ফটাঢোল

ক’ৰণা ত্ৰাস : কুন্তলা শৰ্মা

বুকুখন মাজে মাজে বিষাবলৈ লৈছেচোন। উশাহটো লওঁতেও অকণমান কষ্ট হোৱাদি হয়। ক’ৰণা নেকি বাৰু?  যিহে দিন কাল, গেষ্ট্ৰিকৰ পৰা আদি কৰি হাৰ্টৰ বেমাৰৰো পাত্তা নাইকিয়া হৈছে। ক’ৰণাহে পোনছাটেই। ছেহ্, কালিও একেই আজিও একেই। সঁচাকৈ হৈছে নেকি বাৰু। জ্বৰতো নাই, ৰাতি শোৱাৰ সময়ত উঠে চাগে মই গ’মেই নেপাওঁ। এনেকৈয়ে দুটা দিন পাৰ হ’ল। চাই থকা বস্তু নহয় এইবোৰ। হোম কোৱাৰেণ্টাইন আৰম্ভ কৰাৰহে কথা।মৰিলে অকলেই  মৰিম। মাহঁতক বেমাৰ দি যাব নোৱাৰোঁ। “মোৰ ওচৰলৈ, মোৰ ৰুমলৈ কোনো নোসোমাবি দেই।” বাকী সব হতভম্ব। হ’ল

Read more

ঘোটাই ঘেদালা এখন শিৱপূজা : ৰঞ্জু শর্মা

বহুবছৰ আগতে মোৰ মামাৰ ঘৰত উদযাপন কৰা শিৱৰাত্রিৰ নিশা এটিৰ কথা৷ পূজা শেষ হৈ অন্তিম পর্য্যায় পাইছেগৈ, এতিয়া মাথো হোমখিনি শেষ হ’লেই ৰাইজে শান্তি লৈ মাহ প্ৰসাদ গ্ৰহণ কৰিব পাৰিব। পূজাৰ সমানে সমানে গোসাঁই ঘৰৰ কাষতে দুই তিনিটা  হেচক লাইটেৰে পোহৰাই থোৱা চোতালখনত সৰুকৈ নাম এভাগিও চলি আছে। গাঁৱৰে তিনি-চাৰিজন মতা মানুহ লগ লাগি পূজা বুলিয়েই তালযোৰ বজাই নামভাগি ধৰি দিছে। পূজাৰ শেষত আটায়ে মিলি বুট-মাহ, ঘোঁটা, ভাঙৰ লাড়ু ইত্যাদি খোৱাৰ পিছত খিচিৰি অকণেৰে মোখানি মাৰি ঘৰে ঘৰে যাবগৈ। মামাহঁতৰ

Read more

অলকেশ ভাগৱতীৰ আধালিখা ডিভাইন কমেডি : ৰীতা লীনা সোণোৱাল

পাহাৰীয়া সৰু টিলাটোৰ পৰা থুপুক-থাপাককৈ দুটা সৰু ল’ৰা-ছোৱালী হাতত ধৰাধৰিকৈ নামি আহিছিল। সিহঁতৰ পিঠিত স্কুলৰ বেগ। ল’ৰাটো থুপুকা, গাৰ ৰঙটো পকা বেলৰ ভিতৰখিনিৰ দৰে। ছোৱালীজনী সাইলাখ পুতুলা এটাৰ নিচিনা। সিহঁত টিলাটোৰ পৰা নামি সমান ৰাস্তা পাইছিলহে এনেতে পিছফালৰ পৰা দাঁত ঘঁহা ব্ৰাছৰ দৰে থিয় চুলিৰ ল’ৰা এটা দৌৰি আহি থুপুকা ল’ৰাটোক খুন্দিয়াই পেলাই থৈ গ’ল। চুলি থিয় ল’ৰাটো আছিল- কিম জঙ লিংডো। ছোৱালীজনী আছিল কিম জঙ লিংডোৰ ভনীয়েক মনালিছা লিংডো আৰু থুপুকা ল’ৰাটো আছিল আমাৰ অতি মৰমৰ অলকেশ ভাগৱতী। কিম

