ফটাঢোল

সংবাদ মাধ্যমৰ লগত জৰিত কিছু শব্দ – শান্তনু কৌশিক বৰুৱা

বাতৰিকাকত এখন মেলিলেই প্ৰথম পৃষ্ঠাৰ ওপৰতে কাকতখনৰ নামটো চকুত পৰে। জানে নে তাক কি বুলি কয়? একেদৰে টেলিভিছনৰ অনুষ্ঠান পৰিৱেশনকাৰী আৰু সংবাদদাতাৰ হাতত এক বিশেষ ধৰণৰ আহিলা আপুনি নিশ্চয় দেখিছে, যাৰ শীৰ্ষত এটা মাইক্ৰোফোন সংযুক্ত কৰা থাকে। তাৰেইবা নাম কি? দৰাচলতে বাতৰিকাকতৰ বিভিন্ন অংশৰ লগতে বাতৰি সংগ্ৰহ, বাতৰি পৰিৱেশন, সম্পাদনা আদি বিভিন্ন ক্ষেত্ৰ/পৰ্যায়ৰ সুকীয়া সুকীয়া নাম আছে। সেইদৰে ইলেকট্ৰনিক সংবাদ মাধ্যমৰ লগতো জৰিত হৈ আছে বহু শব্দ। আপুনি হয়তো এইবোৰ (যেনে : বাতৰিকাকত এখনৰ প্ৰথম পৃষ্ঠাৰ শীৰ্ষত কাকতখনৰ নামটো, টেলিভিছনৰ

Read more

‘দুই নাৰী’ এটি আলোচনা – চবিনা ইয়াচমিন

আধুনিক কথা সাহিত্যত চুটি গল্পৰ এক বিশেষ স্থান আছে৷ বাস্তৱ জীৱনক আধাৰ হিচাপে লৈ চুটি গল্পত প্ৰয়াস কৰা হয় জীৱনৰ একোটি সত্যক সংক্ষিপ্ত ৰূপত তুলি ধৰিবলৈ৷ চুটি গল্পত লৌকিকতা বা বাস্তৱতা থকাটো বাঞ্ছনীয়৷ কাৰণ অলৌকিকতা বা অবাস্তৱ কথাই চুটি গল্পক সাধুৰ পৰ্যায়লৈ লৈ যায়৷ এতিয়া কথা হ’ল গল্প পৰ্যালোচনা মানেনো প্ৰকৃততে কি? গল্পটোৰ বিষয়ে সম্যক আলোচনাই হৈছে গল্পৰ পৰ্যালোচনা৷ সচৰাচৰ পঢ়িবলৈ পোৱা পৰ্যালোচনা সমূহত বহুক্ষেত্ৰত গল্প এটা পঢ়ি আমাৰ যি অনুভৱ হয়, তাৰে থূলমূল আভাস এটাৰ মাজতে সীমাবদ্ধ হৈ থকা

Read more

জাতিৰ উত্তৰণত সংস্কৃতিৰ ভূমিকা আৰু আমাৰ কৰণীয় – চাহিন জাফ্ৰি

সম্প্ৰতি অসমত বিৰাজমান হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাটোৱেই হৈছে- জাতীয় সমস্যা। ছপা মাধ্যমৰ পৰা আৰম্ভ কৰি ইলেকট্ৰনিক মিডিয়া আৰু চছিয়েল মিডিয়ালৈকে সৰ্বত্ৰে উচ্চাৰিত হোৱা এটা অতি চিনাকি শব্দ হৈছে ‘জাতীয়তাবাদ’। জাতীয় উত্তৰণৰ বিষয়টোয়ে সমাজখনত গভীৰ ভাৱে জাতীয় সংকটৰ সৃষ্টি কৰাৰ লগতে পৰস্পৰবিৰোধী ধাৰণাৰে এক উদ্বেগজনক পৰিস্থিতিৰো সৃষ্টি কৰিছে। কথা হ’ল, এই জাতীয় সমস্যা সমূহৰ সমাধানৰ কাৰণে আমি কি কৰা উচিত? আমি সকলোৱে এইটো কথাও ভালদৰেই জানো যে, অসমৰ অমীমাংসিত জাতীয় প্ৰশ্নৰ স্থায়ী সমাধানৰ বিষয়টোৱেই হৈছে বৰ্তমান অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা। জনগোষ্ঠীয়

