ফটাঢোল

ৰক্ষকেই ভক্ষক-জয়ন্ত গগৈ

ক্লাচিক 350 বুলেটখন ষ্টেণ্ড কৰিয়েই ৰেয়াৰ ভিউ আইনাখনৰ ওচৰলৈ গৈ চুলিখিনিত বাওঁহাতৰ আঙুলি বুলাই ঠিক কৰি ল’লোঁ। কোনোবাই কথাটো মন কৰি আছে নেকি বুলি চাৰিওফালে চকু ঘুৰাওঁতেই শ্ৰীমতীয়ে মিচিকিয়া হাঁহি এটি মাৰি ক’লেই নহয়, – এঃ হ’ব হ’ব! কি যে মানুহটো আৰু! ইমান ষ্টাইলিচ! ফুলমাস্ক হেলমেট পিন্ধিলে চুলিৰ সন্মুখভাগ তালুৰ লগত লিপিট খাই যায় বাবেই হাতৰ আঙুলি বুলাই চুলিখিনি এটা ভাঁজত উফন্দাই ঠিক কৰি ল’লেহে মোৰ ভাল লাগে। নহ’লে কিবা এটা অশান্তি অনুভৱ কৰি থাকোঁ চুলিখিনিক লৈ। চুলিখিনিৰ বাবেইতো মোৰ

Read more

মূল্যহীন দেহ-কমলা দাস

চান্দনী ৰাত মে, একবাৰ তুযে দে…খা…হে, আজিৱ দাস্তা হে ইয়ে… কাহা চুৰু, কাহা খতম,  ইয়ে মঞ্জিলে হে কৌন চি… এনেদৰে এদিন খুব আনন্দ মনেৰে গান গাই গাই বাথৰূমত গা ধুই আছিলোঁ৷ আৰম্ভণিতে সুন্দৰ ৰোমাণ্টিক গানেই গাই আছিলোঁ। মানে যোৱা কেইদিনমান ধৰি মুখেৰে কেৱল ৰোমাণ্টিক গানেই ওলোৱা হৈছে। অ’ৰ এষাৰ, ত’ৰ এষাৰ গাই আছোঁ আৰু৷ সুন্দৰ সুন্দৰ মজাৰ গানবোৰ আনন্দ মনেৰে গাই থাকোঁতে কেতিয়ানো আহি বিষাদৰ গানত ধৰিলোঁ, গমেই নাপালোঁ। বিষাদৰ গান মানে একেবাৰে, “এক বাৰ হৰি বোলো মন ৰচনা, মানৱ

Read more

শিল-পি- মানসজ্যোতি বৰা

কথা নাই বতৰা নাই, একেকোবে নদীখনৰ কাষ পালোঁগৈ। কাঠৰ ভূৰ এখন আছিল পাৰতে বন্ধা। জাঁপমাৰি উঠিলোঁ আৰু মেলি দিলোঁ সোঁতত। ভটিয়নি সোঁতত ভূৰখন ভালদৰেই আগুৱাই গৈছে। চাৰিওফালে আৰণ্যক পৰিবেশ, ভাল লাগিছে! গছ-বনৰ মাজেদি আগবাঢ়িছে মোৰ ভূৰখন। অচিন চৰাই কিছুমানৰ কিচিৰ-মিচিৰ শব্দ। নদীখনৰ ওপৰলৈকে গছ-গছনিবোৰৰ ডাল-পাতবোৰ হাত মেলিলেই ঢুকি পোৱাত আছে। বনৰীয়া আঙুৰৰ লতাবোৰৰ পৰা কিছুমান আঙুৰৰ থোপা ওলমি আছে। তাৰে দুথোপামান ছিঙি মই মুখত ভৰাই গৈ আছোঁ এই নদীখনৰ সুন্দৰ পৰিবেশ চাই চাই।   মূৰৰ ওপৰত হঠাৎ এটা বান্দৰজাতীয় প্ৰাণীয়ে কেক-কেককৈ

