ফটাঢোল

আপদীয়া পদ্য – জ্যোতিৰ্ময় গগৈ

১) দেওবাৰৰ বজাৰ উপচি পৰিছে এয়া পাছলি বিচৰা দিন পটল, জিকা, ভেন্দি, বিলাহী,- ‘মোক কিন, মোক কিন’ জিলিকিলেই কিন্তু সোণ নহয় নিপোটলবোৰতে বেছি দৰৱৰ ভয় লাহেকৈ বহি বিচাৰিবলৈ ল’লো, পোকেখোৱাহে মই নিম।   ২) বিজ্ঞানৰ শিক্ষক বাসৱ বৰুৱা ফিজিক্স বেছি ভাল পায় “অগ্নিযুগৰ ফিৰিঙতি মই”- গানটো প্ৰায়ে ছাৰে গায় কাণে কাণে আপোনাক কথা এটা কওঁ দৃশ্য এটা দেখিলেহে ভেবা লাগি মই ৰওঁ মেকুৰী সন্মুখেৰে পাৰ হৈ গ’লেই তিনিখোজ পাছলৈ যায়।   ৩) জম্মু-কাশ্মীৰ ৰ’ল লাডাখ বেলেগ হ’ল, মোডিৰ যাদু চোৱা

Read more

ফটা কবিতা – নিয়ৰ

শুৱনি আমাৰ ফেচবুক অতি। ধুনীয়া ছোৱালীয়ে ভৰা।। সদায় সদায় নতুন ফটো দিয়ে DSLR নহলে মবাইলৰ dual কেমেৰাত মৰা।। শুৱনি আমাৰ ফেচবুক অতি বিতৰ্কই উপচি পৰে; বিভিন্ন সময়ত বিভিন্ন বিতৰ্ক , বুদ্ধি GBয়ে উৎপাত কৰে।। কেতিয়াবা গায়ক, কেতিয়াবা মন্ত্ৰী, সকলোকে ধৰে, ভুল শুদ্ধ একোটো নাচাই হুলস্থুল কৰাত লাগে।। ফেচবুকৰ status। নিউজ চেনেলৰ উৎপাত কাৰোৱেই শান্তি নাই সকলোৱে সঁচাই মিছাই share কৰাত লাগি যায়। ভাওনা সবাহ বিয়া একো বাদ পৰি নাযায় , সকলোতে লাইভ কৰাত লাগি যায়। তাৰেই পৰাই কিবা এটা ভুল

Read more

সমীৰণ বৰুৱা নাহে : উৎপল জোনাক হাজৰিকা

মোৰ ৰিচাৰ্জ শেষ হ’ল তোৰ পৰাই মেচেজ এটা দি থওঁ দিবি নেকি মোবাইলটো সমীৰণ বৰুৱা নাহে খবৰটো দিব লাগে বাছত উলমি যোৱা হেন্দিমেন পোৱালীবোৰ বান ভগনীয়া খুজনীয়া কলথোকৰ ভালৰো ভাল আখিকেইটা দেওবৰীয়া বজাৰলৈ নিয়া সৰুকণ দাইটি সপোন সকলোৱে দেখে পুৱতি নিশা সমীৰণ বৰুৱা নাহে ব্ৰিটনিৰ চন্দ নাবাজে নানাছে চাম্বা তথাপিতো শুনিছো সমীৰণ বৰুৱা নাহে আয়ে খবৰ নাপায় চাগে চালপীৰা, বান কাঁহী জপাতে আছে সাৰি চিকুণাই বাঁহতলীয়া নিমজ বাট বাট চাই পিছে নাই সমীৰণ বৰুৱা নাহে কেণা লগা সময়ৰ দোৰোল খোৱা