Read more

জীৱনৰ উপহাস আৰু গডোৰ বাবে অপেক্ষা – অসমী গগৈ

জীৱন! জন্মৰ পৰা মৃত্যু অবধি সময়ছোৱা। মানুহৰ প্ৰতি বিধাতাৰ আশ্চৰ্যজনক উপহাৰ। অকুন্ঠচিত্তে মানৱে আকোৱালি লয় এই জীৱন। ফুল তৰা নতুবা চৰাইৰ কাকলিৰে সজাব বিচাৰে জীৱন। সপোন দেখে নিতৌ নতুন নতুন। আজি যদি জীৱনক ৰূপৰ সাজ পিন্ধাইছে তেন্তে কাইলৈ সোণৰ সাজ পিন্ধোৱাৰ সপোন দেখে। পৃথিৱীত এনে এজন মানুহ নাই যি জীৱনক এক মুহুৰ্তৰ কাৰণে হ’লেও ভাল পোৱা নাই। কিন্তু জীৱন ইমান সহজলভ্যও নহয় যে মানুহে বিচৰামতেই জীৱন সজাব পাৰিব!! জীৱন! মাথোন তিনিটা আখৰৰ এক সমষ্টি। এই তিনিটা আখৰৰ সমষ্টিয়েই কিন্তু মানুহক

Read more

ব্যংগধাৰা – গীতাৰ্থী গোস্বামী

ব্যংগ শব্দৰ অৰ্থ হৈছে ব্যঞ্জনা কৰি হাস্যৰস সৃষ্টি কৰা। সাধাৰণতে আনৰ অনুকৰণৰ দ্বাৰা হাঁহিৰ খোৰাক যোগোৱাকে আদিতে ব্যংগ বোলা হৈছিল। লাহে লাহে কৌতুক বা হাঁহি উঠিব পৰা যিকোনো কথাকে ব্যংগ বুলি ধৰা হ’ল। আদিকাব্য ৰামায়ণ আৰু মহাকাব্য মহাভাৰতৰ পাছত লৌকিক সাহিত্যত যিবোৰ কাব্য ৰচিত হৈছিল সেইবোৰৰ ভিতৰত নাট্যকাব্যসমূহত ব্যংগ বা ব্যঞ্জনাৰ প্ৰথম আবিৰ্ভাৱ ঘটে৷ প্ৰাচীন সংস্কৃত নাটকসমূহত ‘বিদূষক’ নামৰ এটা চৰিত্ৰ ৰখা হৈছিল। বিদূষক হাস্যৰস উদ্বেগকাৰী মন্ত্ৰী। নাটকৰ গম্ভীৰ বাৰ্তালাপৰ মাজে মাজে হাস্যৰসৰ বাবে কবিয়ে বিদূষকক উপস্থাপন কৰে। লাহে লাহে

Read more

সত্তা ৰূপান্তৰৰ সংকট – সঞ্জীৱ মজুমদাৰ

কুৰুক্ষেত্ৰ যুদ্ধৰ অন্তিম পৰ্যায়ত পিতামহ ভীষ্ম শৰশৰ্য্যাত শায়িত হৈ আছিল। ভীষ্ম আছিল ইচ্ছামৃত্যুৰ বৰ প্ৰাপ্ত। কুৰুক্ষেত্ৰৰ কাষেৰে বৈ যোৱা ওঘাৱতী নদীৰ তীৰত, সূৰ্য্যৰ অৱস্থান উত্তৰায়ন নোহোৱালৈকৈ এই গৰাকী মহীৰূহ শৰবিদ্ধ হৈ পৰি আছিল। এই সময় চোৱাত যুদ্ধৰ বিজেতা যুধিষ্ঠিৰে ভীষ্মৰ পৰা ধৰ্ম্ম, ৰাজ কৰ্ত্তব্য, ৰাজনীতি, দৰ্শন, কূটনীতি আদি বিভিন্ন বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰিছিল। মহাভাৰতত এই সময়চোৱাৰ, ভীষ্ম আৰু যুধিষ্ঠিৰৰ মাজত হোৱা বাৰ্ত্তালাপ সমূহ, শান্তি পৰ্ব্ব আৰু অনুশাসন পৰ্ব্ব নামৰ দুটা পৰ্ব্বত সন্নিৱিষ্ট কৰা হৈছে। যুধিষ্ঠিৰে ভিন ভিন বিষয়ৰ ওপৰত

Read more

বিহুক জীয়াই ৰাখিলে জাতীয় সত্তা জীয়াই থাকিব — প্রদীপ কুমাৰ গগৈ

অসমীয়াৰ বাপতি সাহোন, অতিকৈ চেনেহৰ বিহু উৎসৱটি বহুতো বিৱর্তনৰ মাজেৰে পাৰ হৈ আহি বর্তমানৰ পর্যায়ত উপনীত হৈছেহি। বিহুৰ আনন্দ প্রকাশৰ স্থান, সময় আৰু পৰিৱেশ ভেদে বেলেগ বেলেগ। বিহুৰ এটা নিজস্ব অতীত আছে। পথাৰৰ মুকলি বিহুৰ জৰিয়তে বিহুৱে প্রথম সমাজ জীৱনত প্রথম ভুমুকি মাৰিছে। ইয়াৰ পিছৰ পর্যায়ত আহিছে গছতলৰ ৰাতি বিহু আৰু গাভৰু বিহু। কালক্রমতত চোতালৰ হুঁচৰি আৰু বিহুৰ আগমন ঘটিল। বর্তমান কালত মার্জিত ৰূপত মঞ্চত পৰিবেশণ কৰা বিহু হুঁচৰি আৰু ডেকা-গাভৰুৰ বিহু নৃত্য সকলোৰে উপভোগ্য আৰু সমাদৃত। কৃষিজীৱি অসমীয়া সমাজত

