ফটাঢোল

প্ৰেছক্ৰিপচন – গায়ত্ৰী অধ্যাপক

ফোনৰ জামানাৰ আগৰ কথা। ডাক্তৰী পঢ়ি থকা প্ৰেমিকে প্ৰেমিকালৈ দিয়া চিঠিখন চব ঠিকেই আছিল কিন্তু বেচেৰী কলেজত পঢ়ি থকা প্ৰেমিকাই সেইখনৰ পাঠোদ্ধাৰ কৰিব নোৱাৰিলে। তাই লগৰ ল’ৰা ছোৱালীকেইজনেও চাই চিঠিখন পঢ়ি দিবলৈ সক্ষম নহ’ল। শেষ উপায় হিচাপে তাই গৈ পালেগৈ ফাৰ্মাচীষ্টজনৰ ওচৰ। ভাগ্যে তেখেতেহে তাইক চিঠিখন সলসলীয়াকৈ পঢ়ি দিবলৈ পাৰিলে। এইদৰে চিঠিৰ আদান প্ৰদান চলি থাকিল যদিও শেষত সেই কন্যা গৈ চিঠি দিয়াজনৰ নহয়, চিঠি পঢ়ি দিয়াজনৰ গৃহীনীহে হ’ল গৈ অৱশ্যে। পুৰণা জনপ্ৰিয় কৌতুক। কৌতুকবোৰ ভাল লাগে। কেতিয়াবা চাণ্টা-বান্টা কৌতুক,

Read more

দুজন ফটোগ্ৰাফাৰৰ কাহিনী – মানৱজ্যোতি বৰা

নগাঁও চহৰৰ মাজ মজিয়া অভিজাত পৰিয়াল এখনৰ ঘৰৰ দেউতাকৰ মৃত্যু হ’ল। দেউতাকৰ আদ্যশ্ৰাদ্ধৰ দিনা মালা দিবলৈ এখন ফটো প্ৰয়োজন হ’ব।  পুৰণি ফটো এখন আছে যদিও ফটোখন ইমান ভাল নহয়। ফটোখনৰ বিষয়ে চিন্তা-চৰ্চা কৰি থকাৰ সময়তে সেই সময়ত খবৰ লবলৈ উপস্থিত হ’ল মোৰ কাহিনীৰ এই ফটোগ্ৰাফাৰ দুজন। তাৰ আগতেই কিছু আভাষ দি দিব লাগিব তেওঁলোক দুজনৰ। দুয়োজন ককায়েক ভায়েক। ফটোগ্ৰাফীৰ ক্ষেত্ৰত অৰ্হতা আছে। কিন্তু মাজে মাজে বহুত ওপৰত কথা কোৱাত পদক পাই থৈছে, ভদ্ৰ ভাষাত ক’ব গ’লে ওস্তাদি মাৰি ভাল পায়।

Read more

মোক আজি কিয় এৰেষ্ট কৰিছিল – বিদ্যুৎ বিকাশ দত্ত

(স্পষ্টীকৰণ) পুৱা সাত বজাতে পৰিবাৰে হেচুকি জগাই দিলে। মই বোলো “কিয় জগাইছাহে! অকণমান শুবলৈ শান্তি নাই।” পিছে সিগৰাকীয়ে ক’লে- :অকণমান বজাৰৰ পৰা আহকগৈ। চাহ হৈ আছে। খাই যাব। চাহ খায়েই তামোলখন মুখত লৈছোঁহে, হাতত পৰিলহি এখন দীঘল লিষ্ট। আলু ৩ কিলো, চাহপাত এপোৱা, পিয়াজ তিনি কিলো ইত্যাদি প্ৰায় ওঠৰটা বস্তু। মোৰ বুকুখন অকণমান চৰ্টচাৰ্কিট কৰাৰ দৰে লাগিল। তথাপি ওলালোঁ। ৰহ্, সব বস্তুৰে আধা আধা আনি পুৰা লিষ্ট মতে আনিছোঁ বুলি পোন্ধৰ দিনলৈ অৰ্থনৈতিক জৰুৰী অৱস্থা ঘোষণা কৰি দিম। হাঃহাঃ দত্ত

