ফটাঢোল

প্ৰশংসা-ৰাকেশ শৰ্মা

বৰুৱাৰ বিয়া পতা প্ৰায় বিশবছৰেই হ’ল। সংসাৰ ঠিকেই চলি আছিল। কেতিয়াবা খুটখাট কিবা এটা লাগে, কিন্তু ভাল হৈ যায়। তথাপি বৰুৱানীৰ এটা অভিযোগ সদায় থাকে, বৰুৱাই কেতিয়াও বৰুৱানীৰ হাতৰ খাদ্যৰ বিশবছৰে শলাগ লৈ পোৱা নাই। তাকে লৈ বৰুৱানী ভিতৰুৱাকৈ নাৰাজ হৈ থাকে। বৰুৱাই সেই কথাটো উপলব্ধি কৰে যদিও ভিতৰি হজম কৰি থৈ দিয়ে বিষয়টো। এদিন নহয় এদিন কিবা এটা বিধান ওলাব। এদিন অফিচৰ পৰা বৰুৱা ঘৰলৈ আহি থাকোঁতে ৰাস্তাত এজন সাধুবাবা লগ পালে। বাবাই বৰুৱাক লগ পাই খাবৰ কাৰণে কিবা

Read more

গগৈ পুৰাণ-লক্ষ্যদ্বীপ গগৈ

১) ছোৱালী তিৰোতাই JEC-ৰ অৰ্ণৱৰ পৰা এতিয়া আনন্দ মিশ্ৰালৈকে মাহেকে-পষেকে কিমান ক্ৰাশ্ব সলনি কৰিলে তেতিয়া একো নহয়, কিন্ত আমি নিজৰজনীক বাদ দি বেলেগ এজনীৰ ফালে চালেই পৰকিটি লৰাৰ নাম পাওঁ। এনেকুৱা কিয় অন্যায়। পোচতা হে ভাৰত ২) জিমতকৈ বেছি কেলৰি বাৰ্ণ আৰু এক্সচেৰচাইজ ঘৰ মোছা আৰু বাচন ধোৱা কৰিলে হয়। এজন আত্মনির্ভৰশীল গিৰিয়েক ৩) পৃথিৱীৰ আটাইতকৈ কঠিন প্ৰশ্নটো হৈছে “আৰু কোৱা??” আৰু তাতকৈ কঠিন প্ৰশ্নটো হৈছে ইয়াৰ উত্তৰটো “ভালেই, তুমি কোৱা।” ৪) কোনে কয় পুৰুষ হোৱা সহজ। বাহিৰত মুখত মাস্ক

Read more

কৌতুক-ডাঃ পার্থসাৰথি ভূঞা

(১) অসমৰ এজন বয়সস্থ মানুহ কিবা এটা কামত গেংটকলৈ গৈছিল। আহিবৰ দিনা তেওঁ থকা হোটেলখনৰ ৰূমতে তেওঁৰ ছাতিটো এৰি আহিল। বাছ আস্থানত কথাটো মনত পৰি তেওঁ লৰালৰিকৈ হোটেলখনলৈ ঘূৰি গৈ ৰূমটোত সোমাবলৈ খোজোঁতেই ভিতৰত কাৰোবাৰ কথোপকথন শুনিলে। আচলতে নতুনকৈ বিয়া হৈ হনিমুনলৈ যোৱা নিলাক্ষী আৰু মৃণালে ইতিমধ্যে সেই ৰূমটো লৈছিল। তেওঁ শুনিলে মৃণালে নীলাক্ষীক কৈছে, : এই ধুনীয়া চকুযুৰি কাৰ? নীলাক্ষীয়ে উত্তৰ দিলে, : তোমাৰ তোমাৰ : এই ধুনীয়া চুলিখিনি কাৰ ? : তোমাৰ তোমাৰ : এই ধুনীয়া মুখখন কাৰ?

