ফটাঢোল

বাল্মিকী বৰুৱাৰ মহাজীৱনী : ড° সৰোজ কাকতি (চতুৰ্থ অধ্যায়)

তাৰপাছত আমাৰ আশ্ৰম নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলিবলৈ ধৰিলে৷ দুজন শিষ্য দূৰৰ গাঁও এখনৰপৰা লৈ অহা হ’ল। প্ৰথম অৱস্থাত আমাৰ অলপ কষ্ট হৈছিল বাপু। এইবোৰ কথাক লৈ দুখ কৰিও লাভ নাই। বান্দৰ কেঁকোৰা চেকচেকনি, হাড়িয়া বৰলৰ কামোৰ, কাঁইটৰ খোঁচ, এইবোৰ অতিক্ৰম কৰিব লগা হৈছিল। অৱশ্যে দুখ কৰিও লাভ নাই, আগৰ দিনৰ ঋষিমুনিসকলেও আমাৰ দৰে কষ্ট কৰি আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। আশ্ৰমৰ কাষেৰে এখনি সৰু  নৈ বৈ গৈছিল, নিজকে তাহানিৰ সেই বশিষ্ঠ মুনি যেন লাগিছিল, যিগৰাকী তপস্বীয়ে সন্ধ্যা ললিতা কান্তা আৰু কামৰূপৰ

Read more

বাল্মিকী বৰুৱাৰ মহাজীৱনী-ড° সৰোজ কাকতি (চতুৰ্থ অধ্যায়)

তাৰপাছত আমাৰ আশ্ৰম নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলিবলৈ ধৰিলে৷ দুজন শিষ্য দূৰৰ গাঁও এখনৰপৰা লৈ অহা হ’ল। প্ৰথম অৱস্থাত আমাৰ অলপ কষ্ট হৈছিল বাপু। এইবোৰ কথাক লৈ দুখ কৰিও লাভ নাই। বান্দৰ কেঁকোৰা চেকচেকনি, হাড়িয়া বৰলৰ কামোৰ, কাঁইটৰ খোঁচ, এইবোৰ অতিক্ৰম কৰিব লগা হৈছিল। অৱশ্যে দুখ কৰিও লাভ নাই, আগৰ দিনৰ ঋষিমুনিসকলেও আমাৰ দৰে কষ্ট কৰি আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। আশ্ৰমৰ কাষেৰে এখনি সৰু  নৈ বৈ গৈছিল, নিজকে তাহানিৰ সেই বশিষ্ঠ মুনি যেন লাগিছিল, যিগৰাকী তপস্বীয়ে সন্ধ্যা ললিতা কান্তা আৰু কামৰূপৰ

Read more

সোণাৰুৰ হালধীয়া হাঁহি : মৃদুল নাথ (চতুৰ্থ খণ্ড)

: হাইঠা বুলিয়ে কোৱা, বা আন কিবায়ে কোৱা, একো আপত্তি নাই। এতিয়া কোৱা কি খুৱাবা? অবিনাশৰ চকুত চকু থৈ সাগৰিকাই ক’লে, চকুত তাইৰ দুষ্টামী ভৰা হাঁহি। এই হাঁহিৰ অৰ্থ অবিনাশে ভালকৈয়ে বুজি পায়। : আজি নিজকে পানবজাৰৰ ‘চানফ্লাৱাৰ’ত বহা যেন লাগিছে। এতিয়াই যেন কোনোবা এজনক মাতিম, “ৱেইটাৰ মেন্যুখন দিয়া”। কিন্তু দুৰ্ভাগ্য যে তুমি ইয়াত মুখত মিঠা হাঁহি এটা লৈ ৰৈ থকা ৱেইটাৰ নাপাবা, হয়তো মনে বিচৰা মেন্যুখনো তুমি ইয়াত নাপাবা। তথাপি তোমাক আজি ইয়াত গৰম চাহ একাপৰ লগত গৰম শিংৰা