Read more

মচুৰ দাইলৰ টেবলেট : ৰঞ্জিত মুক্তিয়াৰ

নন্দেশ্বৰ দাইটিৰ বয়সৰ লেখেৰে আশীৰ দেওনা পাৰ হওঁ হওঁ । পুত্র-বোৱাৰীৰে এখন নদন-বদন সংসাৰ । একমাত্র পুত্র মনোজ চহৰৰ মহাবিদ্যালয় এখনৰ অধ্যাপক , সাদৰি বোৱাৰী জোনালীও ঘৰৰ পৰা দহ কিলোমিটাৰ দূৰৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্রী; আৰু নাতি – নাতিনী হালেই মহাবিদ্যালয়ত পঢ়ি আছে । মুঠতে ঘৰখনৰ সকলো মানুহ ব্যস্ত । ব্যস্ততাৰ মাজতো পুত্র-বোৱাৰীয়ে দেউতাকৰ আলপৈচানত অলপো ত্ৰুটি কৰা নাই । মাকক তেওঁলোকে আলপৈচান ধৰিবলৈ সুযোগেই নাপালে , দুখতেই গ’লগৈ । মাকৰ মৃত্যুৰ আগলৈকে নন্দেশ্বৰ দাইটিহঁতৰ ঘৰৰ অৱস্থা ইমান ভাল নাছিল

Read more

চিকেনৰ লেগ পিচ – প্ৰান্তৰ ভাগৱতী

: কিমান দিন যে হʼল, চিকেনৰ লেগ-পিচ নোখোৱা!! হেৰা, আজি চিকেনকে আনা নহʼলে। তুমি আৰু মই আজি লেগ দুটা খাম । ইহঁতেটো ভাত খুৰীদেউহঁতৰ ঘৰতে খাব। শ্ৰীমতীয়ে কথাটো কৈ মোৰ ফালে চালে । মই শ্ৰীমতীলৈ চাই ভাবিলোঁ — হয়তো কথাটো । মই বাৰু কিছুদিন আগলৈকে ঘৰত চিকেন বনালে মোৰ ভাগত এটা লেগ পিচ পৰিছিল । এতিয়া অৱশ্যে এটা লেগ-পিচ ছোৱালীৰ আৰু এটা লʼৰাটোৰ । কিন্তু শ্ৰীমতীয়ে যে কিমান বছৰ হʼল চিকেনৰ ডাঙৰ লেগ-পিচ এটা নোখোৱা !! বিয়াৰ পিছত ছোৱালীজনীৰ জন্মৰ

Read more

শিক্ষক দিৱস – ঋতুপৰ্ণ শৰ্মা

কাষৰে হাজৰিকা খুৰা প্ৰায়ে আহে আমাৰ ঘৰলৈ। সম্পূর্ণ নাম বলদেৱ হাজৰিকা। দেউতা নাথাকিলে মোৰ লগতে কথাৰ মহলা মাৰে। সোনতলী চৰকাৰী বালক বিদ্যালয়ৰ পৰা অৱসৰ লোৱা তেওঁৰ আজি প্ৰায় ১০ -১২ বছৰ মানেই হ’ল। নামটো যিদৰে বলদেৱ দেখাটো ঠিক তেনেকুৱা হৃষ্ট পুষ্ট বলবান মানুহ। কথাবোৰো খাৰাংখাচ, স্পষ্ট। কোনোবাই বেয়া পাব সেইটোক লৈ তেওঁ মূৰ নঘমায়। বেয়াটোক বেয়া, ভালটোক ভাল বুলি বুলি কোৱাটো তেওঁৰ স্বভাৱ৷ সেয়েহে প্ৰায়বোৰ মানুহেই তেওঁৰ সতে কথা পাতিবলৈ অলপ সংকোচ কৰে। মই পিছে তেওঁক বেয়া নাপাওঁ। যিকোনো একোটা

Read more

কৰ্প’ৰেট্ – ৫ – অমিতাভ মহন্ত

নতুন অফিচ এটাত জইন কৰিছোঁ৷ অফিচটো ভালেই৷ সুন্দৰকৈ সজোৱা অফিচ৷ ডিজাইনাৰ ৱাল, চেণ্ট্ৰেল এচি, কেণ্টিন ইত্যাদি ইত্যাদি৷ তাতে মোক এটা এই মস্ত কেবিন দিছে৷ কেবিনটোত দুজন মানুহে আৰামত বক্সিং কৰিব পাৰে, সত্ৰীয়া নাচিব পাৰে… অৱশ্যে বিহু নাচিলেও আপত্তি নাই৷ অলপ বেছি মাটিৰ গোন্ধ টাইপ ফীল এটা আহি যাব৷ মোৰ দৃঢ় বিশ্বাস, ঠাণ্ডাৰ দিনত অলপ এডজাষ্ট কৰি ৰাইজ বহিলে কেবিনতেই সৰু-সুৰাকৈ পিকনিক এটা খাই দিব পৰা যায়৷ মানুহবোৰো উদাৰ, মহৎ, সাহসী, সুচৰিত্ৰ ইত্যাদি ইত্যাদি গুণেৰে বিভূষিত৷ দুখ মাত্ৰ এটাই! ডেটা এচিষ্টেণ্টৰ

