ফটাঢোল

কৌতুক – ভাস্কৰজ্যোতি দাস

পঞ্চাছ বছৰৰ পাছত এখন প্ৰাইভেট স্কুলত ক্লাছ ফাইভৰ এডমিছন চলি থাকিব৷ ডাঙৰ গেলেৰীত পেৰেন্টছ, ষ্টুডেন্ট, ফেকাল্টী একেলগে৷ ফেকাল্টী- এঞ্জেল চেকিয়া৷এঞ্জেল আহি এডমিচন ডেস্কৰ আগত হাজিৰ৷ ফেকাল্টী- মাষ্টাৰ এঞ্জেল৷ এঞ্জেল- য়েছ মেম৷ ফেকাল্টী- য়ৌৰ ফাডাৰ্চ নেম? এঞ্জেল- বুদ্ধেশ্বাৰ চেকিয়া৷ ফেকাল্টী- এণ্ড ইয়’ৰ মাডাৰ? এঞ্জেল- এঞ্জেলিনা খেখটি চেকিয়া ফেকাল্টী- গুড৷ ডু য়ু নৌ এনিথিং এবাউত ভূফেন হাজ্ৰিকা? এঞ্জেল- য়ুপ৷ হি ৱাজ এ গ্ৰেট চিঙ্গাৰ অৱ য়েষ্টাৰ ইয়েৰচ৷ ফেকাল্টী- অ’.কে.৷ নাও চিং ৱান অৱ হিজ চংছ৷ এঞ্জেল- মাই ফেভাৰেট… এ ফৰ এব্বেলি, বি

Read more

কৌতুক – হেমন্ত মাধব নাথ

শইকীয়ানী বাইদেউৰ ড্ৰয়িংৰুমৰ আড্ডাৰ কিয়দাংশ ———- শইকীয়ানী — বাইদেউ , আপোনালোকৰ প্ৰিন্সৰ পঢ়া শুনা কেনে চলিছে ? বৰুৱানী — ভালেই , আচামিচত্ হে একেবাৰে বেয়া। শইকীয়ানী ( গৌৰৱেৰে ) — আমাৰ এঞ্জেলীনাৰ কথা ক’বই নালাগে, এইবাৰ ফেলেই কৰিম বুলি কৈছে হাঃ হাঃ হাঃ। গগৈনী — আচামিছ নেওঁতা বোৰত কিছুমান ভুল আছে যেন লাগিছে? বৰুৱানী — কিয় ক’লে? গগৈনী — চাব দেই, এঘাৰ, বাৰ, তেৰ ঠিকেই আছে। তাৰ পাছত চৈধ্যেৰহে হ’ব লাগিছিল, দিলে চৈধ্য। ঠিক তেনেকৈ পোন্ধৰ, সোতৰ, ওঠৰ ঠিকেই আছে,

Read more

কৌতুক – সঞ্জীব মজুমদাৰ

ফোন কৰি পত্নী এগৰাকীয়ে সুধিছে, “ডাক্তৰবাবু, আমাৰ এখেতে ‘ডিচপিৰিন’ টেবলেট এটা খাই পেলালে। কি যে কৰি থাকে নহয় মানুহজনে! একো চাইড এফেক্ট নহয়তো?” ডাক্তৰ: কি কৰিব আৰু! খালেই যেতিয়া, তেখেতৰ মূৰৰ বিষ উঠাকৈ কিবা এটা কৰক বা ক‌ওঁক। ☆★☆★☆

Read more

কৌতুক – ৰাজ্জাক আলি

গ্ৰাহক এজন তামোল পান কিনিবলৈ দোকান এখনলৈ গ’ল। গ্ৰাহক(দোকানীক উদ্দেশ্যে ) : পাণৰ গুচি কিমান? দোকানী: কোনটো পাণ লাগিব? গ্ৰাহক : সেউজীয়া এই পাণকেইখিলাৰ কথাই কৈছোঁ‌।তোমাৰ দোকানত আছে যে। দোকানী: মানে কোনটো গুচি লাগিব? তিনি প্ৰকাৰৰ গুচি আছে। দাম বেলেগ বেলেগ। গ্ৰাহক : কোনটো কেনেকৈ? দোকানী: বাৰী পাণ বিশ টকা। বৰপেটীয়া পাণ দহ টকা আৰু নগা পাণ পাঁচ টকা। গ্ৰাহক : বাৰী পাণ বুজি পাইছোঁ‌ এই বৰপেটীয়া আৰু নগা পাণৰ বিষয়ে বুজা নাই। দোকানী : মানে দাদা, এইখিনি বৰপেটাৰ পৰা

Read more

কৌতুক – শিল্পাশ্ৰী দাস

পত্নীঃ- হেৰি, শুনিছেনে। আজি কি দিন,মনত আছেনে আপোনাৰ? পতিঃ- মোৰ যদি ভুল হোৱা নাই, আজি ৰাখী বন্ধন। পত্নীঃ- ঠিকেই কৈছে। আপুনিযে দুখ কৰি থাকে,ভনী এজনীও নাই বুলি। আজিৰ পৰা আপোনাৰ এই দুখ নাথাকে। পতিঃ- কেনেকৈ? ভালকৈ কোৱাচোন৷ পত্নীঃ- মানে,বেলেগতনো ক’ত ভনী বিচাৰি ফুৰিব৷ সেয়েহে,আমাৰ চুবুৰীৰ কলিতানী, দত্তনী, বৰুৱানী, শইকীয়ানীহঁতক মাতি থৈ আহিছোঁ। আটায়ে ৰাখী পিন্ধাব আপোনাক। মোৰ যে তেওঁলোকলৈ হিংসায়েই লাগিছে৷ ইমান মৰমৰ দৃষ্টিৰে চোৱা এনে উপযুক্ত ককায়েকটো পাব৷ পতিঃ- (লেনিয়াই) হে…..ৰা, শু…না…না। (শুনিছোঁ,তেখেতে হেনো আজিকালি মহিলাৰ লগত কথা পাতিলে

