ফটাঢোল

যাদু (মূল মুন্সী : প্ৰেমচন্দৰ) – অনুবাদ – মিতালী নাৰায়ণি

নীলা : তই তালৈ কিয় লিখিলি? মীনা : কালৈ? তালৈ মই বুজা নাই! : ভালকৈ বুজি পাইছ৷ যিজন মানুহে মোৰ অপমান কৰিলে, অলিয়ে-গলিয়ে মোৰ ৰতনা ৰতি ফুৰিলে, তই তাৰ লগত ইমানকৈ লেনিয়াই থাক যে! এয়া উচিত হৈছেনে? : তোমাৰ ভুল হৈছে! : তই তালৈ চিঠি লিখা নাই? : কেতিয়াও লিখা নাই৷ : তেন্তে মোৰ ভুল হৈছে, মোক ক্ষমা কৰ৷ যদি তই মোৰ ভনী নহ’লিহেঁতেন, তেন্তে তোক এই প্ৰশ্ন কেতিয়াও নকৰিলোঁহেঁতেন! : মই কালৈকো চিঠি লিখা নাই৷ : শুনি ভাল পালোঁ৷

Read more

আমোৰেমিঅ (মোৰ প্ৰিয় – মূল : জ্যোতির্ময় সেনগুপ্ত ) – অনুবাদ – চবিনা ইয়াচমিন

সাগৰৰ ঢৌবোৰ যদিও পৰিচিত, যদিও বালিৰ ওপৰত প্ৰতিটো ঢৌৱে বহুৱাই যায় সিহঁতৰ কোমল সাঁচ, কিন্তু প্ৰতিটো ঢৌৱে আঁকি যায় বালি-শিলত একোখনকৈ মানচিত্ৰ, প্ৰতিদিনাই এইবোৰ নতুন যেন লাগে মেৰী ডি-কোষ্টাৰ চকুত৷ ঢৌবোৰক ভাল পায় তেওঁ গান গায়……কিন্তু সেই গান কোনো চাৰ্চ বা অভ্যৰ্থনা সভাত নাগায়৷ আগতে গাইছিল তেওঁৰ মাতৃৰ স’তে, মাতৃবিয়োগৰ পিছত মজিয়াৰ পিয়ানোৰ সমুখত বহি তেওঁ অকলশৰে গায়৷ দক্ষিণৰ দেৱালৰ খিৰিকীৰে সাগৰখন দেখা গৈছিল, ….এতিয়াও দেখা যায়৷ তাত বহি কত দিন অমিতাভৰ হাতত হাত থৈ তেওঁ জিনাত আমানৰ দৰে গান

Read more

হিচাপ নিকাছ (মূল : তছলিমা নাচৰিন) – অনুবাদ : মনালিছা

কিমান মৰম দিলোঁ, কিমান গোলাপৰ থোপা দিলোঁ, কিমান সময় দিলোঁ, কিমান সাগৰ দিলোঁ, কিমান নিদ্রাহীন ৰাতি দিলোঁ চকুক কিমান টোপাল যে চকুলো দিলোঁ। যিদিনা বৰ ভাবুক হৈ এইবোৰ তুমি মোক শুনাই আছিলা, এইটো বুজাবলৈ চেষ্টা কৰিছিলা তুমি মোক বহুত ভাল পোৱা। মই বুজি উঠিলোঁ, এতিয়া তুমি মোক অলপো ভাল নোপোৱা! যেতিয়া প্ৰেম শেষ হৈ যায়, তেতিয়াহে মানুহে হিচাপ কৰিবলৈ ধৰে। এতিয়া তুমিও কৰিবলৈ ধৰিলা হিচাপ নিকাছ! প্ৰেম তেতিয়ালৈকে প্ৰেম হৈ থাকে, যেতিয়ালৈকে অন্ধ আৰু বোবা হৈ থাকে। যেতিয়ালৈকে বেহিচাপী হৈ

Read more

মহীনৰ খুৰা (মহীনের কাকা) – মূল : বলাইচাঁদ মুখোপাধ্যায় (ছদ্মনাম : বনফুল)অনুবাদ – মুনমুন সৰকাৰ শইকীয়া