Read more

ইংলিছ স্কুল – নিলাক্ষী কাকতি

এইকেইদিন বৰুৱাৰ ঘৰত এক উৎকণ্ঠাময় পৰিৱেশে বিৰাজ কৰিছে৷ ঠিক ‘লগান’ চিনেমাখনৰ ক্লাইমেক্সটোৰ দৰে-বলটো বাউণ্ডেৰীৰ বাহিৰত পৰিল নে ফিল্ডৰ ভিতৰত থকা খেলুৱৈজনৰ হাতত!! এক চেঁপা উত্তেজনাই বৰুৱাৰ ঘৰখনক যেন গ্ৰাস কৰিছে৷ ৰ’ব, ৰ’ব আপোনালোকে বৰুৱাহঁতৰ ঘৰত কাৰোবাৰ দূৰ্ঘটনা হোৱা বা তেওঁৰ পৰিয়ালৰ কোনোবাই হস্পিতালত পৰি যমৰাজৰ সাম্ৰাজ্যত প্ৰৱেশ কৰিবলৈ টিকট কাটিছে বুলি নাভাবিব৷ আজি চিংকিৰ ৰিজাল্ট দিব৷ চিংকি বৰুৱা দম্পত্তীৰ তিনি বছৰীয়া জীয়ৰী৷ সমীৰণ বৰুৱা নতুন চহৰখনলৈ চাকৰি সূত্ৰে বদলি হৈ অহা মাত্ৰ এমাহ হৈছে৷ তেওঁ চহৰখনৰ ৰাষ্ট্ৰীয়কৃত বেংকটোৰ সহকাৰী শাখা

Read more

চাইড বিজিনেছ – দেৱজিত শইকীয়া

আমাৰ চুবুৰীৰ আটাইতকৈ টেলেণ্টেড ল’ৰাটোৰ কথা লিখিবলৈ লৈছোঁ৷ অন্নপ্ৰাসন্নত কিতাপ, কলম, মাটিৰ লডা আৰু পইচা দি ল’ৰা ভৱিষ্যতে ডাঙৰ হৈ কি হ’ব কৰা টেষ্টটোত সুখ্যাতিৰে সি এশ টকীয়া নোটখন লৈ ‘যি লাই বাঢ়ে দুপাততে চিন’ কথাষাৰক প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা তাৰ প্ৰতিভা ফাটি ফুটি বিকশিত হ’বলৈ ধৰে৷ একেবাৰে সৰু হৈ থাকোতে ১০, ২০ বা ১০০ টকীয়া নোট দি কোনখন লাগিব সুধিলে, বেটাই সদায় ১০০ টকীয়া নোটখনতে হাত দিছিল, খুচুৰা পইচা দিলে কেৰাহিকৈয়ো নাচায়। যেতিয়া অলপ জনাবুজা হ’ল সি ইমানেই টেলেণ্টেড

Read more

ভাগ্যে চিলেব্ৰিটী নহ’লোঁ – মণিষা কাকতি

“নমস্কাৰ প্ৰিয় দৰ্শক। ষ্টুডিঅ’ত মই আপোনালোকৰ হোষ্ট এণ্ড দোস্ত নীতু। লৈ আনিছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান বুধবৰীয়া বিশেষ শ্ব’, ‘পাৰ্ছন অব্ দ্য আৱাৰ’। আপোনালোকে জানেই যে এঘন্টাৰ এই বিশেষ শ্ব’টোত আমি ৰুবৰু কৰাও এক পপুলাৰ পাৰ্ছনেলিটীক। আজি যিগৰাকী ব্যক্তিক আপোনালোকৰ মাজলৈ লৈ আনিছোঁ, তেখেতক চিনি নোপোৱা মানুহ হয়তো অসম মুলুকত এজনো নোলাব। ৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম অৰ্জন কৰা এখেতৰ কণ্ঠত আছে এক যাদুকৰী শক্তি। ছৌ ভিউআৰ্ছ, আৰ ইউ এক্সাইটেড্? গম পাইছোঁ, প্ৰিয় ব্যক্তিগৰাকীক চাবলৈ, তেওঁৰ মনৰ কথা জানিবলৈ আপোনালোক উদ্বাউল হৈ পৰিছে।

Read more
1 2 3 4 35