Read more

অল্পবিদ্যা ভয়ংকৰী : নীতাশ্ৰী নেওগ

আগষ্ট মাহৰ উৎকট গৰমৰ দিন এটা। এ টি এম বুথ এটাৰ সন্মুখত শাৰী পাতি আছোঁ। কলেজলৈ ওলাই যাওঁতেই মায়ে এ টি এম কাৰ্ডটো দি পঠিয়াইছিল পইচা অলপ উলিয়াই আনিবলৈ। ঘৰলৈ সোমাই যোৱা ৰাস্তাটোৰ মুখতে এ টি এম বুথটো। ইমান গৰম, তাতে কলেজৰ পৰা আহিছোঁ। আকৌ ইয়াতো দীঘলীয়া শাৰী। উপায় নাই। এইটোতে মানুহ কম হ’ব বুলি গুছি আহিলোঁ। অৱশ্যে সেই গৰমত তিনিজন মানুহৰ শাৰীটোও দীঘলীয়া যেনেই লাগিব। ইয়াত আকৌ বাহিৰত মোৰে সৈতে সাতজন, ভিতৰতো আছে দুজন। মই শাৰীটোত ৰোৱাৰ সময়তে ভিতৰৰ

Read more

অপ্ৰতিৰোধ্য : ইন্দ্ৰানী  গগৈ

১০ বাজিবলৈ পালে কি নাপালে নিৰ্মালীৰ মাক কোবাকুবিকৈ ঘৰৰ পৰা ওলালেই। আজিনো তেওঁ কাৰ ঘৰত ৰাতিপুৱাৰ চাহকাপৰ জুতি ল’ব তাকে মন কৰি মুনিকণে আগচোতালৰ ৰচীডালত তিতা কাপোৰ কেইটা মেলিবলৈ ল’লে। চাৰিটা পদূলি পাৰ হৈ মানুহজনী নয়নহঁতৰ ঘৰত সোমালে। মানুহজনীৰ এইটো অভ্যাসেই । ঘৰত খুব কমেই থাকে। লোকৰ ঘৰত চাহ-তামোলৰ জুতি লৈ তেওঁৰ আধা দিন গুচিয়েই যায়। দুপৰীয়া ঘৰলৈ আহি ভাতকেইটা খাই অলপ জিৰাই চাগে, আকৌ বেলি পৰাৰ আগে আগে ওলাবৰ হয়েই। পিছে, দ্বিতীয়বাৰ তেওঁ অকলে নাযায়, লগত জীয়েকো ওলায়। আনকালে

Read more

দাতা (DATA) কৰ্ণ : মনজিৎ

সোনমইনাৰ ফেছবুকৰ পোষ্ট “লক ডাউনত একেবোৰ মানুহকে দেখি দেখি আমুৱাইছেগৈ।” কমেণ্টত সেই বিষয়ে চৰ্চা। হয়ভৰ দি এজাক বন্ধু বান্ধৱ। মইনামতীৰ চকু পৰিল তাত। তাৰপাছত মহাভাৰত আৰম্ভ। “অ প্ৰেমত পৰাৰ দিনত মোক চাবলৈ ৰাতি আহিও মোৰ ঘৰ ওলোৱাহি, মনিবেগত সদায় মোৰ ফটো। আৰু এতিয়া ফেইচবুকত পোষ্ট- মোক দেখি দেখি আমনি পাইছা। চব মতা মানুহবোৰ একেই। পতাবৰ বাবে যি কোনো কাম কৰিবলৈ সাজু হৈ যায়। পতাই লোৱাৰ পিছত দুদিনতে আমুৱালে। নাথাকোঁ তোমাৰ লগত, লকডাওন খুলিলেই মাৰ ঘৰলৈ যাম গৈ।” লাইক কমেণ্টৰ ‌আশাত

Read more

জিভাৰ সুখৰ বতৰা- নাজিয়া হাচান

ৰাতিপুৱা শোৱাৰপৰা উঠিয়ে মানুহগৰাকীয়ে সদায় ঘৰৰ প্ৰতিজন সদস্যৰে টুথব্ৰাছ কেইডাল চাবোনেৰে ধুই লৈ, গৰম পানীত ডুবাই ডুবাই থৈ দিয়ে। ল’ৰা ছোৱালী হালকে ধৰি গৃহস্থয়ো চকু মোহাৰি মোহাৰি বেচিনটোৰ সন্মুখত থিয় হৈ সেই ব্ৰাছ কেইডাল মগটোত থকা গৰম পানীৰ পৰা উলিয়াই উলিয়াই নিতৌ ব্ৰাছ কৰাত লাগে। :: মাজনী, বাবা এয়া গাখীৰ বিস্কুট। খোৱাহি আহি।―টেবুলত বস্তুখিনি থৈ এইবাৰ ল’ৰা ছোৱালীহালক মানুহগৰাকীয়ে  চিঞৰিলে। :: হাতখন ধুইছা নে? :: ঔ মা, এতিয়া দেখোন ব্ৰাছ কৰি মুখ হাত ভালকৈ ধুই আহিলোঁ। আকৌ হাত..? :: নাই

