আত্মপ্ৰসাদ-কাবেৰী গোস্বামী
(১) “হ’লেই আৰু, আজি বৰকটকীয়ে পালে৷” কথাষাৰ অঞ্চলটোৰ মানুহৰ মুখৰে এনেয়েই নোলায়৷ নাটকৰ ৰিহাৰ্চেল শেষ কৰি চাহ পৰ্ব চলি থকাৰ মাজতেই বৰকটকীৰ প্ৰৱেশ ঘটাত মুখ ফুটাই নক’লেও সেইদিনাও প্ৰায় প্ৰতিজনৰ মুখতে সেই ভাব ফুটি উঠিল৷ : এইফালে গৈছিলোঁ, তহঁতৰ কথা সিদিনা ওলাইছিল এঠাইত, বোলো কিনো চলি আছে চাই যাওঁ বুলিয়েই সোমালোঁ এপাক৷ কৰ্তৃত্বৰ সুৰেৰে কথাষাৰ কৈয়েই বৰকটকীয়ে চাৰিওফালে চকু ফুৰাই চকী এখনত নিজে বহিল৷ : কচোন কিনো চলিছে, নাটক কৰিবি বুলি শুনিছোঁ! হ’ল আৰু এইজনাই ভাল পকাব আজি, কোনোমতে মূৰ
Read more