ফটাঢোল

ব্যৰ্থ ছাত্ৰৰ ভৱিষ্যৎ – ঋতুপর্ণা মহন্ত

ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। এই লেখাটো প্ৰকাশ হোৱা পৰ্যন্ত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলো ঘোষিত হ’ব। প্ৰাপ্ত তথ্য মতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৬.০৪% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। বিগত বছৰৰ তুলনাত উত্তীৰ্ণৰ হাৰ ৮.১০% বৃদ্ধি পাইছে। নিঃসন্দেহে ই এটা ভাল খবৰ। পৰীক্ষাৰ এনে ফলাফলে মনত আশাৰ সঞ্চাৰ কৰে। উন্নতিৰ আশা, সমৃদ্ধিৰ আশা, মানৱ সম্পদ বিকশিত হোৱাৰ আশা। উল্লেখযোগ্য যে এসময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে ৰাজ্যজুৰি হতাশাৰ সৃষ্টি কৰিছিল। তথ্য অনুসৰি ১৯৮৫ চনত ৰাজ্যখনত ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণৰ

Read more

নৱকান্ত বৰুৱাৰ শিশু সাহিত্য : (শিশু কবিতাপুথি ‘ওমলা ঘৰৰ পুথি’ৰ বিশেষ উল্লিখন সহ) – চাহিন জাফ্ৰি

“এখুদ ককাইদেউ” ছদ্মনামেৰে অসমীয়া শিশু সাহিত্যৰ জগতত বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰা কবি নৱকান্ত বৰুৱা এজন সফল শিশু সাহিত্যিকো আছিল। তেওঁ শিশুৰ মন চুই যাব পৰাকৈ কেইবাখনো কবিতাপুথি, শিশু উপন্যাস, শিশু নাটক আদি ৰচনা কৰিছিল। তেওঁৰ বিখ্যাত শিশু সাহিত্য সম্ভাৰসমূহৰ ভিতৰত – ‘শিয়ালি পালেগৈ ৰতনপুৰ’, ‘আখৰৰ জখলা’, ‘ভতূকাৰে ভূ’ আৰু ‘মাখনৰ কুকুৰা পোৱালি’ আদি উচ্চ শ্ৰেণীৰ সাহিত্য। ইয়াৰোপৰি ‘হাঁহিৰামৰ হাঁহি’, ‘মাখনৰ ভাটৌ’, ‘গছ আৰু কুঠাৰ’, আদি শিশু সাহিত্য সমৃদ্ধ কৰা একো একোটা সুন্দৰ গল্প। তেওঁৰ শিশু কবিতাপুথি ‘ওমলা ঘৰৰ পুথি'(১৯৯১)এখন সর্বাংগসুন্দৰ

Read more

সাহিত্যৰ জগতৰ দুখন ঐতিহাসিক খৰিয়ালৰ ভিতৰুৱা কথা – জ্যোতিৰূপম দত্ত

কেইজনমান অসমীয়াৰ ব্যক্তিগত পৰ্য্যায়ৰ সাধাৰণ কথা এটাতে আৰম্ভ হোৱা কাজিয়া এখনে অসমীয়া সাহিত্যৰ জগতখনত তোলপাৰ লগালে৷ সমবয়সীয়া, সমভাৱাপন্ন এজাক তেজাল অসমীয়া ডেকাৰ সামান্য ধেমেলীয়া কথা এটাৰ পৰাই ভুল বুজাবুজি হৈ দুটা বেলেগ গোট গঠন হ’ল৷ আনকি সাহিত্য চৰ্চা কৰা বহুকেইজনলোকৰ মাজতো বিভাজন ঘটিল৷ পিছে অসমীয়া সাহিত্যৰ জগতখনলৈ এই ঘটনা প্ৰৱাহেই আমুল পৰিবৰ্তন আনিলে৷ সাহিত্যৰ জগতখনৰ দুটা ফৈদৰ মাজত হোৱা থৈয়া-নথৈয়া ৰণখনে বহুতকে আমোদ যোগালে৷ এই ৰণত কোন পৰিল, কোন জিকিল, কাৰ লাভ হ’ল, কাৰ কি লোকচান হ’ল সেইবোৰৰ বিষয়ে খাটাংকৈ

