ফটাঢোল

ফটাপ্ৰশ্ন এপ্ৰিল, ২০১৯

১) তৰালি কলিতাঃ- বৰষুণৰ বতৰত মইনা যদি মটৰত উঠে, তেন্তে ৰ’দ দিলে কিহত উঠে ?

উত্তৰঃ- বৰষুণৰ দিনত মইনা মটৰত নুঠেহে, ৰ’দ দিলে উঠে।

২) হিতেশ বি বৰুৱাঃ- ফটহু কাই, ছোৱালীয়ে নিজেই কল নকৰে আৰু মিছকল হে দিয়ে ইয়াৰ কাৰণ কি? আনকি হোটেললৈ লৈ গ’লেও ল’ৰাজনৰহে পকেট খালি কৰে কিয়?

উত্তৰঃ- ইয়াত ছোৱালীৰ দোষ নাই, মিছ কল দিয়াৰ পাছত নিজৰ বাপেকৰ পইচাৰে মোবাইল ৰিচাৰ্জ কৰি ঘণ্টা ঘণ্টা কথা পতা ল’ৰাবোৰৰহে দোষ। আকৌ হিয়াখন উদঙাই দিয়া কামটো ফাইনেল হওঁ-নহওঁতেই পকেট উদঙাই দিব খুজিলে কোনেনো সুবিধা নল’ব?

৩) পৰিস্মীতা বৰদলৈঃ- ফটহু কাই, বিবাহিত মহিলাৰ চিনাকি যদি শিৰৰ সেন্দুৰ আৰু উৰণিখন হয়, পুৰুষ সকলেও বিবাহৰ পাছত একেই চিন ব্যৱহাৰ কৰিব নোৱাৰেনে!

উত্তৰঃ- আগতেও কৈছো- বিবাহিত পুৰুষৰ বেলেগ চিন আছে- বহল হৈ পৰা কপাল, হাতত বজাৰৰ মোনা, চকুত উদাস ভীতিগ্ৰস্ত দৃষ্টি, ইমানবোৰ চিন থাকোতে তাৰ ওপৰত আকৌ সেন্দুৰ ব্যৱহাৰ নকৰিলেও হয়।

৪) ৰিমঝিম বৰঠাকুৰঃ- ফটহুকাই ফেশ্বন শ্ব’ত মডেলবোৰে (বিশেষকৈ ইণ্টাৰনেশ্বনেল) পিন্ধা আউটফিট এক্সেচৰিজবোৰ পিছত কোনে ক’ত কেনেকৈ পিন্ধে?

উত্তৰঃ- ফটহুৱে কথাটো ভালকৈ নেজানে, তথাপি ঘুনুক ঘানাককৈ কাৰোবাৰ মুখত শুনা মতে সেইবোৰ পোনে পোনে নৰকলৈ চাপ্লাই হয়, ভূত প্ৰেত, পিশাচ আদিয়ে পিন্ধিবৰ বাবে।

৫) সৌৰভ শৰ্মাঃ- এজিপি দলৰ দৰে এজনী বিয়া কৰালে পুৰুষ চিন্তা মুক্ত নহ’বনে? কিবা কাৰণে আঁতৰি গ’লেও পুনৰ লগ লাগিবহি।
উত্তৰঃ- নহ’ব, আকৌ গন্দগোলীয়া টাইমত এৰি দিব নহয়। তেনে এজনী খুৱাই বুৱাই পিন্ধাই উৰাই ৰাখি লাভ নাই।

৬) ৰাজশ্ৰী শৰ্মাঃ- ফটহু কাই, পুৰুষ আৰু মহিলাই যে অনবৰতে তই বেয়া, মই ভাল বুলি কামোৰা কামুৰি কৰি মৰে। আচলতে এইখন কাজিয়া সৃষ্টিৰ অন্তলৈকে চলিব নে?

উত্তৰঃ- চলিব। সৃষ্টিৰ আদিও এইখন কামোৰা কামুৰিতে, অন্তও তাতে হ’বগৈ।

৭) কমলা দাসঃ- ফটহু কাই ঔ। আজিকালি ঢোলত বহুতো চিৰিয়াচ সদস্য দেখা পোৱা গৈছে দেই। ধেমেলীয়া পোষ্ট এটা দিলেওচোন ব্যক্তিগত ভাবে লৈ চিৰিয়াচ কমেণ্ট দিয়ে। ফটাঢোল এনেকুৱাতো নাছিল! কি হ’ল বাৰু?

