ছাকিৰা আহিব ফটাঢোলৰ বিহুলৈ – হেমন্ত কাকতি
(তৃতীয় খণ্ড) ৰাতিপুৱা হ’কাৰটোৱে নিউজ পেপাৰকেইখন দি থৈ গ’ল৷ চাহকাপ হাতত লৈয়ে প্ৰথম চকুত পৰিল হেডলাইনটো – “ছাকিৰা আহিব অসমৰ বিহুলৈ”। এডিটৰিয়েল পেজটো চালো, বিপ্লৱৰ আৰ্টিকেলটোও ওলাইছে৷ আশাকৰা ধৰণেই ফালি দিছে বিপ্লৱে৷ ছাকিৰাৰ আগমনত অসমীয়াৰ বাপতিসাহোন বিহু আৰু সংস্কৃতি যে অধঃপতনে যাবলৈ অকনো বাকী নাই তাক পুংখানুপুংখভাবে বিশ্লেষণ কৰিছে৷ অন্য এখন বাতৰিত চকুত পৰিল জে আৰ ডিৰ লেখাটো৷ উশৃংখল যুৱ মানসিকতা আৰু পশ্চিমীয়া অপসংস্কৃতিৰ ওপৰত সুন্দৰ লিখনি৷ ছাকিৰাৰ আমদানীয়ে যে কাঠফুলাৰ দৰে গজি উঠা অপসংস্কৃতিক উৎসাহ যোগাইছে তাক ষ্পষ্ট ভাষাত
Read more