Read more

কৃষি-কৰ্মত ডাকৰ বচন – ইলি তালুকদাৰ

প্ৰবাদ-প্ৰতিম ডাক পুৰুষৰ জন্ম কেতিয়া বা তেওঁৰ কেনেদৰে মৃত্যু হৈছিল এই বিষয়ে কোনো তথ্য নাই । এইজনা ডাক পুৰুষৰ বচন সমগ্ৰ পূৱ ভাৰততে বিখ্যাত। অসমীয়া, বঙালী, বিহাৰী, উৰিয়া এই আটাইবোৰে তেওঁক নিজৰ নিজৰ ঠাইৰ পণ্ডিত বুলি দাবী কৰি আহিছে। অসমতে ওপজক বা বংগ বিহাৰতে ওপজক,ডাকৰ বচনৰ প্ৰয়োগ বহুল আৰু ব্যাপক। গতিকে ক’ব পাৰি এসময়ত অসম,বংগ, বিহাৰ আৰু উৰিষ্যাৰ কলা-সংস্কৃতিৰ লগত ভাষাৰ সমন্বয় ঘটিছিল। বহুতৰ মতে আকৌ ডাক নামৰ ব্যক্তিয়েই নাছিল। তেওঁলোকৰ মতে বহু কালৰ পৰা চলি অহা অৰ্থপূৰ্ণ প্ৰবচনবোৰ এগৰাকী

Read more

হীৰুদা-কবিতাবোৰৰ দৰেই একক আৰু অনন্য যাৰ কৌতুকবোধ – মঞ্জুলী ৰাহাঙ

“নৈৰো আছে নিজৰ জীৱন ধান-মৰাপাট থাকক পানীৰ তলত,মেটেকাই ভাঙক দলং৷ আমাৰ গাত নৈৰ ঘোলা পানীৰ গোন্ধ, উচপিচ বোঁৱতী সোঁত৷ জীৱন বিষয়ক এটা গল্পৰ আঁত ধৰি নৈৰ সৈতে মই গৈ আছিলোঁ হঠাতে মোহ ছিঙি গুচি গ’ল মোৰ নৈ দুখন,কপিলী কলং৷ য’ৰে মানুহ ত’তে থাকিল,ঘৰৰ চালে-বেৰে নৈৰ চকু৷ পানীয়ে বেৰি ধৰিলে গাঁও-ভূঁই,থানবান মানুহ যেন তেজৰ পদুম৷ বোকাত পানীত ফুলি উঠে…..” হয়,নৈৰো আছে নিজৰ জীৱন৷ এক স্বতন্ত্ৰ সত্তা৷ বৈচিত্ৰ্যময় ৰূপেৰে উদ্ভাসিত হৈ উঠে নৈ সময়ে-সময়ে৷ শান্ত-গভীৰ অথবা উন্মাদ কেতিয়াবা৷ তেওঁৰ বুকুৰ শিপাডাল চুই-চুই

Read more

বিজ্ঞানীৰ ৰসবোধ – পংকজ জ্যোতি মহন্ত

অসমৰে বিশ্ববিদ্যালয় এখনৰ এটা বিভাগত স্বনামধন্য অতিথি এজনে বক্তৃতা দি আছিল। এটা বৈজ্ঞানিক বক্তৃতা। দৰ্শকৰ শাৰীত বহি আছিল বহুকেইজন অধ্যাপক আৰু তীক্ষ্ণধী ছাত্ৰ-ছাত্ৰী। গভীৰ বিষয় । শ্ৰোতাসকলৰ গম্ভীৰ মুখমণ্ডল। অতিথিজনে কৈ আছিল দুটা থিঅ’ৰিৰ কথা। এটা নতুন থিঅ’ৰি আৱিষ্কাৰ কৰাৰ পিছতে পুৰণা থিঅ’ৰিটোৰ কাম নাইকিয়া হৈ পৰিল। কাৰণ সেই নতুন থিঅ’ৰিটোয়ে অধিক কথা ব্যাখ্যা দিব পাৰিলে, আগৰটোতকৈ বেছি কাম কৰিব পৰা হ’ল। গতিকে পুৰণাটোৰ এতিয়া একো কাম নাই। সকলোৱে গম্ভীৰ হৈ কথাবোৰ বুজিবলৈ চেষ্টা কৰি আছে। তেনেতে অতিথি বিজ্ঞানীজনে ক’লে:

Read more

ড° লীলা গগৈৰ ৰম্য-ৰচনা পুথি “কপলিং ছিগা ৰেল”ৰ বিষয়ে এটি চমু আলোচনা – চবিনা ইয়াচমিন

লেখকৰ পৰিচয়মূলক টোকাঃ অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ এক চিৰপৰিচিত আৰু চিৰস্মৰণীয় নাম হ’ল ড° লীলা গগৈ৷ অসমৰ কৃষিজীৱী, বুদ্ধিজীৱী, ছাত্ৰ-ছাত্ৰী তথা শিক্ষাবিদলৈকে সকলোৰে মাজত এটি জনপ্ৰিয় নাম হ’ল ড° লীলা গগৈ৷ ৬০তম অসম সাহিত্য সভাৰ মৰিগাঁও অধিৱেশনৰ তেওঁ সভাপতি আছিল৷ শিৱসাগৰৰ দিখৌ পাৰৰ চেৰেকাপাৰ নামৰ ঠাইৰ লেবাং হাতীমূৰীয়া বংশত ১৯৩০ চনৰ ২৫ নবেম্বৰত তেওঁৰ জন্ম৷ তেওঁৰ পিতৃৰ নাম ৺ধনীৰাম গগৈ আৰু মাতৃৰ নাম ৺কমলা গগৈ৷ ড° লীলা গগৈয়ে তেওঁৰ শিক্ষাজীৱন আৰম্ভ কৰে ১৯৩৫ চনৰ চেৰেকাপাৰৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা৷ ১৯৫০ চনত