অভাৰব্ৰীজৰ ঠিক মাজডোখৰ পাওঁতেই ট্ৰেইনখন ভৰিৰ তলেৰে পাৰ হৈ গ’ল৷ আৰু অলপ বেগাই অহাহেঁতেন শেষৰ দবাটোত উঠি ল’ব পৰা হলহেঁতেন। কিন্তু এমাহৰ আগতে নৈহাটিত হোৱা ভয়ানক ৰেল দুৰ্ঘটনাটোলৈ মনত পৰি গ’ল। তেতিয়াৰে পৰা মই চলন্ত ট্রেইনত নুঠোঁ। পছিশ মিনিটৰ পিছতহে দ্বিতীয়খন ট্ৰেইন আছে, অগত্যা কিনো কৰিম বুলি ভাবিয়েই প্লেটফর্মৰ বেঞ্চ এখনতে বহোঁ বুলি ভাবিলোঁ। এই সময়খিনিত দুটামান চিগাৰেট হুপিব পৰা হ’ব। কাপোৰৰ মিলৰ ৰঙীন পোষ্টাৰবোৰ ভালদৰে নিৰীক্ষণ কৰিব পৰা হ’ব। মূৰৰ ওপৰত থকা ষ্টেচনৰ লোৰ ৰেলিংবোৰত বাহ লোৱা শালিকা আৰু

Read more

স্বৰ্গাদপি গৰীয়সী (মূল : বিনায়ক বন্দ্যোপাধ্যায়) অনুবাদ – বৰ্ণালী ফুকন

প্ৰবাদপ্ৰতিম লেখক হোৰ্খ লুইচ বোৰ্খেচে কেতিয়াবাই কৈ গৈছিল, “স্বৰ্গ হৈছে এক ধৰণৰ লাইব্ৰেৰী৷” শুনিও কথাটোত জীয়াই থাকোঁতে সিমান গুৰুত্ব দিয়া নহ’ল৷ কিন্তু মৰাৰ পিছত দেখিলোঁ ঠিকেইতো কথাটো মিছা নাছিল৷ যেতিয়া দেৱদূতৰ কান্ধত উঠি পদাৰ্পণ কৰিছিলোঁ, বিশ্বাসেই হোৱা নাছিল যে মই স্বৰ্গত আছোঁহি৷ মনৰ ভিতৰত এটা ডাঙৰ প্ৰশ্ন আছিল যে মোৰ দৰে পাপী মানুহ কেনেকৈ স্বৰ্গ পাবহি পাৰোঁ৷ দেৱদূতসকলৰ এজনে মোৰ মনৰ খুদুৱণি মাৰি জনালে, এই ব্যৱস্থাই চলি আহিছে৷ যুধিষ্ঠিৰৰ দৰে পুণ্য আত্মাই মৃত্যুৰ পিছত অলপ সময়ৰ বাবে নৰক ফুৰি পিছলৈ

Read more

পছেইদন (মূল: ফ্ৰাঞ্জ কাফকা – ইংৰাজী অনুবাদ: তানিয়া আৰু জেমচ্‌ষ্টাৰ্ণ) অসমীয়া ভাবানুবাদ – ৰাজশ্ৰী শৰ্মা

এদিনাখন পছেইদন দেৱতাই নিজৰ বিভাগীয় অফিচৰ টেবুলত বহি কিবা এখন একাউণ্টছৰ ফাইল চাই আছিল। এই যে জল ব্যৱস্থাপনা বিভাগৰ সভাপতি গৰাকী, তেওঁ পছেইদনক বহুত ডাঙৰ কামৰ ভাৰ দি থৈছিল। এনেই ইচ্ছা কৰিলে তেওঁ নিজৰ তলত যিমান ইচ্ছা সিমান কৰ্মচাৰী ৰাখিব পাৰে। আচলতে তেওঁৰ তলতীয়া কৰ্মচাৰীও আছিল বহুত। পিচে তেওঁ নিজৰ কামটো বহুত গুৰুত্ব সহকাৰে লৈছিল আৰু তলতীয়া কৰ্মচাৰীসকলৰ ওপৰত ইমান বিশ্বাস নকৰিছিল। তেওঁ যে নিজৰ কাম কৰি খুব আনন্দ পাইছিল সেয়া নহয়। কিন্তু তেওঁ নিজৰ ওপৰত ন্যস্ত কৰা কামখিনি ভালদৰে

Read more

নিগনি আৰু মই (মূল : হৰিশংকৰ পৰছাই) অনুবাদ – পূৰৱী কটকী

ইচ্ছা কৰা হ’লে মই শীৰ্ষক নামটো “মই আৰু নিগনি” বুলিয়েই ৰাখিব পাৰিলোহেঁতেন, কিন্তু মোৰ এই অহঙ্কাৰ নিগনিটোৱে ভাঙি দিলে। যি মই কৰিব নোৱাৰোঁ সেই কাম মোৰ ঘৰৰ এটা সমান্য নিগনিয়ে কৰি পেলালে। যিটো এই দেশৰ সামান্য মানুহে কৰিব নোৱাৰে, সেই কামটো নিগনিটোৱে মোৰ ক্ষেত্ৰত কৰি দেখোৱাই দিলে। এই ঘৰটোত এটা শকত নিগনি আছে। যেতিয়া সৰু ভাইটোৰ পত্নী আছিল, তেতিয়া ঘৰত ৰন্ধা-বঢ়া হৈছিল। ইয়াৰ মাজতে পাৰিবাৰিক দুৰ্ঘটনা, ভনী-জোঁৱাইৰ মৃত্যু আদি কথাৰ বাবেই আমি বাহিৰত আছিলোঁ। সেই নিগনিটোৱে এইখনঘৰত খাবলৈ পোৱাটো তাৰ

