ফটাঢোল

ফটা প্ৰশ্নোত্তৰ – ফটহু কাই

১) অঞ্জন সাধনিদাৰ :- চিনেমা হলত চকীবোৰৰ মাজত থকা armrest ডাল আচলতে বাওঁফালৰজনৰ বাবে নে সোঁফালে বহাজনৰ বাবে?

উত্তৰঃ- যি প্ৰথমতে আহি তাত হাতখন ৰাখিব পাৰে তেওঁৰ বাবেই।

২) জিতা ফুকন :-
ক) ডাঙৰ ধুমুহাবোৰৰ নামবোৰ কিয় স্ত্ৰীলিংগত দিয়ে?

উত্তৰ : নাম আচলতে পুংলিংগ আৰু স্ত্ৰীলিংগ দুইবিধেই দিয়ে, সলাই সলায়। পিছে স্ত্ৰীলিংগ নামধাৰী ধুমুহাবোৰ কিয় বেছি ভয়ংকৰ সেয়া সকলো বিবাহিত পুৰুষেই জানে, যিকোনো এজনক সুধি ল’লেই হ’ল।

খ) ডাঙৰ ভূমিকম্পবোৰ মাজনিশা কিয় আহে?

উত্তৰ : কিয় আহে নেজানো, কিন্তু ৰাতি আহিলে অমুকাৰ দৰে মানুহৰ কষ্ট নহয়। দিনত আহিলে ভূমিকম্প বুলি গম পাই যাওঁ, গতিকে ৰাইজক দেখুৱাই দৌৰা দৌৰি কৰিব লাগে, কষ্ট হয়। ৰাতি আহিলে নাক বজাই শুই থাকোতে গমেই নেপাওঁ কেতিয়া আহিল, কেতিয়া গ’ল।

৩) ববিতা শৰ্মা :-
ক) ফটাঢোলৰ ঢোলটো আগতেই ফটা নে ৰাইজে বজাই বজাই ফালিলে?

উত্তৰ :- এইটো ঢোল ওপজিয়েই ফুটা।

খ) ফটহুকাইক লেপটপ ব্যৱহাৰ কৰিবলৈ বাৰু কোনে শিকালে?

উত্তৰ :- অমুকাই গভীৰ অৰণ্যত বিল গেটচ আৰু ষ্টীভচ জবচ্ ৰ মূৰ্তি দুটা সাজি, তাৰ সমুখত প্ৰাণপণ অভ্যাস আৰু অনুশীলন কৰি নিজেই শিকিছোঁ। তেওঁলোকেই মোৰ গুৰু।

৪) নিলাক্ষী কাকতি :- ফটহুকাই আপুনি জীৱনত কৰা আটাইতকৈ জমনি কামটো কি?

উত্তৰ :- ফুটুকীক পলুৱাই অনাটো।

৫) সোনটো ৰঞ্জন বৰুৱা :- ২+২=৫, ২-২= ২ কেতিয়া কোন পৰিবেশত শুদ্ধ হয়?

উত্তৰ :- শনিবাৰে সন্ধিয়া কম পোহৰত গজল শুনি শুনি হাতত প্ৰাণ পিয়লা লৈ পুৰণা স্মৃতি কিছুমান ৰোমন্থন কৰি থকা পৰিবেশত।

৬) পৰীস্মিতা দাস :- কথাতে আছে, সাপে নাপাহৰে কঁকালৰ কোব৷ এতিয়া প্ৰশ্নটো হ’ল – সাপৰ কঁকাল কোনখন? উত্তৰটো পোৱা হ’লে বৰ উপকাৰ হ’লহেঁতেন৷

উত্তৰঃ- সাপৰ পেটৰ তলৰ (পিছৰ) আৰু নেজৰ ওপৰৰ (আগৰ) অংশটোৱেই কঁকাল হ’ব যেন পাওঁ।

৭) পূৰ্ণময়ী মেধী :- ফটা প্ৰশ্ন বুলি যে কৈ থাকে, ইয়াৰ প্ৰশ্নটো ফটানে? উত্তৰটোও ফটা হ’ব লাগে?

উত্তৰ :- সকলো ফটা। আমি সকলোৱে জনাই নজনাই নিজৰ ফটাঢোল কোবায়ে চলি আছোঁ।

৮) তবিবৰ ৰহমান :- ফটহু কাই, মিছা মাছটো সঁচা হোৱা স্বত্বেও কিহৰ কাৰণে মিছা মাছ বুলি কয়?