Read more

মৰ্ণিং ৱাক-কনচেং বৰগোহাঁই

এইডোখৰত মানুহ-দুনুহ নেদেখি মুখাখন তললৈ নমাই থুতৰিত ৰাখিলোঁ যাতে দৰকাৰ হ’লেই, মানে মানুহ অহা দেখিলে পুনৰ নাকৰ ওপৰত লগাই ল’ব পাৰোঁ৷ মুখাখন আঁতৰাই কিমান যে ভাল লাগিছে, আহ্ উশাহ দুটামান ভালকৈ লৈ লওঁ৷ এই পুৱাৰ বেলি ওলোৱাৰ আগৰ সময়কণ মোৰ বৰ ভাল লাগে৷ এতিয়া এইঠাইডোখৰৰ ৰাস্তাৰ দুয়োকাষে নিমগছ আৰু মাজৰ ডিভাইডাৰডোখৰতো কিবা ফুল ফুলিছে৷ মুঠৰ ওপৰত পৰিবেশটো বৰ সুন্দৰ লাগিছে। তাতে এই সময়ছোৱাত ঠাইডোখৰত মানুহৰ আহ যাহ তেনেই সেৰেঙা৷ নিম গছকেইজোপা ইমান জোপোহা হৈ হালি পৰিছে যে  ৰাস্তাটো ক’লা ৰংটোৰ

Read more

ৰং-লোনা ডেকাবৰুৱা বৰা

– হেৰা, অহা সপ্তাহত আমাৰ মেৰিজ এনিভাৰচেৰি নাই জানো? – নাই জানো মানে! পাহৰিলা নে কনফিউজ হৈছা? – হেই, সব কথাতে কিয় উভতি ধৰা? কথাটো কৈছোঁহে। – অ’ আই, প্ৰশ্নবোধকটো দেখ দেখকে ওলাই পৰিছে, আকৌ বোলে কৈছেহে এখেতে। – এঃ তোমাৰপৰা মানে, ভাল কথা এটা ভাবি সুধিছিলো, পণ্ড কৰি দিলা। হাজৰিকা হাজৰিকানীৰ অহা সপ্তাহত বিশ বছৰীয়া বিবাহ বাৰ্ষিকী। এনেয়ে কোনো দিনেই তেওঁলোকে এইবোৰ পালন কৰি পোৱা নাই, কিন্তু এইবাৰ ঘৰৰপৰা প্ৰথম ওলাই গৈ হোষ্টেলত থাকি পঢ়া জীয়েকে কেতিয়াবাৰপৰাই কৈ আছে

Read more

সুৱদী সোঁৱৰণ- টুনুজ্যোতি গগৈ

এক নয়নপুৰত এগিলাচ আপং…. গংগামোহন মিলিৰ ‘দিচাং মুখত এবাটি আপং’ কবিতাটিৰ লগতে হোমেন বৰগোহাঞিৰ কেইবাখনো সুখপাঠ্য ৰচনাত আপং পানৰ বিষয়ে পঢ়াৰ পাছৰ পৰা বেছি নহ’লেও অন্ততঃ এবাটি আপং পান কৰাৰ ইচ্ছা এটা মনৰ মাজত প্ৰায়ে জাগৰুক হৈ উঠিছিল৷ কিন্তু আপং খোৱাৰ সেই ইচ্ছা সহজে পূৰণ নহৈছিল৷ ডিব্ৰুগড়ত থাকোঁতে কেইবাজনো মিচিং বন্ধু-বান্ধবীক ঘৰৰ পৰা আপং আনিবৰ বাবে অনুৰোধ কৰিছিলোঁ যদিও কোনেও বিভিন্ন অসুবিধাবশতঃ মোৰ অনুৰোধ ৰাখিব পৰা নাছিল৷ গুৱাহাটীলৈ অহাৰ পাছত বিশ্ববিদ্যালয় জীৱনত লগ পোৱা মাজুলীৰ মিচিং বন্ধু এজনে প্ৰায়ে গুৱাহাটীলৈ

Read more

ক’ছিৰ পৰা অসমলৈ বাছেৰে ছদিনীয়া যাত্ৰা-কেশৱকৌশিক সোনোৱাল

অৱশেষত বহুদিন অপেক্ষাৰ পিছত ঠিক কৰা হ’ল এখন বাছ ক’ছিৰ পৰা অসমলৈ। কৰ্মসূত্ৰে ক’ছিৰ চহৰ এৰনাকোলামত থকা পাঁচবছৰ অতিক্ৰম কৰিবলৈ কেইমাহ মানহে বাকী। ব’হাগ বিহুত ঘৰলৈ উভতাৰ কথা আছিল, তেনেকুৱাতে আৰম্ভ হ’ল আপদীয়া লকডাউন; হয় এতিয়া সকলোৰে চিনাকি শব্দ ‘কৰ’ণা’ মহামাৰীয়ে পৃথিৱীত আপদৰ ত্ৰাস সৃষ্টি কৰিছে।  ইমান বছৰৰ পিছত ঘৰলৈ যাম, বিহু বুলি অকণমান মনৰ ইচ্ছাৰে বন্ধুৰ লগত ফূৰ্তি-ফাৰ্তা কৰিম; পিচে সকলো কল্পনাৰ বিপৰীতে বন্দী হ’লোঁ বিয়াল্লিছদিনীয়া লকডাউনত। অৱশ্যে ইয়াৰ ফলত কিছু ক্ষেত্ৰত ভালো নোহোৱা নহয়, কৰ্মৰত মোৰ পাঁচবছৰীয়া সৰু

