ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা

স্থানঃ শোৱাপাটি
সময়ঃ ১ এপ্রিল, পুৱা ৭ বাজি ৪৫ মিনিট

চকু মেলিয়েই মোবাইলৰ ‘দাতা’ অন কৰাটো এটা অলিখিত অভ্যাস মোৰ। স্বভাৱগতভাৱে সেইদিনাও পুৱাই ‘দাতা অন’ কৰিছোঁ, দেখিছোঁ কাকতি দাই মেচেঞ্জাৰত বার্তা এটা দি থৈছে, “খনিন, তোমাৰ ফোন নংটো দিবাচোন”। মই বোলো হঠাৎ আজি দাদাই ফোন নং খুজিলে যে, তাকো ইমান পুৱাই পুৱাই। মুখ-হাতখন ধুই আহি দেখিছোঁ এইবাৰ ৰিণ্টুদাৰ মেচেজ, “তোমাৰ লগত কথা এটা আছে।” মই মনতেহে, বোলো দুইজনৰে আজি কি হ’ল! ফোন নং আদান-প্রদান হোৱাৰ পাছত কাকতি দাই ক’লে যে মই ফটাঢোল ই-আলোচনীখনৰ মে’ মাহৰ সংখ্যাৰ সম্পাদনাৰ দায়িত্ব ল’ব লাগে। সমানে-সমানে ৰিণ্টুদায়ো একেটা কথাই ক’লে। কিন্তু কি কৰিব, পাপী মন যে, ‘এপ্রিল ফুল’ বনোৱা বুলিও ভাব এটা মনে মনে আহি থাকিল। শেষত যেনিবা আশ্বস্ত হ’লোঁ। দুদিন যোৱাৰ পাছত সম্পাদনা সমিতিত মোক যোগ কৰি দিয়া হ’ল। কোনোবা এজনে সকলোৰে লগত চিনাকি হ’বলৈ কৈছিল। মই বোলো, “সকলো দেখোন চিনাকিয়েই! নতুনকৈ কি চিনাকি হ’ম!” কাকতি দাই ফোনত আৰু ৰিণ্টুদাই মেচেজতে আটাইখিনি কাম বৰ সহজকৈ বুজাই দিলে। এইচেগতে দুইজন প্রশাসকলৈ মোৰ আন্তৰিক ধন্যবাদ জনালোঁ।

কামবোৰ আৰম্ভ হ’ল। লেখা বিচৰাৰ প্রক্রিয়াটো কিমান জটিল কাম সেয়া ভালকৈয়ে বুজিলোঁ। অৱশ্যে আনকনো কি ক’ম, নিজেও সেই একে পানীৰে মাছহে! এই ক্ষেত্রত মোক আটাইতকৈ বেছি সহায় কৰিলে আমাৰ কুৱেইটি ককাইদেউ ৰিণ্টুমণি দত্তই। সেই প্ৰথম দিনটোৰ পৰা শেষ সময়লৈকে তেওঁ মোৰ দিক্-দৰ্শক হৈ থাকিল৷ আলোচনী এখনৰ মান নির্ণয়ত লেখাবোৰৰ বিষয়বস্তুৰ উপৰিও ভাষাৰ শুদ্ধতাও এক লেখত ল’ব লগা কাৰক। আলোচনীলৈ অহা লেখাবোৰৰ বর্ণাশুদ্ধিৰ কামত নিজে-নিজে হাত উজান দিলে ছবিনা ইয়াচমিন বা, প্রণীতা গোস্বামী বাইদেউ, পৰীস্মিতা গগৈ বা, ৰিতুপৰ্ণা গোস্বামী বা আৰু প্রীতমে। তেওঁলোকৰ ওচৰত মই চিৰ কৃতজ্ঞ হৈ ৰ’ম। কিয়নো তেওঁলোকে এইখিনি সহায় নকৰাহেঁতেন, আজি আপোনালোকে আলোচনীখন এইটো ৰূপত পঢ়িবলৈ নাপালেহেঁতেন! তাৰোপৰি আলোচনীখনৰ অলংকৰণৰ সম্পূর্ণ দায়িত্ব লৈ মোক বাধিত কৰিলে হেমন্ত কাকতি দাদা আৰু ৰিতুপৰ্ণ বৰা দাদাই।

আমাৰ আলোচনীখনৰ আন এক গুৰূত্বপূৰ্ণ অংশ হৈছে সাক্ষাৎকাৰ৷ ইমান কম সময়ত, খুউব সুন্দৰ সাক্ষাৎকাৰ এটা লৈ দিয়াৰ বাবে মই মাধৱ দাস দাদা আৰু গৌৰীশংকৰ শৰ্মা দাদাক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

ইয়াৰ পাছতে শলাগ ল’ব লাগিব গোটৰ সমূহ প্রশাসকসকলৰ। তেওঁলোকে মোৰ ওপৰত দেখুওৱা বিশ্বাস আৰু আস্থাই অনাগত সময়ত মোৰ বুকু পোহৰাই থাকিব। সম্পাদনা সমিতিৰ পৰিৱেশটো সাধাৰণতে গহীন হয় যদিও বিজয় মহন্ত দাদা আৰু দেৱজিত শইকীয়া দাদাৰ ৰসিক বাৰ্তাবোৰ মোৰ দৰে চিৰিয়াচনেচৰ পৰা পলাই ফুৰা এটাৰ বাবে ‘বনাচ’ৰ দৰে আছিল৷