Read more

কৌতুক – সৌৰভ শৰ্মা

নগৰীয়া নৰেনৰ ঘৰৰ কাষতে মৰা কুকুৰ এটা পৰি আছিল ৷ৰাতিপুৱাই দেখি নৰেনে নগৰপালিকাৰ অফিচলৈ ফোন কৰিলে, “হেল্ল’ মই অমুকৰ পৰা কৈছোঁ৷ মোৰ ঘৰৰ ওচৰতে কুকুৰ এটা মৰি আছে।” অফিচ : কুকৰ মৰি আছে? পুতি থ’ব নোৱাৰেনে নিজে? সাধাৰণ কাম এটাৰ বাবে আমনি নকৰিব। নৰেন : মইতো ভাবিছিলোৱেই পুতি থও বুলি৷ আকৌ বোলো তাৰ জ্ঞাতি কুটুম্ব কোনোবাই চাবলৈ বিচাৰিবও পাৰে ন। চালেও এবাৰ চাই যাওকহি বুলিহে ফোন কৰিছোঁ‌! ☆★☆★☆

Read more

কৌতুক – ৰিতন বৰুৱা

১) পত্নী : হেৰি সোনকালে বজাৰলৈ যাওক। পতি : কিয় পত্নী : কিয় মানে ঘৰত একোৱেই নাই, চাউল, আলু, দাইল সমস্ত। পতি : আৰু এটা বস্তু নাই নহয় পত্নী :(আগ্ৰহেৰে) কি বস্তু। পতি : (কওঁ নকওঁকৈ) পইছা। ২) ৰাষ্টাত দুই বন্ধুৱে কথা পাতি গৈ আছে। ১ম বন্ধু : আজি গা ধোলা নে? ২য় বন্ধু : নাই ধোৱা। তুমি ধোলা? ১ম বন্ধু : ইচ! ইমান ঠাণ্ডা। passport size ধোলোঁ‌। ২য় বন্ধু : মানে বুজি নাপালোঁ‌। ১ম বন্ধু : ধেত অঁ‌কৰা, অকল

Read more

কৌতুক – ইন্দিমা বৰুৱা

স্কুলখনত টিকলুৰ এটা নাম আছে৷ যিকোনো বিষয়ত তাৰ অগাধ পাণ্ডিত্য৷ এদিন শিক্ষকে সুধিলে- শিক্ষকঃ- দুৰ্ঘটনা আৰু দূৰ্ভাগ্যৰ অৰ্থ বুজাই কোৱাচোন,টিকলু৷ টিকলুঃ- ছাৰ,আপুনি ধৰক,এটা কু্ঁৱাত পৰি গল৷ এইটো এটা দূৰ্ঘটনা ৷ শিক্ষকঃ- কি? মই কুঁৱাত পৰিম? (অলপ ৰৈ) বাৰু,এতিয়া দূৰ্ভাগ্যৰ কি হ’ব, কোৱাচোন৷ টিকলুঃ- ছাৰ,এই ধৰক,আপুনি কু্ঁৱাৰ পৰা ভালে কূশলে একো নোহোৱাকৈ উঠি আহিল৷ এইটো আমাৰ বাবে দূৰ্ভাগ্য৷ ইয়াৰ পিছতেই টিকলুৰ পিঠিখনত দুৰ্ভাগ্যই লগ ল’লে৷ ☆★☆★☆

Read more

কৌতুক – কিশোৰ কুমাৰ শইকীয়া

প্ৰেমিক – তুমি মোৰ বাবে কি কি কৰিব পাৰিবা? প্ৰেমিকা – সকলো। প্ৰেমিক – মোৰ বাবে বাঘ এটা মাৰিব পাৰিবা? প্ৰেমিকা – কি ফাল্টু কথা বোৰ কৈ থাকা, অসম্ভৱ! প্ৰেমিক – চাওঁ‌ তোমাৰ ৱাটচআপটো চাওঁ‌। প্ৰেমিকা – জান, বাঘটো ক’ত আছে এবাৰ ট্ৰাই কৰি চাঁও। ☆★☆★☆

Read more

কৌতুক – মৃদুপৱন গোহাঁই

এদিন এজন মানুহ কপালত এক আঘাত লৈ পুলিচ থানা পালেহি। থানাত হাৱিলদাৰৰ প্ৰশ্ন- – কওকচোন, কি হ’ল? – মানুহজনীয়ে কোবালে। – (আচৰিত হৈ) মানে আপোনাৰ পত্নীয়ে? পিছে কিয়? – হয়,মোৰ পত্নীয়ে৷ এওঁৰ মাক-দেউতাক অহাত মোক কলে বোলে বাহিৰৰ পৰাই কিবা লৈ আনকগৈ। – তাতে কি হ’ল? – মই গৈ টেক্সী এখন ভাড়া কৰি লৈ আনিলোগৈ। ইয়াৰ পিছৰখিনি হাবিলদাৰে নুসুধিলে৷ আমিও নোসোধো দিয়কহে। ☆★☆★☆

Read more
1 11 12 13 14 15 18