ফটাঢোল

চিন্তাৰাম – অবিনাশ শৰ্মা

কাউৰীয়ে কা ক’বলৈ নাপাওঁতেই চিন্তাৰাম হাতত কটাৰীখনলৈ বাৰীৰ মাজ পালেগৈ৷ আজিকালিৰ যিটোহে ৰ’দ! ভৰ দুপৰীয়া নহওঁতেই বজাৰৰ পৰা উভতিব লাগিব৷ গতিকে বজাৰলৈ নিবলৈ কালি সন্ধিয়া পাৰি থোৱা পাণ কেইখিলা গুছিয়াবলৈ বাৰীৰ পৰা কলপাত দুখন কাটি আনিলেগৈ৷ আহোঁতে পুখুৰীৰ ওপৰত চাং কৰি দিয়া ৰঙালাওডালৰ পৰা দুটা পকা ৰঙালাও কাটি আনি বাৰাণ্ডাতে বস্তুখিনি থৈ হাত ভৰি কেইটা ধুই আহিল৷ ঘৈণীয়েক মালতীয়ে যতনাই দিয়া চাহপানীখিনি খাই দুয়ো পাণ গুছিয়াবলৈ লাগিল৷ তাৰ মাজতে মালতীয়ে গৈ সৰুকৈ কোমল চাউলৰ জলপানকণো যতনাই দিলে৷ চিন্তাৰামে মোনাখনতে বস্তুখিনি

Read more

খৰাই – ছৈয়দা চেমিন ইচলাম

উৎকট গৰম। ৰোগীৰ ভিৰ। কাৰোবাৰ যদি কাহ-চৰ্দি-জ্বৰ, কাৰোবাৰ আকৌ “পাতলা পাইখানা”। ছালৰ ৰোগীৰো ভিৰ। অন্যান্য কেতবোৰ বেমাৰ মজলীয়া। অ’ “গেছ”ৰ ৰোগটো সকলোৰে কাৰণে “কমন”। এতিয়া আহো আচল কথালৈ। এগৰাকী প্ৰায় সাতাইশ-আঠাইশ বছৰ বয়সৰ মহিলা সোমাই আহিল মোৰ কোঠালৈ। আহিল মানে? একেবাৰে মোৰ গাৰ নিচেই কাষত!! মানে? মই বহি থকা ৰিভল্ভিং চেয়াৰ খনৰ একেবাৰে কাষত থিয় দিলেহি। অলপ হতচকিতো হৈ পৰিলোঁ। সাধাৰণতে ৰোগীবোৰে কোঠাটোত সোমাই অলপ হ’লেও কিবা যেন এক ভয়-সংকোচ অথবা লাজ কৰে। হয়তো “কি বা হৈ আছে মোৰ?” বুলি

Read more

পাৰভাৰ্ট – পিনাক পাণি বৰুৱা

শ্বপিং মলটোৰ মহিলাৰ ট্ৰায়েল ৰুমৰ আগত অকলশৰে থিয় হৈ থকা মানুহটোৰ আওভাওবোৰ বৰ এটা ঠিক লগা নাছিল শইকীয়ানীৰ। তেওঁৰ সৈতে দৃষ্টিৰ কটাকটি হোৱাৰ লগে লগে তলমূৰ কৰা মানুহটো হয় মানসিকভাবে বিকাৰগস্ত নহয় তাৰ চৰিত্ৰ ঠিক নহয়-মনতে ভাবিলে শইকীয়ানীয়ে। নহ’লেনো অতপৰে সি তাত ৰৈ জুমি থাকেনে। প্ৰায় পোন্ধৰ মিনিটমান আগতেও মানুহটো তাতেই থিয় হৈ আছিল আৰু ওপৰৰ মহলাৰ পৰা কাপোৰ চাই ঘূৰি অহাৰ পাছতো ৰঙা চাৰ্ট পিন্ধা মানুহটোক তাতেই থিয় হৈ থকা দেখা পালে শইকীয়ানীয়ে। “মা, তই ইয়াতে ৰ’ মই এইটো

