ফটাঢোল

মতিভ্ৰম – অমিতাভ মহন্ত

আদিত্য প্ৰতীম বৰুৱা৷ জন্মস্থান লক্ষ্মীমপুৰ, কৰ্মসুত্ৰে বৰ্তমান নতুন দিল্লীৰ নিবাসী৷ বৃত্তিসুত্ৰে আদিত্য এজন চিকিৎসক৷ চাকৰিৰ খাতিৰত মৰমৰ ঘৰখন এৰি দিল্লীত থাকিলেও মনটোৱে নামানে৷ সেয়ে সময়, সুবিধা পালেই ছুটী লৈ আদিত্যই প্ৰায়েই লক্ষ্মীমপুৰলৈ ঢাপলি মাৰে, লৰ মাৰে তাৰ আপোন ডিক্ৰঙৰ পাৰলৈ৷ সুবিধা কৰিব পাৰিলেই অসমলৈ স্থায়ীভাৱে ওভতি আহি অসমৰ বাবে কিবা এটা কৰাৰ মন৷ এইকেইদিন আদিত্য ঘৰতেই আছে৷ বন্ধু-বান্ধৱ, চুবুৰীয়া, সম্পৰ্কীয় লোকসকলৰ সৈতে দিনবোৰ বৰ সুন্দৰকৈ পাৰ হৈ গৈছে৷ দিল্লী যোৱাৰ দিন চমু চাপি আহিছে, কথাটো মনত পৰিলেই তাৰ মনটো মৰহি

Read more

ৰুম নাম্বাৰ থাৰ্টিন – উৎপলা কৌৰ

সুগন্ধি বতাহ এজাকৰ দৰে সোমাই অহা ক’লা শাৰী, শ্লীভলেছ ব্লাউজ পৰিহিতা লনী দেহৰ মহিলাগৰাকীৰ পেন্সিল হিলৰ খট্ খট্ শব্দত হোটেলৰ লবীত বহি থকা আটাইয়ে মূৰ তুলি চালে। মানুহগৰাকীৰ আয়ত চকু, জোঙা নাক,  আবেদনময় ওঁঠযোৰ তথা সুললিত কথা-বাৰ্তাই তাত বহি থকা আটাইবোৰ চকু তেওঁৰ ওপৰতে স্থাপন কৰিছে যদিও মহিলাৰ কিন্তু সেইবোৰত ভ্ৰূক্ষেপ নাই। ‘ৰিচেপচন’ত ফৰ্মেলিটিজবোৰ সম্পূৰ্ণ হোৱাৰ পাছত একেই লয়লাস ভংগীমাৰে লিফ্টৰ দিশেৰে তেওঁ আগুৱাই গ’ল। সৰু চহৰখনত থকা সেইখনেই একমাত্ৰ ভাল আৰু ব্যয়বহুল হোটেল আৰু সেইখন হোটেলৰ আটাইতকৈ ভাল আৰু

Read more

প্ৰবঞ্চনা – বৰ্ণালী ফুকন

আজি বন্ধৰ দিন, লেপটপটো বিছনাতে লৈ পেট পেলাই সুনীলে বহুদিনৰ পৰা ভাবি থকা প্লটটোৰ ওপৰত গল্প এটা লিখিবলৈ যিমানেই চেষ্টা কৰিছে হাজৰিকা-হাজৰিকানীৰ কাজিয়া সিমানেই তুংগত উঠিছে। বাৰে বাৰে শব্দৰ মালা গুঠিব গৈ মনোযোগ ভংগ হোৱাত জট-পট লাগি যায়। হাজৰিকা-হাজৰিকানী হৈছে সুনীলৰ ভাড়াঘৰৰ মালিক। ল’ৰা-ছোৱালী বাহিৰত পঢ়ি থকা দম্পতীহালে প্ৰকাণ্ড ঘৰটোৰ এটা অংশ যোৱাবছৰ বৰলা সুনীলক ভাড়াত দিছিল। সুনীলৰ বিয়া হোৱা ছয়মাহ পাৰ হ’ল, বিয়াৰ পিছতো ঘৰটো সলনি কৰাৰ কথা কিন্তু আজিলৈকে সি ভবা নাছিল। : এহ্….কিমাননো সদায় হুলস্থুল শুনি থাকিবাহে,

