰ্মা

    ফটাউত্তৰ সমূহ ভাল লাগিল

    Reply
  • সৌৰভ শৰ্মা

    মোৰ প্ৰশ্নটোৰ উত্তৰ সম্পূৰ্ণ বিশুদ্ধ উত্তৰ দিছে।, নিজৰ অভিজ্ঞতাৰ পৰা দিছে যেন লাগিছে ????

    Reply
  • Anurup Mahanta

    ভাল হৈছে উত্তৰ কেইটা। মোৰ প্ৰশ্ন কেইটাৰ উত্তৰ হে মই কেতিয়াও সঠিক কৈ নাপাওঁ, ফটহুৱে সদাই ঠগে মোক।

    Reply
  • সুন্দৰ উত্তৰ ফটহু কাই ।

    Reply
  • কমল তালুকদাৰ

    মজ্জা উত্তৰ । দিল খুশ ! হা হা হা

    Reply
  • ডলী তালুকদাৰ

    উত্তৰ চাই প্ৰশ্ন

    Reply
  • Bikash

    মজ্জা উত্তৰ | ভাল লাগিল

    Reply
  • VAL LAGISE POHI

    Reply
  • Nice

    Reply

Leave a Reply to অবিনাশ শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *