ফটাঢোল

ফটা প্ৰশ্নোত্তৰ– ফটহু কাই

১/ দ্বিজেন তামূলী : একেজোৰা পোচাক পিন্ধি ল’ৰা বা ছোৱালী স্কুলত থাকে, মাকে যাওঁতে এজোৰ আৰু আনিবলৈ যাওঁতে বেলেগ এজোৰ পিন্ধে কিয়?

উত্তৰ : সেয়াই সংসাৰৰ নিয়ম। স্কুললৈ যোৱা ছোৱালীজনীও যেতিয়া এসময়ত গৈ মাক হ’বগৈ, এই ৰোগে পাবই পাব।

২/ ৰূপা বনিয়া : পুৰুষৰ তিনি তপা দেখা যায়, কিন্তু মহিলা মাত্ৰ আগ তপা হে হয় কিয়?

উত্তৰ : আগ তপা লনি হয় যে। মহিলাসকলে লনি হোৱাতে গুৰুত্ব দিয়ে আৰু, বাকী ধনী হোৱাৰ জঞ্জাল পুৰুষৰহে।

৩/ নিলাক্ষী কাকতি : ফটাঢোলৰ কোনজন এডমিনৰ আটাইতকৈ বেছি মহিলা ফেন বেছি আৰু কোনকেইটা গুণৰ বাবে?

উত্তৰ : ফটহুৰ বিচাৰ মতে বিজয় মহন্তৰ মহিলা ফেনৰ সংখ্যা সৰ্বাধিক, তেওঁৰ ফলীয়া হৈ থাকিলে সদায় হাঁহৰ মাংস খাই থাকিবলৈ পাব বুলিয়েই হয়তো মহিলাসকলে তেওঁক ভাল পায়।

৪/ তবিবৰ ৰহমান : আ-অলংকাৰত মহিলাৰ একছত্ৰী অধিকাৰ থকা বুলি কয়। তেনেহলে পুৰষসকলে মহিলাৰ দৰে কাণফুলি আঙুলিফুলি বা চেইনফুলি কিয় পিন্ধে?

উত্তৰ : তাতে কি হ’লনো। মহিলায়ো পুৰুষৰ পোচাকবোৰ পিন্ধে, জীনচ, শ্বাৰ্ট, আজিকালি হাফপেণ্টকণতো হাত দিলেগৈ। গতিকে পুৰুষেও তেওঁলোকৰ অধিকাৰত থকা বস্তুবোৰত হাত দিছেগৈ, টিট ফৰ টেট।

৫/ হৃষিকেশ ডেকা : বিহুৰ বতৰত শ্বপিং মলবোৰত পুৰুষতকৈ মহিলাৰ সংখ্যা অধিক বেছি কিয়?

উত্তৰ : কোন বতৰতনো শ্বপিং মলত পুৰুষৰ সংখ্যা বেছি দেখিছে হে? শ্বপিং মলবোৰ মহিলাসকলৰ বাবেই জীয়াই আছে।

৬/ হিতেশ বি বৰা : ফটহু কাই, বিয়া পাতিলে সুখ নে বিয়া নাপাতিলে সুখ?

উত্তৰ : সঁচা উত্তৰ লাগে নে উৎসাহজনক উত্তৰ লাগে?

৭/ দিপাংকৰ চৌধুৰী : এই যে মানুহবোৰৰ বিহুৰ সময়তহে অসমীয়া স্বাভিমানবোৰ উথলি উঠা দেখা যায়, বাকী সময়খিনিত ছবিখন বেলেগ কিয় হয় নো?