উত্তৰঃ- তেওঁলোকে চিৰিয়াচলী ধেমালি কৰে যেন পাওঁ। পিছে ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো, এইষাৰি কথা নেমানি নোৱাৰি। গতিকে ধেমালি কৰি যাব লাগে, জীৱনটো সহজভাৱে ল’ব জানিলে ভাল।

৮) হেমন্ত কাকতিঃ- ফটহু বোপাই কিছুমান মাহত ৩১ দিন থাকে, কিছুমান মাহত ৩০ দিন থাকে৷ কিন্তু কিমান মাহত ২৮ দিন থাকে?

উত্তৰঃ- যিমানকেইটা আছে, কম হৈছে। মোৰ মতে সকলো মাহেই ২৮ কি, পাৰিলে ২৫ দিন মানৰ কৰি দিব লাগে। ২৫ দিন কাম কৰি ৩০ দিনৰ দৰমহা লোৱাৰ মজাই সুকীয়া হ’ব নহয়।

৯) ৰেখা ডেকাঃ- আটাইতকৈ ভুল কৰা শব্দটোৱে ভুল কিয় হয়?

উত্তৰঃ- এদিন ভোলে বাবাই ভুলতে ভোল গৈ, ভোলৰ জালেৰে পিঠি ঘঁহি গা ধুই থাকোতে ভুল কৰাৰ বাবে, ভুলটো ভূল বুলি লিখাৰ ভুল পৰম্পৰা আৰম্ভ হয়। বম বম ভোলে!

১০) জিতু শৰ্মাঃ- ফটহু কাই, আমি যে চাহ খাওঁ কাপটো, তাৰ নালডাল সোঁ ফালে থাকে নে বাঁওফালে থাকে?

উত্তৰঃ- কাপটোৰ বাহিৰ ফালে থাকে।

১১) মনালিছাঃ- ফটহু কাই, “কাময়াবি আপকে কদম চুমেগি”, এনেকৈ সকলোৱে কয়৷ এই কাময়াবি মানে সফলতাই আমাৰ গোটেই গাটো বাদ দি কিহৰ জহত ভৰিত চুমা খাবলে যায়? ভৰিৰ মোজাৰ গোন্ধত কাময়াবি যদি বেহুচ হৈ লুটি খাই পৰি মৰে কোনে ৰিস্ক ল’ব?

উত্তৰঃ- হেৰি, ভৰিক এৰি আন কোনোবা সৰস ঠাইত চুমা খালে কিবা কিবি গন্দগোল হৈ যায় যদি কোনে ৰিস্ক ল’ব সেইটো ভাবিছেনে? মোৰ বোধেৰে কোনোবা, ক’ৰবাৰ অচিনাকী কামিয়াবীয়ে চুমা খাবলৈ আহিলে ভৰিখন আগবঢ়াই দিয়াই সুৰক্ষিত প্ৰথা।

১২) তবিবৰ ৰহমানঃ- ফটহু কাই, মোৰ ভাত খালে মুখখন মেল খাই আৰু টোপনি গ’লে চকু দুটা মুদা যায়। বৰ বিপদত পৰিছোঁ, অনুগ্ৰহ কৰি উপায় দিবচোন।

উত্তৰঃ- একবাৰে সহজ উপায় দিছোঁ। ৰাতি সদায় সপোনত তিনিবাৰকৈ বাওঁ হাতখন মূৰৰ পিছফালেৰে ঘুৰাই আনি দুটা আঙুলি নাকৰ ফুটাৰ ভিতৰত ভৰাই দিব। এনেকৈ ছল্লিছ বছৰ নিয়মীয়াকৈ কৰিলে বেমাৰৰ জনি মৰি যাব।

১৩) সদানন্দ ভূঞাঃ- ফটহু কাই, আপোনাক বাৰু ফটহুৱনী বৌৱে কিমান মৰম কৰে? ছলি-পলিৰ ঘেনঘেন-পেনপেন নে আমি দুজন, আমাৰ দুজন। এতিয়ালৈকে ফটহুৱনী বৌৰপৰা কেইবাৰ ঘটং খালে? মিছা নামাতিব কিন্তু।

উত্তৰঃ- এইটো ক্ষেত্ৰত মিছা নেমাতিবলৈ মোক তেওঁ বধ শপত দি থৈছে। আমাৰ মৰমৰ সীমা নাই, আমাৰ তেওঁ ঘটং দিলেও মৰমতে দিয়ে। বেলনা মাৰি ব্যৱহাৰ কৰিলেও, একদম আলসুৱাকৈ, ৰোমাণ্টিক ভাৱে। তেনে চেনেহা চেনেহী আমাৰ জীৱনত হিচাপ নোহোৱাকৈ আছে।