Read more

মোৰ বিলৈ – মুংচাজ’ বৰ্ণালী আম্ফি মান্তা

সময় নিশা ন বাজি বিছ মিনিট… নতুন ভাড়াঘৰ বিছাৰি গোটেইখন চলাথ কৰি ভাগৰি-জুগৰি তিনিওজনী সিহঁতৰ ৰুম পালো। তেনেতে সিহঁতৰ ৰুমমেট জুৰীবাৰ ফোন আহিল তাই আজি নাহে,নাৰেংগীত থকা খুড়াকৰ তাত ৰাতি থাকিব ৷ কথাটো শুনি মই আৰু ছেৰ্লীনে পৰস্পৰে মুখলৈ চোৱা-চুই কৰিলো, তাইৰ ইংগিত বুজি পাই লাহেকৈ ঘড়ীটোলৈ চালো৷ তেতিয়া ঘড়ীটোৱে নিশা চাৰে ন বজাৰ সংকেত দিছে… য়েছমিনে আমাক মন কৰি আছিল, তাই টপৰ কৈ মাত দিলে,তহঁতৰ আঁচনি আৰম্ভ হ’লেই মানে৷ জুৰীবা নথকাৰ সুযোগত যিমান মহৎ কাম সংঘটিত হৈছে তাত আমাৰ

Read more

মিলন – উৎপলা কৌৰ

বাহিৰত দপদপীয়া বৰষুণ দি বতৰটো ঠাণ্ডা কৰি তুলিলেও ঘৰখনৰ ভিতৰভাগৰ উষ্ণতা ক্ৰমান্বয়ে বাঢ়িছিলহে!  মাক আৰু জীয়েকৰ তৰ্কা-তৰ্কিয়ে উষ্ণতা বঢ়াইছিল ৷ তেতিয়া পুৱা নমান বাজিছিল ৷ – ‘তই সেইটোক ভাল পালি বুলিয়েই তোক তালৈ দিব নোৱাৰোতো! ক’ৰ ঘোকোট গাঁৱত ঘৰ তাৰ৷’ – ‘সেইবোৰ মোক কৈ লাভ নাই৷ তাক মই কথা দিছো, কেতিয়াবা বিয়া হওঁ যদি তাৰ লগতে হ’ম!’ – ‘যি কৰ কৰি থাক!’  বুলি সুৰমায়াই ৰাউচি জুৰি কান্দিবলৈ ধৰিলে৷ সুৰমায়াৰ কান্দোনটো বৰ শ্ৰুতিকটু৷ আনকি জীয়েক ৰসিকাও মাকৰ কান্দোনত তিষ্ঠিব নোৱাৰি কেতিয়াবা

Read more

ধানখেৰৰ বিজনেছ – ৰঞ্জু শৰ্মা

কেইদিনমান আগেয়ে জকাইচুকৰ নগেন গৈছিল চহৰলৈ৷ ..প্রথমবাৰৰ বাবে৷ ..গৈছিল মানে একেখন গাৱঁৰে তপন বোলাটোৱে লৈ গৈছিল৷ নহলেনো আৰু গাৱঁৰ জাতিবাহ কেইজোপাকে পৃথিৱীৰ আটাইতকৈ ওখ বস্তু বুলি ভাৱি থকা নগেনে নিজে কেতিয়া চহৰলৈ গৈ পাইছে? … শৈশৱৰ নলে-গলে লগা বান্ধৈ তপন আজি দুবছৰমানৰ পৰা চহৰতে আছে৷ কিবা হেনো বিছিনেছ কৰে৷ কি বিজিনেজ কৰে ঘৰখনৰ মানুহকে ধৰি গাওঁখনৰ কোনো এজনেও ঘূণাক্ষৰেও নাজানে, হলেও কি্নতু তাৰ উপার্জনো ভাল৷ ৰাইজে দেখিছেও৷ যোৱাবেলি পূজালৈ বুলি ঘৰলৈ আহোতে ঘৰৰ আটাইকেইজনলৈকে বুলি যি ধুনীয়া, ৰঙ-চঙীয়া কাপোৰৰ টোপোলাবোৰ

Read more

ৰণভংগ – নয়নমনি হালৈ

তেতিয়া মই কলেজত পঢ়ি থকা ল’ৰা৷ নতুনকৈ দাঢ়ি-মোছ গজিবলৈ আৰম্ভ কৰিছে, মনত ‘ডেকা ডেকা’ ভাব৷ কলেজত সোমাই প্ৰথমে একঘণ্টামান আড্ডা পিতোঁ, তাৰপিছত মন গলে ক্লাছত বহি হামিয়াই-হিকটিয়াই থাকোঁ৷ সেই সময়ৰে কথা, এদিন কেইটামান দাদা-দাদা টাইপৰ, চিনেমাৰ হিৰোৰ ষ্টাইলত থকা ল’ৰাৰ লগত বহি আড্ডা পিটি আছোঁ কলেজৰ মাজতে থকা ডাঙৰ গছডালৰ তলত৷ এনেতে এটা লেংপেং কৰে ওখ, কেটেৰ মেটেৰ চেহেৰাৰ ল’ৰা এটাই দৌৰি আহি ‘দাদা দাদা মোক মাৰিলে’ বুলি কান্দিব ধৰিলে৷ সি কয় আৰু কান্দে৷ আমি বোলো ‘কি হ’ল ভালকৈ ক’৷