Read more

অথঃ অনলাইন ক্লাছ সম্বাদ : শ্ৰী খনিন্দ্র ভূষণ মহন্ত

ক’ৰণাৰ প্রভাৱত লক-ডাউনে অনা অনাকাংক্ষিত বন্ধত আমাৰ গতানুগতিক শিক্ষা-ব্যৱস্থাত যতি পৰিল। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় সকলোতে তলা। তেনেতে ওপৰ মহলৰ পৰা নির্দেশ আহিল: ‘অনলাইন ক্লাছ’ কৰাব লাগে। কেনেকৈ কি ব্যৱস্থা কৰিম, সেয়া সম্পূর্ণ নিজৰ। দিনৰ দিনটো শুই-বহি থকাৰ অভ্যাস তেনেকৈ নাই বাবেই নেকি, লাহেকৈ আমনি লাগিবলৈ লৈছিল। গতিকে কৰি ভালপোৱা কামটোত ব্যস্ত থাকিবলৈ পোৱাত ভালেই পালোঁ। সেইখিনিলৈকে সকলো ঠিকেই আছিল। মূল গণ্ডগোলবোৰ আৰম্ভ হ’ল পাছতহে। লক-ডাউনৰ এই সময়ছোৱাত ‘অনলাইন ক্লাছ’ৰ নামত আহৰণ কৰা কেইটামান সোণসেৰীয়া অভিজ্ঞতা তলত উল্লেখ কৰিলোঁ- স্নেপশ্বট ১

Read more

বুদ্ধিৰ জলঙাৰে : বিজু বুঢ়াগোহাঁই

অইন দিনাৰ দৰেই শ্ৰেণীকোঠালৈ সোমাই গ’লোঁ। মই গুৱাহাটীৰ নিম্ন প্ৰাথমিক বিদ্যালয় এখনৰ শিক্ষয়িত্ৰী। চতুৰ্থ শ্ৰেণীৰ এটা শাখাত অসমীয়া আৰু ইংৰাজী পঢ়াও। প্ৰথমে অসমীয়াৰ পিৰিয়ডটো কৰোঁ আৰু তাৰপিছত ইংৰাজীৰটো কৰোঁ। সেইদিনাও একেদৰেই কৰিম বুলি আৰম্ভ কৰিলোঁ। কিন্তু প্ৰথম পিৰিয়ডটো শেষ হোৱাৰ আগে-আগে ছাত্ৰ-ছাত্ৰীসকল এজনৰ পিছত এজনকৈ বাহিৰলৈ যাবলৈ অনুমতি বিচাৰি মোৰ কাষলৈ আহিল। মই সাধাৰণতে প্ৰথম পিৰিয়ডত কাকোৱেই বাহিৰলৈ যাবলৈ নিদিওঁ। কিন্তু সেইদিনা অলপ বেলেগেই কাৰবাৰ, যাবলৈ নিদিলে হেনো পেনতেই ওলাব। সেয়ে ময়ো যাবলৈ দিলোঁ। প্ৰথমে দুজন-দুজনকৈ আঠজনমান গ’ল। ময়ো ৰেহ-ৰূপ

Read more

জীৱনৰ লক্ষ্য : বন্যাজ্যোতি দত্ত

: ডাঙৰ হ’লে কি হ’বা তুমি? : ডাক্তৰ হ’ম। চবকে এগাল-এগাল বেজী দিম । অ’ জিকমিক বা, ডাক্তৰ হোৱাৰ পিছত মই নহয় পুলিচো হ’ম। চবকে লাঠিৰে ঢেৰ কোবাম।  হাঃ হাঃ বহুত মজ্জা হ’ব ন? অকণমানিটোৰ কথাত বাগৰি বাগৰি হাঁহিলোঁ। কিমান সৰলতাৰে ভৰা ইহঁতৰ সৰু সৰু মনবোৰ… অলপো কৃত্ৰিমতা নাই, জটিলতা নাই। সৰুকালৰ মইজনীলৈ মনত পৰি গ’ল। কিমান যে নাভুত-নাশ্ৰুত কাণ্ড কৰি ফুৰিছিলোঁ মই! পৃথিৱীত যদি মস্ত জেদী, নাওঁ বুৰিলেও টিঙৰ পৰা ননমা, কালৈকো কেয়াৰ নকৰা, বনৰীয়া কিহবাৰ উদাহৰণ দিব লগা

Read more
1 3 4 5 6 7 49