ফটাঢোল

কৌতুক – প্ৰবাল খাটনিয়াৰ

এদিন এটা মস্ত হাতীয়ে জলাশয় এটাত জলকেলি কৰি আছিল। কিছু সময়ৰ পিছতে এটা শহা পহু দৌৰি দৌৰি আহি হাতীটোক “অ’ হাতী কাই,অ’ হাতী কাই উঠা চোন উঠা। কথা এটি আছে।” এইদৰে কেইবাবাৰো মাতিলত অসহ্য হৈ “কি হ’ল অ” বুলি হাতীটোৱে চিঞৰি উঠিল। “এ,ককাই তুমি অকণমান পাৰলৈ উঠি আহা তেহে হব।” হাতীয়ে শহাৰ কথা পেলাব নোৱাৰি পাৰ পালেহি। “ককাই ভৰিকেইটা মেলি দিয়া৷লৰ, চৰ নকৰিবা” বুলি হাতীটোৰ চাৰিওফালে ঘূৰি পিছ ঠেংৰ মাজে দি গৈ তাৰ সন্মুখত ৰ’লহি৷ “নাই এনেই আমনি কৰিলো তোমাক

Read more

কৌতুক – জ্ঞান বৰদলৈ

(বিবাহিত পুৰুষৰ হিতাৰ্থে) আপুনি যিহেতু বিবাহিত, আপুনি যিকোনো সময়তে বিপদত পৰিব পাৰে। কিন্তু কেতিয়াও, মৰি গ’লেও আপোনাৰ পত্নীৰপৰা টকা-পইচা ধাৰ নকৰিব। মই নিজে দেৰ বছৰৰ আগতে ১০ হাজাৰ টকা ধাৰে লৈছিলোঁ। এতিয়ালৈকে দুবাৰ ধাৰ মাৰিলো। তথাপিও বোলে তিনি হাজাৰ বাকী আছেই। সেইখনহে কেনেকুৱা নেওঁতা, কোন পঢ়াশালিত পঢ়িবলৈ পাই আজিলৈকে বুজিব নোৱাৰিলো। ☆★☆★☆

Read more

তিতা কেৰেলা – ৰাণা গগৈ

আজিৰ সমাজত এই কথাটো অৱশ্যে নোহোৱা হ’ল। কিন্তু এসময়ত লোকবিশ্বাস আছিল যে ঘৈণীয়েকে গিৰীয়েকৰ নাম নিজ মুখে ল’ব নাপায় অথবা গিৰীয়েকৰ নাম কোৱাৰপৰা যিমান পাৰি বিৰত থাকিব লাগে। এনে বিশ্বাসত বিশ্বাসী এগৰাকী মহিলাৰ গিৰীয়েকৰ নাম আছিল ‘তিতেশ্বৰ’। মানুহৰ মুখত পৰি ‘তিতেশ্বৰ’ হ’লগৈ ‘তিতা’। দূৰ-দূৰণিলৈকে তিতেশ্বৰক সকলোৱে ‘তিতা’ বুলিয়েই জানে। বয়সত সৰু লোকসকলে তিতা-কাইদেউ, তিতা-খুৰা, তিতা-বৰ্ত্তা ইত্যাদিৰে সম্বোধন কৰিছিল। এবাৰ তিতেশ্বৰ অৰ্থাৎ তিতা যোৰহাটৰ তিতাবৰলৈ গৈছিল। তিতাবৰৰ বজাৰৰপৰা তিতাই বাচি বাচি কিছুমান তিতা কেৰেলা কিনি আনিছিল। দুৰ্ভাগ্যবশতঃ তিতা কেৰেলাবোৰৰ সোৱাদ আছিল

Read more

কৌতুক – ডাঃ পার্থসাৰথি ভূঞা

নগেনে বিয়া পাতিবলৈ ছোৱালী বিচাৰি আছিল। কোনোবা ছোৱালীৰ সন্ধান পালেই সি তাইৰ জন্ম কুণ্ডলীখন লৈ চহৰৰ বিখ্যাত জ্যোতিষীজনৰ ওচৰলৈ যায়। সেই সময়ত সৰু-সুৰা ব্যৱসায় কৰি চলি থকা নগেনৰ আৰ্থিক অৱস্থা বৰ এটা ভাল নাছিল। সেয়েহে সি জ্যোতিষীৰপৰা প্ৰধানকৈ এইটো কথা জানিব বিচাৰে যে বিয়া পাতিবলৈ ওলোৱা ছোৱালীজনীয়ে তাৰ আৰ্থিক ভাগ্য সুপ্ৰসন্ন কৰিবনে নাই। কেইবাজনীও ছোৱালী কেঞ্চেল হোৱাৰ পাছত মালতীৰ কুণ্ডলী চাই জ্যোতিষীয়ে ক’লে যে এইগৰাকীয়ে তোমাৰ বাবে হাতী, ঘোঁৰা, জাহাজ লৈ অহাৰ যোগ দেখিছোঁ কিন্তু! মালতীক বিয়া কৰালে সম্পত্তি বৃদ্ধি

Read more

কৌতুক – পদ্মলোচন ভৰদ্বাজ

পতি-পত্নী ৰাতি বিয়া খাই ঘৰ পাইছেহি। দেৰি হোৱা বাবে পত্নীৰ অলপ অলপ খং উঠি আছিল। পত্নী: চাওঁ মোক ছাবিটো দিয়ক আৰু আপুনি টৰ্চটো ধৰক। জোৰ জবৰদস্তি তলা খুলিবৰ চেষ্টা চলিল প্ৰায় তিনি মিনিটমান। তলা নোখোলেহে নোখোলে। পত্নীৰ খং তুঙ্গত উঠি হিমালয় পাইছেগৈ। পতি: মই চেষ্টা এটা কৰোঁ? পত্নী: পাৰে যদি খোলক। মই টৰ্চ ধৰো। লাহেকৈ ছাবিটো লগাওঁতেই তলাটো খুলিল। পতিয়ে পত্নীৰ ফালে চালে। পত্নী: এতিয়া গম পালে নহয় টৰ্চ কেনেকৈ ধৰিব লাগে। ☆★☆★☆