১৪) অভিজিত অভি শইকীয়াঃ- ফটহু কাইক যদি ফটাঢোলৰ এহাল বৰলা-বৰলীক যোৰা লগাবলৈ দিয়ে কাৰ কাৰ নাম প্ৰথম মনলৈ আহিব।

উত্তৰঃ- যোৰা লাগিব লগা থাকিলে নিজেই লাগিব, মইনো কোন কুটা ওপৰৰপৰা জোৰা লগাবলৈ।

১৫) নীতুমণি বৰঠাকুৰঃ- ফটহুকাই এইবাৰ আপুনি ৰঙালী বিহুত ফটাঢোল বজাই শ্ৰেষ্ঠ বিহুৱা আৰু ফুটুকীবাইক শ্ৰেষ্ঠ নাচনীৰ বটা ল’ব লাগিব বুলি সকলোকে কৈ ফুৰিছে? হয়নে বাৰু?

উত্তৰঃ- একেবাৰে নহয়। এইবিলাক অপপ্ৰচাৰ।

১৬) অঞ্জন সাধনীদাৰঃ- বিয়া কৰোৱা সকলে সদায় আগৰ জীৱনটোৱেই ভাল আছিল আৰু বিয়া নকৰোৱা সকলে কেতিয়াকৈ বিয়াখন পাতিম বুলি ভাবি থকাৰ আচল ৰহস্যটো ফটহু কায়ে কি বুলি ভাবে?

উত্তৰঃ- Marriages are triumph of expectations over experience. আশাধাৰী জীৱযে। আচলতে সেইটোৱেই মায়া। ভাবকচোন, বিয়া নপতা মানুহবোৰে যদি সকলো দেখি শুনিও এইকণ আশা নকৰিলেহেঁতেন, তেনে সৃষ্টিখননো কেনেকৈ ৰক্ষা পৰিলহেঁতেন?

১৭) নাজিয়া হাছানঃ- ফটহু কাই! ফটহু কাই! এই মানে প্ৰশ্ন কৰিবলৈ গৈ প্ৰশ্নটোকেই যদি পাহৰি যাওঁ কি কৰিব লাগিব বাৰু তেতিয়া? হেঁ? কি কৰিব লাগিব? …এ এ ..মই মানে প্ৰশ্নটোকে পাহৰিলো যাওক! কি কৰোঁ এতিয়া?

উত্তৰঃ- একো নহয় ৰ’ব, মইয়ো উত্তৰটো পাহৰিলো।

১৮)দীপাংকৰ চৌধুৰীঃ- ফটহু কাই প্ৰত্যেক মিটতে কবিসকলৰ বাবে কবিতা চৰ্চাৰ বাবে বিশেষ কোঠাৰ ব্যৱস্থা কৰা হয়। এতিয়া কথা হ’ল এই কবিতা চৰ্চা কৰা কবিসকল আৰু কবিতাবোৰক কেনেকৈ মঞ্চলৈ উলিয়াই অনাৰ ব্যৱস্থা কৰা হ’ব? লগতে ভৱিষ্যতলৈ এই কবিসকলৰ বাবে কিবা বিশেষ ব্যৱস্থাৰ দিহা কৰিব নেকি?

উত্তৰঃ- নিশ্চয়। এতিয়া আচলতে কবিতাৰ প্ৰেক্টিছহে চলি আছে, কবিতাৰ মান উপযুক্ত যেন বোধ হ’লে কবিসকলক মঞ্চলৈ উলিয়াই অনাৰ ব্যৱস্থা কৰা হ’ব।

১৯) বি এন ৰূপমঃ- ফটহুকাই এটা কথা মোক ক’ব নেকি– এই যে ফেচবুকত মানুহৰে নদীৰ পাৰত ঠিয় দি ডুব যাব ধৰা বেলিটো চাই চাই কেমেৰাক পিঠি দি ফটো এখন উঠি কেপশ্বনত লিখে “কেতিয়াবা এনেকৈয়ে অকলে-নীৰৱে-নি:শব্দে-নিসংগে”৷ আৎসা, তেওঁলোক যদি অকলেই-নিসংগেই তেতিয়া হ’লে ফটোখন কি চেটেলাইটৰপৰা উঠোৱা হয় নেকি?