Read more

কৌতুক – ৰিণ্টুমনি দত্ত

কলিতাই সন্ধিয়া অফিচৰ পৰা উভটি আহোঁতে প্ৰায়ে এটুপি ধৰি আহে। সেই দিনাখনো একেই কাহিনী। টিভিৰ সন্মুখত বহি মন্ত্ৰী-বিধায়কবোৰক উধাই-মুধাই গালি দিবলৈ আৰম্ভ কৰিলে। একো কাম নাই এই অপদাৰ্থবোৰৰ। মই হোৱা হ’লে একেদিনাই দেশখনৰ  চেহেৰাই সলাই  পেলালোহেঁতেন। পাকঘৰৰ পৰা ওলাই আহি কলিতানীয়ে লাহেকৈ মাত দিলে, : দেশখন বাৰু পাছে পৰে সলাব, লুঙী বুলি যে সন্ধিয়াৰ পৰাই মোৰ সেই মেখেলাখনকে পিন্ধি আছে সেয়া আগতে সলাই লওক ☆ ★ ☆ ★ ☆

Read more

শান্তি-কৃষ্ণ দাস

কাজিয়া লাগি ঘৈণীয়েক মাকৰ ঘৰলৈ গুছি গ’ল৷ বেচেৰা গিৰিয়েকে বাৰে বাৰে তাইলৈ ফোন কৰি থাকে৷ ফোনটো ধৰে শাহুৱেকে৷ শাহু : কিমানবাৰ কৈছোঁ, তাই তোমাক বেয়া পাইছে আৰু তাই কাহানিও তোমাৰ ঘৰলৈ ঘূৰি নাযায়৷ কোৱাৰ পিছতো তুমি বাৰে বাৰে কিয় ফোন কৰি আছা হে? গিৰিয়েক : (সন্তুষ্টিৰে) আপোনাৰ এই কথাখিনি শুনি কিমান ভাল লাগে, আপুনি কি বুজিব৷ ☆ ★ ☆ ★ ☆

Read more

কৌতুক – ৰাজশ্ৰী শৰ্মা

এবাৰ ল’ৰা এটাই জ্যোতিষীৰ ওচৰলৈ গ’ল। “মই আজি ছোৱালী এজনীক প্ৰপ’জ দি আহিছোঁ। মোৰ লগত তাইৰ বিয়া হ’ব নে নাই চাই দিয়ক না।” জ্যোতিষীয়ে ক’লে-তাইৰ হাতৰ ৰেখা চাব লাগিব। তাইক লৈ আহা, নাইবা হাতৰ জেৰক্স এটা আনা। ল’ৰাজনে দেখুৱালে কিন্তু জ্যোতিষীয়ে নোচোৱাকৈয়ে ‘নহ’ব’ বুলি কৈ দিলে। কাৰণ সি ছোৱালীজনীৰ হাতৰ ৰেখা নিজৰ গালত দেখুৱাইছিল। ☆ ★ ☆ ★ ☆

Read more

কৌতুক-কৰৱী দেৱী

পতি : হেৰা মোকো অলপ ৰাজনীতি শিকাবাচোন। পত্নী : আগতে কেৰাহীখনৰ তেলখিনি গৰম হৈছেনে নাই আঙুলিটো ভৰাই চোৱাচোন। পতি : হেই কি কথাবোৰ কোৱা? মাৰিব খুজিছা মোক?  পত্নী : সেয়াহে, মোৰ ওপৰত বিশ্বাসেই নাই কি ৰাজনীতি শিকিবা।  পতি : কেনেবাকৈ তেলখিনি যদি গৰম হয়?  পত্নী : আৰে, সেইখিনি কালিৰে তেল। কেৰাহীখনতে আছিল। মই কেৰাহীখন পাতিছোঁহে মাত্ৰ, ক’ৰপৰা গৰম হব? পতি : অ’ হয় নেকি হাঃ হাঃ হাঃ! মই মিছাতেই টেনশ্যন লৈ আছিলোঁ। অ’কে ছুইটহাৰ্ট, এয়া চোৱা দিলোঁ ভৰাই আঙুলিটো৷  পত্নী