Read more

বৰুৱা সংবাদ – নৱজ্যোতি দাস

(১) কাষৰতে পাই ডিচেম্বৰীয়া নাৰ্জীৰপৰা হালধীয়া অলপ আনি বৰুৱাই বৰুৱানীৰ গালত বুলাই দিছিল। মৰম কি নুবুজা বৰুৱানীয়ে বৰুৱাক ক’লে, “তুমি মোক জণ্ডিচ জণ্ডিচ কৰি পেলালা।”   (২) (ইলেকচনৰ সময়) বৰুৱা: কি কি লাগিব কোৱা। বৰুৱানী: তেল, চাহপাত আৰু এটা নেইলপলিচ। বৰুৱা: শেষৰ বিধ আকৌ কিয়? বৰুৱানী: কাইলৈ ভোট নহয় জানো। Facebookত ফটো দিব লাগিব নহয়। নেইলপলিচ নলগোৱা আঙুলীকেইটা দাস, শৰ্মা, চলিহা, ৰহমানহঁতক কেনেকৈ দেখুৱাম! (বৰুৱাৰ অৱস্থাটো অনুমান কৰক)   (৩) বিহুৰ বতৰ। বৰুৱানীয়ে বিহু গাইছে, “হাঁহে হৈ চৰিম গৈ তোমাৰে

Read more

সঁচাও নহয় মিছাও নহয় – জিতা ফুকন

এজন মানুহৰ গা খুউব বেয়া শেষ সময় সমাগত। ডাক্তৰে ক’লে, আপোনাৰ হাতত মাত্ৰ 12 ঘন্টামান সময় আছে গতিকে এই সময়কন আনন্দ মনেৰে পাৰ কৰক। ঘৰলৈ আহি তেওঁ ঘৈণীয়েকক কথাটো ক’লেহি আৰু মৰম চেনেহ কথা-বতৰাৰে ৰাতিটো পাৰ কৰিবলৈ বিচাৰিলে।দুয়ো পুৰণি দিনৰ কথাবোৰ সুৱৰিলে। বিভিন্ন কথা পাতি থাকোঁঁতেই মানুহজনে দেখিলে ঘৈণীয়েক টোপনি যাবলৈ ধৰিছে। তেওঁ ক’লে , হেৰা উঠাচোন মোৰ হাতত দেখোন বেছি সময় নায়েই। ঘৈণীয়েকঃ হ’ব হ’ব ,কি কৰিম কোৱা? তুমিতো ৰাতিপুৱা উঠিবই নালাগে কিন্তু মইতো কান্দিবৰ বাবেই উঠিব লাগিব ন।

Read more

বৰলাৰ কাহিনী – জ্ঞান বৰদলৈ

বৰলাৰ ধৰ্ম – প্ৰপজ কৰি যোৱা, ফলাফল ভগৱানৰ হাতত। বৰলাৰ কৰ্ম – তুমি দেখিবলৈ যেনেকুৱাই নোহোৱা প্ৰপজ কিন্তু সদায় জাকত জিলিকা ছোৱালীকহে কৰিবা। বৰলাৰ বৈশিষ্ট্য – তোমাৰ ইনকাম যিয়েই নহওক পাইট নেৰিবা।( যেনে – দামী বাইক, মবাইল, চানগ্লাছ ) বৰলাৰ সপোন – ( কোনোবা ছোৱালীৰ দেউতাকে ক’ব) য়ে লৌ Blank Cheque , ঔৰ নিকল জাঔ মেৰী বেটী কী জিন্দেগী চে। ☆★☆★☆

Read more

কৌতুক- পূৰ্ণময়ী মেধি

কালি তাবিবৰৰ সমাজ অধ্যয়নৰ ক্লাছ আছিল। এনেয়ে গৰমত মূৰ গৰম হৈ আছিল। ক্লাছত এজনক সুধিলে,”গজানন ক’ছোন মাল ভূমি কাক বোলে?” গজাননে মূৰ খজুৱাই খজুৱাই ক’লে,”চাৰ,যি ভূমিত বহি মাল খোৱা হয়, তাকেই মালভূমি বোলে।” লগে লগে বৰফৰ ডাঙৰ টুকুৰা এটা মাছৰ বেপাৰীৰ পৰা আনি তবলাক বহাই থোৱা হ’ল। ☆★☆★☆

Read more

কৌতুক – ৰিতন বৰুৱা

পতিঃ হেৰা, হেৰা শুনিছানে? পত্নীঃ কি হ’লনো, অনবৰতে চিঞৰি থাকে যে? পতিঃ বৰ কাঁহে ধৰিছে হে, মোৰ ঔষধৰ বটলটো লৈ আহাঁ। পত্নীঃ উহঃ ৰাম এইজনৰ পৰা শান্তি নাপাওঁ আৰু (মনে মনে)। বোলো নি আছো। পতিঃ হেৰা, এই ৰাম ( Rum) ৰ বটলটো কিয় দিলা? দৰবৰ বটলটোহে বিচাৰিছো। পত্নীঃ মই সেইটো ফেনাইলৰ বটল বুলিহে দিছিলো। ☆★☆★☆

Read more
1 2 3 4 5 20