ফটাঢোল

পছেইদন (মূল: ফ্ৰাঞ্জ কাফকা – ইংৰাজী অনুবাদ: তানিয়া আৰু জেমচ্‌ষ্টাৰ্ণ) অসমীয়া ভাবানুবাদ – ৰাজশ্ৰী শৰ্মা

এদিনাখন পছেইদন দেৱতাই নিজৰ বিভাগীয় অফিচৰ টেবুলত বহি কিবা এখন একাউণ্টছৰ ফাইল চাই আছিল। এই যে জল ব্যৱস্থাপনা বিভাগৰ সভাপতি গৰাকী, তেওঁ পছেইদনক বহুত ডাঙৰ কামৰ ভাৰ দি থৈছিল। এনেই ইচ্ছা কৰিলে তেওঁ নিজৰ তলত যিমান ইচ্ছা সিমান কৰ্মচাৰী ৰাখিব পাৰে। আচলতে তেওঁৰ তলতীয়া কৰ্মচাৰীও আছিল বহুত। পিচে তেওঁ নিজৰ কামটো বহুত গুৰুত্ব সহকাৰে লৈছিল আৰু তলতীয়া কৰ্মচাৰীসকলৰ ওপৰত ইমান বিশ্বাস নকৰিছিল। তেওঁ যে নিজৰ কাম কৰি খুব আনন্দ পাইছিল সেয়া নহয়। কিন্তু তেওঁ নিজৰ ওপৰত ন্যস্ত কৰা কামখিনি ভালদৰে

Read more

নিগনি আৰু মই (মূল : হৰিশংকৰ পৰছাই) অনুবাদ – পূৰৱী কটকী

ইচ্ছা কৰা হ’লে মই শীৰ্ষক নামটো “মই আৰু নিগনি” বুলিয়েই ৰাখিব পাৰিলোহেঁতেন, কিন্তু মোৰ এই অহঙ্কাৰ নিগনিটোৱে ভাঙি দিলে। যি মই কৰিব নোৱাৰোঁ সেই কাম মোৰ ঘৰৰ এটা সমান্য নিগনিয়ে কৰি পেলালে। যিটো এই দেশৰ সামান্য মানুহে কৰিব নোৱাৰে, সেই কামটো নিগনিটোৱে মোৰ ক্ষেত্ৰত কৰি দেখোৱাই দিলে। এই ঘৰটোত এটা শকত নিগনি আছে। যেতিয়া সৰু ভাইটোৰ পত্নী আছিল, তেতিয়া ঘৰত ৰন্ধা-বঢ়া হৈছিল। ইয়াৰ মাজতে পাৰিবাৰিক দুৰ্ঘটনা, ভনী-জোঁৱাইৰ মৃত্যু আদি কথাৰ বাবেই আমি বাহিৰত আছিলোঁ। সেই নিগনিটোৱে এইখনঘৰত খাবলৈ পোৱাটো তাৰ

Read more

চুৰিৰ পৰা ডকাইতি লৈকে (অণুগল্প –  মূল বাংলা – বৰুণ কুমাৰ সাহা) অনুবাদক – নীলাক্ষি নাথ

১ শ্যামসুন্দৰ ভাৱাল কুঁজা হৈ ভৰি টিপি টিপি আগবাঢ়িলে। তাৰ পিছত লাহেকৈ বাটাৰফ্লাই ফ্রিজটো খুলিলে— ‘আহ! ৰসগোল্লাৰ পাহাৰ!’ পর্দাৰ ফাকেৰে এবাৰ সাৱধানে ভুমুকিয়াই চালে— ‘নো পবলেম… শ্রীমতী বেলকনিত ফোনত মত্ত’। মুখখন তৎক্ষণাত বৃত্তাকাৰ কৰি তেওঁ গোগ্রাসে গিলিব আৰম্ভ কৰিলে… এক-দুই-তিনি-চাৰি-পাঁচ…। ইচ্ছা কৰিলেই শ্যামসুন্দৰে চাৰি মহলাৰ ছাদৰ ওপৰত ৰসগোল্লাৰ চুইমিংপুল বনাই তাত চব্বিশ ঘণ্টা সোমাই থাকিব পাৰে। কিন্তু নহয়, বিচক্ষণ, বুদ্ধিমতী, প্রিয়দর্শিনী, অর্ধাঙ্গিনীৰ চকুত ধুলি মাৰি ৰসগোল্লা চুৰ কৰি খোৱাৰ আনন্দই বেলেগ। হওক না ডায়েবেটিচ, তাতে কি হ’ল! হাতে-লোটে ধৰা পৰিলে