Read more

দ্যা অ’পেন উইণ্ড’ – মেঘালী দিহিঙ্গীয়া

“এয়া ল৷ বোকাখাতত আৰু গাড়ীৰপৰা নামিব নালাগে, একেবাৰে জখলাবন্ধাতে কিবা এটা খাই লবি৷” বাছৰ খিৰিকীৰে ডাঙৰদাই টোপোলা এটা আগবঢ়াই দিলে৷ দুটা চিপচৰ পেকেট, এটা মেংগ জ্যুচৰ বটল আৰু এপেকেট বাদাম… গোটেইকেইটাই মোৰ পচন্দৰ বস্তু৷ বিশেষকৈ অলপ দূৰলৈ বুলি যাত্ৰা কৰোতে বাছত উঠিয়ে প্ৰথমে মই এইকেইটা বস্তুৱে গোটাই লওঁ৷ যাত্ৰাৰ বিৰক্তিও কমে, পেটৰ ভোকো গুচে৷ ডাঙৰদাই জানে, সেয়ে মই নোকোৱাকৈয়ে আনি দিছে৷ “এভ’মিন এটা আনি দিওঁ নেকি? “ সদায়ে সোধাৰ দৰে ডাঙৰদাই আজিও সুধিলে৷ “নালাগে হেৰৌ, এভ’মিন আকৌ কিয়? মোৰ দেখোন

Read more

বিশ্বাসঘাতক – মাধুৰীমা ঘৰফলীয়া

গা শাঁত পেলাব পৰাকৈ বতাহ এজাক বলি আছিল৷ ৰুমাল এখনেৰে মুখখন মচি হাফলুটোত ভাল চাই জেগা এটুকুৰা বিচাৰি তাই বহি ল’লে৷ এইয়া তাইৰ আজৰি সময়৷ অকণমান বিলাস কৰা সময়৷ ঘামেৰে শৰীৰটো চপচপীয়া হৈ গৈছিল আৰু নহ’বনো কিয় যিহে গধুৰ বস্তুটো নি ঘৰত থৈ আহিব লগা হৈছিল৷ হাতখনলৈ চালে এতিয়াও ক’লা পৰি আছে৷ ৰুমালখনেৰে হাতখনো মচি কঁকালত মেৰিয়াই থোৱা পেটিডালৰ পৰা বিস্কুট অকণমান উলিয়ালে৷ বিস্কুটকণ দেখিয়েই লেলাউটিবোৰ নিয়ম নমনা গৰু ম’হৰ দৰে ওলাই আহি গাটো তিয়াই পেলালে৷ তাই লাহেকৈ বিস্কুট টুকুৰাৰ

Read more

যমপুৰীত এদিন – হেমন্ত কাকতি

কালি ৰাতিয়েই মোৰ ডায়েবেটিছজনিত ৰোগত মৃত্যু হ’ল যদিও যমপুৰী পাওঁতে দেৰি হ’ল৷ গেইট পায়ো বহুত দেৰি ৰবলগা হ’ল৷ যথেষ্ট ভিৰ৷ কিবা ইৰাক, চিৰিয়াৰ যুদ্ধ লাগি আছিল হেনো, তাৰে আজি বহু মানুহ আহিছে৷ গতিকে লাইনত লাগিবলগা হ’ল৷ অলপ আমাৰ বিজয় যেন লগা মানুহ এজনক দেখিলো গেটত কিবা ফৰ্ম জমা লৈ প্ৰত্যেকৰে পিছফালে কিবা এটা নম্বৰ লগাই লগাই এজন এজনকৈ সোমোৱাই আছে৷ সন্দেহযুক্ত যেন লগা দুই এজনক প্ৰশ্ন কৰি ৰখায়ো থৈছে৷ জীয়াই থাকোতে এনে বহু লাইনত ঠিয় হোৱাৰ অভিজ্ঞতাপুষ্ট বাবে বিশেষ অসুবিধা

Read more
1 49 50 51 52