Read more

বিহুৰ নতুন ফোন-ধনজিত বৰুৱা

: নৱ, গৰু বিহুৰ দিনা মোৰ ঘৰৰ মুখত ৰাতি ১১ টা মানত “মোৰ মৰমৰ ইলা মৰম বুজি নাপালা”  গোৱাটো  তই নি বাৰু! : অঁ, বিষ্ণু দা মই, তপু, ৰণ, কাঞ্চা, জাহিৰ আৰু জীৱন। পুৰণি দিনবোৰৰ কথা মনত পৰিলে কিবা লাগি যায় ন  বিষ্ণু দা। আপোনাৰো মনত পৰিছে! : বোপাই তই নবৌক কৈ যাবিহি। তই পাহৰিছ, এওঁ নাই পাহৰা। মই প্রথম প্ৰেম পত্র দিয়াজনী ৰোমিঅ’ কলনীৰ ‘ইলাই’ আছিল। তই মোক বিহুতে হিলাই দিলি বোপাই। তাইৰ ফেচবুক আছে, নবৌৱে জানে। তই বিহু

Read more

ক্লাছিক উদাহৰণ -ড° আৰমান উল্লাহ মুজাদ্দাদী

কন্‌টিলা : পাপা, এই যে “গোৰ মাৰি গংগাত পেলোৱা” ফকৰা-যোঁজনাটো, তাৰ মানেতো শব্দ-ডট-অর্গত এনেদৰে আছে, “গোৰ মৰা হয় শাস্তি বিহিবলৈ, কিন্তু সেই গোৰেই যদি গংগাত পেলায়, তেন্তে গংগাস্নান কৰি উপকৃতহে হোৱা যায়। অর্থাৎ শাস্তি বিহাৰ অভিপ্রায়েৰে কৰা কার্যৰদ্বাৰা কাৰোবাৰ মংগল সাধন হোৱা” অলপ বুজাই দিয়া না উদাহৰণ এটাৰে সৈতে। বৰুৱা চাহাবে অলপ ভাবি লৈ ক’লে, : যোৱাবছৰৰ কৰ’ণা ভাইৰাছ অহাৰ সময়ত, তোমাৰ নিশ্চয় মনত আছে তবলিগী জমাতৰ ভক্তসকলক লৈ হোৱা বৃহৎ ইছ্যুটোৰ কথা। এই তবলিগী জমাতৰ ভক্ত মুছলমান মানুহখিনিক গোটেইবোৰে

Read more

কৌতুক-ভাস্কৰজ্যোতি আৰান্ধৰা

এবাৰ ডেকা ল’ৰা এজনে বুঢ়া মানুহ এজনক তিনিটা প্ৰশ্ন সুধিলে, ১ম :- পৃথিৱীখন ধ্বংস হ’ব বুলি জানিও সকলো মানুহ পৃথিৱীখনৰ পাছত কিয় দৌৰে? 2য় :- শেষত অকল পইচাবোৰেই পৃথিৱীখনত থাকি যাব বুলিও জানিও পইচাৰ বাবে জীৱনটো কিয় ধ্বংস কৰে? ৩য় :- যিকোনো বস্তু নিজৰ কৰি ল’বলৈ কিয় বন্ধুবিলাকক শত্ৰু বনাই মানুহে? বুঢ়া মানুহজনে ডেকাজনৰ প্ৰশ্নকেইটা মন দি শুনি আছিল আৰু বুঢ়া মানুহজনে চাৰ্টৰ জেপৰপৰা জুইশলা বাকচ এটা উলিয়াই তাৰপৰা তিনিটা কাঠি উলিয়াই ল’লে, দুটা কাঠি জুইশলা বাকছত পুনৰ ভৰাই ৰাখিলে।

Read more
1 2 3 28