Read more

ধাঁধা (বাংলা মূল : মাধৱী ভট্টাচাৰ্য) ভাবানুবাদ – নীলাক্ষি দেৱী ডেকা

পাকঘৰত ভাত ৰান্ধি থাকোঁতে তৃষাৰ খিৰিকীৰ জালনাৰ ফাঁকেদি দেখা পোৱা আকাশখনলৈ চকু গ’ল। আকাশত এটুকুৰা কজলা আলসুৱা মেঘ। আবেলিলৈ হয়তো বৰষুণ এজাক আহিব পাৰে। কথাটো ভাবিয়েই তৃষাৰ মন আনন্দত নাচি উঠিল। অমল দুদিনৰ মূৰত ঘৰলৈ উভটিব। দুয়ো একেলগে খিৰিকীমুখত বহি ৰিমঝিম বৰষুণৰ আমেজ ল’ব। বৰষুণৰ এচাৰকণিয়ে হয়তো দুয়োৰে গাল মুখ তিয়াই পেলাব। সেই সময়তেই হয়তো তাই হৃদয়ৰ সমগ্ৰ আকুলতাৰে সাৱটি ধৰিব তাইৰ মৰমৰ মানুহজনক আৰু ওঁঠৰ উমাল স্পৰ্শৰে শুহি ল’ব তেওঁৰ দুয়োগালত লাগি ৰোৱা কণ কণ বৰষুণৰ টোপাল! ভাবটো মনলৈ

Read more

মামা-ভাগিন (যিছকে হম মামা থে – মূল : শাৰদ যোশী) অনুবাদ – আৰাধনা বৰুৱা

বাৰানসীৰ ব্যস্ত ৰেল ষ্টেচনত ট্ৰেইনখন ৰ’ল৷ ভদ্ৰলোকজন লাহেকৈ নামি ইফালে সিফালে চালে৷ নতুন ঠাই প্ৰথমবাৰৰ বাবে আহিছে৷ তেনেকুৱাতে এজন ল’ৰা তেওঁৰ পিনে দৌৰি আহি তেওঁৰ ভৰি চুই সেৱা কৰি মাত লগালে : আৰে মামা দেখোন? কি খবৰ? ক’ৰপৰা আহি ওলাল হঠাৎ? ভদ্ৰলোকজনে থতমত খাই ভাৱিলে এওঁ আকৌ কোন? চেহ মনতেই নাই পৰাচোন৷ : হৌৰা, কোনহে তুমি? : আৰে মামা মই মুন্না আকৌ৷ আপুনি মোক চিনি পোৱা নাই? : মুন্না? ভদ্ৰলোকে আকৌ মনত পেলাবলৈ চেষ্টা কৰিলে, : মামা মোকনো এনেকৈ বাৰু

Read more

ডাক্তৰৰ মুখৰ শব্দ (মূল : আৰ কে নাৰায়ণন) অনুবাদ – অনুৰূপ মহন্ত

ডাক্তৰ ৰমণৰ ওচৰলৈ বেমাৰীবিলাক একেবাৰে শেষৰ সময়তহে আহিছিল। তেওঁক প্ৰায়েই চিঞৰি ৰোগীক কোৱা শুনা গৈছিল: “তুমি অলপ দিন আগতে কিয় মোৰ ওচৰলৈ নাহিলা?” ইয়াৰো পিচে দুটা কাৰণ আছে, প্ৰথমতে ডাক্তৰৰ মোটা অংকৰ ফিজ আৰু দ্বিতীয়তে কোনেও মানিবলৈকে নিবিবিচাৰে যে তেওঁৰ অন্তিম সময় আহি পালে আৰু এতিয়া ডাক্তৰ ৰমণৰ ওচৰলৈ যাবই লাগিব। “অন্তিম সময় আৰু ডাক্তৰ ৰমণ” -এই দুইটা মানুহৰ মনত এনেকৈ সোমাই গৈছিল যে, তেওঁলোকে ড° ৰমণৰ নাম শুনিলেই ভয় কৰা হৈ গৈছিল। এইদৰে যেতিয়ালৈ ৰোগীজন মহাপুৰুষজনৰ ওচৰ পায়হি, তেওঁ

Read more

ডাৰ্টি ফ্লাওৱাৰ – (অভিজিৎ দত্ত)

মূল : বৰুণ কুমাৰ সাহা অনুবাদ : অভিজিৎ দত্ত ১) মন্দিৰৰ বাৰাণ্ডাত ঘণ্টা বাজিছে। হালিজালি থকা ঘন্টাৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে ফটফটীয়া মজিয়াত। দানপাত্ৰটিও শ্বেতপাথৰৰ। মন্দিৰৰ সন্মুখৰ বাগিচাখন টিপটপ, ফিটফাট। গছবোৰ সাজিকাচি বহি থাকে। ডাল পাতবোৰ অলপ ইফাল সিফাল হোৱাও এই বাগিচাত অসম্ভৱ। যমদূত মালী অস্ত্ৰ হাতত লৈ সদা প্ৰস্তুত। বাগিচাৰ এটা বগা গোলাপে তাৰ কাষৰ গোলাপটিক ক’লে, “চা ভাই, আমাৰ জীৱনটো কেনে একঘেয়ামী আৰু বিৰক্তিকৰ। সৌ মন্দিৰৰ বাৰাণ্ডালৈ চা। মহিলাৰ খোপাত গোলাপী গোলাপ।” “হয়, ঠিক, ঠিক। সেই গোলাপী ৰঙ ধাৰ

