ফটাঢোল

এটা সপোনৰ মৃত্যু – অভিজিত কলিতা

ৰ’ব হে, মোৰ দুখেভৰা জীৱনৰ আন এটা মৰ্মান্তিক কাহিনী পঢ়িবলৈ ওলাইছোঁ বুলি চিৰিয়াচ হৈ নেযাব। অসমীয়া ভাষাত এইটোৱেই সমস্যা, কওঁ কিবা এটা ৰাইজে বুজে কিবা আন এটা। মোৰ কোনো শৈশৱৰ, যৌৱনৰ সপোনৰ মৃত্যু হোৱা নাই, আচলতে সপোনতে মোৰহে মৃত্যু হ’ল। মানে ‘ডেথ অৱ এ ড্ৰীম’ নহয়, ‘ডেথ ইন মাই ড্ৰীম’ হে! সেয়া চাওক, ইংৰাজীত কোৱাৰ লগে লগে পটকৈ বুজি পালে। আচলতে হ’ল কি, যোৱাকালি মোৰ সপোনত মোৰ মৃত্যু হ’ল। কি হ’ল কি নহ’ল ভালকে বুজি নেপালোঁ, কিন্তু মই হঠাৎ উপলব্ধি

Read more

তপাৰ দিনলিপি – অভিজিত দত্ত

হাতখন লাহেকৈ মূৰত লগালোঁ। এয়া মোৰ পুৰণি স্বভাৱ। আচলতে ক্লাছ নাইন মানৰ পৰা মই ‘বেক ব্ৰাছ’ ষ্টাইলত চুলি আঁচুৰিছিলোঁ৷ যেতিয়া দেহৰ এই অংশটো ক’লা কেশেৰে আবৃত হৈ আছিল, তেতিয়াৰ পৰাই মোৰ এই স্বভাৱটোও আছিল। বিশেষকৈ বিপৰীত লিঙ্গৰ কাৰোবাক দেখিলে মই নজনাকৈ মোৰ হাতৰ আঙুলিবোৰে মোৰ চুলি বিদাৰিছিল। কবি অজিত বৰুৱাই ‘এখন প্ৰেমৰ উপন্যাস’ত গ্ৰেলাগ হাঁহটোৱে বিপৰীত লিঙ্গৰ হাঁহ এজনী দেখিলে যে ডিঙিটো বেকা কৰি দি নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ বিচৰা এটা উদাহৰণ দিছিল, একেদৰে কোনো নাৰীৰ উপস্থিতিত মোৰ হাতখনে মোৰ

Read more

প্ৰতিষ্ঠিত লিখক– হেমন্ত কুমাৰ কাকতি

এজন ‘প্ৰতিষ্ঠিত’ লিখক হবলৈ কিমান যে কাম কৰিবলগীয়া হয়? সঁচা কৈছোঁ, আজিলৈ মোৰ যিমান কবিতা, গধুৰ গধুৰ প্ৰবন্ধ আদি আগশাৰীৰ বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ হৈছে তাৰ এশ শতাংশই হিন্দী, বঙালী, ইংৰাজী আদি বিভিন্ন কিতাপৰ পৰা নহলে ইণ্টাৰনেটৰ পৰা হুবহু নহলেও অলপ ইফাল সিফাল কৰি তুলি দিয়া৷ পিচে ঈশ্বৰৰ কৃপাত এতিয়ালৈ ধৰা পৰা নাই৷ কিন্তু দিন কাল বেয়া বুজিছে৷ কিবা “প্লেগেৰিজিম” নে কিবা এটা ওলাইছে হেনো৷ সেইটোত বহাই দিলে হেনো সকলো “দুধ কা দুধ, পানী কা পানী” হৈ ওলাই যায়,

Read more

চলগৰী – তৃষ্ণা সোণোৱাল

“চলতৌ মিনি চলে যাবই ৰে, কন কনা মে জীৱন বিটাবই..” ফুলতীয়ে চৰিয়াটোৰ পানীখিনি চোতাললৈ সজোৰে মাৰি পঠিয়ালে। : হাৰামী বুৰা। মৰেক লেগি বয়চ হলি, ইতিয়াও মিনিৰ সংগে জীৱন বিটাৰ বাত কৰথি। চৰম নি লাগে তখে। মাংৰাৰ মুখত মদৰ লগতে গানো সমানে চলিছে। পুৱাই পুৱাই সি হাড়িয়া আনকালে নধৰে, আজিৰ কথা পিচে একেবাৰেই বেলেগ। বাগান উৰি ফুৰিছে এইকেইদিন। আবেলিলৈ বাগানত পূজাৰ বোনাচ দিয়াৰ কথা৷ : ২০% পূজাৰ বনাচ, একঝনৰ কমচেকম পন্ধৰ হাজাৰ টকাত’ হয়েক লাগি। মাংৰাৰ পুতেক ধালুৱে হিচাপ মিলাই। তাৰ

