ফটাঢোল

বদলৰামৰ দুটি ঘোঁৰা – ধনজিৎ বৰুৱা

বদলৰামৰ দুটি ঘোঁৰা এটি কণা এটি খোৰা বাগী চলাৰ আজব ধৰণ খোৰাৰ টিলিঙা শুনি কণাই আছে ভাবি গুনি তাল মানৰ কোনটো চৰণ বদলৰাম হোলোং গোজ কথা কাণ্ড আকোৰগোজ নসলায় এটিউ যে ঘোঁৰা চলি আছে চলি যাব যি হয় ভাল হ’ব ক’ত পাম এনেহেন যোৰা। ঘাঁহ বুট ঘোলনিত পাই খোৰাই বুট বাচি খায় কণায়ো খায় হাঁহি হাঁহি বেগী ঘোঁৰাৰ ৰচদত এসপ্তাহ আৰামত বদলৰামৰ ধন হয় ৰাহি। শেলুকীয়া মগজৰ শামুকীয়া চহৰত বদলৰাম ধনী হৈ পৰে কণা খোৰাৰ পোৱালী সিয়ো একে পালি বদলৰামৰ

Read more

পঞ্চপদী পদ্য – হেমেন ডেকা

(১) গিৰিয়েকৰ গালি খাই খাই দুচকু লাল কুম্ভকৰ্ণৰ দৰে তেওঁ শোৱাত বৰ ভাল কামত অথন্তৰে নুগুচে টোপনিয়ে খেদে পিছে পিছে গাঁও ফুৰিবলৈ যোৱাত অৱশ্যে মহাকাল৷ (২) কোনে বাৰু নাম থলে মিচ লচপচী বেয়া পালে মুখখন হয় এটি পাচি এনেই স্ফূৰ্তিবাজ খোৱাত বৰ লাজ মনেমনেহে খায় এক চৰীয়া লুচি৷ (৩) চুবুৰীয়াই মাতে তেওঁক চেকচেকী বাই খঙ উঠিলে চলিহঁতক তামাম কোবায় ঘৰ হেনো তেওঁৰ মতেই চলে চুপতিত কোনেও নোৱাৰে বলে শ্ৰীমানক গালি-শপনি পাৰি মন জুৰায়! (৪) নিমাখিত প্ৰাণী হাজৰিকা হবিবৰ কাম-কাজত তেওঁ

Read more

“প”ৰ পদ্য – পৰাগজ্যোতি শইকীয়া

পূণ্যৰ পতাকা পানীত পৰিল পদুম পুখুৰীৰ পৰা পাহাৰ পালেগৈ, পৰিদৃশ্যমান পৃথিৱীত পাপৰ পুনৰাবৃত্তি.. পূণ্যাত্মা পুৰোহিত পূজাত পাপীক পঢ়ুৱাই প্ৰায়াচিত্তৰ পাঠ.. পাপীৰ প্ৰাণ পুলকিত পূজাৰ পানীয়েই পখালে পাপ পূণ্য প্ৰয়োজনহীন… পৃথিৱীৰ পৰিস্থিতি পুতৌজনক পতিতাৰ পদূলিত পদূলিশুঙাৰ পয়োভৰ প্ৰিয়তমা পত্নীৰ পলায়নত পাগল পতি পৰলোক প্ৰস্থানৰ পথত… পদে পদে পোষ্টাৰ,প্ৰতিবাদী পদযাত্ৰা, পথবন্ধ… পথচাৰীৰ পয়মাল.. পেশাদাৰী প্ৰতিবাদকাৰীলৈকো পূঁজি প্ৰদানৰ প্ৰস্তাৱেৰে প্ৰতিবাদী পৰিষদৰ প্ৰতিষ্ঠাতাৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ প্ৰতিষ্ঠাতাই পাহৰিলে পূৱ-পশ্চিমৰ পাৰ্থক্য পকনীয়াৰ প্ৰমাণ পাই প্ৰায়বোৰ পদাধিকাৰীৰেই পদত্যাগ পৰিষদৰ পট পৰিল পদ্যৰো পৰিসমাপ্তি..। ☆★☆★☆