Read more

এটা ভঙা আইনাৰ গিলাচ-হিমাংশু ৰাজখোৱা

সৰুতে শুনা সাধুবোৰত দৈত্যৰ ‘জীৱ’টো লুকাই থাকে এটা শালিকা চৰাইৰ দেহত। সেই শালিকাটো ধৰি নেলু চেপি দিলেই কোনোবা সাত সাগৰ তেৰ নদীৰ সিপাৰে কোনোবা দেশৰ ৰাজকুমাৰীক বলেৰে হৰণ কৰিব খোজা দৈত্যৰ প্ৰণবায়ু ওলাই যায়।  আপুনিও শুনিছে সেই সাধু, নহয় জানো! মোৰ ‘পত্নী’ দৈত্যও নহয় আৰু জীৱটোও কোনো শালিকাৰ দেহত সোমাই থকা নাই কিন্তু তেওঁৰ ‘জীৱ’টোৰ নিচিনা কিবা এটা সোমাই আছে পাকঘৰৰ আইনাৰ গিলাচ বা বাতিবোৰত। নহ’লে কিবা কাৰণত কাৰোবাৰ হাতৰ পৰা পৰি আইনাৰ কিবা এটা ভাঙিলেই ঘৰৰ য’তেই নাথাকক কেনেকৈ

Read more

নামৰ মহিমা-কমলা দাস

আহমেদাবাদত ব্যৱসায়ৰ প্ৰশিক্ষণ ল’বলৈ যোৱাৰ সময়ৰ কথা। চৰকাৰৰ ফালৰ পৰা ব্যৱসায়ৰ প্ৰশিক্ষণ এটা ল’বলৈ সেইবাৰ আহমেদাবাদৰ “আই.আই.এম”ৰ ফালৰ পৰা নিমন্ত্ৰণ পালোঁ। (I I M. Ahmedabad) এইটো ছয় দিনীয়া প্ৰশিক্ষণ আছিল। সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰশিক্ষণটোত ভাৰতৰ প্ৰতিখন ৰাজ্যৰ পৰাই অংশগ্ৰহণ কৰিছিল।  সময় মতে গৈ পোৱাৰ দিন বাৰ হিচাব কৰি, সেইমতে গুৱাহাটীৰ পৰা দিল্লীলৈ নিৰ্দিষ্ট দিনত ৰাজধানী ৰেলেৰে যাত্ৰা কৰিলোঁ। পিছদিনা ৰাতিপুৱাই দিল্লী ষ্টেচন পালোঁগৈ। ৰাতিপুৱা সাত বজাতেই দিল্লী গৈ পোৱাৰ বাবে অলপ অসুবিধাই হ’ল। আহমেদাবাদলৈ যোৱা ৰেল আছে গধূলি আঠ বজাত। দিনটো

Read more

পুনৰ্জীৱন- ভবেন্দ্ৰ নাৰায়ন মহন্ত

২০২০ বৰ্ষটো সমগ্ৰ পৃথিৱীৰ বাবেই অন্যতম এক অভিশপ্ত বৰ্ষ। সমগ্ৰ পৃথিৱী জুৰি ক’ভিডে মহামাৰীৰ ৰূপত দুবাহু মেলি মৃত্যুদূত হিচাপে ধৰালৈ নামি আহিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা স্বীকৃত, মহামাৰী নামেৰে অলংকৃত এই ভাইৰাছৰ কৱলত পৰি পৃথিৱীৰ মহাশক্তিধৰ দেশসমূহৰ পৰা খাবলৈ নোপোৱা দুৰ্ভিক্ষ পীড়িত দেশসমূহে ত্ৰাহি মধুসূদন সোঁৱৰিছে। সকলো কল-কাৰখানা বন্ধ হৈ পৰাৰ উপৰিও উন্নয়ণ স্তব্ধপ্ৰায়। চাৰিওফালে কেৱল বে-ৰোজগাৰৰ উচুপনি।  আমি চৰকাৰী বিষয়া। এই চৰকাৰী কৰ্মচাৰীসকলৰ ক’ভিডৰ ভয়ত ঘৰত পেঁপুৱা লাগি সোমাই থাকিলে নহ’ব। তাতে আকৌ বৃহত্তৰ ৰাজহুৱা স্বাৰ্থ জড়িত এটা বিভাগত

Read more
1 2 3 4 5 6 53