সম্পাদকৰ ভাৰ পোৱাৰ পাছৰ পৰাই গোটত শেন চকু ৰাখিছিলোঁ যদিও, কেইবাটাও ভাল লেখা মোৰ অলক্ষিতে ৰৈ গৈছিল। এই ক্ষেত্রত মোক বিশেষভাবে সহায় কৰা তাবিবৰ ৰহমান দাদা, মিতালী চহৰীয়া, পৰীস্মিতা দাস, প্রণীতা গোস্বামী বাইদেউ, দিম্পল কলিতাৰ নাম নল’লে মোক পাপে চুব। তাৰোপৰি মোৰ বন্ধুৰ তালিকাত নথকা অথচ সুন্দৰ লিখা-মেলা কৰা কেইবাজনৰ বিষয়ে সম্ভেদ দিয়াৰ বাবে পৰীস্মিতা বৰদলৈ বালৈ বহুত মৰম থাকিল।

সম্পাদকীয়টো লিখাৰ ক্ষেত্রত মোক বিশেষভাবে সহায় কৰা জ্যোতিৰূপম দত্ত দা আৰু হেমন্ত কাকতি দাদাক মোৰ শ্ৰদ্ধা আৰু ধন্যবাদ জনালোঁ৷ হেমন্ত কাকতি দাদা ফটাঢোলৰ কৰ্ণধাৰ৷ মোক প্ৰায় সকলো ক্ষেত্ৰতে দিহা-পৰামৰ্শ দি মোক কৃতাৰ্থ কৰা দাদালৈ মোৰ আন্তৰিক ধন্যবাদ জনালোঁ৷

এক এৰিব নোৱাৰা লেঠাৰ বাবে আপ্ল’ডিঙৰ কামখিনিৰ পৰা আঁতৰি থাকিব লগীয়া হ’ল৷ সেইখিনি কাম সুচাৰুৰূপে চলাই নিয়াত সহায় কৰা হেমন্ত কাকতি দাদা, ৰিণ্টুমণি দত্ত দাদা, ৰিমঝিম বৰঠাকুৰ বা আৰু ভাতৃ প্ৰীতমলৈ অশেষ ধন্যবাদ জনালোঁ।

তাৰোপৰি, আলোচনীৰ লগত কোনো সম্বন্ধ নথকা স্বত্বেও সময়ে-সময়ে কামবোৰ ভালকৈ হৈছে নে নাই আদি সুধি থকাৰ লগতে মোক মানসিক সহায় আগবঢ়োৱাৰ বাবে মোৰ জেঠাই সৱিতা গোহাঁই গগৈ আৰু মাহী মধুমিতা বৰুৱা শইকীয়ালৈ মোৰ চেনেহ থাকিল৷ আলোচনীখনত ৰৈ যোৱা অনাকাংক্ষিত ভুলবোৰৰ বাবে মই আগতীয়াকৈ ক্ষমা মাগিছোঁ৷

উপসংহাৰ : ফটাঢোল ই-আলোচনীৰ জন্মলগ্নৰ পৰাই আছোঁ৷ প্ৰত্যেক বাৰেই সংখ্যাটোৰ আঁৰৰ কথাখিনি পঢ়ি ভাবোঁ, “এদিন ময়ো লিখিবলৈ পোৱাহেঁতেন!” সঁচাকৈ সেই হেঁপাহটো পূৰণ হোৱাত নিশ্চয় সুখী হৈছোঁ৷ স্বভাৱত অলপ এলেহুৱা। ন্যস্ত দায়িত্ববোৰ সুকলমে পালন কৰাত কিমান দূৰ সফল হ’লোঁ সেয়া সময়ে বিচাৰ কৰিব৷ নিজৰ হাজাৰ ব্যস্ততাক আওকাণ কৰি এনেদৰে সময় উলিয়াই কামটো সমাধা কৰাৰ বাবে সম্পাদনা সমিতিৰ প্ৰতিজন সদস্যলৈ মোৰ শ্ৰদ্ধা জনালোঁ৷ আপোনালোকে কৰা কষ্টৰ বিপৰীতে ধন্যবাদ তেনেই সৰু শব্দ। অনাকাংক্ষিতভাবে কাৰোবাৰ নাম ল’বলৈ ৰৈ যাব পাৰে, তাৰ বাবে কোনেও যেন ভুল ভাবি নাথাকে৷ ভাল হওক সকলোৰে, ভালে থাকক সকলো৷

জয়তু ফটাঢোল৷

খনিন্দ্ৰ ভূষণ মহন্ত

সম্পাদক
দ্বিতীয় বছৰ, একাদশ সংখ্যা
ফটাঢোল ই-আলোচনী

☆★☆★☆

One comment

  • HEMANTA KAKATI

    বৰ সুন্দৰভাবে কামখিনি কৰিলা খনিন৷ অশেষ ধন্যবাদ তোমালৈ৷ আৰু টীমটোলৈয়ো বহুত ধন্যবাদ জনালোঁ৷

    Reply

Leave a Reply to HEMANTA KAKATI Cancel reply

Your email address will not be published. Required fields are marked *