উত্তৰ : অসমীয়াৰ স্বাভিমান বোলা বস্তুটো ক্ষন্তেকীয়া আবেগকণতহে বাকী আছেগৈ আজিকালি। বাকী সকলো শেষ। বিহু বুলি আকৌ এবাৰ সুঁৱৰি চাওঁ আৰু আমি।

৮/ কমলা দাস : ফটহু কাই ঔ বোলো বছৰেকৰ বিহুটি ভালে ভালে গলনে? ৰঙালী বিহুৰ শুভেচ্ছা থাকিল দেই৷ আজিকালি আকৌ কিছুমানে বিহুৰ শুভেচ্ছা নজনায়, হেপী বিহু বুলিহে কোৱা শুনো৷ হেপী বিহু বুলি কৈ বেছি মডাৰ্ণ দেখায় নে বিহুটোৰ প্ৰতি আন্তৰিকতা নোহোৱা হ’ল বাৰু?

উত্তৰ : আচলতে বিহুটোও আজিকালি বহুতৰ বাবে নিজৰ আলট্ৰা মডাৰ্ণ ৰূপটো জাহিৰ কৰা বস্তুহে হ’লগৈ। বিহু নেলাগে আন ক’তো আন্তৰিকতা বিছাৰি লাভ নাই।

৯/ মৃদুলা গগৈ : ফটহু কাই, দাঁত বিষৰ যন্ত্ৰণা বেছি নে গাৰ্লফ্ৰেণ্ড /বয়ফ্ৰেণ্ডৰ লগত হোৱা ব্ৰেকআপৰ যন্ত্ৰণা বেছি ?

উত্তৰ : দাঁতৰ বিষৰ। একদম চিধা কথা৷

১০/ ৰাস্না বৰা : ফটহু কাই আগৰ দেখোন বহাগ বিহুৰ আগে আগে এদিন আৰু বিহুৰ পাছতহে এদিন বৰদৈচিলা (ধুমুহা) আহিছিল, পিচে আজিকালি গোটেই মাহটোৱেই আহি থাকে। কোনোবাই কোনোবাই কৈছে বোলে আগৰ গিৰিয়েকে বাছত ল’ৰা ছোৱালী লৈ এবাৰহে দিয়ে যাবলৈ এতিয়া বোলে দামী গাড়ী নিজে চলাই সদায়ে মাকৰ ঘৰলৈ আহে। কথাটো হয়নে?

উত্তৰ: একদম সঁচা, নক’লেও নহয় ফটা মুখ, ক’লেও লাগে চিৰিমতীৰ দোষ।

১১/ ডলী তালুকদাৰ : ফটহু কাই বহাগ বিহুৰ আৰম্ভণিত পতা ফাংচন ‘আদৰণী’ আৰু শেষৰ ফালে ‘বহাগী বিদায়’ কিন্তু আহাৰ, শাওন, ভাদত পতা বিহু ফাংচনক কি নাম দি মাতিম?

উত্তৰ : ইংৰাজীত ক’ব খুজিলে, বিহু ৰিট্ৰেকচন, ৰিমেম্বাৰিং লাষ্ট বিহু, বিহু গ্ৰেণ্ড ফিনালি; আৰু অসমীয়াত অকাল বোধন বিহু আদি বুলিব পাৰি।

১২/ ৰিমঝিম বৰঠাকুৰ : ফটহুকাই, আজিকালি আপোনাক প্ৰশ্ন সুধিবলৈ মানুহবোৰক ঘৰৰ পৰা মাতি মাতি আনিব লাগে, তথাপিও নাহে। তেওঁলোকে আপুনি চব উত্তৰ দিব পাৰিবই বুলি হাৰ মানি ল’লে নে অন্য কিবা কাৰণ?

উত্তৰ : ইচকুলত পঢ়া কালত পৰীক্ষাত ফটহুৰ উত্তৰ দেখি কিমান বৃহৎ বৃহৎ ডিগ্ৰীধাৰী মাষ্টৰ প্ৰফেচাৰে পলাই ফাঁট মাৰিছিল তাৰ হিচাপ নাই; এনে হ’ব বুলি ফটহুৱে জানেই।

১৩/ নাৰায়ণী নাৰায়ণী : নিৰ্বাচনৰ আগত জনসাধাৰণৰ ভোট বহুমূলীয়া হয় কিন্তু নিৰ্বাচনৰ পিছত মূল্যহীন হয় কিয়?