উত্তৰ :– সি পানীত থাকে আৰু আমি ভাজি খাওঁ বাবে তাক মাছ বুলিব পাৰি, কিন্তু গন্দগোল লগালে তাৰ ঠেংকেইটাই। মাছৰ আকৌ কেনেকে ঠেং হ’ব? গতিকে সি সঁচা মাছ নহয়, মিছা মাছহে।

৯) চিদানন্দ বৰা :- উচলা পিচলা নাম তাৰ নিচলা
পিয়াজী পতীয়া ৰং
যেই একেলাফে উত্তৰটো দিব
তাকেই এশ টকা দেং

উত্তৰঃ- ফৰিং

১০) দিম্পল কলিতা :- সচেতন মহল বুলি শুনি থাকোঁ প্ৰায় টিভিয়ে বাতৰিয়ে। এই সচেতন মহল কোনখিনি ঠাইত আছে?

উত্তৰ :- তাজমহল ওচৰত নাই। থকা হ’লে মই দেখিলোহেঁতেন। মই তিনিবাৰ গৈছোঁ তাজমহললৈ।

১১) জিতা ফুকন :- সৃষ্টিকৰ্তাই মানুহক সৃষ্টি কৰোঁতে লগতে প্ৰেমত পৰা মেচিনটোও লগাই দিলে। কিন্তু প্ৰেমত ৰামঠগন খোৱাৰ পিছত সেই কথাবোৰ ডিলিট কৰিব পৰা চিষ্টেমটো কিয় মেচিনত সংলগ্ন নকৰিলে?

উত্তৰ :- আছে আছে, ডিলিট কৰাৰ ব্যৱস্থাও আছে। পিছে ব্যৱহাৰ কৰিলে ৰাইজে ভাল নেপাই, মানুহজনীয়েও টেলেকাকে চাই, খোজবোৰো কিবা পাক খাই যায়।

১২) নিৰ্মালী বৰমুদৈ :- বিউটি পাৰ্লাৰটো অসমীয়াত কিয় নিলিখে? লিখিলেও কি বুলি লিখিব? ষ্টেডিয়ামক অসমীয়াত কি বুলি ক’ম?

উত্তৰ :- অসমীয়াত “SWAG”টো কমি যায় বোলে, “এঞ্জেলিনা সৌন্দৰ্যবৰ্ধন চ’ৰাঘৰ” বুলি চাইনবৰ্ড থাকিলে কোন যাব তালৈ কওকচোন? তেনেকৈ “চকীযুক্ত খেলপথাৰ”ত বিৰাট কোহলীয়ে চেন্সুৰী মাৰিব পাৰিব জানো?

১৩) অনিমা দাস :- ফটহুকাই কিছুমান মানুহক হাত দীঘল মানুহ বুলি কয়। মই হ’লে হাত দীঘল মানুহ দেখা নাই। আপুনি বাৰু দেখিছে নেকি?

উত্তৰ :- ময়ো নাই দেখা।

১৪) পৰিস্মিতা বৰদলৈ :- ফটহু কাই, নিজৰ বুদ্ধিবোৰ বেচি জীয়াই থকা জীৱবোৰকে বুদ্ধিজীৱি বুলি কয় নেকি? যদি হয়, তেন্তে তেওঁলোকে ইমানবোৰ বুদ্ধি ক’ৰপৰা কেনেকৈ সংগ্ৰহ কৰি ক’ত বিক্ৰী কৰে বাৰু!

উত্তৰ :- ক’ৰপৰা সংগ্ৰহ কৰে গম পালে ময়ো বুদ্ধিজীৱি হ’লোহেঁতেনচোন। কিন্তু বুদ্ধিবোৰ ক’ত বিক্ৰী কৰে সেইটো হ’লে দেখিছোঁ, নিউজ চেনেল, বাতৰি কাকত, আলোচনী, সভা সমিতি সকলোতে বুদ্ধি ভাল বিক্ৰী হয়।

১৫) কমলা দাস :- ফটহু কাই, টেঙা আম বজাৰত এবাৰ হে বেচিব পাৰি বুলি কিয় কয়? বেলেগ বজাৰলৈওচোন নিব পাৰে।

উত্তৰ :- হেঃহেঃ! পাৰি, কিয় নোৱাৰি? অমুকাচোন সেইটো ব্যৱসায় কৰিয়েই চলি আছোঁ।

১৬) হিতেশ বি বৰুৱা :- অসমীয়াত এটা ফকৰা যোজনা আছে, “ভাতৰ লগত পানী খোৱা”। আচলতে এনেয়ে পানী নাখাই নেকি মানুহে? ভাতৰ কথা কিয় উল্লেখ কৰা হ’ল?