Read more

অতি সাম্প্ৰতিক – নিৰ্মালি সন্দিকৈ

শহুৰেকৰ গাঁৱৰ নামঘৰত জেছিকাৰ আজি প্ৰথমটো দিন৷ অনিন্দ্যৰ লগত মাহেকে পষেকে গাঁৱলৈ আহি থাকিলেও তাই এই প্ৰকাণ্ড নামঘৰটোত সোমাই পোৱা নাছিল৷ নামঘৰ বুলিলে জেছিকাৰ সৰুতে দেখা এনায়েকৰ গাঁওখনত দেখা নামঘৰটোহে মনলৈ আহে৷ সেয়া আছিল পদূলিমূৰৰ বকুল দুজোপাৰে তিনিশ ঘৰ গৃহস্থীৰ এটা বিশাল নামঘৰ। দীঘলীয়া বাটচ’ৰাটোৰে সোমালেই গহীন গহীন লগা এক পৰিৱেশ৷ প্ৰকাণ্ড পাচি খৰাহি, আৰু পিতলৰ টৌ চৰিয়াত খুন্দ খাই থকা গাজিমগু, ঠোকে ঠোকে মনোহৰ, চেনি আৰু জাহাজীকল, দম দম নাৰিকল, মুঠিত বান্ধি অনা কুঁহিয়াৰ, জন্মাষ্টমীৰ কেঁচা পিঠাগুড়িৰ লাড়ু, বতৰৰ

Read more

চেক মেট – কাবেৰী মহন্ত

: বিশ্বাস কৰানে মোক? : মানে? : এঠাইলৈ যাব পাৰিবা মোৰ লগত? চিন্তা নকৰিবা, একো নহয়.. সিমানখিনি বিশ্বাস কৰিব পাৰিবা, মই ভাবোঁ! সুশান্তৰ চকুলৈ চালে পৰীয়ে মূৰ তুলি, পাৰি তাক ’সিমানখিনি’ বিশ্বাস কৰিব.. চকুত থকা বন্ধুত্বৰ বিশ্বাসখিনি তাই মানি ল‍ʼলে৷ চিনাকি গুৱাহাটীখনত এনেয়ো পৰীৰ দিনে-পোহৰে ভয় নালাগে, ইয়াতেই ডাঙৰ হৈছে, এতিয়া বিশ্ববিদ্যালয়লৈকে আহি তাইৰ প্ৰায় প্ৰতিটো চুক-কোণেই চিনাকি হৈ উঠিছে মহানগৰখনৰ৷ : ক’লৈ যাব লাগিব? কিবা কাম আছে তোমাৰ? – জেনেটিক্সৰ নোটকপিখন জপাই তাই তাক সুধিলে৷ : আৰে, ওলাবাচোন৷ বছ

Read more

পৰিৱৰ্তন – ৰোমানী চলিহা

উজানবজাৰত, ব্ৰহ্মপুত্ৰৰ কাষত এক অত্যন্ত মনোমোহা প্ৰাকৃতিক পৰিৱেশত ডঃ নমিতা বৰুৱাৰ ঘৰ। নমিতাই নিজেও বিনন্দীয়া প্ৰকৃতিৰ নিয়মৰ লগত মন আৰু শৰীৰৰ এটা সামঞ্জস্য বজাই ৰাখি চলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে।সেয়েহে নিতৌ পুৱা পাঁচ বজাৰ লগে লগেই শোৱাৰ পৰা উঠি নৈ-পৰীয়া ৰাস্তাটোৱেদি খোজ কাঢ়িবলৈ ওলাই যোৱাটো তেওঁৰ পুৰণি অভ্যাস। ঘৰৰ বাকী সদস্যৰ যিহেতু আগ্ৰহ নাই সেয়েহে শুই থকাসকলক আমনি নকৰি ঘৰৰ মূল দুৱাৰৰ তলাটো বাহিৰৰ পৰা বন্ধ কৰি তেওঁ অকলেই প্ৰায় এক কিলোমিটাৰমান সদায়েই খোজ কাঢ়ে। হাড় কঁপোৱা ঠাণ্ডাতো ইয়াৰ কেতিয়াও ব্যতিক্ৰম

Read more

অনিয়ন্ত্ৰিত – মণিকুন্তলা ভট্টাচাৰ্য

বাতৰি কাকতৰ দমটোৰ মাজৰ পৰা ৰত্না উঠি থিয় হ’ল৷ এইদম কাগজৰ মাজত সোমাই থকা নাই সেই নির্দিষ্ট কাগজখন। কাগজদম একাষৰীয়া কৰি তাই বহাৰপৰা উঠাৰ লগে লগে শৰ্মানীয়ে তাইলৈ চেলাউৰি কোছাই চালে। তাৰ অৰ্থ বুজি ৰত্নাই ক’লে, : এইখিনিত নাই আইতা, আৰু এজাপ আনোগৈ৷ বৃদ্ধাৰ চেলাউৰি সৰল হ’ল। ভিতৰলৈ যাওঁতে লৰি উঠা পৰ্দাখনলৈ চাই লৈ তেওঁ পুনৰ হাতত থকা ডায়েৰীখনলৈ চকু দিলে। কেতিয়াবাৰে ডায়েৰী, তেওঁৰ হিচাপ-পত্ৰবোৰ লিখা থাকে। ক’ত কিমান দিয়া হ’ল বা দিবলৈ আছে, সকলো লিখা থাকে৷ হিচাপ-নিকাচ সৰল আৰু