Read more

অসমীয়া লিপিৰ সৰলীকৰণ অপ্ৰয়োজনীয় — মনোহৰ দত্ত

‘আমাৰ অসম’ কাকতৰ ২৪ ছেপ্টেম্বৰ, ২০১৮ সংখ্যাত প্ৰকাশিত আমাৰ এক লেখাৰ আঁত ধৰি, সম্পাদিত ৰূপত এই লেখাটো ‘ফটা-ঢোল’ ই-আলোচনীলৈ আগবঢ়ালোঁ। প্ৰথমতেই দোহাৰিছোঁ, বৰ্তমানৰ পৰিস্থিতিত অসমীয়া ভাষা অসমৰ অধিক মানুহে যাতে কয়, লিখে আৰু পঢ়ে – আমি তেনে পৰিৱেশ ৰচনা কৰাহে যুগুত। তেনেদৰে নতুন প্ৰজন্মক অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আকৰ্ষিত কৰিবলৈ হ’লে – তেওঁলোকৰ মনত ভাষা-প্ৰেম জগাই তুলিব লাগিব। ভাষা-প্ৰেমে যে জাতি এটাক সংগঠিত আৰু সবল কৰে সেই কথা বুজাব লাগিব। যি কি নহওঁক, এচাম অসমীয়াই অসমীয়া লিপিৰ সৰলীকৰণৰ পক্ষে ভিন্ন

Read more

বিহুগীতত অসমীয়া জীৱন চিত্ৰণ – জীমণি গগৈ

বিহুটি আদৰৰ বিহুটি সাদৰৰ বিহুটি অসমৰ ধন এনুৱা বিহুটি এৰিব লাগিলে নৰ’ব অসমৰ মান। বিহু অসমীয়া জাতীয় উৎসৱ, আনন্দৰ উৎসৱ। অসমীয়াৰ মনৰ, প্ৰাণৰ, হেঁপাহৰ, আদৰৰ উৎসৱ বিহুৰ লগত বিহুগীতৰ অঙ্গাংগী সম্বন্ধ। বিহুগীত কেৱল অসমীয়া লোকসাহিত্যৰ ভঁৰালৰ মূল্যবান সম্পদেই নহয়, অসমৰ লোকজীৱনৰো অবিচ্ছেদ্য অংগ। বিহুগীতৰ ভিতৰত হুঁচৰিগীত আৰু বনগীত দুয়োবিধে পৰে। হুঁচৰি গীতবোৰ নিৰ্দোষ ধেমালিৰে ভৰা; আশীৰ্বাদসূচক গহীন ভাবৰ গীত। গৃহস্থৰ চোতালত থিয় হৈ হুঁচৰি গাওঁতে দিয়া আশীৰ্বাদত অসমীয়া মানুহৰ আন্তৰিকতা বিহুগীতৰ মাজেৰে প্ৰকাশ পায় এনেদৰে – এটা বাটিত নহৰু এটা

Read more

ৰঙীন বিহুৰ আলোকপাত – জয়শ্ৰী শৰ্মা

“ব’হাগ মাথো এটি ঋতু নহয় নহয় ব’হাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণজীৱনৰ ই সাহ” বসন্তৰ আগমন! গছ লতিকাৰ ডালে পাতে সেউজ আৱৰণ। কুলি কেতেকীয়ে ইনালে বিনালে.. লুইতৰ দুই পাৰে আকাশ বতাহ ছানি এয়া বসন্তৰ ৰং! চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি বুলি ৰঙতে উত্ৰাৱল ঢুলীয়া, পেপাঁৰ মাতে শুনি গছকত যঁতৰ ভাঙি চেনাইৰ কাষলৈ ঢাপলি মেলে মূগা সাজে সুশোভিত নাচনীজনী। ৰঙালী বিহু বুলিলেই মনলৈ আহে এইখন ছবি.. অসমীয়া জাতীয় জীৱনত পম্পৰাগত সংস্কৃতিৰ ভিতৰত ৰঙালী বিহুটি অন্যতম। ইয়াৰ ভিতৰত নীহিত

Read more
1 2 3 4 5 14