Read more

লিমাৰিক – চিদানন্দ বৰা

(১) নিশিকুটুম্ব লেখাৰুদেৱৰ, চৰণতে শিৰ থৈ মাহৰ শেষৰ দিনতে হ’লেও, দিলোঁহি সমাৰ মৈ দেখাক দেখি সিঁচিলো গুটি নাজানো কি-নো ওলাব ফুটি ধানৰ ঠাইত ওলালেহে পতান, গেলিব চম্পাৰ দৈ। [* চম্পা — সম্পাদক ( ফটাঢোল অভিধান)] (২) মুখপুথিৰ ৰাইজৰ কথা, কি-নো আৰু ক’ম চাব খোজা যদি ৰিজনতে, চাবাচোন জ্বলা মম এনেই থাকে ঠিকেই জ্বলি বা লাগিলেহে মৰে গলি অৰ্ণৱ-আস্থাক সুধিলেই, সকলো পাবা গম। (৩) ন-কৈ বলিছে পচোৱা এজাক, অসমীয়াগিৰি নাম, সোণবৰণীয়া যদিও দেখাত, ভিতৰি কিন্তু তাম কান্ধত চালানী গামোচা পিঠা বুলি

Read more

শাহু-বোৱাৰী – জোনমণি বৰুৱা ডেকা

(১) আধুনিকা বোৱাৰীজনীক শাহুয়ে নাপায় ভাল নিপিন্ধে তাই চাদৰ মেখেলা বৰ হেনো আহুকাল বন্ধনত লৈছে লোন হাতত ডাঙৰ ফোন চুৰিদাৰ পিন্ধি স্কুটি চলাই দিয়ে মাথো ‘চাল’। (২) আধুনিকা বোৱাৰীয়েকে নকৰে ঘৰৰ কাম শাহুয়েকে তাকে দেখি বোলে ৰাম ৰাম কি যে দিন কাল মনে মনে থকাই ভাল বোৱাৰীয়ে বোলে ‘এওঁ-মই আজি ৰেষ্টুৰেন্টতে খাম’। (৩) মহিলা সমিতিৰ প্ৰেছিডেন্ট তেওঁ সমাজত আছে নাম বোৱাৰীজনীয়ে দিনৰ দিনটো ঘৰৰ কৰে কাম মেলে মিটিঙে দিয়ে ভাষণ নিজৰ বোৱাৰীক কৰে শোষণ নাৰীবাদী ভাষণেৰে নিজৰ বঢ়াইছে মান। ☆★☆★☆

Read more

ফটাঢোলৰ ছোৱালী – প্ৰাণজিৎ বৰুৱা

ধৰুৱাৰ হেনো ক’তো সুখ নাই, ফটাঢোলৰ ছোৱালীৰ সমান কাৰো ধুনীয়া মুখ নাই। পায়স বনালে দিবা তেজ পাত, ফটা ঢোলৰ ছোৱালী সদায় জিন্দাবাদ। ৰামায়ণৰ ৰচক বাল্মীকি মুনি, ফটা ঢোলৰ ছোৱালী বোৰ গুণী জ্ঞানী। সাহসক ইংৰাজীত brave কয়, ফটাঢোলৰ ছোৱালীয়ে কাকো নকৰে ভয়। গোলাঘাটৰ নামবৰ হাবি, ফটাঢোলৰ ছোৱালীক নোজোকাবি। নদী দ্বীপ মাজুলী সৰ্ববৃহৎ, ফটাঢোলৰ ছোৱালীক পিছ পেলাবি কিহত। সূৰ্য এতিয়া যিমান গৰম, ফটাঢোলৰ ছোৱালীৰো সিমান মৰম। পাকিস্তানে বিশ্বকাপত যিমান বিচাৰে মৌকা, ফটাঢোলৰ ছোৱালীয়ে প্ৰেমিকক সিমান দিয়ে ঢৌকা। কিমান পঢ়িব আৰু চেনী সিঙৰ

Read more

জীৱৰ বিলাই – ৰেখা ডেকা

ইলুটি সিলুটি পাভলুটি মাৰো বুলিয়েই মাৰি দিয়ে, কি প্ৰজা কি ৰজা। মুকলিৰপৰা চুক-কোণলৈ সর্বজান্তা সর্বনিয়ন্তাৰ দপদপনিত প্ৰজাই চাই ৰয় বেঙা মেলি, ভাবি ৰয় আহি আছে মন্থৰ গতিত সুখৰ ক্ষণ মোৰ পদূলিলৈ বুলি। চল চাই কঠিয়া পৰাৰ হাতত ভালৰো ভাল পুঠি খলিহণা মুঠি মুঠি, ওখ ওখ দালানৰ বৰষুণৰ প্ৰকোপত জীৱনে শোৱে ডুবন্ত তৰা লেখি লেখি। দুদিনীয়া বাব তাতেই গপতে গংগাটোপ, নাম উপনামৰ ধামখুমীয়াৰ কোবাল সোঁতত জীয়া ছন্দ জীৱনৰ উটি যায়, চৌপাশে সুখ বিচাৰি ফুৰা জীৱৰ বিলাই নিজকে নিজে জুমি নাচায়। ☆★☆★☆

