ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা

বৰ্তমান সময়ৰ ব্যস্ত পৃথিৱীখনত সকলোৱেই যেন একো একোটা যন্ত্ৰ হৈ পৰিছে। ব্যস্ততাৰ মাজতো কিন্তু সকলোৱেই বিচাৰে অকণমান আজৰি সময় হাঁহি ফূৰ্তি কৰি উপভোগ কৰিবলৈ। ময়ো তাৰ ব্যতিক্ৰম নহওঁ।
হাস্য ব্যংগৰ প্ৰতি আগৰে পৰাই মোৰ এটা টান আছিল। সেই বাবে ফেচবুক একাউণ্ট খোলাৰ দিনৰ পৰাই বিভিন্ন হাস্য ব্যংগ গোটত সোমাইছিলোঁ, কিন্তু কোনোটোৱেই মোৰ মনৰ পচন্দৰ নাছিল।
২০১৭ চনৰ কথা। জুলাই মাহত প্ৰথম ফটাঢোল ই আলোচনীখন প্ৰকাশ হৈছে। সেইখনৰ বিষয়ে মোৰ বন্ধু তালিকাত থকা কোনোবা এজনে তেওঁৰ ৱালত লিখিছিল- হাস্য ব্যংগ গোট “ফটাঢোল”ৰ একে নামৰ মাহেকীয়া ‘ই আলোচনী’খনৰ প্ৰথম সংখ্যাটো অতি সুন্দৰ হৈছে, আপোনালোকেও পঢ়ি চাওক” ইত্যাদি ইত্যাদি। মই পিচে তেতিয়াও “ফটাঢোল” বুলি যে এটা গোট আছে গমেই পোৱা নাছিলোঁ।
তথাপি ‘হাস্য ব্যংগ আলোচনী’ বুলি দেখি ৰ’বই নোৱাৰিলোঁ! লগে লগে তেওঁ দিয়া লিংকটোৰ দ্বাৰা আলোচনীখনৰ প্ৰথম সংখ্যাটো মেলি ল’লোঁ। প্ৰতিটো লেখাই পঢ়ি গ’লোঁ এফালৰ পৰা। যিমানে পঢ়িলোঁ, সিমানে ভাল লাগি আহিল মোৰ মনতো। মই যেন ইমান দিনে বিচাৰি ফুৰাখিনি ইয়াতেই পালোঁ। গোটৰ লেখকসকল, গোটৰ প্ৰশাসকসকলৰ বিষয়ে জানিবলৈ বৰ ইচ্ছা হ’ল। তেতিয়াই মই ফেচবুকত “ফটাঢোল” গোটটো বিচাৰি তাত সোমাবলৈ অনুৰোধ পঠালোঁ আৰু অতি কম সময়ৰ ভিতৰতে মোক গোটত আদৰি ল’লে। তেতিয়া অৱশ্যে গোটত সদস্যৰ সংখ্যাও বহুত কম আছিল।
লিখা মেলা কৰাৰ মোৰ মুঠেই অভিজ্ঞতা নাছিল। গতিকে লাহে লাহে এটা দুটা কমেণ্টেৰেহে প্ৰথম আৰম্ভ কৰিলোঁ। পিছলৈ ভয়ে ভয়ে এটা দুটা পোষ্টো দিলোঁ। সকলোৱে মোক সুন্দৰকৈ সঁহাৰি জনাই নিজৰ বুলি আঁকোৱালি ল’লে, আৰু ময়ো সকলোৰে লগত মিলি “ফটাঢোল” পৰিয়ালৰ এজন হৈ পৰিলোঁ।
তেতিয়াৰ পৰাই উন্নত মানদণ্ডৰ লেখাৰে ভৰা ফটাঢোল আলোচনীখন প্ৰতি মাহেই বৰ আগ্ৰহেৰে পঢ়োঁ আৰু আনকো পঢ়ুৱাওঁ। পাছলৈ তাত মাজে মাজে মোৰো দুই এটা লেখা প্ৰকাশ হ’বলৈ ধৰিলে। পঢ়ুৱৈ ৰাইজৰ পৰা পোৱা মৰম, উৎসাহ আৰু প্ৰেৰণাৰ বাবে ময়ো এনেদৰেই লিখিবলৈ সাহস পালোঁ।
ইমানখিনি কথা এই বাবেই ক’বলৈ ওলালোঁ, কিয়নো মই কোনো লেখক নহয়, বা আগে পাছে লিখা মেলা কৰাৰ মোৰ কোনো বিশেষ অভিজ্ঞতাও নাছিল। যিকণ লিখিছোঁ, সেইকণ মাত্ৰ ফটাঢোলৰ বাবেই হে সম্ভৱ হৈছে। আৰু সেইবাবে মোৰ দৰে এজনে প্ৰথম বাৰৰ বাবে আলোচনী এখন সম্পাদনা কৰিবলগীয়া হোৱাত মই অত্যন্ত ভয় কৰাটো একেবাৰেই স্বাভাৱিক। এনেকুৱা এটা ডাঙৰ কাম মই কেতিয়াবা কৰিব লগা হ’ব পাৰে বুলি সপোনতো ভবা নাছিলোঁ।
২০১৮ চনৰ অক্টোবৰ নে নৱেম্বৰ মাহত এদিন ৰিণ্টুমণি দত্ত দাদাই মোক ফোন কৰিলে আৰু আগন্তুক কোনোবা এটা মাহত সম্পাদনাৰ দায়িত্ব দিবলৈ বিচৰাৰ কথা জনালে। মই প্ৰথমে নোৱাৰোঁ বুলিয়েই ক’লোঁ, কাৰণ মই ভাবোঁ মোতকৈ গোটত আৰু বহু যোগ্য আৰু অভিজ্ঞ ব্যক্তি আছে, যি সুচাৰু ৰূপে এই দায়িত্ব পালন কৰিব পাৰিব, মোৰ দৰে এজনক দিব বিচৰাটো মই নিজেই ভাল পোৱা নাছিলোঁ। কিন্তু দাদাই ক’লে, “মোৰ তোমাৰ ওপৰত বিশ্বাস আছে, সকলোৱে সহায় কৰিব। গতিকে না নকৰিবা।”
দাদাৰ কথা পেলাব নোৱাৰি হ’ব বুলি ক’লোঁ যদিও মোৰ শাৰিৰীক অসুস্থতাৰ বাবে দুমাহ মান পাছতহে মোক দায়িত্ব দিবলৈ ক’লোঁ। আৰু অৱশেষত সেই দিন আহি পালে যিদিনা হেমন্ত কাকতি দাদাই ফোন কৰি এপ্ৰিল মাহৰ সংখ্যাটোৰ দায়িত্ব দিয়াৰ কথা জনালে আৰু মোক সকলোৱে সহায় কৰিব বুলিও প্ৰতিশ্ৰুতি দিলে। দুয়োগৰাকী প্ৰশাসকলৈ আন্তৰিক ধন্যবাদ জনালোঁ মোৰ ওপৰত ইমানখিনি বিশ্বাস ৰাখি এই গুৰু দায়িত্ব দিয়াৰ বাবে।