উত্তৰঃ- চেল্ফি যদি নহয় তেনে গোকাট মিছা মাতিছে।

২০) নিলাক্ষী কাকতিঃ- ফটহু কাই ধৰি লওক আপুনি আপোনাৰ মানুহজনীৰ লগত ক’ৰবাত ফুৰিবলৈ গৈছে আৰু তাতে আপুনি আপোনাৰ পুৰণি প্ৰেমিকাজনীক লগ পালে৷ তাই আপোনাক দেখি ইংগিত দি লগ কৰিব খুজিলে৷ আপুনি তেতিয়া কি কৰিব?

উত্তৰঃ- কি কৰিম আৰু! মোৰ আগৰ কেইজনীয়ে যেনেকৈ চিপচ্ চোবাই থকা নিজৰ নোদোকা সন্তানটোক গিৰিয়েকৰ আগতে মোলৈ দেখুৱাই “এয়া চোৱা তোমাৰ মামা, নমস্কাৰ দিয়া, টিংকল টিংকলটো গাই শুনোৱা” বুলি কয়, তেনেকৈ ময়ো মানুহজনীৰ আগতে ক’ম- “এয়া চোৱা অমুকী, নমস্কাৰ দিয়া, ধন্যবাদ দিয়া! এওঁ ৰাস্তা এৰি নিদিয়া হ’লে তুমি মোৰ জীৱনত এণ্ট্ৰীয়ে মাৰিব নোৱাৰিলাহেঁতেন।”

২১) নৱকৃষ্ণ কৃষঃ- পৃথিৱীত ৰাজনীতি নোহোৱা হ’লে কি কি অসুবিধা আৰু কি কি সুবিধা হ’ব ফটহু কাই?

উত্তৰঃ- ৰাজনীতি মানে ৰজাৰ নীতি। কিন্তু এই নীতি বোলা অংশটো আজিকালি ৰাজনীতিত নায়েই, যি চলি আছে তাক কোনো নীতিৰ মাজত ধৰিব নোৱাৰি। আজিকালি কেৱল ‘ৰাজ’ আছে ‘নীতি’ নায়েই। আৰু সুবিধা অসুবিধা আমি সকলোৱে দেখিয়ে আছোঁ, নহয় জানো?

২২) মৌচুমী গগৈঃ- ছোৱালীবোৰে এজন যোগ্য জীৱনসংগী পাবলৈ সোমবাৰৰ দিনটোত শিৱপূজা কৰে। প্ৰকৃততে শিৱৰ কোনটো ৰূপে ছোৱালীবোৰক আকৰ্ষণ কৰে- ভঙুৱা ৰূপটো নে জঁটাধাৰী ৰূপটো? এই বিষয়ে আপোনাৰ মন্তব্য কি?

উত্তৰঃ- আচলতে অমুকা ১০০% পুৰুষ হোৱাৰ বাবে এইটো বিষয়ত মন্তব্য দিবই নেলাগে। কিন্তু আজি দেড় কুৰি বছৰে সংসাৰ চলাই খাওঁতে এইখিনি বুজিছোঁ যে, মহিলাসকলে বিয়াৰ আগতে মানুহজনৰ যিকেইটা গুণ/ৰূপ ভাল পাই, বিয়াৰ পাছত আকৌ সেইকেইটাকে বেয়া পায়। বিয়াৰ আগতে ভাং খোৱা (জইণ্ট মৰা) আৰু জঁটা বন্ধা (Rasta Punk) লুক, দুইটাই ছোৱালীবোৰে Hunk Image বুলি ভাবিব পাৰে, কিন্তু বিয়াৰ পাছত নৈব নৈব চ।

২৩) কমল নেওগঃ- ফটহু কাই, ‌ধৰি লওক এইবেলি সাধাৰণ নিৰ্বাচনত এটা আঞ্চলিক ৰাজনৈতিক দলৰপৰা ফুটুকী নবৌক আৰু এটা “ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰীয়” দলৰপৰা আপোনাক এম পিৰ টিকট দিলে। এতিয়া ইলেকচন খেলিব নে ফটাপ্ৰশ্নত মূৰ ঘমাই থাকিব?

উত্তৰঃ- ল’ৰাহঁতৰ মাকৰ কথা নেজানো, মই কিন্তু দুইটা কৰিম। ফটাপ্ৰশ্নৰ উত্তৰ দিয়া আৰু নিৰ্বাচনত প্ৰতিশ্ৰুতিৰ ফুলজাৰি মৰা একে ধৰণৰ কামেই নহয় জানো?

☆★☆★☆

5 Comments

Leave a Reply to হৃষিকেশ ডেকা Cancel reply

Your email address will not be published. Required fields are marked *