Read more

এজন স্ক্ৰিপ্তৰাইটাৰৰ জীৱনী – বিশ্বজ্যোতি মহন্ত

প্ৰস্তাৱনা: (১) ড্ৰাইভাৰজনে মৰমৰ ‘ওদি’ গাড়ীখন ছাৰৰ গেৰেজত সুমুৱাই থ’লে কোবাকোবিকৈ নিজৰ ঘৰলৈ বুলি তেওঁৰ বাইকখন ষ্টাৰ্ট দিলে।     (২) প্লামবাৰজনে বাল্টিত মগটো জুবুৰিয়ালে এমগ দুমগকৈ পানী ঢালিছে গাটো কেচেমা কেচেম গোন্ধাইছে আজি বহু দেৰিলৈ বৰ সাৱধানে কাম কৰিছিল দেৰলাখ টকীয়া চিষ্টেম স্ক্ৰিপ্ত ৰাইটাৰ ছাৰৰ ঘৰত ফিট কৰি আহিছে।   গৰ্ভ: আদিতে মানুহজনৰ নাম এটা আছিল এতিয়া সকলোৱে স্ক্ৰিপ্ত ৰাইটাৰ বুলিয়েই চিনে,– অন্ততঃ প্ৰতিবেশী সকলে। এসময়ত ছাত্ৰ নিৰ্বাচনত সহপাঠী বন্ধুৰ নিৰ্বাচনী স্ক্ৰিপ্ত লিখি দিছিল। জয়ৰ পিছত পুৰস্কাৰ হিচাপে ‘পাৰ্টি’লৈ

Read more

প্ৰাপ্তি – ইন্দ্ৰানী শৰ্মা

  সাগৰ ভাল পোৱা? ওহোঁ.. নাপাওঁ। জোনাক ভাল পোৱা? নাহ.. নাপাওঁ। তৰা ভৰা আকাশ? ওহোঁ.. নাপাওঁ।   অদ্ভুত! কি ভাল পোৱা তুমি? বহুত কিবাকিবি! এই যে আমি বহি আছোঁ বননিডৰা তাৰ প্ৰতিজোপা দূবৰি মই ভাল পাওঁ। সেই যে মানুহৰ খোজত উৰি যোৱা ধূলিকণাবোৰ আৰু লগতে কিছুমান কিচিৰ মিচিৰ শব্দ সেই সকলোবোৰ ভাল পাওঁ মই যাক মই ভালপাওঁ..তাক মই চুই চাব বিচাৰোঁ কঢ়িয়াই লৈ ফুৰিব খোজোঁ প্ৰাপ্তিৰ অনুভৱ সমগ্ৰ সত্বা জুৰি আৱৰি ৰাখিম মোৰ ভালপোৱাবোৰ… সদায়ে অপ্ৰাপ্তি মোৰ অকাম্য। ☆★☆★☆

Read more

মানুহ আৰু গছ – পৰীস্মিতা দাস

মানুহ (১) আমিয়েই মানুহ আমি জীৱশ্ৰেষ্ঠ প্ৰাণ সকলো কৰিব পাৰোঁ আমি সৰ্বশক্তিমান নদী বান্ধো পাহাৰ কাটো অৰণ্য জ্বলাই ঘৰ পাতো নিজৰ মাজতেই যুঁজ চলাওঁ চিৰপ্ৰবাহমান৷   (২) জীৱশ্ৰেষ্ঠ মানুহ আমি পৃথিৱীৰ গৌৰৱৰ অংশ সমাজ পাতি বিচাৰ কৰোঁ কাৰ ডাঙৰ বংশ নেদেখোঁ জগতৰ চকুপানী আমিয়েই কিন্তু পৰমজ্ঞানী আমিয়েই এদিন কৰি পেলাম পৃথিৱীখন ধ্বংস   গছ (১) নিজকে সিহঁতে কৈ ফুৰে জীৱশ্ৰেষ্ঠ বুলি সিহঁতেই আমাৰ জীৱন খাইছে খুলি খুলি আমাক মাৰে কাটে মৰণৰ ফান্দ পাতে পাহৰি যায় আমি নহ’লে জীৱন নাবাচে বুলি

Read more

নবাবৰ পুতেকৰ দিনলিপি – জ্যোতিৰ্ময় কলিতা

সাধাৰণতে পাঁচ ছয় বজাত শোৱাপাটী এৰাটো বৰ কঠিন ঠিক তেনেকৈ স্ক্ৰীণ পেডত নানা হিচাপ কৰোঁতে গভীৰ নিশা বাজে গৈ দুই তিনি নহ’লে পুৱতি নিশা চাৰি.. ৰাতিপুৱা কেনেবাকৈ পাঁচ ছয় বজাত চকু মেলিলেও ন দহ বজালৈ বিচনা এৰি নিদিয়াটো আমাৰ মূল ধৰ্ম । দুৱাৰ খুলি মুখ উলিওৱাৰ লগে লগে ঘৰৰ মানুহে এনেকৈ চাব সঁচাই যেন নবাবৰ পুতেক.. ৰাতিপুৱাৰ নাস্তা ফিকা চাহেৰে ক’ত হ’ব নবাবৰ পুতেক, গাখীৰ চাহ লগত হেভী নাস্তা লাগিব যেনে শুকান ৰুটী আলু ভাজি অমলেট.. জিকাৰ কেজি ৫০ ভেণ্ডিৰ