Read more

এজন ভূতপূৰ্ব মন্ত্ৰীৰে সাক্ষাৎকাৰ (আৰাধনা বৰুৱা)

মূললেখাঃ পদ্মশ্ৰী শাৰদ যোশী (‘এক ভুতপূৰ্ব মন্ত্ৰী চে মুলাকাত’) অনুবাদঃ আৰাধনা বৰুৱা “আজিকালিৰ ল’ৰাছোৱালীয়ে গাখীৰকণ খীৰাবও নাজানে অ’৷ কি যে হ’ব ইহঁতৰ।” মই যেতিয়া তেওঁৰ ঘৰগৈ পাইছিলোঁ তেওঁ তেতিয়া পুত্ৰধনক গাখীৰ খিৰাবলৈ শিকোৱাত লাগিছিল৷ মন্ত্ৰীত্ব থকাৰ সময়ত ঘৰৰ পদূলিমুখত গাড়ী ৰখাই থোৱা স্হানত আজিকালি ম’হ বন্ধা থাকে৷ মোক দেখি তেওঁ ক’লে- “গেলা ঘাঁত নিমখ ছটিয়াবলৈ আহিলা নেকিহে?” “নিমখ ইমানো সস্তা নহয় আৰু দিয়ক যে এনেকৈ নষ্ট কৰিম৷ আপোনালোকৰ দিনতে নিমখৰ দামো বাঢ়িল নহয়৷” “আৰে আমাৰ পাৰ্টিক কিয় দোষ দিছা হে?

Read more

মিথ্যে – নীলাক্ষি দেৱী ডেকা

মূল: মাধৱী ভট্টাচাৰ্য্য (বাংলা) অনুবাদ: নীলাক্ষি দেৱী ডেকা   ঘৰ আহি কিবাকৈ সোমাইছিলোঁহে মাত্ৰ, সাথীয়ে উধাতু খাই কাষলৈ আহিল। “হেৰা, তোমাৰ মায়েৰাই কিন্তু আকৌ লুকাই লুকাই মিঠাই খাইছে। ইয়াৰ পাছত স্বাস্থ্যৰ কিবা অঘটন ঘটিলে মোক দোষ দিবলৈ নাযাবা কিন্তু। এতিয়াই কৈ থলোঁ!” মোৰ মা অসুখীয়া অলপ। যোৱা কেইবছৰমানৰ পৰা তেজত চুগাৰ বাঢ়িছে। চুগাৰৰ পৰিমাণ ইমানেই বেছি যে বহু সময়ত ইনচুলিন দিয়ো নিয়ন্ত্ৰণত ৰখা কঠিন হৈ পৰেগৈ। শেষৰবাৰ পৰীক্ষা কৰাৰ সময়ত ডাক্তৰ সেনে মোক বাৰে বাৰে সাৱধানবাণী শুনাইছিল যে ইতিমধ্যে মাৰ

Read more

সাধুবাবাৰ ভোগ – মিতালী নাৰায়ণি

মূল প্ৰেমচন্দৰ “বাবাজী কা ভোগ” অনুবাদ: মিতালী নাৰায়ণি   ৰামধন গৰখীয়াৰ দুৱাৰমুখত এজন সাধুবাবা উপস্থিত হৈ ক’লে, “বাচা, তোৰ কল্যাণ হওক! সাধু-সন্যাসীক কিবা অলপ দক্ষিণা দে৷” ৰামধনে গৈ ঘৈণীয়েকক ক’লে, “দুৱাৰমুখত এজন সাধুবাবা ৰৈ আছে, তেওঁক কিবা অলপ দি দে গৈ৷” ৰামধনৰ ঘৈণীয়েকে বাচন মাজি মাজি “আজিৰ সাজত কি ৰান্ধিব, ঘৰত এটা খুদ-কণো নাই” – সেই চিন্তাতে বিভোৰ হৈ আছিল৷ চ’তৰ মাহ আছিল যদিও ইয়াত দিন-দুপৰতে চৌদিশ অন্ধকাৰময় হৈ গৈছিল৷ হিচাপৰ মূৰত আটাইখিনি উৎপাদন শেষ হৈ থাকিল৷ আধা মহাজনে নিলে

Read more
1 2 3 4 5 12