হাউচ ৱাইফৰ বিলৈ – প্ৰণীতা গোস্বামী বৰঠাকুৰ
নুশুনি নগমি এদিন ভাবিলো চৰু নধৰো আজি “বুঢ়া বুঢ়ীৰ সাধুলৈ” মনত পেলাই থাকিলো পেচ পাতি। “দিনৰ দিনটো কি কৰি থাকানো একো কামেই নাই দেখোন” টিভি চাই মোবাইল টিপি টিপি দিনটো কটোৱা মাথো। চাৰ্টটোও আজি ইষ্ট্ৰি কৰি নথ’লা বুটামটোও নথ’লা লগাই- শাকখিনি আনিলো তাকো লেৰেলালা নিসিজিল ভালকৈ হ’বপায়! গৰু গাইৰ আজিকালি একোৱেই লেঠা নাই নাই ঢেঁকী উৰাল, তাৰ মাজতো তোমালোকৰ কামবোৰৰ নাপাৱেই একো উমান! ওফাইদাং মাৰি ময়ো দিলো উত্তৰ আজিৰ নাৰী কিন্তু নহয় অবলা ঘৰত বহিয়েই দেশ দেশান্তৰৰ উলিয়াব জানে বতৰা।
Read more