Read more

বাল্মিকী বৰুৱাৰ মহাজীৱনী : ড° সৰোজ কাকতি

(যোৱা সংখ্যাৰ পিছৰ পৰা) এইদৰে মই চহৰত শিষ্যৰ সংখ্যা বৃদ্ধি কৰিলোঁঁ৷ অৱশ্যে চাইচিতি বিশ্বাসী কেইজনমান ওচৰত ৰাখিলোঁ। এবাৰ চান্দাৰ ভাগ এগৰাকী পুলিচে আশা কৰা মতে নোপোৱাৰ কাৰণে মোক বৰকৈ দণ্ডাঘাত কৰিছিল। এই কথাটোৱে মনত বৰ বিমৰিষ দি আছিল। মোৰ শিষ্য এজনে আনি দিয়া খবৰ অনুসৰি সেই পুলিচ অফিচাৰৰ হেনো পাঁচজনী কন্যা আছিল। তাৰে এজনীক কিবাকৈ প্ৰেমৰ বৰশী গিলাব পাৰিলে মই ভবাৰ দৰে উত্তম প্ৰতিশোধ ল’ব পাৰিলোঁহেঁতেন। আকৌ এবাৰ ভাবিলোঁ অফিচাৰৰ ঘৰত এটা অপাৰেচন চলাব পাৰিলেও লাভ হয়, খবৰ মতে তেওঁৰ

Read more

সোণাৰুৰ হালধীয়া হাঁহি-মৃদুল নাথ

(তৃতীয় খণ্ড)  তিনিমহলীয়া হোষ্টেলটোৰ একেবাৰে ওপৰ মহলাত অবিনাশ আৰু দীপকৰ ৰূমটো। হোষ্টেলৰ সন্মুখত খেল পথাৰখন, পিছফালে টুকুৰা টুকুৰ পাহাৰবোৰ। টুকুৰা পাহাৰবোৰ গৈ গৈ ইউনিভাৰ্চিটি পাইছেগৈ। কাষতে পাঁচ নম্বৰ হোষ্টেল, সন্মুখৰ ডাঙৰ খেলপথাৰখন পাঁচ নম্বৰ হোষ্টেলৰ লগত ভাগ বতৰা কৰা হৈছে। নাতিদূৰৈত দীপৰ বিল, শীতৰ আগমনৰ লগে লগে  জাক জাক আলহী চৰাইবোৰে আহি ঠাইখিনি মুখৰ কৰি তোলে। সেই পৰিবেশটো অবিনাশৰ খুব ভাল লাগে।   : দাদা, সোমাব পাৰিম নে? অচিনাকি মাতটোত অবিনাশৰ চিন্তাত যতি পৰে। ৰূমটোৰ বাহিৰত হোৱা সৰু হুলস্থূলটোত অবিনাশে বুজিব

Read more

বাল্মিকী বৰুৱাৰ মহাজীৱনী-ডঃ সৰোজ কাকতি

(যোৱা সংখ্যাৰ পিছৰ পৰা) বিদ্যালয়ৰ পৰা মুক্ত হৈ বুজিব পাৰিলোঁ মই ইতিমধ্যে ডাঙৰ হৈছোঁ। মুখৰ মাতৰ পৰিৱৰ্তন হৈছে। মিহি মেকুৰীৰ মাতৰ সলনি ভতুৱা কুকুৰৰ দৰে মাতটো হুটা হৈ ওলাল। নাকৰ তলত দুবৰি বনে কোমল গজালি মেলাৰ দৰে গোফে ভুমুকি মাৰিলে। মনটো আগতকৈ অধিক ৰঙিয়াল হ’ল। শৰীৰৰ বলো বৃদ্ধি পালে। আগতে স্ত্ৰীলিংগসকলক দৰ্শন কৰি যিটো তৃপ্তি পাইছিলোঁ এতিয়া তাতকৈ অন্য ৰকমৰ তৃপ্তি অনুভৱ কৰা হ’লোঁ। গাঁওখনত থকা আটাইবোৰ জীয়ৰী-বোৱাৰীকে দেখোন মৰম কৰিবলৈ মন যোৱা হ’ল। পিচে দেউতাই বাৰে বাৰে কৈ গৈছে

Read more

সোণাৰুৰ হালধীয়া হাঁহি – মৃদুল কুমাৰ নাথ

 (যোৱা সংখ্যাৰ পিছৰ পৰা) : বৰষুণ এৰিলে, ৰেবটীত খাৱ যদি জল্দি ব’ল, ঘূৰি আহি বাছখন নাপালে আৰু এঘণ্টা অপেক্ষা কৰিব লাগিব। দীপকৰ মাতত ইমান পৰে তন্ময় হৈ সোণাৰু জোপাৰ ফালে চাই থকা অবিনাশৰ সম্বিৎ ঘূৰি আহিল। বৰষুণৰ পিছত সোণাৰুজোপাৰ হালধীয়াখিনি আৰু ধুনীয়াকৈ তাৰ চকুত ধৰা দিছে। অপেক্ষা! অপেক্ষা হয়তো সি কৰিব লাগিব সঠিক সময়ৰ বাবে, মনত সৃষ্টি হোৱা মৃদু বতাহজাক ধুমুহা হ’বলৈ নিদিয়াকৈ ৰাখিব পৰাটোৱে এতিয়া মূল কাম। কিছু সময় আগত তাৰ অজানিতে সৃষ্টি হোৱা ধূসৰ ছবিখন এতিয়া ক্ৰমাত স্পষ্ট,