Read more

আমেৰিকাৰ দৰা – দিগন্ত কুমাৰ ভট্টাচাৰ্য

হেমন্ত বৰ্মন দুপৰীয়া অফিচত থাকোঁতে ককায়েক নৃপতি বৰ্মনৰ ফোন আহিল তেওঁলৈ। উঠাবলৈ মন নাছিল যদিও নম্বৰটো চিনি নাপালে। সাধাৰণতে ককায়েকে সৰুজনী জীয়েকৰ ফোনৰপৰাই কৰে। জীয়েকৰ ফোনটোক আচলতে ম’বাইল ফোন বুলি ক’ব নোৱাৰি। সেইটো ঘৰতে থাকে, যেন লেণ্ড লাইন ফোনহে। হেমন্ত বৰ্মনে পৰাপক্ষত নৃপতি বৰ্মনৰ জীয়েকৰ ফোন নধৰে। ভুলতে ধৰিলেও এক মিনিট কথা পাতি “হেল্লো হেল্লো, ইমান বেয়া নেটৱৰ্ক” বুলি কাটি দিয়ে। আবেলিলৈ বৰ্মনৰ মিনিষ্টাৰৰ লগত মিটিং আছে। নৃপতি বৰ্মনৰ লগত কথা পতাৰ পাছত হেমন্ত বৰ্মনৰ একো কৰিবলৈ মন নোযোৱা হ’ল।

Read more

মুছেভেনী – অমিতাভ মহন্ত

অনল এম্ কম্ পাছ৷ এইবাৰ চিভিল চাৰ্ভিচৰ পৰীক্ষা দি ‘আই পি এছ’ হিচাপে জইন কৰিছে৷ অনলৰ সেইদিনা চাকৰি জীৱনৰ প্ৰথম দিন৷ কৰ্মক্ষেত্ৰত যোৱাৰ আগে আগে দেউতাকক সেৱা কৰিবলৈ আগুৱাই যাওঁতেই দেউতাকে অনলক সাৱটি ধৰিলে৷ – আজি মই খুউব সুখী বোপাই৷ তই আমাৰ আশামতেই জীৱনত সফল হ’লি৷ পিছে তোক আজি এটা উপদেশ দিওঁ৷ ইমানদিনে যে কষ্ট কৰি পঢ়িলি, এই জ্ঞানবোৰ যেন চাকৰি জীৱনত প্ৰয়োগ কৰ৷ এই শিক্ষাখিনি মনত ৰাখিলে তই জীৱনৰ সকলোঁ পৰ্য্যায়তে উজ্বলি উঠিবি৷ অনলৰ চকুত চকুপানী৷ দেউতাকৰ সপোন পূৰণ

Read more

এদিন এখন ট্রেকাৰত – ঈশানজ্যোতি বৰা

এইমাত্ৰ চলিবলৈ আৰম্ভ কৰা ট্ৰেকাৰখনৰ চালকৰ ঠিক কাষতেই বহি আছে চাদৰ-মেখেলা পৰিহিতা যুৱতীগৰাকী৷ ফোনত কাৰোবাৰ লগত কথা পতাত ব্যস্ত৷ আচলতে ‘কথা পাতি আছে’ বুলি কোৱাতকৈ গঠনমূলক সমালোচনা কৰি থকা বুলি ক’লেহে তেওঁলোকৰ কথোপকথনক যথোচিত মৰ্যাদা প্ৰদান কৰা হ’ব৷ চুবুৰীৰ ধৰণীৰ পুতেকে কোনোবা ছোৱালী এজনীৰ লগত হোটেলত একেটা শীতল পানীয়ৰ বটলতে দুডাল ষ্ট্ৰ’ ভৰাই ৰস চুপি থকাটোৱে নৱপ্ৰজন্মৰ উচ্ছৃংখলতাকে সূচাইছে, মোহনৰ ঘৈণীয়েক নন্দিনীয়ে নাম-প্ৰসঙ্গৰ দিনা ৰঙা জিলজিলীয়া শাৰীখন পিন্ধি গোটেই সামাজিক নীতি-নিয়মকে বুঢ়া আঙুলি দেখুৱালে, ৰেঙনিৰ ‘খোজ’ত ওলাই থকা বোৱাৰীয়েকজনীতকৈ ‘চান্দনী’ৰ

Read more
1 2 3 4 40