নীল হাতী (গল্পকাৰ : হুমায়ূন আহমেদ) ভাবানুবাদ- মুনমুন সৰকাৰ শইকীয়া
নীলুৰ যিজন মোমায়েক আমেৰিকাত থাকে সেইজনক তাই কেতিয়াও লগ পোৱা নাই। নীলুৰ জন্মৰ পূৰ্বেই তেওঁ গুচি গৈছিল। ঘূৰি নাহিল। নীলুৰ এইজন মোমায়েকৰ কথা ঘৰত সবেই পাতি থাকে। মাকে প্ৰায়েই কৈ থাকে, আসস্, সঞ্জু যদি এবাৰলৈ ঘূৰি আহিলহেঁতেন। কিন্তু নীলুৰ মোমায়েকজন হেনো আৰু দেশলৈ ঘূৰি নাহে। কেতিয়াও নাহে। এবাৰ নীলুৰ মামাআইতা খুব অসুখত পৰিল। সঞ্জু মামালৈ টেলিগ্ৰাম পঠিওৱা হ’ল। সবেই ভাবিলে এইবাৰ হয়তো আহিব, কিন্তু তথাপিও নাহিল। নীলুৰ দেউতাকে গুৰু গম্ভীৰ সুৰত ক’লে, : মেমচাহাব বিয়া পাতিলে এতিয়ানো আৰু কি ঘূৰি
Read more