Read more

বাল্মীকি বৰুৱাৰ আত্মজীৱনী : ড° সৰোজ কাকতি

(যোৱা সংখ্যাৰ পিছৰ পৰা) পিতৃদেৱৰ আজ্ঞা মতে মই শিক্ষাগুৰুৰ সকলোবোৰ শাস্তিকে সহজভাবে গ্ৰহণ কৰিব পৰা হ’লোঁ, ভাবিলোঁ মই যিমান সোনকালে এইখিনি বিদ্যা আয়ত্ব কৰিব পাৰিম সিমান সোনকালে তেওঁ স্বৰ্গগামী হ’ব পাৰিব, ৰোগ কষ্টৰপৰা মুক্তি লাভ কৰিব পাৰিব, আমাৰো কষ্টৰ সমাপ্ত তেওঁৰো দুখৰ অন্ত, বাপু ঘটিৰাম যদিও মই পিতৃ দেৱতাই স্বৰ্গগামী হ’ব বুলি কৈছোঁ, সেইটো আনক দেখিহে কৈছোঁ, কাৰণ এতিয়া দেখিছোঁ কোটি টকা আত্মসাত কৰি, হত্যা চুৰি আদিত জড়িত থকা সকলকো মৰাৰ লগে লগে স্বৰ্গগামী হোৱা বুলি কয়, কোৱাটোৱে স্বাভাৱিক য’ত

Read more

বাল্মিকী বৰুৱাৰ আত্মজীৱনী- ড° সৰোজ কাকতি

(যোৱা সংখ্যাৰ পিছৰ পৰা) এবাৰ বণিজলৈ যাওঁতে সদাগেৰ তিনিওগৰাকী ঘৈণীয়েকক ভালদৰে থাকিবলৈ কোৱাৰ লগতে হাউলীৰ সকলোবোৰ সা-সম্পত্তিৰো তদাৰক কৰিবলৈ উপদেশ দিলে। পিচে সৰুজনী ঘৈণীয়েকে গোপনে এজন ডেকাৰ লগত প্ৰেম-প্ৰীতি কৰি সদাগৰৰ বহু সম্পত্তি সিফলীয়া কৰিলে। এই গোটেই ঘটনা সদাগৰৰ এটি বুঢ়া শালিকাই লক্ষ্য কৰি আছিল। সদাগৰে বণিজৰ পৰা উভতি অহাৰ পাছত সকলো কথা শালিকাটোৱে সদাগৰক জনাই দিলে। সদাগৰে ঘৈণীয়েকৰ প্ৰেমিকক ধৰি আনি উগ্ৰ শাস্তি দিলে আৰু শাস্তি পায় সি এদিন মৰি থাকিল। পাছৰবাৰ বণিজলৈ যাওঁতে সেইজনী ঘৈণীয়েকে বুঢ়া শালিকাটোক মাৰি,

Read more

বাল্মিকী বৰুৱাৰ আত্মজীৱনী- ড০ সৰোজ কাকতি

(যোৱা সংখ্যাৰ পিছৰ পৰা) প্ৰাথমিক স্কুলত আছিল মহীৰাম পণ্ডিত, আমি বাপ-পোক একেলগে দেখি তেৰাই, ভীমে বকাসুৰক দেখি হঁহাৰ দৰে,  ‘অন্যদিনাৰ বলিৰ দেখো গৰ্ভ যাই গলি। আজিৰ বলি দেখো হাসে খলখলি।।’ অন্যমানুহে আমাক এনেকৈ একেলগে দেখিলে, বাহিৰত নেদেখুৱালেও পেটে পেটে ভয় কৰে কাৰণ কোন দিনা তেওঁৰ ঘৰত চিত্ৰলেখাৰ হৰমলুকি বিদ্যাৰ প্ৰয়োগ ঘটে তাৰ ঠিকনা নাই। আমৰ পৰিয়ালটোৰ মহিমাৰ কথা সকলোৱে জানে কিন্তু প্ৰমাণৰ অভাৱত আমাক কোনেও ধৰিব নোৱাৰে, তাৰোপৰি পিতাদেউৰ পুলিচৰ সৈতে ভাল সম্পৰ্ক আছিল। কোনোবা চকু চৰহাই কিবা কথা লগালেও

Read more
1 2 3 4 8