উত্তৰ :- আমি আচলতে গম নোপোৱাকৈয়ে আলাসতে ভাতৰ লগত পানী খাই দিওঁ, একেবাৰে সহজ কাম এটা। তেনেধৰণৰ সহজ কাম বুজাবলৈকে ভাত আৰু পানীৰ ৰিজনি অনা হ’ল।

১৭) দীপজ্যোতি সন্দিকৈ :- খাই পাত ফলা। সকামে বিয়াই হ’লে আজিও মাজে মধ্যে পাতত চলে। তথাপি কাগজৰ কাঁহীও হ’ল বেছি প্ৰচলন। ওৱা! পাতত খালে ফালিবই। পিছে এই যোজনাফেৰা ৰাজনীতিৰপৰা ঘৰুৱা ৰণলৈ সকলোৱে কৈ যায়। অসমীয়া মানুহে বেছি ভাগে কাঁহৰ কাঁহীত ভাত খায়। সেইখন ফুটচায়ে মাজি কুজি জিলিকাই ৰাখে। এই খাই পাত ফলা কথাটো ফকৰা যোজনাত কেনেকৈ লিপিট খাই পৰিল?

উত্তৰ :- এৰা একেবাৰে সঁচা কথা কৈছে। এয়া আচলতে পাত আৰু খাওঁতা দুইজনৰে অপমান! ষ্টীলৰ, চীনামাটিৰ, আইনাৰ, কাগজৰ, থাৰ্মোকলৰ ইমানবোৰ ধৰণৰ কাঁহী থাকোতে তুমিনো কলপাতত ভাত দিছিলা কেলেই আৰু কলপাত ফটাটো কলপাতৰে ধৰ্ম, খাওঁতাৰ নহয় নহয়। প্ৰতিবাদ কৰিব লাগে, আন্দোলন কৰিব লাগে এনে অপমানজনক কথাৰ বিৰুদ্ধে।

১৮) সোমেশ্বৰ বৰা :- ফটহু কোৱাইটি, মোছ থকাটো মোছাল, দাড়ি মোছ নথকাটো গাইমুৱা, আৰু থুতৰিত দাড়ি ৰাখি মোছন দিয়াটো ছাগলীমুৱা নেকি বাৰু?

উত্তৰ :- হয়, আপুনি দেখোন নিজেই উত্তৰ দি দিলে, মোৰ চাকৰিটো কিয় খাব খুজিছে হয়নে?

১৯) জ্ঞান বৰদলৈ :- ফটহু ককাই, আজিৰ বিশ্বত চাৰিওফালে ইমান ধৰ্মীয় সন্ত্ৰাস, বিভেদ, ব্যভিচাৰ, উন্মাদনা আদিৰে ঘেৰি ধৰাৰ সময়তে যদি হজৰত মহম্মদ, বুদ্ধদেৱ, যীশুখৃষ্ট, শংকৰদেৱ আদিৰ দৰে ধৰ্মগুৰু সকল একগোট হৈ যদি এটা নতুন ধৰ্ম প্ৰতিস্থা কৰে সেই ধৰ্মটো বাৰু কেনে ধৰণৰ হ’ব পাৰে? যদি আপোনাক দিকদৰ্শন হিচাপে তেওঁলোকে লগত লয় তেতিয়া ধৰ্মতো কেনেকুৱা হ’ব পাৰে?

উত্তৰ :- তেওঁলোকে হয়তো আকৌ নতুনকৈ ধৰ্ম-প্ৰচাৰ কৰিব নুখুজিব, কাৰণ তেওঁলোকে কৈ যোৱা সকলো ভাল কথাকে মানুহে নিজৰ স্বাৰ্থৰ বাবে বিকৃত কৰি ধৰ্মক এক অধৰ্মলৈ পৰিৱৰ্তন কৰি পেলাইছে। কি উৎসাহত তেওঁলোকে আকৌ নতুনকৈ ধৰ্মৰ কথা ক’ব!