Read more

কক্ষপথ – প্ৰিয়ংকা চক্ৰৱৰ্তী

ঢৌ, মেঘ, আকাশ, পথাৰ, জুই আটাইতকৈ উজ্জ্বল তৰাটোৱে নিতৌ গায় সন্ধ্যাৰ আখ্যান৷ তুমি কোৱা-‘মই হেৰাই গ’লে কিতাপবোৰ আলফুলে ৰাখিবা’ মই কওঁ-‘ নেহেৰায় আমাৰ সময়’ তুমি কোৱা-‘নদীখনে কথা কৈছে’ মই কওঁ-‘কথাবোৰেই অতীত,বৰ্তমান,ভৱিষ্যত’ অকণে নিতৌ সন্ধ্যা গোসাঁইৰ থাপনাত বহে ‘তুমি চিত্ত বৃত্তি মোৰ…’ গাঁৱৰ গো-বাটেৰে পোনাহঁত ঘৰলৈ ওভতে৷ আদৰৰ পুৰণি চাইকেল এখন গৈ থাকে নিজ বাটে সন্ধ্যাই আগভেটি ধৰে- ‘কক্ষপথ সলনি নকৰিবি’ প্ৰত্যেকৰে একোটা কক্ষপথ থাকে গাঁওখনৰো চাইকেলৰ আৰোহীৰো আপোনাৰো-মোৰো কাহানিও বিবৰ্ণ নোহোৱা একান্তই নিজা কক্ষপথ ৷ ☆★☆★☆

Read more

পৰীক্ষাটোনো কি কথা জীৱনটোহে ঘাই – দাদুল দেৱকৃষ্ণ বৰুৱা

হ’ব দে বোপাই, যেনেতেনে পাছ কৰাক লৈ মই দুখ কৰা নাই পৰীক্ষাটোনো কি কথা জীৱনটোহে ঘাইআখৰ নিচিনাৰ পুতেক হৈ পাছ যে কৰিলি অংক নুবুজাৰ পুতেক হৈ নম্বৰ যে গোটালিবৰ মানুহ হৈ সাজি দিব নালাগে বঙলা গাড়ী কিনি আঁতৰাব নালাগে পদূলিৰ নঙলা যিকণ আছে মাটি তাতেই কৰিবি খেতি যিকণ চেনেহ আছে তাৰেই বান্ধিবি আঁটি আঁটি বৰ মানুহ হ’ব নালাগেে, ভাল মানুহ হ’বি যি জান’ যি বুজ’ মানুহক ভালকৈ ক’বি আকাশ চুব নেলাগে পূজিবি মাটিক চৰণ চুব নেলাগে ভাল পাবি জাতিক হ’ব

Read more

আপদীয়া পদ্য – চিদানন্দ বৰা

১) গুৰুজনাই এক কৰে, ভকতেহে কৰে চেও জানি-শুনিও সি-কথা, কৰানো কিয় মেও শাস্ত্ৰই কৰিছে বেকত ভগৱন্তৰ উৰ্দ্ধত ভকত ভকতৰ ভকতালিত সেয়ে, নধৰিবা দায় কেও।।   ২) উদক দেখি বোন্দাই দিয়ে, মাজ-পুখুৰীতে জাঁপ পুঠি ডঁৰিকণা কোনেনো খায়, মাৰিলে বৰালিত থাপ সিয়ঁ‌নিত শোৱাৰ জাত এৰেহাতহে মিলে ভাত বুদ্ধিজীৱীৰ চাল-চলনত, দিবিচোন অকণ ৰাপ।।   ৩) পঢ়িলে শাস্ত্ৰ ফুটিব চকু, তাহানিতে শুনা কথা দুনীয়া-দাৰি চলিছিল ঠিকেই, নামাৰি তাতে মাথা নামানি হিতোপদেশ শাস্ত্ৰত কৰে নিৱেশ শিষ্যৰ ত্ৰাসত পলায় গুৰু, লৈ অন্তৰত বেথা।।   ৪) কেতিয়ানো

Read more
1 2 3 4 19