Read more

অনুতাপ – উষা মহন্ত

পিন্ধনত এটা থ্ৰি কোৱাৰ্টাৰ হাফ পেণ্ট আৰু হাফ গেঞ্জী। হাতত এখন দীঘল দা আৰু এডাল ৰছী লৈ কুকুৰ খোজে প্ৰায় দৌৰি অহাৰ দৰে মানুহটো আহি আছিল ৰাস্তাইদি। কৰ্ম সূত্ৰে আমি তেতিয়া চৰকাৰী আৱাস গৃহ লৈ জয়সাগৰ পুখুৰীৰ পাৰত আছিলোঁ। মানুহটোক সকলোৱে চিনি পায়। পুৱাৰ পৰা গধূলিলৈকে একেৰাহে কাম কৰে। কাৰো ঘৰত ক্ষন্তেক বহি এষাৰ কথা পাতিবলৈও সময় নাই। আনে হাজিৰা কৰা কাম সি নকৰে, ঠিকা লয়। খৰতকীয়া কাম কৰি দুদিনৰ হাজিৰাৰ ধন একেলগে আদায় কৰে বাবে মানুহে তাৰ হতুৱাই কাম

Read more

মন যায়, মন গৈছিল – দিগন্ত কুমাৰ ভট্টাচাৰ্য

হঠাতেই মোৰ চিনেমাৰ হিৰোৰ দৰে হ’বলৈ মন গৈছিল। মন গৈছিল ছলমান খানৰ দৰে হ’বলৈ। প্ৰায় পঁচিশ বছৰমানৰ আগৰ কথা সেয়া। পিতাক নোকোৱাকৈ সন্ধিয়া ঘৰৰপৰা ওলোৱাটো মোৰ বাবে অসম্ভৱ আছিল। চিনেমা চাবলৈ গ’লে টাউনলৈ অহা-যোৱা মিলাই মুঠতে চাৰি ঘন্টা। নাই, ঘৰত গম পালে সম্ভাব্য বিপদৰ চিন্তাটো আগতেই আহিছিল। সিদিনা আছিল হায়াৰ-ছেকেণ্ডাৰী পৰীক্ষাৰ অন্তিমখন কাকত। ‘কি চিনেমা চাবলৈ যাব সি?’ -আনটো কোঠাৰ পৰা মাক সুধিলে পিতাই। ‘মেইনে প্যাৰ কিয়া’ নামটো ক’বলৈ ঠিক নালাগিল। ‘অসমীয়া চিনেমা বুলি কৈ দিয়া, মা’- মাক ক’লোঁ। মোনা

Read more

বিবাহ বাৰ্ষিকীৰ উপহাৰ – নীলাক্ষী কাকতি

শনিবাৰে ৰাতিপুৱা সাঁত বাজিছিল৷ আচলতে টোপনি ছয় বজাতেই ভাঙিছিল ৰমেশৰ এলাৰ্মৰ টিঙটিঙিয়া শব্দত৷ এনেই সি বিছনাত ইকাটি-সিকাটি কৰি আছিল৷ সাধাৰণতে প্ৰায়বোৰ ব্যক্তিগত কোম্পানীৰ অফিচসমূহ বন্ধ থাকে৷ কিন্তু ৰমেশে কাম কৰা কোম্পানীটোৱে ১৫ আগষ্ট বা ২৬ জানুৱাৰীতো বন্ধ দিলে এনে লাগে যেন কোম্পানীটোৱে দেশক টকা ধাৰহে দিছে৷ বৰ গধুৰ মন এটা লৈ ৰমেশে বিছনাৰ পৰা নামিল৷ লাহেকৈ পৰিবাৰ গীতি আৰু ছয়বছৰীয়া লহৰৰ ফালে চালে৷ গীতিয়ে টোপনিতে দাঁত কৰচি আছে৷ ৰমেশে মনতে ভাবিলে বোধকৰো দিঠকত হ’ব লগা অনাগত ভৱিষ্যতৰ এখন ৰণৰ প্ৰস্তুতি