Read more

পৰিৱৰ্তন আৰু লটিঘটি – ৰেখা ডেকা

পৰিৱৰ্তনৰ বতাহত ত্ৰস্তমান জন-জীৱন তাৰিখ বাৰ সময়ৰ মিলনে কঁপাই হৃদয় সেই কম্পনাংকৰ উমান আন কেৱে নাপায়। হাত, ঘড়ী, চকুৰ দোদুল্যমান অৱস্থা ক’ত কি হয় আজিও তাৰেই গুণাগঁথা পলক জপাওঁতেই সলনি হয় টকা কি যে নিয়ন্তাৰ লেখা। গৃহিণীৰ লটি ঘটি টকা পইচা লুকাওঁ কেনেকৰি। কাপোৰৰ ভাঁজত পুৰণি টকা খমখমীয়া লুকুৱাই থোৱা টকাৰ ভৰত জীৱন দুৰ্ভগীয়া। অত কষ্ট অসাৰ হ’ল সাঁচতীয়া ধন কাগজ হ’ল। ☆★☆★☆

Read more

পঞ্চপদী – হেমেন ডেকা

(১) কোনো পালনামৰ ভকত কোনো মৰে ধনৰ লোভত কিছু দেখিছোঁ বেপাৰ কথাৰ চমৎকাৰ কতই নাচে সেই তালত৷   (২) ভণ্ড স্বদেশপ্ৰেমীৰ চালাকী অপাৰ আত্মবিস্মিত নৰৰ জীৱন অসাৰ নিমাত-নিটাল জনতা নিজকেই নিচিনা নেতা বুদ্ধিবেপাৰীয়ে কৰে জাতি ছাৰখাৰ৷   (৩) অবিৰাম কত ঘাট-প্ৰতিঘাট অলীক স্বপ্নৰ বুলে তেওঁ বাট অৰ্থহীন যত আশা অদ্ভুত অন্তিম দশা অঁকৰালিত হেৰাই গ’ল মাত৷   (৪) মহাপণ্ডিতক দেখি বাকৰুদ্ধ মাতাল ৰেহ-ৰূপত মন্ত্ৰমুগ্ধ মন যাৰ বেপেৰুৱা মাত বাৰেবঙলুৱা মাতৃভাষাৰ পাতে সেয়েহে শ্ৰাদ্ধ৷   (৫) গীতৰ দৰে জীৱন গতিশীল সময়ো

Read more

লিমাৰিক – ৰাজীৱ শৰ্মা

(১) কেওফালে বানপানী উটি গ’ল পঁজা খেনোৰ আনন্দ হ’ব পাৰিবই ৰজা নিমখো এৰা নাই দমকলে বিনাই শগুনৰ বাবে সঁচা মৰাশই মজা   (২) পুৱাতে ওলাল ৰাইজ দানপাত্ৰ হাতে বন্যাৰ্তৰ দুৰ্দশাই হাতবাউলি মাতে খেনোৰ বানান ভুল খেনোৰ সহায় মূল খেনো খ্যাতিমন্ত হ’ব নেপকিনৰ ছাঁতে   (৩) নিৰৱ সাধক আজি পৰি থাকে চুকে নামাতে-নিচিনে কেও কুকুৰেও ভুকে দানতহে পৰম সুখ প্ৰচাৰ বুলিলে বিমুখ তিৰ্যক চাৱনিয়ে আঘাত কৰে বুকে (বুকুত)   (৪) পাপক ঘিনাবা ঘোৰ কদাপিও নহয় পাপীক প্ৰফাইল ফটোত সুন্দৰী দেখি সকলো

Read more
1 2 3 4 5 21