Read more

বিহুঃ সংস্কৃতি আৰু অপসংস্কৃতিৰ দোমোজাত আমাৰ জাতীয় উৎসৱটি – চাহিন জাফ্ৰি

‘বিহু’ অসমীয়াৰ এক অবিচ্ছিন্ন জাতীয় সংস্কৃতি। জন্মৰ পৰা মৃত্যুলৈ অসমীয়াৰ এক গৌৰৱোজ্জ্বল মানৱীয় আৰু সাংস্কৃতিক ধাৰা।অসমত বসবাস কৰি অহা বিভিন্ন নৃগোষ্ঠীসমূহৰ অঞ্চলভেদে স্বকীয়তাৰে অনুষ্ঠিত হোৱা বিভিন্ন বসন্তকালীন উৎসৱ অনুষ্ঠানৰ ভিতৰত “বিহু”ক অন্যতম প্ৰধান উৎসৱ হিচাপে ধৰা হয়।বিহু কোনো নিৰ্দিষ্ট জাতি বা জনগোষ্ঠীৰ নিজস্ব সম্পদ নহয়, ই হৈছে সমগ্ৰ অসমৰ জাতীয় উৎসৱ।জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসমৰ আটাইবোৰ জনগোষ্ঠীৰ উৎসৱ-পাবৰ্ণসমূহক বিহুৰ সামগ্ৰিক ৰূপ বুলি অভিহিত কৰিব পাৰি।ভিন্নতাক পৰিহাৰ কৰি একতাৰ দোলেৰে উদাৰভাৱে অনুষ্ঠিত হোৱা বিহু উৎসৱটি হৈছে অসমীয়া জাতীয় সম্প্ৰীতিৰ এক উৎকৃষ্ট উদাহৰণ। সেয়েহে

Read more

নিংনি ভাৱৰীয়াৰ বিষয়ে দুআষাৰ – ইলি তালুকদাৰ

নিংনি ভাৱৰীয়া এটা বিখ্যাত নাম। উনৈশ শতিকাৰ এটি পূৰ্ণিমা তিথিত বৰপেটাৰ ফাটা হাটীত নিংনিৰ জন্ম। তেওঁৰ আন কিবা নাম আছিল নে জনা নাযায়। বৰপেটা চহৰৰ মানুহৰ এশটা বৈশিষ্টৰ ভিতৰত মানুহৰ স্বভাৱ চৰিত্ৰ চাই লঘু নাম দিয়াৰ অভ্যাস আছে। সেইমতেই চাগৈ তেওঁৰ সৰু মুখখন চাই ওচৰ চুবুৰীয়াই নাম ৰাখিলে নিংনি।শিশুতে নিগনি যেন লগা ক্ষীণ চেহেৰাৰ সলনি হৈ পিছলৈ নিংনি নোদোকা, সুশ্ৰী হৈ পৰিছিল যদিও নাম সলনি নহ’ল। অৱশ্যে এই কথা কিমান সঁচা তাক প্ৰমাণ কৰিবলৈ কোনো নাই। নামনি অসমত নিংনি ভাৱৰীয়া

Read more

অসমীয়া ব্যংগ আলোচনী : পৰম্পৰা আৰু স্বৰূপ– ড. নৱ কুমাৰ চমুৱা

‘অসমৰ চাৰিভাগ মানুহৰ ভিতৰত তিনিভাগেই’ হাঁহিব নাজানে বুলি লক্ষ্মীনাথ বেজবৰুৱাই কৈ গৈছে। তেওঁৰ মতে, “ভাৰতৰ মানুহৰ হাড়ে হাড়ে সিৰে সিৰে এনে এটা ভাবে শিয়াই আছে যে হাঁহিলে মানুহ পাতল হয়। হঁহা মানুহ চেলেপু। …মুঠতে আমাৰ মানুহৰ বিশ্বব্ৰহ্মাণ্ডত আমাৰ মতে গোটেইখন serious, অৰ্থাৎ হাঁহিশূন্য। হাঁহি হৰিজন, তাক চুব নাপায়। তাৰ ছাঁতো ভৰি দিব নাপায়। …দেখি দুখ লাগে যে, অসমৰ চাৰিভাগ মানুহৰ ভিতৰত তিনিভাগে ইংৰাজীত যাক কয় wit and humour নুবুজে।”– বেজবৰুৱাৰ মতত হয়ভৰ দি এই কথা ক’ব পাৰি যে, অসমীয়া মানুহে

Read more
1 7 8 9 10 11 14