Read more

বৰুৱাৰ বজাৰত খাদ্য-সংকট : ঈশান জ্যোতি বৰুৱা

: কেৰাহীত তেল ধেৰ ঢালিছিল নেকি? দালিত পাঁচফোৰণ দিছিলনে? নেমু চেপি দিবলৈ হ’বলা পাহৰিলে! আৰু কি কি খাইছিল? মাছ? মঙহ? বৰুৱা জানো ভেজেটেৰিয়ান আছিল? আচ্ছা, ভূত জলকীয়াৰ আচাৰ খাইছিল? ক’ৰ ? তেজপুৰৰ নে নাগালেণ্ডৰ? ৰক্তজবাৰ সমুখত এতিয়া শ-শ প্ৰশ্ন৷ কোনটোৰ উত্তৰ কেনেকৈ দিম, কেনেকৈ মনত পেলাই দিম-তাকে ভাবি থাকোঁতে সেইপিনে স্বামীদেৱতাৰ প্ৰাণবায়ুৱে পৃথিৱীৰ পবিত্ৰভূমি ত্যাগ কৰি অজান্তিমুলুকলৈ গমন কৰেহে লাগে৷ এইহেন শ্বাসৰূদ্ধকৰ মুহূৰ্তত ৰক্তজবাই চিকিৎসক গোস্বামীয়ে সোধা প্ৰশ্নবোৰৰ উত্তৰেই দিব নে স্বামীৰ পৰৱৰ্তী ঠিকনা সৰগ হয় নে নৰক হয় অথবা

Read more

জোনবাইৰ দেশলৈ – সমুজ্জ্বল কাশ্যপ

(২০০৮ চন) ডুমুনীচকীৰ পৰা ৮ কিলোমিটাৰ উত্তৰ-পশ্চিম দিশত সোণাপুৰ গাঁও। একমাত্ৰ বাছ আস্থানটোৰ পৰা চাৰি কিলোমিটাৰমান আগুৱাই গ’লেই আঘোণাৰ ঘৰখন। ঘৰ বুলিবলৈ বাঁহৰ চাৰিবেৰৰ ওপৰত তেনেই সাধাৰণভাৱে বান্ধি থোৱা খেৰৰ চালি দুখন। বৰনদীৰ পানীয়ে বছৰি তিনিবাৰকৈ ভাঙি পেলোৱা পঁজাটোত পত্নী আৰু দুই সন্তানৰ সৈতে আঘোণাৰ সৰু পৰিয়ালটো। সম্পত্তি বুলিবলৈ ঘৰৰ সম্মুখত মাটি অলপ আছে। সেই মাটিখিনিত বিভিন্ন শাক-পাচলিৰ খেতি কৰি নিজৰ পৰিয়ালটো যেনে তেনে পোহ-পাল দি আহিছে। ‘পোনা’ আৰু ‘কণ’ পঢ়াত ভাল, কিন্তু আৰ্থিক অৱস্থাটোৰ বাবে সিহঁতে স্কুললৈ যোৱা বাদ

Read more

সপোন এনেকৈয়ে – অভিজিত মেধি

প্ৰিয়া আৰু মোৰ ভালপোৱা কলেজীয়া দিনৰে। আঠ-ন বছৰ আগৰ কথা এইবোৰ। কলেজ ফ্ৰেচাৰ্ছত তাই গান গাইছিল, মই গীটাৰ বজাইছিলোঁ। কেৰাহীকৈ তাই মোলৈ চাইছিল। সেই চাৱনিত বুকুতে গোলাপ ফুলিছিল। “প্যাৰ মাংগা হ্যাই তুমহি ছে”…প্ৰিয়াই গোৱা গানটো মোৰ বুকুতো বাজি উঠিছিল। তাৰ পাছৰ বছৰকেইটাত ‘প্যাৰ’, ‘প্যাৰ’ কৰি থাকোতে পঢ়া-শুনা গেলিল। তথাপিও ভাল লগা বিধৰ আছিল সেই সময়! ৰিক্সা-অটোৰ পইচা নাথাকিলে আমি জোতাত উঠি উঠিয়েই গুৱাহাটীৰ ফুটপাথত ডেটিং মাৰি ফুৰিছিলোঁ। পাঁচ টকাত পাঁচটা পানী-পুৰি কিনি এটা তাই খাইছিল এটা মই, একেবাৰে শেষৰটো ৫০-৫০

Read more
1 2 3 4 5 42