ইয়াৰ পাছতে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ৰিণ্টুমণি দাদাই তেখেতৰ ঘৰলৈ মাতি নি মোক সুন্দৰকৈ বুজাই দিলে লেখাবিলাক আহিলে কেনেকৈ কি কৰিব লাগিব। কাৰিকৰী জ্ঞানখিনি তেখেতেই মোক দিলে, আৰু তাৰ বাবে মই তেখেতৰ ওচৰত চিৰ কৃতজ্ঞ।
লেখাবিলাক আহিছে নে নাই, কি বিষয়ত কিমান লেখা আহিছে, কামবিলাক কিমান আগবাঢ়িছে এইবিলাক ঘৰৰ জ্যেষ্ঠজনে তদাৰক কৰাৰ দৰে তদাৰক কৰি আৰু দিহা পৰামৰ্শ দি যোৱা হেমন্ত কাকতি দাদাকো এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিলোঁ।
সাক্ষাৎকাৰ শিতানটোৰ বাবে প্ৰশ্ন বাছি দিয়াৰ লগতে বিভিন্ন দিহা পৰামৰ্শ দিয়া মোৰ বান্ধৱী ৰাজশ্ৰী শৰ্মা, মঞ্জিত দাদা আৰু সঞ্জীৱ দাদাক জনালোঁ অশেষ ধন্যবাদ।
তাৰ পাছতে আহিল সকলোতকৈ জটিল কাম, লেখাবিলাকৰ বৰ্ণাশুদ্ধিৰ কামটো। পিচে মোৰ অকণো অসুবিধা নোহোৱাকৈ মোক সহায় কৰি দিলে ভণ্টি ঋতুপৰ্ণা মহন্ত, চবিনা ইয়াছমিন বা, প্ৰণীতা গোস্বামী বৰঠাকুৰ বা আৰু পৰীস্মিতা গগৈ বায়ে। তেখেতসকলৰ ওচৰত মই সদাই কৃতজ্ঞ হৈ ৰ’ম।
ইয়াৰ লগতে মই শলাগ ল’ব লাগিব গোটৰ আন প্ৰশাসকসকলৰ, যি কেইজনে বিভিন্ন সময়ত বিভিন্ন দিহা পৰামৰ্শৰে মোক উৎসাহ যোগাই গ’ল। গতিকে এইখিনিতে মই দেৱজিত শইকীয়া দাদা, অভিজিত কলিতা দাদা, বিজয় মহন্ত দাদা আৰু দিম্পল কলিতাৰ শলাগ ল’লোঁ।
গোটত প্ৰায়েই সক্ৰিয় হৈ থাকোঁ যদিও কেতিয়াবা কিছুমান ভাল লেখা চকুত নপৰাকৈ যাতে থাকি নাযায় তাৰ বাবে মোক প্ৰতিটো সুন্দৰ লেখাত টেগ কৰা প্ৰণীতা বা, ৰাজশ্ৰী শৰ্মা, তবিবৰ ৰহমান দা, মিতালি চহৰীয়া, হেমন্ত কাকতি দা, ৰিণ্টুমণি দাদা, সোণটো দাদা, ৰামানুজ দাদা সকলোৰে শলাগ ল’লোঁ।
মোক প্ৰথমৰ পৰাই উৎসাহ যোগাই অহা আৰু ফটা প্রশ্ন শিতানটোত প্রশ্নসমূহ গোটোৱাত সহায় কৰি দিয়াৰ বাবে ৰিমঝিম বৰঠাকুৰৰো শলাগ ল’লোঁ।
আলোচনীখনৰ দৃশ্য সজ্জাৰ কামখিনি সুন্দৰকৈ কৰি দিয়াৰ বাবে ঋতুপৰ্ণ দাদাক শলাগ ল’বই লাগিব।
‘ৱেব আপল’ডিং’ৰ কামখিনি কৰি দিয়াৰ বাবে হেমন্ত কাকতি দাদা, ৰিণ্টুমণি দত্ত দাদা, মনিষা কাকতি আৰু ৰিমঝিম বৰঠাকুৰলৈ জনালোঁ অশেষ ধন্যবাদ।
মোক সদাই উৎসাহ জনাই অহা ৰামানুজ গোস্বামী দাদা, অলকেশ ভাগৱতী দাদা, জ্যোতিৰূপম দত্ত দাদা, চাহীন জাফ্ৰি, নিলাক্ষী দেৱী ডেকা বা, কাবেৰী মহন্ত বৌকে আদি কৰি সকলোলৈকে জনালোঁ অশেষ ধন্যবাদ।
সম্পাদকীয় লিখাত সহায় কৰি দিয়া মোৰ মা উষা মহন্ত, হেমন্ত কাকতি আৰু জ্যোতিৰূপম দত্ত দাদাকো জনাইছোঁ অশেষ ধন্যবাদ।
মুঠৰ ওপৰত আলোচনীখনৰ সংখ্যাটোত মোৰ অৱদান যিমান তাতকৈ অনেক গুণে বেছি অৱদান ওপৰত উল্লেখ কৰা ব্যক্তিসকলৰহে। সকলোৰে ওচৰত মই চিৰ ঋণী হৈ থাকিম।
সদৌ শেষত ধন্যবাদ জনালোঁ আলোচনীখনৰ বাবে মোৰ অনুৰোধ ৰক্ষা কৰি সুন্দৰ সুন্দৰ লেখা পঠোৱা সকলো লেখক লেখিকালৈ তথা আলোচনীখনৰ বাবে শুভ কামনা জনোৱা প্ৰতিজন সদস্যলৈ। আপোনালোকৰ আশীৰ্বাদৰ ফলতেই আজি এই সংখ্যটো মুকলি হ’বলৈ ওলাইছে। আশা কৰোঁ সকলোৱে আদৰি ল’ব আৰু ভুল ভ্ৰান্তিবিলাক ক্ষমা কৰি নিজৰ বুলি আকোঁৱালি ল’ব। তেতিয়াহে এই অভাজনৰ প্ৰথম প্ৰচেষ্টা সাৰ্থক হৈছে বুলি ভাবিব পাৰিম।
জয়তু ফটাঢোল।
শ্ৰী অনুৰূপ মহন্ত
সম্পাদক, ফটাঢোল ই-আলোচনী
এপ্ৰিল সংখ্যা, ২০১৯
☆★☆★☆