২০) কমল নেওগ :- ফটহু ককাইদেউ, আজিৰ তাৰিখত যদি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক অসমৰ প্ৰধান সমস্যা এটাৰ বিষয়ে আলোচনা কৰিবলৈ দিয়া হয়, তেতিয়া তেওঁলোকে কোনটো সমস্যা সমাধানত অগ্ৰাধিকাৰ দিব বুলি আপুনি ভাবে?

উত্তৰ :- মোৰ বোধেৰে দুয়োজন প্ৰাতঃস্মৰণীয় ব্যক্তিয়ে এটা কথাই ক’ব – আজি অসমীয়াৰ নিজৰ কলা- সংস্কৃতি, ভাষা ঐতিহ্যৰ প্ৰতি গৌৰৱবোধ নোহোৱা হ’ল, এক সৰ্বাত্মক হীণমান্যতাই আমাক কোঙা কৰি পেলালে, সেয়াই অসমৰ বৰ্তমান সকলোতকৈ ডাঙৰ সমস্যা।

২১) পৰাগ জ্যোতি শইকীয়া :- কেঁচা টেঙা আম বেচিছিলো বজাৰত। এতিয়া গ্ৰাহকে ফোন কৰি খবৰ লৈ আছে, আচাৰ ভাল হয় বোলে; আৰু লাগে! এতিয়া মই টেঙা আম দুবাৰ বেচিলে “টেঙা আম এবাৰহে বেচিব পাৰি” বাক্যটোৰ কি হ’ব?

উত্তৰ :- এয়াই হয়তো পৰিৱৰ্তন! বাক্যটোৰ পাছত পাদটিকা এটা দিব লাগিব এনেকৈ – “টেঙা আম এবাৰহে বেচিব পাৰি” (যদিহে কিনোতাই আচাৰ কৰাৰ উদ্দেশ্যে ইচ্ছা কৰি কেঁচা আম বিচাৰি নাহে)

২২) নীতুমণি দাস শৰ্মা :- কথা এষাৰ আছে, বোলে ৰাইজে নখ জোকাৰিলে নৈ বয়। বাৰু, ভাল কথা। পিছে খৰাং বতৰত খেতিয়কসকলে মূৰে কপালে হাত দি বহি থকাতকৈ দেখোন একেলগ হৈ নখ জোকাৰিব পাৰে! নে কি কয়?

উত্তৰ :- হয়! পিছে ৰাইজখন একেলগ কৰে কোনে? আমাৰ আকৌ ধানটোৱে প্ৰতি কণটোৰ দৰে মানুহটোৱে প্ৰতি মনটো নহয়। এজনে ক’ব ডাঙৰ বৰষুণ লাগে, ভুঁই ৰুব পৰা নাই; আনজনে ক’ব, নাই একদম পাতলীয়া বৰষুণহে লাগে, নহ’লে মোৰ খেতিৰ বিলাহীসোপা তেনেই গেলিব। কোনে কাৰ কথা শুনিব?

☆★☆★☆

7 Comments

  • ভাল পালোঁ উত্তৰবোৰ

    Reply
  • জ্ঞানদীপ খনিকৰ

    প্ৰশ্নবোৰৰ পাকবোৰ ফটহুকাইয়ে বৰ সুন্দৰকৈ খুলিলে দেই…ফটহু কোৱাইদেউ জিন্দাবাদ

    Reply
  • Gyan Bordoloi

    মোৰ প্ৰশ্নৰ উত্তৰ সুন্দৰকৈ পালো। ধন্যবাদ ফটহু ককাই

    Reply
  • জিতা ফুকন

    মোৰ উত্তৰৰ বাবেও ধন্যবাদ দেই

    Reply
  • উত্তৰবোৰ মজ্জা।

    Reply
  • Anonymous

    সুন্দৰ নিদৰ্শন ।

    Reply
  • মিন্টু কলিতা

    ভাল লাগিল যুক্তি সমূহ ।

    Reply

Leave a Reply to জিতা ফুকন Cancel reply

Your email address will not be published. Required fields are marked *