Read more

চুৰিৰ পৰা ডকাইতি লৈকে (অণুগল্প –  মূল বাংলা – বৰুণ কুমাৰ সাহা) অনুবাদক – নীলাক্ষি নাথ

১ শ্যামসুন্দৰ ভাৱাল কুঁজা হৈ ভৰি টিপি টিপি আগবাঢ়িলে। তাৰ পিছত লাহেকৈ বাটাৰফ্লাই ফ্রিজটো খুলিলে— ‘আহ! ৰসগোল্লাৰ পাহাৰ!’ পর্দাৰ ফাকেৰে এবাৰ সাৱধানে ভুমুকিয়াই চালে— ‘নো পবলেম… শ্রীমতী বেলকনিত ফোনত মত্ত’। মুখখন তৎক্ষণাত বৃত্তাকাৰ কৰি তেওঁ গোগ্রাসে গিলিব আৰম্ভ কৰিলে… এক-দুই-তিনি-চাৰি-পাঁচ…। ইচ্ছা কৰিলেই শ্যামসুন্দৰে চাৰি মহলাৰ ছাদৰ ওপৰত ৰসগোল্লাৰ চুইমিংপুল বনাই তাত চব্বিশ ঘণ্টা সোমাই থাকিব পাৰে। কিন্তু নহয়, বিচক্ষণ, বুদ্ধিমতী, প্রিয়দর্শিনী, অর্ধাঙ্গিনীৰ চকুত ধুলি মাৰি ৰসগোল্লা চুৰ কৰি খোৱাৰ আনন্দই বেলেগ। হওক না ডায়েবেটিচ, তাতে কি হ’ল! হাতে-লোটে ধৰা পৰিলে

Read more

ধাঁধা (বাংলা মূল : মাধৱী ভট্টাচাৰ্য) ভাবানুবাদ – নীলাক্ষি দেৱী ডেকা

পাকঘৰত ভাত ৰান্ধি থাকোঁতে তৃষাৰ খিৰিকীৰ জালনাৰ ফাঁকেদি দেখা পোৱা আকাশখনলৈ চকু গ’ল। আকাশত এটুকুৰা কজলা আলসুৱা মেঘ। আবেলিলৈ হয়তো বৰষুণ এজাক আহিব পাৰে। কথাটো ভাবিয়েই তৃষাৰ মন আনন্দত নাচি উঠিল। অমল দুদিনৰ মূৰত ঘৰলৈ উভটিব। দুয়ো একেলগে খিৰিকীমুখত বহি ৰিমঝিম বৰষুণৰ আমেজ ল’ব। বৰষুণৰ এচাৰকণিয়ে হয়তো দুয়োৰে গাল মুখ তিয়াই পেলাব। সেই সময়তেই হয়তো তাই হৃদয়ৰ সমগ্ৰ আকুলতাৰে সাৱটি ধৰিব তাইৰ মৰমৰ মানুহজনক আৰু ওঁঠৰ উমাল স্পৰ্শৰে শুহি ল’ব তেওঁৰ দুয়োগালত লাগি ৰোৱা কণ কণ বৰষুণৰ টোপাল! ভাবটো মনলৈ

Read more

মামা-ভাগিন (যিছকে হম মামা থে – মূল : শাৰদ যোশী) অনুবাদ – আৰাধনা বৰুৱা

বাৰানসীৰ ব্যস্ত ৰেল ষ্টেচনত ট্ৰেইনখন ৰ’ল৷ ভদ্ৰলোকজন লাহেকৈ নামি ইফালে সিফালে চালে৷ নতুন ঠাই প্ৰথমবাৰৰ বাবে আহিছে৷ তেনেকুৱাতে এজন ল’ৰা তেওঁৰ পিনে দৌৰি আহি তেওঁৰ ভৰি চুই সেৱা কৰি মাত লগালে : আৰে মামা দেখোন? কি খবৰ? ক’ৰপৰা আহি ওলাল হঠাৎ? ভদ্ৰলোকজনে থতমত খাই ভাৱিলে এওঁ আকৌ কোন? চেহ মনতেই নাই পৰাচোন৷ : হৌৰা, কোনহে তুমি? : আৰে মামা মই মুন্না আকৌ৷ আপুনি মোক চিনি পোৱা নাই? : মুন্না? ভদ্ৰলোকে আকৌ মনত পেলাবলৈ চেষ্টা কৰিলে, : মামা মোকনো এনেকৈ বাৰু

Read more
1 2 3 10