12 Comments

  • Jayshree Sarmah

    সুন্দৰ হৈছে আলোচনী খন

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ জয়শ্ৰী বা

      Reply
  • ৰাজশ্ৰী শৰ্মা

    ধন্যবাদ জনালো আমাক সৰ্বাঙ্গসুন্দৰ আলোচনী এখন উপহাৰ দিয়াৰ বাবে।

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ ৰাজশ্ৰী

      Reply
  • কমলা দাস

    প্ৰতি টো শিতান বৰ ভাল লাগিছে । ধুনীয়া সংখ্যা এটা উপহাৰ দিয়াৰ বাবে ধন্যবাদ অনুৰূপ

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ বাইদেউ

      Reply
  • পূৰৱী

    ভাল হৈছে অনুৰূপ

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ বা

      Reply
  • Gitashree Phukan

    বৰ ধুনীয়া হৈছে অনুৰূপ। গোটেইকেইটা শিতান ভাল হৈছে। অৱশ্যে পঢ়িয়েই আছো, শেষ হোৱাগৈ নাই।

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ গীত

      Reply
  • মানসী বৰা

    পঢ়িবলৈ আৰম্ভ কৰিছো ।ভাল হৈছে অনুৰূপ ।

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ বা

      Reply

Leave a Reply to অনুৰূপ মহন্ত Cancel reply

Your email address will not be published. Required fields are marked *