উত্তৰ : বৰশীত লগাৰ পাছত মাছক কোনেনো টোপ খুৱাব হয়নে?

১৪/ ৰামানুজ জি: Public works department (PWD) মানে ভাৰতৰ অন্য ৰাজ্যত লোক নিৰ্মাণ বিভাগ, কিন্তু অসমত গড় কাপ্তানি বুলি কয়। গড় কাপ্তানিৰ অৰ্থ কি ফটহু কাই?

উত্তৰ : আচলতে মূল শব্দটো হিন্দীহে, গৈড় কাপ্তানী, তাকে গৈ অসমীয়াত গড় কাপ্তানী হ’ল। বৃটিছৰ সময়ত দুটা নিৰ্মাণ বিভাগ আছিল, সামৰিক আৰু অসামৰিক। সামৰিক নিৰ্মাণবিলাক আমীৰ কেপ্টেইন আদিৰ নিৰ্দেশত হৈছিল, গতিকে কাপ্তানী, আৰু অসামৰিক নিৰ্মাণবিলাক চিভিলিয়ানে কিৰছিল। অ-সামৰিক, অ-কাপ্তান, সেয়ে বা গৈৰ –কাপ্তান বা কাপ্তানী। গৈৰকাপ্তানী গৈ অসমত গড় কাপ্তানী হ’লগৈ।
এইখিনি কথা অৱশ্যে ফটহুৱে সপোনত পোৱাহে, তাত তথ্য-সূত্ৰ বিছাৰিলে ফটহুৱে ফোন অফ কৰি শুই যাব।

১৫/ কাবেৰী মহন্ত : মোৰো এটা কনফিউজন আছে ককাই, হিন্দীত বুৰ্বক বুজাবলৈ উল্লু বুলি কয় কিন্তু ইংলিছত ৱাইজ আউল বুলি কিয় কয়? আচলতে হিন্দীভাষীবোৰ বেছি জ্ঞানী নে বিলাতীবোৰ বেছি মূৰ্খ? মানে ফেঁচাজনীক জয়ন্ত হাজৰিকাৰ বাদে কোনেও চিনি নাপাই নেকি?

উত্তৰ : তাৰ মানে ভাৰতীয়সকলে ইংৰাজক মুৰ্খ বুলি ভাৱে আৰু ইংৰাজে ভাৰতীয়সকলক। জয়ন্ত হাজৰিকাই কথাটো গম পাই সৰু থাকোঁতেই ফটহুক কৈ গৈছিল।

১৬/ ৰাজশ্ৰী শৰ্মা : ফটহু কাই। মাহে মাহে ফটাপ্ৰশ্ন যে দি থাকোঁ আমি, প্ৰশ্নবিলাক ইমান ফাটে কিয়? মবাইলবিলাক ভঙা নে আখৰ বিলাক ফটা?

উত্তৰ : প্ৰশ্ন কিয় ফাটে নেজানো, কিন্তু উত্তৰবোৰ প্ৰশ্ন ফটা দেখি ভয়তে ফাটে। মাহৰ মাৰ দেখি তিলে বেত মেলাৰ দৰে।

১৭/ মাইনা ৰূপম ৰূপু বৰা : ফতহু কাই ফতহু কাই
ইমান জল্দি নো কত যায়? বিহু খাই খাই মোৰ বাওঁ হাত শুকুৱাই নাই আছে যদি দিয়কচোন কিবা উপায়?

উত্তৰ : চিন্তা নকৰিবা ভাই,
ফটহুৰ হাতত আছে
এশ এটা নিৰাময়,
অমুকা টইলেটৰ পৰা ওলাব পাৰিলেই,
পেলাম তোমাৰ বাঁওহাত শুকুৱাই।
‍ক্ষন্তেকতে ওলাব উপায়,
বাকী থকা পিঠা জলপান
খাই দিয়া হৈ নিৰ্ভয়,
অপেক্ষা মাথোন,
ফটহুৰ ট্ৰেইনখন স্তব্ধ হোৱাৰ।

১৮/ কমল তালুকদাৰ : ফটহু কাই এইযে মানুহে কয়, “ঐ এইসোপা কি পিন্ধি ভুচুংপহু হৈ আহিলি!” এই ভুচুংপহুটো কি বস্তু?

উত্তৰ: ভুচুং পহু হ’ল পহুজগতৰ ৰাকু দা।

১৯/ নীতুমণি বৰঠাকুৰ : বহাগ বিহুক সাত বিহু বুলিও কোৱা হয়। গৰু বিহু, মানুহৰ বিহু, গোঁসাই বিহুৰ বাদে বাকীকেইটা কি কি ফটহুকাই?

উত্তৰ : হোৱাটচ এপ মেচেজটো পোৱা নাই নেকি আপুনি? নাই পোৱা যদি মোক নম্বৰটো দিয়ক, মই পঠাই দিম। সেই বিখ্যাত হোৱাটচ এপ মেচেজটোৰ গুণত আজি যেনিবা অসমৰ সকলোৱেই বাকী বিহুকেইটাৰ নাম জনা হ’ল।

২০/ মঞ্জিল কাশ্যপ : পাহাৰ বগাই বগাই কপৌ ফুল আনি দিম, চেনীমাই তোৰে খোপাতে গুজি দিম। আজিকালি অকল এপাহি কপৌফুলত চেনীমাই পতিব বুলি আপুনি ভাবে নে?

উত্তৰ : চেনীমাইৰ মনত কিমান চেনী আছে তাৰ ওপৰত নিৰ্ভৰ কৰিব। পিচে আজিকালি কপৌফুলতকৈ মোবাইল ৰিচাৰ্জ কৰি দিলে পতাৰ সম্ভাৱনা বেছি।

২১/ মৌচুমী গগৈ : পুৰুষসকলে ঘৰখনত কিবা এটা অথন্তৰ হ’লে তাৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পত্নীগৰাকীকে দোষী বুলি সমাজৰ আগত প্ৰমাণ কৰিবলৈ অলপো কৃপণালি নকৰে। যদি বিয়া পাতি ছোৱালী এজনীৰ ভাল-বেয়া, সুখ-দুখ সকলোখিনি নিজে মূৰ পাতি ল’ব নোৱাৰেই তেন্তে বিয়া পতাৰ যুক্তি ক’ত আছে? এই বিষয়ে ফটহু কাইৰ মতামত জনাব নেকি?

উত্তৰ : এহ কি কয় হে? মহিলা সকলে কি বিয়া পতাৰ পাছত গিৰিয়েকৰ সকলো ভাল বেয়া, সুখ দুখ নিজে মূৰ পাতি লয় নেকি? মুঠেও নলয়, কোনেও নলয়। আচলতে বিয়া বস্তুটো তেনেকুৱাই, আশা বেছি কৰা যায়, কিন্তু কামত একোতো নাই।

☆★☆★☆

5 Comments

  • kamal Talukdar

    ১৪ নং আৰু ১৮ নং ৰ উত্তৰ কিন্তু তামাম !

    ফটহু কাই ইজ গ্ৰেট ।

    Reply
  • ইয়ে ফটহু কাই অলৱেজ ৰক্দ

    Reply
  • কাবেৰী মহন্ত

    মজা ৷ ফটহু কাইক বিগ বছৰ দৰেই লগা হৈছেগৈ

    Reply
  • উত্তৰ বোৰ মজ্জা হৈছে। মোৰটো আৰু মজ্জা।

    Reply
  • ডলী তালুকদাৰ

    উত্তৰ বোৰ বঢ়িয়া দিছে। মোৰতোৰ উত্তৰ তামাম।

    Reply

Leave a Reply to Tabibar Rahman Cancel reply

Your email address will not be published. Required fields are marked *